ডালিম কেতিয়া, কেনেকৈ খাব ? ডালিমৰ স্বাস্থ্য উপকাৰিতা

১) ডালিম খোৱাৰ সঠিক সময়।
২) ডালিম কেনেকৈ খাব।
৩) ডালিম খোৱাৰ পিছত কেনেধৰণৰ 
    খাদ্য খোৱা অনুচিত।
৪) ডালিমৰ স্বাস্থ্য উপকাৰিতা।
ডালিমৰ-স্বাস্থ্য-উপকাৰিতা
ডালিমৰ স্বাস্থ্য উপকাৰিতাঃ

ডালিম কেতিয়া, কেনেকৈ খাব ? ডালিমৰ স্বাস্থ্য উপকাৰিতাঃ

বতৰৰ সকলো সময়তে উপলব্ধ এইবিধ ফল ডালিম। পৌৰাণিক আয়ুৰ্বেদত অনুসৰি নিয়মিত ডালিম খালে ১০০ ৰোগৰ পৰা বাচি থাকিব পাৰি। অৰ্থাত ডালিম সেৱন কৰি শৰীৰ সৃষ্ট বহুটো ৰোগৰ পৰা মুক্তি পাব পাৰি। কিন্তু এই ফল কেনেধৰণে সেৱন কৰিব সেই কথা জনাটোও অতি আৱশ্যক।

ডালিম বিভিন্ন প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ। ডালিমত ভিটামিন C, ভিটামিন A,  ভিটামি K অধিক মাত্ৰাত পোৱা যায়। ইয়াৰ উপৰিও ডালিমত ফলিক এচিড, মেগনেচিয়াম, পটেচিয়াম, ফচফৰাচ, প্ৰচুৰ পৰিমাণে পোৱা যায়। লগতে ডালিমত ফাইবাৰৰ ভাল উতস, সেয়েহে দৈনিক ডালিম সেৱন কৰাটো অত্যন্ত লাভদায়ক।

১) ডালিম কেতিয়া খাবঃ

ডালিম ৰাতি পূৱা খালীপেটত খোৱাটো অতি প্ৰয়োজন। ৰাতিপূৱাৰ ভাগত ডালিম খালে আমাৰ পাচন শক্তিক দ্ৰুত কৰিতোলে। পৰাপক্ষত ৰাতিৰ ভাগত ডালিম নোখোৱাই ভাল। যদিহে ৰাতিৰ ভাগত ডালিম খাবলবিচাৰে তেন্তে খাদ্য খোৱাৰ ১ ঘন্টা আগত নাইবা ১ ঘন্টাৰ পিচতহে খাব পাৰে, অন্যথা সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

২) ডালিম খোৱাৰ সঠিক প্ৰণালীঃ-

ডালিম খাবৰ বাবে পোনপ্ৰথমে ডালিমটোৰ বাকলি অংশ গুচাই গুটিবোৰ পৰিস্কাৰ ভাৱে পৃথক কৰি লব লাগে, নাইবা তেনেকৈ খোৱাত যদি অসুবিধা হয় জুচ বনাই সেৱন কৰিব পাৰে। ডালিমৰ জুচ শৰীৰৰ বাবে বৰ উপকাৰী। তাৰোপৰি ডালিমৰ গুটিবোৰ গুচাই অন্য ফলৰ সৈতে মিশ্ৰণ কৰিও খাব পাৰে। যেনে- চেৰি, বেৰি, ষ্টবেৰি আদিৰ সৈতে মিশ্ৰণ কৰি খাব পাৰে। যাক মালটিফুড কম্বিনেচনচ বুলি কোৱা হয়।

৩)  ডালিম খোৱাৰ পিছত কেনেধৰণৰ খাদ্য খোৱা অনুচিতঃ-

ডালিম খোৱাৰ পিছত ভূলক্ৰমেও গাখীৰ সেৱন কৰিব নালাগে। এনে কৰিলে গাখীৰ আৰু ডালিমৰ মিশ্ৰনে পাচন প্ৰক্ৰিয়াত ব্যঘাট জন্মোৱাৰ সম্ভাৱনা থাকে যাৰ ফলত শৰীৰত বিভিন্ন সমস্যাৰ সৃস্থি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে ডালিম খোৱাৰ সময়ত এই কথাবোৰ জনাটো অটি প্ৰয়োজন। ডালিম খোৱাৰ সময়ত পানী সেৱনৰ পৰা দূৰত থাকক যদিহে ডালিম খোৱাৰ লগে লগে পানী খোৱা হয় তেন্তে চৰ্দি, জ্বৰ, ডিঙিৰ সমস্যা আদিয়ে দেখা দিয়াৰ সম্ভাৱনা থাকে। ডালিম খোৱাৰ  ১ ঘন্টাৰ পিছতহে গাখীৰ বা পানী সেৱন কৰা উচিত।

৪) ডালিমৰ পৰা শৰীৰত হোৱা উপকাৰঃ-

নিয়মিত ডিলিম খালে চালৰ উজ্জলতা বৃদ্ধি হয়, চাল নিমজ হয়। ডালিমত এন্টি অক্সিডেন্ট অধিক মাত্ৰাত পোৱা যায় যাৰ বাবে ডালিম সেৱন কৰি বয়সৰ চাপ পৰা সমস্যাৰ পৰাও বাছি থাকিব পাৰি।

দৈনিক খাদ্য প্ৰণালীত ১ টা ডালিম অন্তৰ্ভূক্তি কৰাতো খুবেই প্ৰয়োজন। শৰীৰত তেজ কম হোৱা বা ৰক্তহীনতা সমস্যাত ভুগিলে চিকিৎসক সকলে পোন প্ৰথমে ডালিম সেৱন কৰাৰ কথাই কোৱা শুনিবলৈ পোৱা যায়। শৰীৰত এনিমিয়া বা ৰক্তহীনতাৰ সমস্যাই দেখা দিলে ডালিম সেৱন কৰাটো অতি আৱশ্যক।

হৃদ ৰোগী সকলে নিয়মিত ডালিম খোৱাতো খুবেই প্ৰয়োজন। ডালিমে হৃদ ৰোগী সকলৰ বাবে প্ৰাকৃতিক এচপিৰিনৰ দৰে কাম কৰে।

ডালিম সেৱন কেঞ্চাৰ ৰোগী সকলৰ বাবেও উপযোগী।

ডালিমত ভৰপূৰ মাত্ৰাত এন্টিঅক্সিডেন্ট পোৱাযায়। ডালিমে (W B C) অৰ্থাত হোৱাইট ব্লাড চেলক সক্ৰিয় কৰি ৰখাত সহায় কৰাৰ লগতে শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতাও বঢ়োৱাত সহায় কৰে।

যি সকল ব্যক্তিৰ ৰোগপ্ৰতিৰোধী ক্ষমতা দূৰ্বল আৰু বাৰে বাবে পেটৰ সমস্যা ভুগে তেখেঁত সকলে দৈনিক এটাকৈ ডালিম সেৱন কৰাটো অতি প্ৰয়োজন।

ডালিমে যকৃত শক্তিশলী কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা অতুত ৰাখে। ৰক্তচাপৰ সমস্যা থকা ব্যক্তি সকলেও ডালিম সেৱন কৰিব পাৰে। ডালিম সেৱন কৰি ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

ডাঃ হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles