জুবিনদাৰ চিতাৰ জুই জ্বলিছিল আজি সোনাপুৰত

জুবিনদাৰ চিতাৰ জুই জ্বলিছিল আজি সোনাপুৰত(23 অক্টোবৰ ২০২৫)

সেই জুই নুমুৱা নাই
এবছৰ পাৰ হ’ল…
কিন্তু আজিও
অসমৰ আকাশত এটা কণ্ঠৰ প্ৰতিধ্বনি শুনা যায়—
“জুবিন…”
আজিৰ দিনটো আহিলেই
কিয় জানো
ব্ৰহ্মপুত্ৰখন গধুৰ হৈ পৰে…
মনত পৰে—
সোনাপুৰৰ জুবি ক্ষেত্ৰত
আজিৰ দিনটোত জ্বলি উঠা সেই জুই।
এজন মানুহৰ দেহ জ্বলিছিল তাত,
এজন শিল্পীৰ জীৱনৰ শেষ অধ্যায়
ছাই হৈ উৰি গৈছিল আকাশলৈ।
কিন্তু কোনে জানিছিল—
সেই জুইয়ে
এজন জুবিনক শেষ নকৰি
অগনন লোকৰ হৃদয়ত
হাজাৰটা জুবিন জগাই থৈ যাব!
সেইদিনা
অসমে কেৱল এজন শিল্পীক হেৰুওৱা নাছিল,
হেৰুৱাইছিল
নিজৰ বুকুৰ এটা আপোন মাত।
যি মাতে
প্ৰেমক গান কৰিছিল,
বিষাদক সুৰ কৰিছিল,
আৰু অসমৰ মাটিৰ গোন্ধক
গোটেই পৃথিৱীলৈ কঢ়িয়াই নিছিল।
আজি এবছৰ হ’ল…
তোমাৰ মঞ্চখনো আছে,
গীটাৰৰ তাঁৰবোৰো আছে,
তোমাৰ গানবোৰো আছে—
কেৱল
গানৰ মাজৰ সেই মানুহজন নাই।
কেতিয়াবা
তোমাৰ গান এটা হঠাতে বাজি উঠিলে
আমি গান নুশুনো—
আমি তোমাক বিচাৰি হাবাঠুৰী খাও।
এটা চিনাকি কণ্ঠৰ মাজত
এটা চিনাকি হাঁহি বিচাৰোঁ,
যি হাঁহিয়ে বৰষুণ নমাইছিল
এটা চিনাকি উন্মাদনাৰ মাজত
সেই মানুহজনক বিচাৰোঁ
যিজনে কৈছিল—
অসমক ভালপোৱা মানে
কেৱল অসমীয়া হোৱা নহয়,
অসমক হৃদয়েৰে জীয়াই ৰখা।
যিজনে কৈছিল—
মোৰ কোনো জাতি নাই….
মইয়েই কাঞ্চনজংঘা
জুবিনদা,
তুমি সাগৰৰ সিপাৰে নোহোৱা,
তুমি কোনো দূৰ আকাশতো নোহোৱা—
তুমি আছা
বিহুৰ ঢোলৰ প্ৰতিটো চাপৰত,
বৰষুণত তিতি থকা
গাঁৱৰ বাটটোৰ নীৰৱতাত,
এজন যুৱকৰ গীটাৰৰ প্ৰতিদাল তাঁৰত,
আৰু
মাকক সাৱটি ধৰি গান শুনি থকা
এটা সৰু শিশুৰ চকুত।
সেইদিনা জুবিন ক্ষেত্ৰত
এখন চিতা জ্বলিছিল—
কিন্তু সেই জুই নুমুৱা নাই।
সেই জুই এতিয়া
অসমীয়াৰ বুকুত জ্বলি আছে।
সময় পাৰ হ’ব,
প্ৰজন্ম সলনি হ’ব,
বহু কণ্ঠ আহিব, বহু কণ্ঠ হেৰাব—
কিন্তু
এটা কণ্ঠৰ বাবে
অসমে সদায় ক’ব—
“জুবিনদা, তুমি নোহোৱা হোৱা নাই…
তুমি আমাৰ মাজতেই আছা।”
আজিৰ এই বিষাদভৰা দিনটোত
তোমালৈ মাথোঁ এষাৰ কথা—
শৰীৰৰ মৃত্যু আছে,
সুৰৰ মৃত্যু নাই।
মানুহ আঁতৰি যায়,
কিন্তু কিংবদন্তি
গান হৈ ৰৈ যায়।
জুবিনদা,
তুমি গান হৈ ৰ’লা—
অসমৰ বুকুত,
অসমীয়াৰ প্ৰাণত,
চিৰদিনলৈ।
জয় জুবিনদা❤️ ডাঃ হৰিকান্ত দাস।
Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. BNYS (Pursuing), BEMS, Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles