বিহু বিষয়

0
বিহু-বিষয়-ৰচনা

বিহু কোন ঢালে!

দৃশ্য -১

নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল৷ লোৰ জপনাখনৰ ফালে পিছফালটো দি এখন বিলাসী গাড়ী৷ ডিকিটো খোলা। ডিকিত এটা “ডিজে”৷ উচ্চস্বৰত বিহুসুৰীয়া গীত বাজিছে। অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল’ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জ’কাৰৰ দৰে হাত- ভৰি জোকাৰিছে। অলপ পৰ পাছত ঘৰৰ ভিতৰৰপৰা মানুহ এজন ওলাই আহিছে। মানুহজনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোত কামকৰা মানুহ। চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰ আকাৰৰ নোট এখন দিছে, চফদানীত। অলপ পৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিছ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল। টকাৰ পৰিমাণটো কম হৈছে।
সিহঁতে বিহু মাৰিছে৷
বিহু-বিষয়

দৃশ্য -২

মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ৷ দোকানৰ বাৰান্দাত ছটামান ল’ৰা-ছোৱালী৷ এটাৰ ডিঙিত ঢোল৷ এটাৰ হাতত তাল৷ ঢোল-তাল লোৱা দুটা আগত৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে৷ দোকানীজনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে৷
সিহঁতে বিহু মাৰিছে৷

দৃশ্য-৩

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা৷ চিৰালৰ বাকলি এৰোৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু গাঁত হৈছে৷ ফলা শিলবোৰে ইটোৱে সিটোৰ মুখলৈ চাই দাঁত নিকটাই হাঁহি আছে৷ চহৰৰ ফালৰপৰা বিলাসী গাড়ী এখন ঢলং পলংকৈ গাঁতবোৰ পাৰ হৈ হৈ আগবাঢ়িছে৷ হঠাৎ পথৰ মাজত গামোছা দুখন গাঁঠি দি ছোৱালী দুজনীয়ে পথ ভেটি ধৰিছে৷ সিহঁতৰ গাত মুগাৰ সাজ৷ হাতত জেতুকা৷ খোপাত কপৌফুল৷ লগৰ কেইজনীও দুই ভাগত বিভক্ত হৈ পথৰ দুই কাষে ৰৈ আছে৷ উপায়ন্তৰ হৈ বিলাসী গাড়ীৰ চালকজনে কেৰেচ্ কৈ ব্ৰেক মৰাৰ লগে লগে গোটেইজাক পথৰ সোঁ-মাজত থিয় হৈছে। দলটোৰ ভিতৰৰ আটাইতকৈ চটফটীয়াজনীয়ে চালকৰ ফালৰ গাড়ীৰ খিৰিকীখনত ঢকিয়াইছে৷ চালকে ধুনীয়া ছোৱালীজনী দেখি পাৱাৰ উইণ্ডৰ বুটামটো টিপি গ্লাচখন তললৈ নমাই দিছে৷ তাই হাত পাতিছে৷ চালকে মানিবেগৰপৰা টকা এশ উলিয়াই দিছে৷ তাই টকা এশ লগৰবোৰক দেখুৱাৰ লগে লগে গোটেইজাক মৌ-মাখিৰ জাক এটাৰ দৰে খিৰিকীখনৰ কাষলৈ আহি চিঞৰিছে, “৮, নহ’ব আৰু দিয়ক, ইমান দামী গাড়ী লৈ আহিছে”৷ চালকে এশ টকাটো ঘূৰাই লৈ পাঁচশ টকীয়া নোট এখন আগবঢ়াই দিছে৷ উৎপতীয়া ছোৱালীজনীয়ে টকাটো থপিয়াই লৈ মোনাত ভৰাই চালকক হেণ্ডচেক কৰিছে৷ চালকে তাইৰ কোমল হাতখন জোখতকৈ অলপ সময় ধৰি ৰাখিছে৷ সিহঁতে বিহু মাৰিছে।
বিহু-বিষয়-ৰচনা
উল্লেখিত  তিনিওটা দৃশ্য সাম্প্ৰতিক সময়ত অসমত চলি থকা বহাগ বিহুৰ সুলভ দৃশ্য৷
প্ৰকৃততে বিহু এনে আছিলনে? ক’লৈ গৈ আছে বিহু?
“বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা,” কথাষাৰ যেন মানিবলৈ টান হৈ আহিছে৷ বিহুৱে বাট এৰি আওবাট লৈছে৷ কিয় এনে হৈছে? এই কথা জানিবলৈ আমি অলপ পিছলৈ ঘূৰি চাব লাগিব৷ বিহুনো কি? ক’ৰপৰা আহিল, কেনেকৈ হাবিৰ বিহু স্বৰ্গদেউৰ বাকৰি, দেউতাৰ পদূলি পালেহি আৰু শেষত চাং (মঞ্চ) পালেহি এইবোৰ কথাও মন কৰিব লাগিব৷

