কোষ্ঠকাঠিন্য কি? কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব কেনেকৈ?

0

Content

⇒ CONSTIPATION বা কোষ্ঠকাঠিন্য কি? কিয় হয়? 
⇒ কোষ্ঠকাঠিন্য কাৰ হোৱা সম্ভাৱনা থাকে? 
⇒ কোষ্ঠকাঠিন্যৰ কাৰণ কি? 
⇒ কোষ্ঠকাঠিন্য ভুগিলে কেনেধৰনৰ উপসৰ্গ প্ৰকাশ পাব? 
⇒ ইয়াৰ জটিলতা কি? 
⇒ এই ৰোগত ভুগিলে কেনেধৰনৰ খাদ্য গ্ৰহন কৰিব? 
⇒ কোষ্ঠকাঠিন্যৰ হোমিঅপেথিক ঔষধ।

কোষ্ঠকাঠিন্যৰ হোমিঅপেথিক চিকিৎসাঃ

CONSTIPATION বা কোষ্ঠকাঠিন্য বিশেষ কোনো ৰোগ নহয়। কিন্তু ই অন্য ৰোগৰ লক্ষণহে মাত্ৰ। জীৱন কালত হয়তো কিবা নহয় কিবা কাৰণত কোষ্ঠকাঠিন্যত ভুগা অভিজ্ঞতা নোহোৱা ব্যক্তি খুউব কমেই ওলাব।প্ৰায়বোৰ কোষ্ঠকাঠিন্যৰ লক্ষণেই অস্থায়ী। কিছুমানৰ জটিলতাই দেখা দিলেও উপযুক্ত চিকিৎসা আৰু যাৱতীয় আনুসাংগিক ব্যৱস্থা গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা সহজতে হাত সাৰিব পাৰি।

কোষ্ঠকাঠিন্য কিয় হয়

আমি খোৱা খাদ্য পাকস্থলীত পৰিপাক ক্ৰিয়াৰ পাছত আমাৰ অন্তই বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা ৰেক্টাম বা সৰলান্তৰ ফালে ঠেলি দিয়ে। large intestine বা বৃহদান্তৰ পাৰ্শ্বৱৰ্তী (য়াক আমি কলন বুলি কঁও) অংশবিশেষৰ মাজেৰে মল-নলী বা সৰলান্তৰ ফালে যাওঁতেই এই খাদ্যখিনিৰ পৰা বহিঃ জাত পদাৰ্থ বা মলৰ সৃষ্টি হয় আৰু তেতিয়া এই অংশটোৱে ইয়াৰ পানী ভাগ শোষণ কৰি ৰাখে। পিছত কলনে সংকোচন প্ৰক্ৰিয়াৰ জৰিয়তে মল সৰলান্তৰ ফালে ঠেলি দিয়ে আৰু এই ৰেক্টাম বা সৰলান্তই মলখনি কিছু কঠিন অৱস্থাত গ্ৰহণ কৰে।

যেতিয়া কলন বা বৃহদান্তৰ পাৰ্শ্বৱৰ্তী অংশটোৱে এই পৰিপাক খাদ্যখিনিৰ পৰা অত্যাধিক পৰিমাণে পানী ভাগ শুহি লয় বা কেতিয়াবা আন্তিক বিসংগতিৰ ফলত কলনৰ সংকোচন প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত হয়, অথবা কলনৰ অংশটোৱে অকামিলা হৈ পৰে ইয়াৰ ফলত মল-নলি বা ৰেক্টামত মল অতি শুকান আৰু টান হয় আৰু মল আবদ্ধ হৈ পৰে। এই অৱস্থাটোকে আমি কোষ্ঠঠিন্য বুলি কওঁ।

কোষ্ঠকাঠিন্যৰ সমস্যাত কোন বেছিকৈ ভুগাৰ সম্ভাৱনা থাকেঃ

সাধাৰণতে বৃদ্ধ আৰু মহিলা এই সমস্যাত বেছিকৈ ভুগা দেখা যায়। আমেৰিকাৰ গেষ্ট্ৰইন্টেষ্টাইনলজিকেল এচচিয়েচনৰ এক তথ্যত প্ৰকাশ পোৱা অনুসৰি কোষ্ঠকাঠিন্য গেষ্ট্ৰইন্টেষ্টাইনলজিকেল বা প্ৰাটাণ্টিক সমস্যাৰ এক সাধাৰণ লক্ষণ।

সংস্থাটোৱে উল্লেখ কৰা অনুসৰি বছৰি চাৰি মিলিয়নতকৈও অধিক আমেৰিকান সঘনাই এই কোষ্ঠকাঠিন্যত ভুগে। ইয়াৰে অধিক সংখ্যক মহিলা আৰু ৬৫ বছৰ বা তাতকৈ অধিক বয়সৰ বৃদ্ধ।

গৰ্ভৱতী মহিলাও সহজতে এই কোষ্ঠকাঠিন্যত ভুগা দেখা যায়। সাধাৰণতে সন্তান জন্ম বা শৈল্যচিকিৎসাৰ পাছত মহিলা সকলে এই সমস্যাৰ সন্মুখীন হব লগা হয়।

কোষ্ঠকাঠিন্যৰ কাৰণঃ

কিয় হয় এই কোষ্ঠকাঠিন্য? বিভিন্ন কাৰণত এই কোষ্ঠকাঠিন্যৰ লক্ষণ দেখা দিব পাৰে। ইয়াৰ সাধাৰণ কাৰণ সমূহ হ’ল –
ø উপযুক্ত পৰিমাণে আঁহ জাতীয় খাদ্যৰ অভাৱ।

ø দৈনিক শাৰীৰিক পৰিশ্ৰম নকৰা।

ø আলস্য জীৱন- যাপন।

ø বিভিন্নধৰণৰ ঔষধ যেনে- জোলাপ গ্ৰহণ কৰা, বিষ নাষক ঔষধ বা নাৰ্কটিক ড্ৰাগছ ব্যৱহাৰ কৰা। ৰক্তচাপ, মানসিক ৰোগ, পক্ষাঘাত বা পেৰেলাইচিছ আদি ৰোগৰ ঔষধ বা প্ৰতিষেধক গ্ৰহণ কৰা।

ø দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভুগি থকা।

ø যকৃত বা লিভাৰৰ বিসংগতি।

ø অন্তপেশী দুৰ্বলতা, কোনো কাৰণত আন্তিক গঠন সৰু হৈ যোৱা।

ø জীৱনশৈলিত দ্ৰুত পৰিৱৰ্তণ, বদহজম, নিদ্ৰাহীনতা, উশৃংসল জীৱন-যাপন।

ø কিছুমান নিৰ্দিষ্ট বেমাৰ যেনে- ষ্টোক আদিত সহজতে এই সমস্যাই দেখা দিয়ে।

কোষ্ঠকাঠিন্যৰ উপসৰ্গঃ

এই কোষ্ঠকাঠিন্যত ভুগিলে কেনেকুৱা ধৰণৰ উপসৰ্গ দেখা দিব পাৰে। কোষ্ঠকাঠিন্যত কিছুমান বিশেষ উপসৰ্গই দেখা দিয়ে এই উপসৰ্গ সমূহ হ’ল-

ø মল সম্পুৰ্ণ পৰিস্কাৰ হৈ বাহিৰ নহয়, মল কঠিন আৰু কম পৰিমানে বাহিৰ হয়।

ø শৌচকৰাৰ পাছতো বাৰে বাৰে কৰিম কৰিম লাগি থাকে কিন্তু খৌচ কৰিবলৈ বহিলে শৌচ নহয় এনেদৰে এটা অতি অশান্তি দায়ক অৱস্থাৰ সৃষ্টি হয়।

ø ৰোগীৰ মনত নিষ্টেজ ভাৱ, ভোক নলগা, পেটৰ বিষ, মূৰৰ বিষ, কেতিয়াবা জ্বৰ-জ্বৰ ভাৱ, খাদ্যৰ প্ৰতি আৰুচিয়া আৰু অস্বস্তিকৰ অনুভৱ হ’ব পাৰে।

ø ৰোগীৰ কেতিয়াবা কেতিয়াবা মলৰ ৰং মটিয়া বা ছাঁইৰ দৰে হ’ব পাৰে।

ø পায়খানাৰ বেগ অনুভৱ হোৱাৰ পাছতো পায়খানা নহয়, বমি আৰু বমি বমি ভাৱ থাকিব পাৰে।

ø বহু সময় সঞ্চিত মল নাড়িত পছিবলৈ ধৰে আৰু এই পছা মলৰ সুক্ষ্ম অংশ তেজ মাংসত মিহলি হৈ দেহত বিভিন্ন ধৰণৰ ক্ষতি কৰিব পাৰে অথবা এই বিষাক্ত মল শোষণৰ বাবে শৰীৰত নানান জটিল ৰোগ হ’ব পাৰে। লিভাৰৰ দোষ অথবা জণ্ডিছ হ’ব পাৰে।

ø মল দ্বাৰত ঘাঁ, মল- নলীত ঘাঁ ইত্যাদি সমস্যা সমূহ হ’ব পাৰে।

কোষ্ঠকাঠিন্যৰ জটিলটাঃ

এই কোষ্ঠকাটিন্য সমস্যাত ভুগিলে কেনেকুৱা ধৰণৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে। কোষ্ঠকাঠিন্যৰ জটিলতা সমূহৰ ভিতৰত হ’ল-

ø ইনটেছটিনেল অবষ্ট্ৰাকচন বা আন্তিক বাধা।

ø টকচিচিমিয়া বা ৰক্তবিষাক্ত হ’ব পাৰে।

ø আন্তিক ফিভাৰ বা শনিপাত জ্বৰ হ’ব পাৰে।

ø গল্ড ষ্টন বা পিত্তস্থলীত পাথৰ হ’ব পাৰে।

ø যকৃতৰ প্ৰদাহ, লিভাৰ এবচেচ বা ফোঁহা আৰু লিভাৰ চিৰচিচ বা লিভাৰৰ ক্ষীৰ্ণতা আৰু ৰক্তহীনতা আদি সমস্যাই দেখা দিব পাৰে।

এই সমস্যা পৰা হাত সাৰিবৰ বাবে কেনে ধৰণৰ ব্যৱস্থা ল’বঃ

এনেধৰণৰ ৰোগৰ লক্ষণসমূহ আঁতৰ কৰিবৰলৈ কেৱল মাত্ৰ ঔষধৰ ওপৰতে নিৰ্ভৰ নকৰি নিজেও কিছুমান আনুসাংগিক ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ø কোষ্ঠকাঠিন্য সমস্যাত ভুগা ৰোগীয়ে প্ৰতিদিনে ২০ ৰ পৰ ৩০ গ্ৰামকৈ আহঁ জাতীয় খাদ্য খাব লাগে।

ø আঙুৰ, আপেল, কিচমিচ, সুমথিৰা পকাকল, অমিতা, কাজিনেমু, গুলনেমু, ওলকবি, মৌজুল, মাখন, গৰম গাখীৰ আদি নিয়মিত ভাৱে খাব লাগে।

ø ৰঙা আটা আৰু ঢেকিত খুন্দা চাউল ৰোগীৰ বাবে যথেষ্ঠ উপকাৰী।

ø ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটি আৰু গৰম গাখীৰ খালে ভাল।

ø প্ৰচুৰ পৰিমানে কেঁচা শাক-পাচলি খাব লাগে।

ø প্ৰতি দিনে নিৰ্দিষ্ট সময়ত পায়খানা কৰাৰ অভ্যাস কৰিব লাগে।

ø দিনটোত পৰ্যাপ্ত পৰিমানে পানী খাব লাগে।

ø ৰাতিপুৱা অতি কমেও দুইগিলাচ পানী খাব লাগে।

ø যোগাসন কৰিব লাগে।

ø পুৱা প্ৰতহ ভ্ৰমন কৰিব লাগে।

কোষ্ঠকাঠিন্যৰ হোমিঅপেথিক চিকিৎসাঃ

কোষ্ঠকাঠিন্যৰ হোমিঅপেথিক চিকিৎসাৰ বিষয়ে উল্লেখ কৰাৰ আগেয়ে এটা কথা উল্লেখ কৰা যুগুত হ’ব যে কোষ্ঠকাঠিন্যত ভুগা প্ৰায় সংখ্যক ৰোগীয়ে ভাৱে যে ই এটা অতি জটিল ৰোগৰ লক্ষণ। জোলাপ বা পাৰ্গেটিভৰদৰে ঔষধ ব্যৱহাৰ কৰাৰ বাহিৰে উপায় নাই। কিন্তু এইটো এটা অত্যন্ত ভুল ধাৰণা। হোমিঅপেথিকত ইয়াৰ উপযুক্ত চিকিৎসা আৰু ঔষধ আছে। ৰোগৰ কাৰণ বিশ্লেষণ কৰি নিৰ্ভুল ভাৱে লক্ষণ অনুযায়ী ঔষধ প্ৰয়োগ কৰিলে ইয়াৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰি। কিন্তু ইয়াৰ বাবে ৰোগীয়ে এজন ভাল হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজন।

