নিমখ বেছি খালে কিডনি ডেমেজ হব পাৰে!

নিমখে নষ্ট কৰিব আপোনাৰ কিডনি

লিমখে-নষ্ট-কৰিব-আপোনাৰ-কিডনি
কিডনি

আমাৰ দৈনন্দিন খাদ্য তালিকাত নিমখ এক অপৰিহাৰ্য উপাদান। যি খাদ্যই নহওক কিয় নিমখৰ অবিহনে যেন সকলোবোৰ অসম্পূৰ্ণ। কিন্তু আপোনি জানেনে যে অত্যধিক নিমখ সেৱনে আপোনাৰ কিডনিৰ গুৰুতৰ ক্ষতি কৰি কিডনি ফেলৰ সমস্যা উৎপন্ন কৰিব পাৰে? লগতে হৃদপিণ্ডক ক্ষতি কৰি উচ্চ ৰক্তচাপৰো সৃষ্টি কৰিব পাৰে।

আজি আমি বিশেষভাৱে আলোচনা কৰিম আমাৰ দেহৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ কিডনি, এই কিডনি দুটাৰ ক্ষতি নোহোৱাকৈ কেনেদৰে নিৰাপদে ৰাখিব পাৰিম তাৰ বিষয়ে। মগজু, হৃদপিণ্ড, লিভাৰ যেনে দৰে মানব শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ ঠিক তেনেদৰে কিডনিও অতি গুৰুত্বপূৰ্ণ অংগ।এই কিডনি অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ নহয়।

কিডনি কি ? ইয়াৰ মুখ্য কাম কি?

আচলতে আমাৰ কিডনিৰ কাম হল প্ৰস্ৰাৱ উৎপন্ন কৰা আৰু এই প্ৰস্বাৱৰ জৰিয়তে শৰীৰত যিমান বোৰ বিষাক্ত আৱৰ্জনা আছে এই বোৰ বাহিৰ কৰা। গতিকে আমাৰ দেহত যিমান বেছি টকচিন উৎপন্ন হব সিমান বেছি সমস্যা সৃষ্টি হব। কিডনিয়ে ও সিমান বেছিকৈ কাম কৰিব লগা হব। কিডনি ওপৰত বহুত বেছি চাপৰ সৃষ্টি হব।

        গতিকে এটা কথা মন কৰিব লাগিব যে কিডনি সমস্যা উৎপন্ন হোৱা কিছুমান নিৰ্দিষ্ট কাৰণ থাকে। যিবোৰৰ প্ৰতি আমি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰো। যিবোৰে আমাক মাজে মাজে অসুবিধা কৰি থাকে। আৰু এই বোৰৰ অৱেহলা কৰি থকাৰ বাবে লাহে লাহে আমাৰ কিডনি বেয়া হৈ যায়।

কিডনীৰ ক্ষতিকাৰক উপাদান বোৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ উপাদান বিধেই হল নিমখ।

হয়, ঠিকেই শুনিছে নিমখ!

নিমখ
নিমখ

নিমখ যেনেকুৱাই নহয় কিয় সকলো বোৰেই মৰাত্মক। আমাৰ কিছমান মানুহে আকৌ নিমখ ভজি খায়। কেঁচা নিমখ নাখাবৰ কাৰণে যিহতু চিকিৎসক সকলে উপদেশ দিয়ে গতিকে ভাজি খোৱা দেখিবলৈ পোৱা যায়।

নিমখ ভজাই হওক বা কেঁচাই হওঁক বা কলা নিমখ যিয়েই হওঁক, আয়ডাইজ নিমখ নন আয়ডাইজ নিমখেই হওঁক নিমখ নিমখেই Nacl অৰ্থাত ছডিয়াম ক্লৰাইড। এই ছডিয়াম ক্লৰাইডৰ যি ছডিয়াম উপাদান এই উপাদানে ক্ষতি কৰে। কাৰণ এই ছডিয়ামৰ ফলত দেহত পানী বেছি সংৰক্ষণ হবলৈ ধৰে যাৰ ফলত কিডনি ওপৰত চাপ বৃদ্ধি হয়। দেহৰ পৰা ছডিয়াম বাহিৰ কৰিব বাবে কিডনি ওপৰত অত্যধিক চাপৰ সৃষ্টি হয় আৰু ই দীৰ্ঘদিন ধৰি এনেদৰে চাপ সহ্য কৰি কৰি লাহে লাহে কিডনি বেয়া হবলৈ আৰম্ভ কৰে।