বিহু শব্দৰ উদ্ভৱ

সংস্কৃত ‘বিষুবণ’ শব্দৰপৰা বিহু শব্দৰ উদ্ভৱ হৈছে বুলি জনা যায়৷ আন কোনোৰ মতে, বিহু শব্দটো টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) (অৰ্থাৎ গৰুৰ উপাসনা) এই শব্দ দুটাৰপৰা উৎপত্তি হৈছে৷
বিহু আছিল কৃষিজীৱি ৰাইজৰ প্ৰাণৰ উৎসৱ৷ ঋতুৰ লগত এই বিহুৰ সম্বন্ধ৷ বাৰিষাৰ আগমনৰ লগে লগে যিহেতু ৰাইজ শালি খেতিৰ বাবে পথাৰত নামিব লাগে গতিকে তাৰ আগতে অলপ ৰং ৰহইচ কৰি গা-মন টঙাই লোৱাটোও বিহুৰ অন্যতম উদ্দেশ্য আছিল৷ বিশেষকৈ কৰ্মঠ ডেকা-গাভৰুৰ প্ৰেমে আগ স্থান পাইছিল বিহুত৷ খেতি-খোলাত সহায় কৰিবলৈ সৰহ মানুহ হ’লে ভাল৷ এই বিহুতে বহু ডেকাই মনৰ মানুহজনী বিহুতলীৰপৰাই নি ঘৰ সোমোৱাইছিলগৈ৷ বিহু নামবোৰো আছিল প্ৰেম গন্ধী, যৌন গন্ধী৷
দ কৈ পথাৰত ধানে দাই আছিলো
বাউলি বতাহে পালে
কাঁচি দলি মাৰি হাবিতে সোমালো
ওঁঠতে বৰলে খালে৷
যৌৱনৰ বাউলি বতাহে পাইছিল, ওঁঠত বৰলে খাইছিল৷ সেয়ে প্ৰাক- শংকৰী যুগ বা তাৰ আগতে বিহুক সেই সময়ৰ বয়সীয়াল লোকসকলে বৰ ভাল চকুৰে নাচাইছিল বুলি কোনো গ্ৰন্থত উল্লেখ আছে৷ পৰৱৰ্তী সময়ত অসমত বৃটিচ ৰাজত্ব চলাৰ সমান্তৰালভাৱে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত বহু লোকে বিহুক “ইতৰ প্ৰাণীৰ নাচ গান” বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমাননা কৰিবৰো চেষ্টা চলায়৷ সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তিসকলে বিহুৰ সপক্ষে মাত মাতি বিহুক বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে৷ তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল৷ গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেঁপাহ পলুৱাই আনন্দ কৰাৰ পৰিৱৰ্তে এক সামাজিক ভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে৷
bihu-in-assam
কিন্তু লাহে লাহে বিহুৱে ৰূপ সলাবলৈ আৰম্ভ কৰিলে৷ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়াকৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়। তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে৷ তদুপৰি এইজনা স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মূৰ দোঁৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে৷
ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল৷ বিহু বাটে বাটেহে গৈছিল৷ কিন্তু স্বৰ্গদেউৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়৷ পিছলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ ভাগৱতী ধৰ্মৰ প্ৰসাৰৰ লগে লগে বিহুও সেই ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হয়৷ বিহুত প্ৰেম-পিৰীতিৰ উপৰিও ধৰ্মীয় আদৰ্শৰ চাপ পৰিল৷ হুঁচৰিৰ গীত-পদবোৰে ভকতীয়া ৰূপ ল’লে৷ গৃহস্থৰ চোতাললৈ বিহু আহিল৷ গাঁৱৰ বুঢা-মেথা, ডেকাসকল মিলি প্ৰথমে নামঘৰৰ বাকৰিত, তাৰ পাচত গাঁৱৰ মুখিয়াল ব্যক্তিৰ চোতালত হুঁচৰি আৰম্ভ কৰি পৰ্যায়ক্ৰমে গাঁৱৰ সকলোৰে ঘৰত হুঁচৰি গাই গৃহস্থক বছৰটোলৈ কুশল কামনা কৰি আশীৰ্বাদ দিয়াৰ নিয়ম প্ৰচলিত হ’ল৷ গৃহস্থয়ো সাধ্যানুসৰি হুঁচৰি দলক গুৱা-পাণৰ লগতে অৰ্থ-বস্ত্ৰৰে মান ধৰি সেৱা লোৱাৰ নিয়ম হ’ল৷
মঞ্চ-বিহু
এনেদৰে হুঁচৰি গাই সংগ্ৰহ কৰা ধনৰ কিছু অংশ ৰাইজে প্ৰীতি- ভোজ খাই বাকী ৰাহি ধনেৰে নামঘৰটো মেৰামতি কৰা বা সজা, অহাবেলি বিহু গাবলৈ ঢোলটাে চাৱনি কৰা আদি কামত খৰচ কৰে৷ অসমত স্থাপন হোৱা বহুবোৰ ভেন্সাৰ স্কুলৰ প্ৰতিষ্ঠাৰ আঁৰত এনেধৰণৰ হুঁচৰি মাৰি মূলধন সংগ্ৰহ কৰাৰ কাহিনী আগৰচামে জানে৷ কিন্তু অতি দুখ লগাকৈ লাহে লাহে এই সুন্দৰ প্ৰথাটোৰ বিলোপ হ’বলৈ ধৰিছে৷ হুঁচৰিও হৈ পৰিছে ধন ঘটাৰ মাধ্যম৷ সৰহকৈ ধন দিব নোৱৰা লোকৰ ঘৰলৈ আজিকালি হুঁচৰি নাযায়৷ ধন দিবৰ ভয়ত গৃহস্থয়ো ফুট গধূলিতে গেটত তলা লগাই এনে সমস্যাৰপৰা পৰিত্ৰাণৰ উপায় অৱলম্বন কৰে৷
ইয়াতকৈয়ো এখোপ ওপৰলৈ গৈ অতি সম্প্ৰতি বিহু (হুঁচৰি নহয়) ৰাজপথ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত উঠিছেহি৷ কেইটামান পিলিঙা ডেকা-গাভৰু লগ হৈ বাট আগছি বিহু মাৰি পথচাৰীক অতিষ্ঠ কৰাৰ নিয়ম উজনি অসমৰ প্ৰায় কেইখন জিলাতে আৰম্ভ হৈ গ’ল৷ তদুপৰি বিহু-মেলা, বিদায়-উৎসৱ আদি নামেৰে অনুষ্ঠিত কৰা অনুষ্ঠানবোৰৰ নামত হাতে হাতে ৰচিদ-বহী লৈ গাড়ী মটৰচাইকেল আগচা দলবোৰৰ কথা আছেই৷
ইয়াৰ পাছতে আৰম্ভ হ’ল চাঙত উঠা বিহু বা মঞ্চ বিহু৷ ১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়৷ ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ লতাশিল খেল পথাৰত বিহুক চাঙলৈ তোলা হয়৷এই চাং বিহুৱে অসমীয়াৰ মাজত ইমানেই জনপ্ৰিয়তা লাভ কৰে যে তাৰ উৎপাতত সম্প্ৰতি বিহুক বচাবলৈ ‘বিহু সুৰক্ষা সমিতি’ পৰ্যন্ত গঠন কৰিব লগা হৈছে৷ বিহু প্ৰাকৃতিক উৎসৱ হৈ নাথাকি প্ৰতিযোগিতামুখী হৈ পৰিল৷ বিহুৱতী, বৰ বিহুৱতী, সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাৰ উপৰি মুকলি বিহু, জেং বিহু, হুঁচৰি, ঢোলবাদন, পেঁপাবাদন আদি প্ৰতিযোগিতাবোৰৰ আয়োজন কৰিবলৈ ল’লে৷
