লিভাৰ ভালেৰখাৰ ঘৰুৱা উপায়

লিভাৰ-ভালে-ৰখাৰ-ঘৰুৱা-উপায়
লিভাৰ ভালেৰখাৰ ঘৰুৱা উপায়

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত মানুহৰ মৃত্যুৰ অন্য এক কাৰণ হ’ল যকৃত (লিভাৰ)ৰ ৰোগ।

ভাৰত বৰ্ষত প্ৰতি পাচ জন ব্যক্তিৰ ভিতৰত এজনৰ যকৃতৰ সমস্যা থাকে। ইয়াৰ কাৰণ হ’ল জীৱন যাত্ৰাৰ কিছুমান বদ অভ্যাস আৰু সঠিকভাৱে খাদ্য গ্ৰহণ নকৰা।

আমি শৰীৰটো সুস্থ ৰাখিবলৈ লিভাৰ সুস্থ ৰাখিব লাগিব। শৰীৰৰ আটাইতকৈ ডাঙৰ অঙ্গ লিভাৰে আমাৰ ফেটচ নিয়ন্ত্ৰণ কৰে , তেজত থকা বিষাক্ত আৱৰ্জনা বাহিৰ কৰে।

যদি লিভাৰৰ কাম কৰাৰ ক্ষমতা নষ্ট হৈ যায়, তেতিয়া ক্ষতিকাৰক টক্সিন শৰীৰত জমা হৈ শৰীৰৰ অংগ সমূহ এটা এটাকৈ বিকল হৈ পৰিব পাৰে।

আমি লিভাৰটো সুস্থ ৰাখিবলৈ ফাইবাৰযুক্ত খাদ্য খাব লাগে। ইয়াৰ ভিতৰত সজীৱ শাক পাচলি যেনে- ব্ৰকলী , কবি, বিট, গাজৰ ইত্যাদি ।

আনহাতে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব পৰা আন এক শক্তিশালী উপাদান হ’ল নহৰু। নহৰুৱে লিভাৰৰ পৰা এনজাইম উৎপন্ন কৰে। তাৰোপৰি নহৰুৱে  উচ্চ মানৰ এন্টিঅক্সিডেন্ট, এন্টিফাংগাল জাতীয় উপাদানো উৎপাদন কৰি লিভাৰ সুস্থ ৰাখিব পাৰে।

লিভাৰ সুস্থ ৰাখিবলৈ ভিটামিন চি যুক্ত নেমু, কমলা, মৌচম্বী, আঙুৰ, আপেল আদি খালে টক্সিনবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।

গ্ৰীণ টিয়ে ফেটচ কমাব পাৰে। প্ৰতিদিনে আবেলি একাপ গ্ৰীণ টি খোৱা উপকাৰী।

আনহাতে কেঁচা হালধিৰ ৰস লিভাৰৰ মহৌষধ বুলি কব পাৰি।

সপ্তাহত তিনিদিনকৈ পুৱা খালী পেটত হালধি ৰস খোৱা অভ্যাসে আপোনাৰ লিভাৰ সুস্থ ৰাখিব। কেঁচা হালধি এটুকুৰা চোবাই খালেও উপকাৰ পোৱা যায়।

জলফাই তেলত ৰন্ধা খাদ্য লিভাৰৰ বাবে বহুত উপকাৰী।

ওমেগা থ্ৰি ফেটি এচিড যুক্ত আখৰোট লিভাৰৰ কাৰণে উপকাৰী।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles