বাত বিষৰ হোমিঅপেথিক চিকিৎসা

0
বাত বিষৰ হোমিঅপেথিক চিকিৎসা
বাত বিষৰ হোমিঅপেথিক চিকিৎসা

বাত বিষৰ হোমিঅপেথিক চিকিসাঃ

বৰ্তমান বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ ১ শতাংশ লোক বাত ৰোগত আক্ৰান্ত। অতি যান্ত্ৰণা দায়ক এই ৰোগত পুৰুষৰ তুলনাত মহিলা সকল বেছিকৈ আক্ৰান্ত হোৱা দেখাযায়। প্ৰতি জন পুৰুষৰ বিপৰীতে ৩ গৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হয়।

        বাত বিষ বা ৰিমিউটিজিম বুলি কলে বহু সমস্যাৰ সমষ্টিক বুজোৱা হয়। যত দেহৰ হাত-ভৰি আদি কৰি দেহৰ অন্যান্য গাঁঠি সমূহ ফুলি উঠা বা অস্থি সন্ধি সমূহৰ আশে পাশে গৰম হৈ ৰঙাপৰি বিষ হোৱা, সকলো সময়তে ভয়ানক বিষ হোৱা বা সময়ে সমে অশান্তিদায়ক বিষ হোৱা, খোজকঢ়া বা লৰচৰ কৰিবলৈ অসুবিধা হোৱা আদি লক্ষণ সমূহ দেখাদিয়ে।

সাধাৰণতে বাট বিষক ক্ৰনিক বা পোৰণা আৰু একিউট বা নতুন এই দুই ভাগত বিভক্ত কৰা হয়।

নতুন বাত বেমাৰত প্ৰথমে অস্থি সন্ধি সমূহ ফুলে, ৰঙা পৰে, অসহ্যকৰ বিষ হয়, বিষৰ প্ৰকোপত জ্বৰ হয়। দেহৰ যিটো অংগতেই বিষ হয়-ভৰিত হলে গোটেই ভৰি জঠৰ হৈ যোৱাৰ দৰে হয়, জ্বলা-পোৰা বিষ হয়, সন্ধি বোৰ ঢাকি ৰখা চালখনৰ তলত প্ৰথমে তেজ জমা হয় আৰু পিছত পানী জমা হয় আৰু ফুলি উঠে। সন্ধি বাত বা গাঁঠি বাতত প্ৰথমে আঁঠুত আক্ৰান্ত হয়, ক্ৰমান্বয়ে এটাৰ পাছত এটা গাঁঠি ফোলিবলৈ ধৰে, বিষ এটা গাঁঠিৰ পৰা এটা গাঁঠিলৈ পৰিচালিত হয়। বিষৰ কাৰণে হাত ভৰি লৰাব নোৱাৰে, ইকাটি হিকাটি হবলৈ ভীষণ কষ্ট হয়, জ্বৰ ১০৪-১০৫ ডিগ্ৰী পৰ্যন্ত হয়।

বাত ৰোগ
বাত ৰোগ

ৰোগ দীৰ্ঘদিন ধৰি হৈ থাকিলে ক্ৰনিক ৰূপ ধাৰণ কৰে। ক্ৰমাগত ডিঙিৰ বিষ. কঁকালৰ বিষ, আঁঠুৰ বিষ শৰীৰৰ বিভিন্ন ঠাইত হাড়ৰ বিষ, মাংসপেক্ষীৰ বিষ আদি স্থায়ী ভাবে হৈ থকাৰ সম্ভাৱনা থাকে।

বাত ৰোগৰ হোমিঅপেথিক চিকিসাঃ

Aconite Nap বতৰৰ পৰিৱৰ্তণৰ সময়ত হৰ্ঠাৎ বাত ৰোগ উৎপত্তি হলে এই দৰৱ ব্যৱহাৰ কৰিব লাগে। এই দৰব ব্যৱহাৰ কৰাৰ মূল লক্ষণ সমূহ হল- ৰোগী বিষৰ কাৰণে অস্থিৰ হৈ পৰে, চতফটাই থাকে, বিষত মৃত্যু হব যেন লাগে লগতে তীব্ৰ পানীৰ পিয়াহ লাগে আৰু জ্বৰ হয়। কিন্তু জ্বৰত ঘাম নোলায়। বাত ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতে এই দৰবৰ ৩০ ক্ষমতাৰ প্ৰতি ২-৩ ঘন্টাৰ মূৰে মূৰে ১ টোপালকৈ ব্যৱহাৰ কৰি ৰোগৰ প্ৰতিৰোধ গঢ়ি তোলিব পাৰি।