কোষ্ঠকাঠিন্যত ব্যৱহাৰ হোৱা উল্লেখযোগ্য কিছুমান হোমিঅপেথিক ঔষধৰ লক্ষণ অনুসৰি ইয়াত থুলমূল আলোচনা আগবঢ়োৱা হৈছে।

ব্ৰায়োনিয়াঃ

অন্তৰ শ্লৈমিক আৱৰণ সমূহ শুকাই এই ৰোগৰ লক্ষণ সৃষ্টি হলে এই ঔষধ উপযোগী। প্ৰচন্দ কোষ্ঠকাঠিন্য শকত আকাৰৰ মল, অন্তৰ পেক্ষী শক্তিহীন হৈ পৰাটো এই ঔষধৰ প্ৰধান লক্ষণ। মূৰৰ বিষ, জিভা শুকান, প্ৰৱল পানীৰ পিয়াহ থাকে। মুখগহ্বৰ শুকান, ডিঙি শুকাই থাকে আদি লক্ষণ সমূহ থাকিলে ব্ৰায়োনিয়া নামৰ এই হোমিঅপেথিক ঔষধটো ৩০ ক্ষমতাৰ বা ২০০ ক্ষমতাৰ ৰোগৰ প্ৰবল্যৰ অনুসৰি যদি সঠিক মাত্ৰাত ব্যৱহাৰ কৰে তেনেহলে এই কোষ্ঠকাঠিন্য সমস্যা পৰা নিশ্চিত ভাৱে উপকৃত হ’ব পাৰিব।

কলিনচনিয়াঃ

গুহ্য দ্বাৰত তীব্ৰ বিষ। গুহ্য দ্বাৰৰ শিৰা সমূহত ৰক্ত সঞ্চয়, মল শুকান আৰু প্ৰচণ্ড কোষ্ঠকাঠিন্য, অৰ্শৰ গুটিবোৰ বাহিৰলৈ ওলাই আহে। এবাৰ কোষ্ঠকাঠিন্য হয়, এবাৰ ডায়েৰীয়া হয়। অত্যাধিক বিষৰ লগতে শৌচ কৰাৰ পাছত কেঁচা তেজ ওলাই। এনেকোৱা ধৰণৰ আনুসাংগিক লক্ষণ সমূহ থাকিলে কলিনচনিয়া নামৰ মেডিচিনটো ৬ ক্ষমতাৰ বা ৩০ ক্ষমতা বা ২০০ ক্ষমতাৰ ৰোগৰ প্ৰাবল্যৰ অনুসৰি যদি ব্যৱহাৰ কৰা হয় এই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা নিশ্চিত ভাৱে হাত সাৰিব পৰা যায়।

নাস্ক ভমিকাঃ

কনষ্টিপেচন বা কোষ্ঠকাঠিন্যৰ সমস্যাত ই এটা অতি উৎকৃষ্ট মেডিচিন। কোষ্ঠকাঠিন্য বাৰে বাৰে মল ত্যাগৰ ইচ্ছা হয়, পায়খানাৰ পাছত এনেকুৱা ভাৱ হয় যেন আধা অংশ মল নলীত থাকি গ’ল আৰু তাৰ বাবে বাৰে বাৰে পায়খানা কৰিবলৈ যায়, কিন্তু পায়খানা নহয়। ইয়াৰ লগতে গুহ্য দ্বাৰ সংকোচিত হোৱাৰ দৰে লক্ষণ থাকিলে এই নাস্কভমিকা ঔষধটো সঠিক মাত্ৰাত সেৱন কৰিলে কোষ্ঠকাঠিন্য সমস্যা অতি সোনকালে দূৰ হয়।

হাইড্ৰষ্টিচকেনঃ

গুহ্য় দ্বাৰ ফটা, প্ৰচণ্ড কোষ্ঠকাঠিন্য আৰু মূৰৰ সামান্য বিষ। মলত্যাগৰ সময়ত গুহ্য় দ্বাৰত খুচমৰাৰ দৰে বিষ হয়। পায়খানাৰ পাছতো বহু দেৰিলৈকে বিষ হয় এনেকুৱা লক্ষণ প্ৰকাশ পালে হাইড্ৰষ্টিচকেন মেডিচিনটো ৩০ বা ২০০ ক্ষমতাৰ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে নিশ্চিত ভাৱে এই সমস্যাৰ পৰা হাতসাৰিব পৰা হয়।