বিহুৱা-ককাই
আগে বিহু আছিল গছৰ তলত, মুকলি পথাৰত৷ ভৰযৌৱন প্ৰাপ্তসকলৰ প্ৰণয় প্ৰকাশৰ মাধ্যম আছিল বিহু৷ হ’লেও ডেকা-গাভৰুৱে একেলগে বিহু মৰাৰ নিয়ম নাছিল৷ ওচৰা ওচৰিকৈ বিহু মাৰিছিল, যোৰা নাম গাইছিল৷ বিহু স্বতঃস্ফূৰ্ত আছিল৷ কোনেও কাকো বিহু শিকাব লগা নহৈছিল৷ দেখাক-দেখি নিজে নিজে শিকিছিল৷ বিহু তেজত আছিল৷ কিন্তু প্ৰতিযোগিতা সৰ্বস্ব হোৱাৰ লগে লগে বিহুৰ বিচাৰৰ বাবে নিয়ম ওলাল৷ বিহু শিকিব লগা হ’ল৷ আজিকালি গাঁৱৰ নাচনীৰ নাচ এলাগী হ’ল৷ চহৰৰ পৰা ওলোটাই বিহু শিকাবলৈ নাচনী মাতি চ’তলৈ ছমাহ থাকোঁতেই বিহুৰ কৰ্মশালা পাতিব লগা হ’ল৷
বিহুৱে স্বকীয়তা হেৰুৱা অন্যতম কাৰক হ’ল অসমত ইটোৰ পিচত সিটোকৈ মুকলি কৰা টিভিৰ চেনেলসমূহ৷ বিহু হৈ পৰিল কেমেৰামুখী৷ যদিও বহাগ বিহু চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হৈ সাতদিনীয়াকৈ পালন কৰা নিয়ম, টিভিচেনেলসমূহে বছৰটোৰ বাৰ মাহেই বিহু পাতিবলৈ লোৱা বুলি ক’লেও নিশ্চয় ভুল কৰা নহ’ব৷ বিহুলৈ কেইবামাহ থাকোঁতেই এনে চেনেলসমূহে ‘সম্ৰাজ্ঞী’ ‘ৰাণী’ আদি প্ৰতিযোগিতাবোৰৰ দ্বাৰা নাচনী নিৰ্বাচন (অডিচন) আৰম্ভ কৰি একেবাৰে ব’হাগ পাৰ হৈ জেঠ আহাৰলৈকে ধুম-ধামেৰে চলাই থাকে৷ কেৱল সেয়াই নহয় বিহুৰ লগত সাঙোৰ খাই থকা ৰীতি-নীতিবোৰ গাঁৱৰ লগতে চহৰতো লোপ পাই আহিছে যদিও টিভিত ওলাবলৈকে দোকানৰপৰা কিনি অনা চিৰা-পিঠা-সান্দহ সাজি লোৱা আখল নাইবা ঢেঁকীৰ আগত ৰৈ দামীতকৈয়ো দামী সাজ-গহনা পিন্ধি বিউটি পাৰ্লাৰত মেকআপ ঘঁহি টিভিৰ আগত ভাও দিয়ে৷
bohag-bihu
এইখিনিতে এটা কথা নক’লে ভুল হ’ব যে, হুঁচৰি, মুকলি বিহু, জেং বিহু, টকা বিহু আদি দলীয় বিহুবোৰ গাঁৱৰ ডেকা গাভৰুৱে জীয়াই ৰাখিছে৷ পুৰস্কাৰ লাভৰ আশাতেই হওক বিহুটোক ভালপোৱাৰ বাবেই হওক এইচাম বিহুবলীয়া ডেকা ডেকেৰীৰ মাজত বিহুৰ চৰ্চা অব্যাহত আছে৷ পদ্ধতিগতভাৱে ঢোল, পেঁপা, গগনা, সুতুলী বজাবলৈ শিকিছে৷ ন ন বিহুৱা-নাচনী-নামতী ওলাইছে৷ সেইদৰে এনে বাদ্য যন্ত্ৰবোৰৰ চাহিদাও বাঢ়িছে আৰু থলুৱা লোকে এইবোৰ সাজি দুপইচা অৰ্জনৰ সুবিধা পাইছে৷ অৱশ্যে ঢোল বাদ্যটো সাজিব জনা থলুৱা শিল্পী নগণ্য৷ এইটো ব্যৱসায় অনা-অসমীয়াৰ হাততে আছে৷