যেনে দৰে আমাৰ লিভাৰ বেয়া হোৱাতো সহজে ধৰিব নোৱাৰি ঠিক তেনে দৰে কিডনি বেয়া হলেও পাৰম্ভিক অৱস্হাত তেনেকুৱা গুৰুত্বপূৰ্ন কোনো ধৰণৰ লক্ষণে দেখা নিদিব পাৰে।

৭৫% লৈকে অৰ্থাৎ চাৰিভাগৰ তিনি ভাগ যেতিয়ালৈকে কিডনি বেয়া নহব তেতিয়ালৈকে আপোনি একো গম নাপাব আৰু গম পাবৰ কাৰণে এনেকুৱা কোনো সমস্যাৰো সৃষ্টি নহবও পাৰে। এটা যদি সম্পূৰ্ণ বেয়াও হৈ যায় তেনে হলে আনটোৱে কাম কৰি থকিব। আপোনি গম নাপাবও পাৰে।

ইটো কিডনি যদিও আধা অংশ বা আধা অংশতকৈ বেছি বেয়া হৈ যায় তেতিয়াও কাম কৰি থকিব আপোনি গম পাবলৈ সক্ষম নহব। গতিকে নিমখ বেছি খোৱাটো এটা বিপদ জনক কথা। আমি দৈনন্দিন ঘৰতটো নিমখ খাওৱেই কিন্তু বাহিৰত যিবোৰ ভজা পোৰা খাদ্য, ৰুটি, পৰথা, ঘুগুনি অমলেট, পিজ্জা আদি অন্যন্যা খাদ্য বোৰতো নিমখ থাকে। গতিকে নিমখ কম খোৱাটো মংগল জনক।

এজন ব্যক্তিয়ে দিনত ২৩00 মিলিগ্ৰামতকৈ বেছি নিমখ খাব নালাগে। ১৫00 মিলিগ্ৰামতকৈ কম খাব নালাগে। অথাৰ্ত ১৫০০ পৰা ২৩০০ মিলি গ্ৰাম নিমখ প্ৰতিদিনে খোৱাটো প্ৰয়োজন। একেবাৰে নিমখ নাখালেও সমস্যা হব পাৰে আৰু বেছি নিমখস খালেও সমস্যা হব।

কিডনি বেয়াহোৱাৰ অন্য এক গুৰুত্বৰ্পূণ কাৰক হল পানীঃ

পানী কম খালেও কিডনি বেয়া হয়। কাৰণ যদি আপোনি পানী কম খায় তেতিয়া কিডনি ওপৰত চাপ কম হয়। দেহৰ বহিজাত আৱৰ্জনা নিষ্কাষণৰ বাবে যি চাপৰ সৃষ্টি হব লাগে সেই চাপ সৃষ্টি নোহোৱাৰ বাবে কিডনিত পাথৰ আদি হব পাৰে। আৰু এই পাথৰৰ বাবে কিডনিত সংক্ৰামণৰ সম্ভাৱনা বৃদ্ধি হয়। কিডনিত অবৰোধৰ সৃষ্ঠি হয়, আৰু লাহে লাহে কিডনি বেয়া হবলৈ আৰম্ভ কৰে।

এবাৰ যদি ক্ৰনিক কিডনি ডিজিজ হয় ইয়াক ঠিক কৰাটো বৰ কঠিন হৈ পৰে। কিডনিক সম্পূৰ্ণ সুস্হ কৰি তুলাতো প্ৰায় অসম্ভৱ হৈ পৰে। গতিকে আপোনি কিডনি দুটাক ভালে ৰাখিব বা পৰ্যাপ্ত পানী খোৱাৰ অভ্যাস কৰি লওক।

দীঘলীয়া সময় ধৰি প্ৰস্ৰাৱ জমা ৰখাও কিডনি বেয়া হোৱা এক মুখ্য কাৰণ। কিছুমান মানুহ আছে দীঘলীয়া সময় ধৰি প্ৰায়ে গাড়ীত যাত্ৰা কৰে আৰু প্ৰস্ৰাৱ লগাৰ পাছতো একেবাৰে গন্তব্য স্হান পোৱা লৈকে প্ৰস্ৰাৱ ধৰি ৰাখি থৈ দিয়ে। এনেকুৱা কৰিলেও কিডনিৰ ওপৰত বহুত প্ৰেছাৰ আহে আৰু ব্লাডাৰৰ পৰা প্ৰস্বাৱ ওভতি গৈ কিডনিত পায়গৈ। যাৰ বাবে জমা হৈ থকৈ প্ৰস্বাৱত বেক্টেৰিয়া জমা হৈ কিডনি সংক্ৰামন ঘটি কিডনি বেয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

চাহ আৰু কফিও কিডনি বেয়া হোৱা কাৰক। অত্যাধি চাহ আৰু কফি খোৱা ব্যক্তিৰো কিডনি ফেইল বা কিডনি বিকল হব পাৰে।

