আন্তৰ্জাতিক নাৰী দিৱস

0
আন্ত-জাতিক-নাৰী-দিৱস
আন্ত জাতিক নাৰী দিৱস

অজি ৮ মাৰ্আচ, আন্তৰ্জাতিক নাৰী দিৱসঃ

‘নাৰী’ সৃষ্টিকৰ্তাৰ এক অনুপম অবদান। নাৰী ত্যাগৰ প্ৰতিমূৰ্তি,মমতাৰ অধিকাৰিণী হোৱাৰ লগতে নাৰী পৰিয়ালৰ সুখ,শান্তি সমৃদ্ধিৰ গৰাকী। নাৰীৰ ৰূপ অনন্যা।জী,ভগ্নী, সখী,পত্নী, বধু,মাতৃ, আদিৰ চৰিত্ৰত নাৰীৰ পৰিক্ৰমাৰ ৰূপান্তৰ। ‘নাৰী’ অবিহনে পুৰুষ জীৱন পূৰ্ণ নহয়।আনহাতে নাৰী – পুৰুষৰ মিলনতেই প্ৰাণ পাই উঠে এই সৃষ্টি প্ৰক্ৰিয়া।পৰস্পৰৰ সহযোগিতা, সহমৰ্মিতাই হৈছে সংসাৰৰ মূল উদ্দেশ্য। ‘নাৰী’ প্ৰকৃতিৰ জন্মদাত্ৰী।নাৰী দেৱীস্বৰূপ।নাৰী মমতাময়ী।
নাৰী আন্দোলনৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অৱশেষত ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো আন্তজাৰ্তিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে।
নাৰীত্বৰ উৎসৱ পালন কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য।এই উদ্দেশ্যৰ জৰিয়তে মহিলাসকলৰ অধিকাৰ তথা অন্যায়ৰ বিপৰীতে সাব্যস্ত হৈ উঠিব মুক্ত কণ্ঠ।
আধুনিক সমাজৰ নাৰী আত্মনিৰ্ভৰশীল।শিক্ষিত দিশত খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে আজিৰ যুগৰ নাৰীয়ে।দেশ তথা বিদেশৰ পৰা ও সমগ্ৰ নাৰী জাতিটোলৈ সুনাম কঢ়িয়াই আনিব পাৰে আজিৰ যুগৰ নাৰীয়ে।নাৰীয়ে ইচ্ছা কৰিলে বহুদূৰ আগবাঢ়ি যাব পাৰে। যদিহে সমাজৰ একাংশই নাৰীক আৱৰ্জনা সদৃশ বুলি ভাবিবলৈ এৰি দিয়ে! ইচ্ছা কৰিলে নাৰীয়ে নিজৰ অধিকাৰৰ বাবে যুঁজ দিবলৈও প্ৰস্তুত।যদিহে নাৰীয়ে নাৰীৰ শত্ৰুতা পৰিহাৰ কৰে!
সমাজৰ মতে ভাৰত এখন পুৰুষ প্ৰধান দেশ।সমাজৰ মতে এজন পুৰুষ মানসিক আৰু শাৰীৰিক ভাবে সবল হোৱাৰ হেতুকে নাৰীতকৈ পুৰুষ বহুগুণে ওপৰত। এনে ভুল চিন্তাধাৰাই সমাজৰ এজন পুৰুষক শক্তিশালী আৰু এগৰাকী নাৰীক কেৱল দুৰ্বল কৰাই নহয়, বৰঞ্চ সমাজ খনকেই কোঙা কৰি পেলায়। নাৰী প্ৰধান দেশ ভাৰতত ‘মা দুৰ্গাদেৱীক নাৰীৰ প্ৰতিক হিচাপে পূজা অৰ্চনা কৰা হয়। দুৰ্গাৰ সুন্দৰ ৰূপ আৰু গধুৰ গধুৰ আ – অলঙ্কাৰৰ সৈতে হাতৰ অস্ত্ৰপাত ও দেৱীৰ এক আন অলঙ্কাৰ। ৰূপ সৌন্দৰ্য্য,গধুৰ আ – অলঙ্কাৰবোৰ কেতিয়াও এগৰাকী নাৰীৰ দূৰ্বলতা হ’ব নোৱাৰে। নাৰীৰ আন এক অলঙ্কাৰ অস্ত্ৰ ও হাতত মজুত। নাৰীয়ে নিজকে সুন্দৰ কৰি ৰাখে।আৰু সুন্দৰ কৰি ৰাখিব পাৰে নিজৰ স্বভিমান,নিজৰ আত্মসন্মানকো।
এজনী নাৰীৰ ধৰ্ষণকাৰী নিজ মাতৃৰ দুগ্ধ পান কৰা এটি ধুনীয়া শিশু। এগৰাকী ধৰ্ষণ হোৱা নাৰী ও তেনেদৰেই নিজ মাতৃৰ দুগ্ধ পান কৰা এটি ধুনীয়া শিশু।শিশু আৰু মাতৃৰ এটি প্ৰকৃতিৰ সুন্দৰ বান্ধোন।সৃষ্টিৰ অপৰিসীম আনন্দৰ অনুভৱ।পৰিয়ালৰ মৰম, স্নেহত লালিত পালিত হৈ সেই একেই দুটি শিশু কিয় অৱনমিত হয় দুটি অন্য নামেৰে ?
কিয় জন্ম পায় ধৰ্ষণকাৰীৰ মগজুত বিকৃত মানসিকতা ?
কিয় পৰিচিত হয় ধৰ্ষণকাৰী আৰু ধৰ্ষণ হোৱা এগৰাকী নাৰীৰ নামেৰে ?
তাৰ বাবে দায়ী কোন ?
জীয়াই থাকিবনে নাৰীসত্বা ?
নে দীঘলীয়া হ’ব নাৰীৰ এই আত্ম যুজ ?
কিয় বাৰে বাৰে বিফলিত নাৰী সুৰক্ষিত আইন ?
আমিবোৰ যে নাৰী তাৰ বাবে নাৰী দিৱস এটি সোঁৱৰণী হে নেকি মাথোঁন ?
তেন্তে নালাগে এনে এটি দিন এনে এটি তাৰিখ। নালাগে নাপাতো উৎসৱ। যদি উৎসৱ হ’ব লাগে দশেৰা উৎসৱৰ দৰে হওঁক। ধ্বংস হওঁক সমাজৰ এটা এটা নাৰীৰ ধৰ্ষণকাৰী।ধৰ্ষণ হওঁক এনে বিকৃত মানসিকতা। দিৱস হওঁক নাৰীৰ নহয় ধৰ্ষণকাৰীৰ হে। প্ৰতিটো বছৰৰ ৮ মাৰ্চত ফাঁচী কাঠত উলমি ৰওঁক একোজন ধৰ্ষণকাৰী।।
✍️

LEAVE A REPLY

Please enter your comment!
Please enter your name here