এতিয়া আহোঁ সাম্প্ৰতিক মঞ্চ বিহুৰ কথালৈ৷ সেই যে ৰাধাগোবিন্দ বৰুৱা, মহেশ্বৰ নেওগদেৱ যদি আজি জীয়াই থাকিলহেঁতেন মূৰে-কপালে হাত দি ক’লেহেঁতেন, “হায় কি কাৰণত বিহুক মঞ্চলৈ আনিছিলো৷” প্ৰথমতে গুৱাহাটীৰ লতাশিলত, তাৰ পাছত জিলাই জিলাই, মহকুমাই মহকুমাই, চহৰে চহৰে আৰু সম্প্ৰতি একেখন মফচলীয় ঠাইতে তিনি চাৰিখন বিহু অনুষ্ঠিত হ’বলৈ ধৰিলে৷ এই বিহুমেলাবোৰ সংস্কৃতি সাধনাৰ মঞ্চৰ সলনি এচাম লোকৰ সহজলভ্য ধন ঘটাৰ আহিলা হৈ পৰিল৷
বিহুৱতি-বহাগৰ
অৱশ্যে সকলো বিহু সমিতিক এই শাৰীত ধৰিলে ভুল কৰা হ’ব৷ বহু সংখ্যক বিহু সমিতিয়ে আন্তৰিকতাৰে এনে বিহু উদযাপন কৰি আহিছে যদিও সৰহসংখ্যক সমিতিৰে মনোবৃত্তি দুখ লগা৷
বিহু মেলাৰ নামত চান্দা উঠাই নিজৰ জেপ গধুৰ কৰাৰ লগতে ফূৰ্তি-পানীকণ যোগাৰ কৰাই যেন উদ্দেশ্য৷ এনে সমিতিসমূহেই ৰচিদ বহী
ছপা কৰি ৰাজপথ আগচি ধন তোলাৰ উপৰি ব্যৱসায়ীসকলকৰ মূৰত ৰাম-টাঙোন মাৰি বিহু পাতি অহা পৰিলক্ষিত হয়৷ বিশেষকৈ অনা অসমীয়া ব্যৱসায়ীসকলক ডকা- হকা দি বুজন পৰিমাণৰ চান্দা (আচলতে বলপূৰ্বক) ধন সংগ্ৰহ কৰে৷ সেইসকল ব্যৱসায়ীয়ে উপায়ন্তৰ হৈ শকত ধন দিয়ে ঠিকেই৷ কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ কিনা দামৰ লগত এই অংকটো যোগ কৰে৷ মাৰটো আওপকীয়াকৈ পৰে আপোনাৰ-মোৰ মূৰত৷
bihuwa-deka
ইয়াৰোপৰি জাতীয় কৃষ্টি বুলি বুকু ফিন্দাই কোৱা চেনেহৰ বিহু পাতিবলৈ বহুৰাষ্ট্ৰীয় কোম্পানীৰ পৃষ্ঠপোষকতা’ বিচাৰে৷ ফলত বিহু মঞ্চত ওলমি ৰয় বিলাতী সুৰাৰ বিজ্ঞাপন পৰ্যন্ত৷ ‘স্পন্সৰশ্বিৰ’ যদি লয়েই তেনে ইমান ধন তোলে কেলৈ? তাৰকা শিল্পী মাতি সাংস্কৃতিক সন্ধিয়া (সাংঘাতিক সন্ধিয়া বোলাহে যুগুত) নাপাতিলে যেন বিহু সম্পূৰ্ণ নহয়৷ তাতে এনে “সাংঘাতিক সন্ধিয়া”বোৰত বিহুৰ সলনি বিহুসুৰীয়া বা হিন্দী গান নাগালে চমঝদাৰ (?) দৰ্শকৰ ৰোষত পৰে শিল্পী৷ বিশেষকৈ মুখত ফূৰ্তি পানীকণৰ গোন্ধ লৈ ফুকলীয়া ল’ৰাই মৰা অশালীন চিঞৰবোৰ এই ‘সাংঘাতিক সন্ধিয়া’ৰ অবিচ্ছেদ্য অংগ৷
ধনৰ কথালৈ আহোঁ৷ এইযে ডকা- হকা দি ৰাইজৰ ধন তোলা সমিতিবোৰ, তেওঁলোকে বিহুৰ শেষত হিচাপ দাখিল কৰেনে? ৰাইজক জনাই নে কিমান ধন উঠিল কিমান ব্যয় হ’ল? নিদিয়ে৷ ৰাইজেও নিবিচাৰে৷ বিনা প্ৰতিবাদে ঘূৰিটো বছৰ আকৌ চান্দা দিয়ে৷ ফলত সমিতিৰ বিষয়ববীয়াসকলে নিজৰ জেপ গধুৰ কৰিবলৈ সুবিধা পায়৷