Bryonia Alb

বাত ৰোগত অস্থি সন্ধিবোৰ বেজিৰে খুচাৰ দৰে, ফালিযোৱাৰ দৰে বিষ হয়, বিষ ৰাতি বৃদ্ধি হয়, সন্ধিবোৰ ফুলে আৰু সামান্য ৰঙা পৰে। জ্বৰ হয়, বুকুত আৰু হৃদপিণ্ডত খোচা-বিন্ধা কৰা বিষ থাকে। বিষ কাহিলে, লৰচৰ কৰিলে বাঢ়ে, সম্পূৰ্ণ বিশ্ৰাম আৰু আক্ৰান্ত অংগত হেঁচাদি শুলে উপশম হয় আদি লক্ষণ থাকিলে এই ঔষধ ৩০ শক্তিৰ ২-৩ ঘন্টাৰ মূৰে মূৰে ১ টোপালকৈ ব্যৱহাক কৰিলে ৰোগ সহজে নিৰাময় হয়।

Rhus Tox

ৰোগীৰ মোচোকা খোৱাৰ দৰে, পেশী বা শৰীৰৰ গাঁঠি খোলকি যোৱাৰ দৰে বিষ হয়, কটাৰীৰে হাড়বোৰ যেন চাঁচি আছে এনেকুৱা অনুভব হয়, মাজনিশাৰ পাছত আৰু বৰষুণত তিতিলে বিষ বৃদ্ধি হয়, বিষ হোৱাৰ অংশত স্পৰ্শ কৰিলে ঘাঁ হোৱাৰ দৰে অনুভব হয়।

        বহি থকাৰ পাছত বা বিশ্ৰামৰ পিছত যেতিয়া প্ৰথম উঠি গতি কৰে বা ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ সময়ত ঘাঁ হোৱাৰ দৰে, জঠৰ আৰু বিষ অনুভৱ হয়, খোজ কাঢ়িলে বা অনবৰত সঞ্চালন কৰিলে উপশম হয়।

        ৰোগী অস্থিৰ হৈ পৰে, উৎকণ্ঠা, ভয়, বিছনাত শুই থাকিব নোৱাৰে, বিষৰ পৰা উপশমৰ কাৰণে ঠাই সলনি কৰিবলৈ বাধ্য হয়।    এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধ ৩০ ক্ষমতাৰ ১ টোপালকৈ ২-৩ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Belladona

বাত ৰোগৰ আৰম্ভনিতে সন্ধিবোৰ ফুলি ৰঙা পৰে,আৰু ফুলা সন্ধিবোৰ অত্যন্ত গৰম হয়। ৰোগীৰ জ্বৰ থাকে আৰু অতিৰিক্ত ঘাম ওলায়, হৰ্থাৎ হৃদপিণ্ডৰ বিষ হয় আৰু হৰ্থাৎ নোহোৱা হয়, মূৰৰ বিষ থাকে আৰু ৰোগীয়ে প্ৰলাপ বকে। ৰোগীৰ আক্ৰান্ত অংশ চুলে, লৰচৰ কৰিলে বিষ বৃদ্ধি হয়। ৰোগীয়ে কোলাহল পচণ্ড নকৰে, হুলস্থুলীয়া পৰিবেশত বিষ বৃদ্ধি হয়, আবেলি ৩ বজাৰ পাছত, ৰাতি মাজ নিশাৰ পাছত, সূৰ্যৰ তাপত আৰু শুই থাকিলে বিষ বৃদ্ধি হয়। বিশ্ৰামত, থিয়হৈ থাকিলে বা পোন হৈ বহিলে, গৰম ঘৰত উপশম হোৱা লক্ষণ থাকিলে এই ঔষধ ১ টোপালকৈ ২-৩ ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা উপশম পাব পাৰি।

