নিপা ভাইৰাচৰ কি? || Nipah virus What is Nipah Virus? Know its Causes, Signs, Symptoms and Prevention.

0

নিপা ভাইৰাচৰ কি? নিপা ভাইৰাচৰ কি

 

কিছু বছৰৰ পূৰ্বে ইবলা নামৰ এটা বেমাৰে পৃথিৱীত আতংকৰ সৃষ্টি কৰিছিল এই বেমাৰত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। ইয়াৰ পাছত আমি জিকা ভাইৰাচৰ নাম শুনিছিলো আৰু এই ভাইৰাচৰ দ্বাৰা গৰ্ভৱতী মহিলা আৰু মহিলাৰ গৰ্ভত থকা সন্তান চিকাৰ হৈছিল। বৰ্তমান ভাৰতত এনে আৰু এবিধ ভাইৰাচৰ আতংকই নিদ্ৰা হৰণ কৰিছে। যাক নিপা বা NIV সংক্ৰমন বুলি অভিহিত কৰা হৈছে। এই বেমাৰ নতুন নহয়। বৰ্তমান এই বেমাৰে সংক্ৰামক ৰূপ লৈ দূৰ দূৰনীলৈ বিয়পি পৰা খবৰ আহিছে। এই বেমাৰৰ সংক্ৰমনৰ তীব্ৰতাৰ বিপৰীতে এতিয়াও ইয়াৰ উপযুক্ত চিকিৎসা পদ্ধতি চিকিৎসা বিজ্ঞানী সকলে উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই। কেৱল নিস্ক্ৰিয় হে কৰিব পৰা যায়। কিন্তু এই পদ্ধতিটোৰ বাবেও যথেষ্ঠ সময়ৰ প্ৰয়োজন হয় আৰু প্ৰক্ৰিয়াটো যথেস্থ খৰচীও হয়। ভাৰতৰ নিচিনা দেশত এনে বেমাৰ ৰোধ কৰাটো প্ৰায় অসম্ভৱ।
কেনেকৈ এই সংক্ৰমন হয় আৰু কত হয়, এই সংক্ৰমন কেনেকৈ ৰোধ কৰিব পৰা হয়, আৰু ইয়াৰ ইতিহাস কি????
এই বিষয়ে আজি আমি কম। এতিয়া আমি অহো নিপা ভাইৰাচৰ বিষয়ে- কেৰেলাত নিপা ভাইৰাচৰ সংক্ৰমন ঘটি বহু লোক ইতিমধ্যে মৃত্যু হৈছে। আৰু বহু লোকৰ দেহলৈ এই ভাইৰাচ প্ৰবেশ কৰিছে। কেৰেলাৰ ঘটনাৰ পিছতেই সমগ্ৰ দেশতেই এক আতংকময় পৰিবেশৰ সৃস্থি হৈছে। আৰু কোৱা হৈছে যে এই ভাইৰাছৰ কোনো ধৰণৰ এন্টিবায়টিক নাই। এই সংক্ৰমন পশু-পক্ষীৰ জৰিয়তে দ্ৰুতগতিত বিয়পে আৰু ই প্ৰাণ ঘাটি হয়। এই ভাইৰাছ সাধাৰণতে ফলখোৱা বাদুলীৰ পৰা বিয়পে। পশু-পক্ষীৰ সংস্পৰ্ষলৈ অহিলে এই ভাইৰাচ মানুহৰ দেহলৈ অহা সম্ভাৱনা থাকে। গাহৰীৰ পৰাও এই ভাইৰাচ সংক্ৰমন হব পাৰে। মানুহৰ দেহলৈ এই ভাইৰাচৰ সংক্ৰমন ঘটিলে প্ৰচণ্ড মূৰৰ বিষ, জ্বৰ, বমি আৰু অদ্ভুত ধৰণৰ আচৰণ কৰা, সংজ্ঞাহীন হৈপৰা আদি লক্ষণ প্ৰকাশ পায়। বিশ্ব স্বাস্থ্য সন্থাই কৈছে যে, এই ভাইৰাচৰ সংক্ৰমন ঘটা ৭০ শতাংশ মানুহৰে মৃত্যু হয়। বৰ্তমান সময় পৰিৱৰ্তনৰ লগে লগে এনেকুৱা কিছুমান বেমাৰৰ উদ্ভৱ হৈছে অধুনিক চিকিৎসা বিজ্ঞানৰ সন্মুখত এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। জন্তুৰ পৰা মানুহৰ দেহলৈ বিয়পা নিপা ভাইৰাচো এনে ধৰণৰ এক ভাইৰাচ।
এতিয়া জানো আহক নিপা ভাইৰাচ কি, এই ভাইৰাচ প্ৰথম কত কেনেকৈ আবিস্কাৰ হৈছিল?? নিপা ভাইৰাচ এক নতুনকৈ আবিস্কাৰ হোৱা ভাইৰাচ আৰু ই মহামাৰী হৈ বিয়পি পৰিছে। নিপাত আক্ৰান্ত জন্তু আৰু মানুহৰ দেহত ভয়ংকৰ সংক্ৰমনৰ সৃস্টি হয়। এই ভাইৰাচৰ কাৰণে মানুহৰ এনচেফেলাইটিছ হয়। গতিকে ইয়াক নিপা এনছেফেলাইটিছ বুলি কোৱা হয়। নিপা ভাইৰাচৰ ইনফেকচন বাদুলীৰ জৰীয়তে বিয়পে। খেজুৰৰ খেতি কৰা মানুহৰ গাত এই ভাইৰাচ প্ৰবেশ কৰাৰ আশংকা অতি বেছি হয়। নিপা ভাইৰাচৰ সংক্ৰমন আচলতে মে আৰু ডিছেম্বৰ মাহত হয়। পোন প্ৰথম্ এই ভাইৰাচ ১৯৯৮ চনত মালেচিয়াৰ কমপুং চোংগই নিপাত আবিস্কাৰ হয়। পিছত এই ঠাইৰ নামেৰে এই ভাইৰাচৰ নাম ৰখা হয়। সেই সময়ত এই ভাইৰাচৰ বাহক গাহৰী আছিল। ২০০১ চনত এই ভাইৰাচৰ সংক্ৰমন বাংলাদেশত পোৱা গৈছিল। ভাৰতত প্ৰথম বাৰ ২০০১ত পশ্ছিমবংগৰ চিলিগুৰি জিলাত পেৱা গৈছিল। ২০০৭ চনত দ্বিতীয় বাৰৰ বাবে পশ্চিমবংগৰেই নদীয়া জিলাত দেখিবলৈ পোৱা গৈছিল। যেতিয়া এই ভাইৰাচৰ আক্ৰমনত ভাৰতত ৫০ জন ব্যক্তিৰ মৃত্যু হৈছিল তেতিয়াহে এই ভাইৰাচৰ বিষয়ে চৰ্চিত হৈছিল। উল্লেখ যোগ্য এই যে্ এই দুই খন জিলাই বাংলাদেশৰ সীমামূৰীয়া হয়। WHO ৰ ভাষ্যঅনুসৰি যদি এই ভাইৰাচৰ সময় থাকোতেই প্ৰতিকাৰ উদ্ভৱ কৰিব নোৱাৰে ই মহামাৰী ৰূপলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ভাৰতত প্ৰথম এই ভাইৰাচ পশ্চিমবংগতেই সীমিত আছিল। ইয়াৰ কাৰণ বাংলাদেশৰ সীমীমূৰীয়া হোৱাৰ বাবে। ই আৰু বহু বছৰ তাতেই আবদ্ধ হৈ আছিল কিন্তু বৰ্তমান কেৰেলাত হোৱা সংক্ৰমণৰ খবৰৰ পাছতেই সমগ্ৰ ভাৰত বৰ্ষৰ বাবেই ই ভাবুকি স্বৰূপ হৈ পৰিছে।
ইয়াৰ পৰা বছাৰ একমাত্ৰ ওপায় ইয়াৰ সংক্ৰমনৰ পাৰ বাছি থকাই। কিন্তু তাৰ বাবে এই ভাইৰাচ কেনেকৈ বিয়পে এই বিষয়ে জনা দৰকাৰ। সাধাৰণতে এই ভাইৰাচ জোনচিছ হয় অৰ্থাৎ ই জন্তুৰ পৰা মানুহলৈ বিয়পে। WHO মতে এই ভাইৰাচ প্ৰাকৃতিক ভাৱে তেৰপডিদাই ফেমেলিৰ তেৰপইজিনাচ নামৰ এক বিশেষ প্ৰকাৰৰ বাদূলিৰ গাত পোৱা যায়। এই বাদূলি সাধাৰণতে ফল খাই জীয়াই থাকে। ২০০১ বাংলা দেশত আৰু ২০০৪ বৰ্ষত ভাৰতত যেতিয়া মানুহৰ গাত ইয়াৰ সংক্ৰমন ধৰা পৰে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰি পোৱা যায় যে খেজুৰৰ জৰিয়তে এই ভাইৰাচ মানুহৰ দেহলৈ প্ৰবেশ ঘটে। অৰ্থাৎ জন্তুৰ পৰা ফলত আৰু ফলৰ জৰিয়তে মানুহলৈ সংক্ৰামিত হয়। কেৱল বাদুলিৰ পৰাই যে এই ভাইৰাচৰ সংক্ৰমন ঘতে তেনে নহয়, গাহৰী, কুকুৰ, ঘোঁৰা, মেকৰা আদি জন্তুও এই ভাইৰাচৰ সংবাহক হব পাৰে। WHO এক অধ্যয়নত পোৱা গৈছে যে গাহৰীৰ পৰাই এই ভাইৰাচ বেছিকৈ সংক্ৰমন ঘটে। গাহৰীৰ হাঁচিৰ পৰা এই ভাইৰাচ মানুহৰ গালৈ দ্ৰুত ভাবে প্ৰবেশ কৰে। ১৯৯৮-৯৯ত মালেচিয়াত হোৱা সংক্ৰমনত ৯০ জন পিড়ীতৰ কোনোবা নহয় কোনোবা জন গাহৰী পালক অথবা গাহৰীৰ সংস্পৰ্ষলৈ অহা মানুহ। এই ভাইৰাচ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈও সহজে সংক্ৰমন ঘটিব পাৰে। বিশ্ব স্বাস্থ সন্থাৰ মতে ২০০১ত চিলিগুৰিত হোৱা সংক্ৰমনত পীড়ীতৰ সংস্পৰ্ষলৈ যোৱা ৩৩ স্বাস্থ্যকৰ্মী এই ভইৰাচি অক্ৰমনৰ চিকাৰ হৈছিল। ২০০৪ ত বাংলাদেশত হোৱা সংক্ৰমনটো এই ভাইৰাচ এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পাৰ তথ্য পোৱা গৈছিল। এই ভাইৰাচৰ ঔষধ যিহেতু আবিস্কাৰেই হোৱা নাই। গতিকে কিছুমান সাবধানতা অৱলম্বন কৰি ইয়াৰ পৰা বাছি থাকিব পৰা হয়। আহক আমি জানু এই ভাইৰাচৰ লক্ষণ কি আৰু ইয়াৰ সংক্ৰমনৰ পৰা কেনেকৈ বাছিব।