বিষ নাশক ঔষধ। বিষ নাশক ঔষধ বা পেইন কিলাৰ সামান্য বিষ হলেই কেতিয়াওঁ খাব নালাগে।

 কিছুমান মানুহে অলপ মূৰৰ বিষ, মাংস পেশীৰ বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা সামান্য বেমাৰতে ঘনে ঘনে এন্টিবায়টিক বা পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে কৰিলে কিডনিত বহুত বেছি ষ্টেচ পৰে আৰু এনে লোকৰ ভৱিষ্যতে কিডনি বেয়া হোৱাৰ পূৰ্ন সম্ভাৱনা থাকে পেইন কিলাৰ ৪/৫ দিনকৈ বেছি ব্যৱহাৰ নকৰিব। আৰু এটা কথা মনত ৰাখিব যদি আপোনাৰ চৰ্দি জ্বৰ ইনফেকচন ঘনাই ঘনাই হৈ থাকে তেতিয়া অৱেহলা নকৰিব। দিনটোত পৰ্যাপ্ত পৰিমানে পানী খোৱাৰ অভ্যাস কৰক।

কিডনি বেয়া হোৱা অন্য এটা কাৰণ হৈছে মাদক দব্য সেৱনঃ

 মাদক দব্য সেৱন কৰিলেও কিডনি বেয়া হয়। অধিক মদ খোৱাৰ ফলত শৰীৰত পানী শূণ্যতা হয়, প্ৰেস্বাৱৰ পৰিমান বৃদ্ধি হয়, কিডনিত অত্যধিক ষ্টেচ পৰে, পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়। ইউৰিক এছিডৰ সমস্যা বাঢ়ি যায় আৰু কিডনি ডেমেজ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। সেইয়ে অত্যাধিক এলকহল লোৱা বন্ধ কৰি দিয়ক।

উচ্চ প্ৰটিন যুক্ত খাদ্যও কিডনি বেয়া হোৱাৰ কাৰণ হব পাৰে।

যেনে-অত্যধিক মাছ-মাংস, বিশেষকৈ ৰেড মিট যেনে-ছাগলী, গাহৰী, হাহ আদিৰ মাংস। এই বোৰ পৰিপাক ক্ৰিয়াত বহুত বেছি নাইট্ৰজেনিক বা বহিজাত পদাৰ্থ উদ্ভৱ হয়। আৰু এই বহিজাত পদাৰ্থ বোৰ শৰীৰৰ পৰা নিস্কাষণ কৰাৰ কাম যিহেতু কিডনিয়ে কৰিব লাগিব গতিকে এই কাম কৰিব বাবে কিডনিক শক্তিৰ প্ৰয়োজন হয়। তাৰ বাবে কিডনি দুটা সুস্হ থাকিব লাগিব আৰু লগতে পানীৰ যথেষ্ট প্ৰয়োজন হব।

যদি আপোনি মদো খাই থাকে লগতে চাহ, কফি, খায়, পেইন কিলাৰ এন্টিবায়টিকো লয় আৰু হাই প্ৰটিন ডাইটো লয়, তেনে হলে আপোনিযেই এবাৰ ভাৱক। কিডনিটোত কিমান প্ৰেচাৰ পৰিব পাৰে। গতিকে প্ৰটিন যদি লয় তাৰ লগে লগে পানী যথেষ্ট পৰিমানে খাওঁক। প্ৰতি কেজি দেহৰ ওজনৰ বিপৰীতে এক গ্ৰামৰ পৰা ১.৮ গ্ৰাম প্ৰটিন খাওঁক। অত্যধিক মাত্ৰাত প্ৰটিন খোৱাতো বাদ দিয়ক।

বাৰে বাৰে যাতে কিডনিত পাথৰ আহিব নোৱাৰে তাৰ বাবে গুৰুত্ব দিয়ক। যাতে ডাইবেটিছ হব নোৱাৰে তাৰ বাবে গুৰুত্ব দিয়ক। আহাৰত ওপৰত গুৰুত্ব দিয়ক কাৰণ মই আগতেই কৈছো ৭৫% কিডনি বেয়া নোহোৱালৈকে যিহেতু কিডনি বেয়া হোৱা বুলি গম পোৱা নাযায়। তাৰ বাবে আপোনি সজাগ হওঁক। সজাগ হওঁক সুস্হ থাকক।

ডা. হৰিকান্ত দাস।

Dr Harikanta Das

MD (CH), Ex physiotherapists, DDRC, Lakhimpur. Former President All Assam Scheduled Caste Students Union, State Vice president, Raijor Dal.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
spot_img

Hot Topics

Related Articles