তোমাৰ নামেৰে এটা ৰাতি

তুমি আহিলা বতাহ হৈ,
মই তেতিয়া নাছিলোঁ—
ৰিক্ত আছিল সকলো।
তুমি ক’লা—
“মই তোমাৰ ৰাতিৰ শেষ তৰা।”
মই ক’লোঁ—
“তেন্তে মই তোমাৰ পুৱাৰ প্ৰথম চৰাই।”
আমি দুয়ো মিলি
এটা সুবাসিত সময় গাঠিলোঁ—
য’ত ঘড়ীৰ কাঁটা নহয়,
কেৱল হৃদয় চলে।
ইটোৱে সিটোৰ নামত
লাহে লাহে স্পন্দিত হয়।
তোমাৰ চুলিৰ মাজত
মই ঢাকি থ’লোঁ মোৰ সমষ্ট দুখ,
তুমি সামৰি ললা-
যেনেকৈ নদীয়ে
নিজৰ বুকুত সামৰি লৈ ফুৰে
অসংখ্য নোকোৱা কাহিনী।
তোমাৰ হাতত
দি দিলোঁ মোৰ সকলো চাবি—
মোৰ নিসিদ্ধ দুৱাৰবোৰৰ,
মোৰ নিঃসংগতাৰ,
আৰু মোৰ হৃদয়খনৰো।
এতিয়া মই
তোমাৰ ঘৰৰ এখন খিৰিকী—
যিফালে প্ৰতিটো পুৱা
তোমাৰ সুকুমল মুখত জিলিকে
অৰুণৰ সোনোৱালী আভা
আৰু প্ৰতিটো নিশা
মোৰ আকাশখন তোমাৰ হৈ যায়।
প্ৰেম—
আচলতে কোনো শব্দ নহয়,
ই এটা নীৰৱ সংলাপ।
যি বুকুৰ গভীৰত
প্ৰতিধ্বনিত হয়
গোপনে, নিৰবে নিতালে..
তুমি সোধা,
মই নিশব্দে উত্তৰ দিওঁ।
তুমি চোৱা,
আৰু তোমাৰ দুচকুত
মই নিজকে বিচাৰি পাওঁ।
শেষত—
তুমি আৰু মই
দুটা পৃথক নাম হৈ নাথাকোঁ;
এটা অনুভৱৰ কবিতাহৈ মিলি যাওঁ—
এনে এটা কবিতা,
যাৰ শেষ পংকি
আমি দুয়ো মিলি লিখিয়েই থাকো……