Cimicifuga

ডিঙিৰ মাংসপেশীৰ বাত বেমাৰ বা দেহৰ যিকোনো ঠাইৰ মাংসপেশীৰ বাত বিষত এই ঔষধ অত্যন্ত উপযোগী, বিশেষকৈ কলাফুলৰ বাত বেমাৰত এই ঔষধ ফলপসু ভাবে ব্যৱহাৰ কৰা হয়। এই ঔষধৰ ৩০ বা ২০০ ক্ষমতাৰ ১ টোপালকৈ দিনে ৩-৪ বাৰকৈ সেৱন কৰিলে এই ৰোগৰ পৰা নিশ্চিত ভাবে উপশম পাবলৈ সক্ষম হব।

Medorrhinum

গোটেই শৰীৰত হেচাঁমাৰি ধৰাৰ দৰে, থেঁতেলি যোৱাৰ দৰে বিষ হয়, কান্ধৰ বাত বিষত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয়। এই  ঔষধৰ ২০০ ক্ষমতাৰ দিনত ২ বাৰকৈ ব্যৱহাৰ কৰিব লাগে।

Actaea Spicta

হাতৰ আঙুলি আৰু হাতৰ সৰু গাঁঠিৰ বাত ৰোগত এই ঔষধ বিশেষ ভাবে ব্যৱহাৰ হয়। হাতৰ আঙুলিবোৰত বাত ৰোগৰ বাবে ফুলি টানহৈ থাকিলে এই ঔষধ লক্ষণ অনুসৰি ব্যৱহাৰ কৰা হয়।

        বুকুৰ কামিহাড় আৰু মাংসপেক্ষীৰ বাত ৰোগত Rananculus Bulbosus ঔষধটো লক্ষণ অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কম্পিউটাৰৰ কিবৰ্ডত একেৰাহে আঙুলি বুলাই থকা লোক, নাপিত, দৰ্জী আদি কামকৰা লোকৰ হাতৰ জোৰাৰ পিছফালে বিষ হলে এই ঔযধ অত্যন্ত উপযোগী।

        কিছুমান মানুহৰ ডাৱৰীয়া বতৰত বাত ৰোগ হয় বা যিকোনো ধৰণৰ বিষ ডাৱৰীয়া বতৰত বৃদ্ধি হলে অন্যান্য ঔষধৰ লগতে হোমিঅপেথিক মেডিচিন Natrum Sulph ব্যৱহাৰ কৰিব লাগে।

        প্ৰস্ৰাৱৰ ৰোগৰ লগতে যদি বাত বিষ হয় তেনে হলে Acid Benz, Berberis Vulgaris, Lithium Carb, Stillingia আদি ঔষধ সমূহ লক্ষণ অনুসৰি ব্যৱহাৰ কৰি বাতৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হব পাৰে।

        স্বপ্নদোষ আৰু অজ্ঞাতসাৰে শুক্ৰ ক্ষয়ৰণ হৈ বা অত্যাধিক হস্তমৈথুন্যৰ বাবে বাত ৰোগ হলে Acid Phos, Argentum Met, Ginseng আদি ঔষধ সমূহ সঠিক মাত্ৰাত ব্যৱহাৰ কৰি এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

        মহিলা সকলৰ জৰায়ু সম্বন্ধীয় ৰোগৰ সৈতে যদি বাত ৰোগ হয় তেনেহলে Caulophyllum, Sulphur, Medorrhinum, Cimicifuga, Sabina আদি ঔষধ সমুহ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি।

        আজীৰ্ণ ৰোগ, গেষ্টিক আদিৰ পৰা বাত ৰোগ হলে Acid Lactic, Stillingia, Kali-Carb, China, Nux Vomica আদি ঔষধ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সহযে মুক্ত হব পাৰে।

        ৰক্তহীনতা বা এনিমিয়াৰ বাবে হোৱা বাত বিষত China, Kali Carb আদি ঔষধ ব্যৱহাৰ কৰি ৰোগীক এই সমস্যাৰ পৰা সম্পূৰ্ণ ভাবে মূক্ত কৰিব পাৰি।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here