ছালফাৰঃ

গুহ্য দ্বাৰত খজুৱতি, জ্বলা-পুৰা কৰে অৰ্শ বা পাইলছ ৰোগৰ বাবে বাৰে বাৰে পায়খানাৰ বেগ আহে কিন্তু পায়খানা নহয়, পায়খানা গুটি গুটি আৰু কমপৰিমাণে হয়। শিশুৱে বিষৰ ভয়ত পায়খানা কৰিব নোখোজে শৌচদ্বাৰৰ চাৰিওফালে ৰঙা পৰে। কোষ্ঠকাঠিন্য়ৰ সহ যদি অৰ্শ ৰোগত তেজ আৰু ৰস নিৰ্গত হোৱা আদি লক্ষণ প্ৰকাশ পায় তেনে হ’লে এই ছালফাৰ মেডিচিনটো ৩০ বা ২০০ ক্ষমতাৰ ব্যৱহাৰ কৰি নিশ্চিত ভাৱে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।

এলোমিনাঃ

অতিকৈ শীণকায় ব্যক্তি সকলৰ বাবে এই এলোমিনা মেডিচিনটো প্ৰযোজ্য। মিউকাচ মেম্বৰেন বা শ্লৈমিক জিল্লি শুকাই যোৱাৰ বাবে অথবা অন্তৰ পক্ষাঘাতৰ বাবে কোষ্ঠকাঠিন্যই দেখা দিলে এই ঔষধ উপযোগী। মল জেপেতীয়া আঠাযুক্ত বা বোকা মাটিৰ দৰে হয়, কেতিয়াবা লাডু আৰু গুটি গুটি হয় মল ত্যাগৰ সময়ত যন্ত্ৰণা বৃদ্ধি হয়, মলদ্বাৰত জ্বলা – পোৰা কৰে, কেতিয়াবা কেতিয়াবা কোষ্ঠকাঠিন্যৰ বাবে ৰক্ত নিৰ্গত হোৱাৰ লক্ষণ থকিলে এই ঔষধ অত্যন্ত ফলপ্ৰসু। এই ঔষধ ৩০ ক্ষমতাৰ বা ২০০ শক্তি ৰোগৰ প্ৰাবল্য অনুসৰি যদি সঠিক মাত্ৰাত ব্যৱহাৰ কৰা হয় এই ৰোগৰ পৰা সহজতে মুক্ত হব পৰা যায়।

লাইকপডিয়ামঃ

এই লাইকপডিয়াম কোষ্ঠকাঠিন্যৰ এক অত্যন্ত ফলপ্ৰসু মেডিচিন। প্ৰচণ্ড গেছ আৰু এচিডিটি সহ কোষ্ঠকাঠিন্য হয়। শৌচ ভয়ানক ভাৱে টান হয়, শৌচ ছাগলীৰ লাডৰ দৰে গুটা গুটা, শৌচৰ প্ৰথমখিনি টান হয় আৰু বাকী পাছত বাহিৰ হোৱা মল খিনি ঢিলা হয়, লগতে পেটৰ অশান্তি হয়, কিবা খাদ্য দ্ৰব্য খালেই পেটত পৰাৰ লগে লগেই বায়ুত পৰিণত হয়। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই লাইকপডিয়াম ৩০ শক্তিৰ বা ২০০ ক্ষমতাৰ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে মুক্তি লাভ কৰিব পৰা হয়।

ইয়াৰ ওপৰি হোমিঅপেথিকত মাৰকোৰিয়া চল, অপিয়াম, পডোফাইলাম, কেৰিকাপাপায়া, ছেলোডনিয়াম, কাৰডোৱাচ মেৰিনাচ আদি বহু ঔষধ আছে এইবোৰ লক্ষণ অনুসৰি সফল ভাৱে ব্যৱহাৰ কৰিব পৰা যায়।

শিশুৰ কোষ্ঠকাঠিন্যত হোমিওপেথিক মেডিচিন ব্ৰায়োনিয়া-৬ আৰু অপিয়াম-৬ এই মেডিচিন কেইটা লক্ষণ অনুসৰি ব্যৱহাৰ কৰিলে অতি সোনকালে শিশু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা মুক্ত হয়।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here