ঘূৰিবেলি কোন সভাপতি সম্পাদক হ’ব তাৰ প্ৰতিযোগিতা চলে৷
bihu-in-assam
এতিয়া আহোঁ এই বিহুতলীৰ গতি-গোত্ৰলৈ৷ কি হয় এনে বিহুত? লাখ টকা খৰচ কৰি অত্যাধুনিক পদ্ধতি তথা উন্নত মানদণ্ডৰ কাগজত সমিতিৰে বিয়য়ববীয়া নহ’লে বা অঙহী-বঙহীৰ ফটো দি একোখন কাৰ্যসূচী ছপা কৰা হয় যদিও সেইখনৰ মতে একো নচলে৷ এই ধৰক, পুৱা সাত বজাত বৃক্ষৰোপণ হয়গৈ দুপৰীয়া বাৰ বজাত৷ গছপুলি ৰোৱে ঠিকেই তেনে গছপুলি ডাঙৰ হোৱাৰ উদাহৰণ বিৰল৷ ইফালে যিমানে দ্ৰুত গতিৰ বাহন নিকিনক শামুকৰ পিঠিত উঠি ভালপোৱা খাৰখোৱা অসমীয়া দৰ্শক, প্ৰতিযোগীসকল সন্ধিয়াৰ ফালে বিহুতলীত প্ৰৱেশ কৰে৷ দুপৰ নিশা বাদেই পুৱতিলৈকে এনে বিহুতলীত চলি থকা প্ৰতিযোগিতা আৰু ঢোল পেঁপাৰ মাত উচ্চ ক্ষমতা সম্পন্ন শব্দ যন্ত্ৰৰে উফৰি গৈ কেইবা কিল’মিটাৰ নিলগৰ মানুহৰ টোপনি খতি কৰে৷ সেইদৰে কাৰ্যসূচীত মুকলি সভা বুলি দফা এটা থাকে যদিও তেনে সভা অনুষ্ঠিত নহয়৷ বঁটা বিতৰণী বুলি অনুষ্টুপীয়া সভা এখন হয়৷ তাত বঁটাবোৰ স্পন্সচৰ কৰাসকলে আগস্থান পায়৷ বিহু সম্পৰ্কীয় কোনো আলোচনা অনুষ্ঠিত হোৱা দেখা নাযায়৷ ৰাইজেও নিবিচাৰে৷ সকলোৰে ধাণ্ডা ‘সাংঘাতিক সন্ধিয়া’ৰ তাৰকা-শিল্পীৰ প্ৰতিহে৷
এনে বিহুৰ আচৰিত প্ৰাণীবিধ হ’ল বিচাৰক কেইজন৷ এই কেইজন নহ’লে বিহুৰ কোনো প্ৰতিযোগিতা সম্ভৱ নহয়৷ সেয়ে বহু দিন আগৰেপৰা এনে বিজ্ঞ লোকক সমিতিৰ বিষয়ববীয়াই এনে সন্মানেৰে মাতে যে নগৈ নোৱাৰে৷ যায়৷ ঘণ্টা ঘণ্টা ধৰি সমিতিয়ে সম্বৰ্ধনা জনোৱা আমদানীকৃত জেলজেলীয়া গামোচা কান্ধত আৰু সন্মুখত কিনা পানীৰ বটল এটা লৈ বিচাৰ কৰে৷ দুই ঘণ্টা গান গাই তাৰকা শিল্পীয়ে লাখ টকা লৈ যায়৷ বেচেৰা বিচাৰকে বিচাৰৰ শেষত পাৰিতোষিক দূৰৈৰে কথা সুদা পেটে বা নিশা দুই তিনি বজাত চেঁচা পৰা ভাত এসাঁজ খাই পেটৰ গুৰ- গুৰণি লৈ ঘৰ পাব লগা হয়৷
কিমান ক’ম? কৈনো কৈ থাকিলে ওৰকে নপৰে৷
বিহু যদি এই গতিত গৈ থাকে আৰু বছৰ চেৰেক পাছৰ বিহুটো কল্পনা কৰক৷
আগতে গাইছিল,
“লাহে লাহে বান্ধৈ ঐ
বিহু কোনে ঢালে আহে৷
পূবে পশ্চিমে
উতৰে দখিনে
বিহু চাৰিও ঢালে আহে৷”
এৰা বিহু আহোঁতে ঠিকেই আহিছিল৷ এতিয়া যায় বা ক’লৈ! সেয়ে আপোনাকে সুধিছোঁ, বিহু কোন ঢালে?
লিখক- বিনয় কৃষ্ণ তামুলী ফুকন।
binay-krishna-tamuli-phukan

LEAVE A REPLY

Please enter your comment!
Please enter your name here