এই ভাইৰাচ প্ৰাণ ঘাটি হয়। এই ভাইৰাচত আক্ৰান্ত হোৱাৰ লগে লগে ই সৰ্দি-জ্বৰ হব,উশাহ-নিশাহত কষ্ট হ’ব, মগজুত পোৰনি অনুভৱ হয়। ইয়াৰ প্ৰাথমিক লক্ষণ মস্তিস্ক ফুলি উঠা, তীব্ৰ জ্বৰ, মূৰৰ বিষ আৰু নিদ্ৰা হীনতাও ইয়াৰ লক্ষণ। ইয়াৰ বাহিৰেও এই ভাইৰাচত প্ৰভাৱিত লোক বিচলিত হোৱা আৰু মানসিক ভ্ৰমৰ চিকাৰ হয়। নিপা ভাইৰাচত আক্ৰান্ত ৰোগী ২৪ ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত ক’মা বা সজ্ঞাহীন হৈ যাব পাৰে। এজন ব্যক্তিৰ গাত ভাইৰাচ প্ৰবেশ কৰাৰ ৪ ঘন্টাৰ পৰা ২৮ ঘন্টাৰ ভিতৰত ব্যক্তি জনৰ এই ভাইৰাচৰ লক্ষণ প্ৰকাশ পাবলৈ ধৰে। নিপাৰ পৰা বাছিবৰ বাবে সংক্ৰমিত এলেকাৰ কিছুমান ফল বিশেষকৈ খেজুৰ খাব নালাগে। পক্ষীয়ে আধাখোৱা ফল বা তলসৰা ফল খাব নালাগে। বেমাৰত ভোগা গাহৰী, বাদূলি অৰ্থবা বেলেগ জন্তুৰ পৰাও আতৰত থাকিব লাগে। যিহেতু এই ভাইৰাচ এজন ব্যক্তিৰ পৰা অন্য এজনলৈ বিয়পিব পাৰে গতিকে এনে বেমাৰত ভোগা ব্যক্তিৰ পৰাও সাৱধানে থাকিব লাগে। ডাক্তৰৰ দ্বাৰা পৰীক্ষীত মাক্স পিন্ধাটো নিৰাপদ। ব্যক্তি জনৰ যদি মৃত্যু হয় তেতিয়াও সাৱধানতা অৱলম্বন নকৰাকৈ উচৰলৈ যাব নালাগে। স্বাস্থ্য কৰ্মী সকলে এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত ব্যক্তিক চিকিৎসাকৰাৰ সময়ত বা ছোৱাচিতা কৰাৰ সময়ত গ্লভ, মাক্স আদি ব্যৱহাৰ কৰিব লাগে। উশাহ লোৱাত কষ্ট, পচণ্ড মূৰৰ বিষ বা জ্বলন আদি লক্ষণ প্ৰকাশ পালেই ততালিকে ডাক্তৰৰ পৰামৰ্শ লব লাগে।

             ২০১৩ ত আফ্ৰিকান দেশসমূহত ইবলা নামৰ ভাইৰাছে মহামাৰী ৰুপ লয়। বিগত ৩ বছৰত এই ভাইৰাচে সৃষ্টিকৰা বেমাৰত ১১ হেজাৰ লোকে প্ৰাণ হেৰুৱাব লগা হয়। আৰু ইয়াৰ কিছু দিনৰ পিছতেই জিকা নামৰ এক ভাইৰাচে বিশ্ব বাসীক আতংকিত কৰি ৰাখে। যেতিয়া এই জিকা ভাইৰাচৰ সম্পূৰ্ণ চিকিৎসা উদ্ভৱ হল তেতিয়া লৈকে ভাৰতকে আদিকৰি বিশ্বত কেইবা হেজা মানুহৰ মৃত্যু হল। পৰিৱৰ্তীত জীৱন শৈলী আৰু পৰিৱৰ্তীত সময়ৰ লগে লগে মানুহৰ বাবেও কিছুমান ৰোগ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰা দেখা গৈছে।
DR HARIKANTA DAS

LEAVE A REPLY

Please enter your comment!
Please enter your name here