কিডনী পাথৰ কিয় হয়?

0

কি ভুলৰ বাবে আপোনাৰ কিডনীত হয়?

কিডনী পাথৰ বৰ সাংঘাটিক বিষ হয়। আমাৰ ওচৰত কেতিয়াবা ৰোগী আহে দেখি পাওঁ, না বঢ়িব  পাৰে না শুব পাৰে। ধৰফৰাই থাকে। বৰ বেয়া অৱস্থা হয়। যেতিয়া আমি বিষ নিৰাময় বাবে দৰব দিও সমস্যাতো নোহোৱা হয়। আৰু হৰ্থাৎ পুনৰ বিষৰ উতপত্তি হয়। কিছুমান মানুহৰটো দেখিবলৈ পাওঁ কিডনীৰ পাথৰ দৰৱ দিয়া পাছত পাথৰ প্ৰস্বাৱৰ সৈতে বাহিৰ হৈ যায়। তাৰ পাছত কিন্তু ৬ মাহ, ১ বছৰ পাছত পুনৰ একে সমস্যাকে লৈ আমাৰ ওচৰত আহে।

কিডনী-পাথৰ
কিডনী পাথৰ

এনেকুৱা কি ভুল আমি কৰো যাৰ বাবে পুনৰ আমাৰ কীডনীত  পাথৰ জমা হয়।  আজি কথা পাতিম এনে ৬ টা ভুল কাম, যি বাৰে বাৰে আমাৰ কিডনীত পাথৰ জমা হোৱাত সহায় কৰে।

যদি আপোনাৰ কিডনীৰ পাথৰৰ সমস্যা আছে, যদি আপোনি সঘনাই কিডনীত পাথৰ হোৱা সমস্যাত ভুগি থাকে, তেনে হলে এই ভিডিঅটো গুৰুত্ব সহকাৰে চাওক।

কিডনীত পাথৰ কিয় হয়? আৰু ইমান যে প্ৰচণ্ড বিষ হয়। ইয়াৰ কাৰন কি? ইয়াৰ

উপৰতো ইতিমধ্যে মোৰ চেনেলত ভিডিঅ আছে আপোনালোকে চাব পাৰে।

কিডনীত  স্তন হলে কেনেধৰণৰ খাদ্য বৰ্জন কৰিব লাগে তাৰ ওপৰতো ভিডিঅ আছে ছাব পাৰিব।

কিন্তু আজি ইয়াত কেৱল আমি কি ভুল কৰো  আমি যে বাৰে বাৰে কিডনী ষ্টনৰ স্বীকাৰ হওঁ, সেই বিষয়ে আলোচনা কৰিম। আহক আমি বিষয় তোলে আগবাঢ়ো।

পুনৰ কৈছো, এনেকুৱা বহুত মানুহ পাইছো বহুত ডাঙৰ ডাঙৰ পাথৰ বাহিৰ হৈছে হোমিঅপেথিক মেডিচিনৰ জৰিয়তে।

মোৰ ঘৰতে আছিল ২১mm কিডনীৰ পাথৰ এতিয়া ৫mm. যেতিয়া বিষ হয় মেডিচিনলে মনত পৰে। আৰু যেতিয়া ঠিক হৈ থাকে সকলো পাহৰি যায়।

১০/১২mm পাথৰ লৈ আমাৰ ওচৰলৈ আহে মেডিচিন দিও বিষ নোহোৱা হয়। আৰু যেতিয়া সেই একেজন লোকৰ কিবা বেলেগ সমস্যা লৈ আমাৰ ওচৰলৈ আহে আমি সুধিলে কয় যে আপোনাৰ ঔষধে মোৰ কিডনীৰ পাথৰ ভাল কৰি দিলে। কোনোৱাই আমাক সুধে- এতিয়াতো বিষ নাই ছাৰ কিয় ঔষধ খাব লাগে? আচলতে আমি কৰা প্ৰথম ভুল এইটোৱেই। কিডনিত পাথৰ থাকিলে যে বিষ হবই তেনে কোনো কথা নাই। বিষ তেতিয়াহে হব যেতিয়া পাথৰটো লৰচৰ হৈ কিডনীৰ ভিতৰত ঘহাখাব।

প্ৰায় সকল লোকৰ কিডনী পাথৰৰ বিষ তেতিয়া উৎপন্ন হয়, যেতিয়া দৌৰে বা খেলা-ধূলা কৰি আছিল তাৰ পিছতেই হৰ্থাৎ বিষ উৎপত্তি হয়।

বিষ নহলে বুলিয়েই যদি পথাৰৰ কোনো ধৰণৰ দৰৱ নাখাই তেনে হলে লাহে লাহে পাথৰৰ আকাৰ বৃদ্ধি হৈ থাকিব আৰু ৪/৫ মাহৰ পাছত পুনৰ বিষ হব। গতিকে পাথৰ থকা লোকে কেতিয়াও এই সমস্যা অৱহেলা কৰিব নালাগে। প্ৰয়োজন হলে ৩/৪ মাহৰ মূৰে মূৰে আল্টাচনগ্ৰাৰ্ফী কৰাওক।

পানী কম  খোৱাতো কিডনীৰ পাথৰৰ আন এক অন্যতম কাৰন। আমাৰ ওচৰত অহা বহু মানুহে কয় পানী খাব নোৱাৰে, কোনো কোনোৱে কয় বেছি পানী খালে  বমি আহিব খুজে, পানী নোখোৱাতো আমি কৰা এটা গুৰুতৰ ভুল। আপুনি এবাৰত বহু পৰিমানৰ পানী একেলগে খাব নোৱাৰিব পাৰে, কাৰন আপুনাৰ পানী খোৱাৰ অভ্যাস নাথাকিব পাৰে।  গতিকে কাম কৰা মাজে মাজে আধাগিলাজ একগিলাজ কৈ পানী খোৱা কাৰক। যদি অফিচত থাকে বা পঢ়াশুনা কৰি থাকে তেনে হলে টেবুলত এটা পানী বটল ৰাখক। আৰু লাহে কম কমকৈ পানী খাওঁক। অন্তত দিনতোত ৮০/১০ গিলাজ পানী খাবলৈ চেষ্টা কৰক।

বহু মানুহ দেখিবলৈ পাওঁ ককালৰ বিষ হল, পেটৰ বিষ হল ফাৰমাছিৰ পৰা বিষৰ টেবলেট আনিলে খালে অলপ আৰাম পালে আৰু পাহৰি থাকিলে। চনগ্ৰাৰ্ফী নকৰাকৈ এনেদৰে ঔষধ গ্ৰহন কৰাতোও এটা ডাঙৰ ভুল।

এজন ৰোগী পাইছিলো কিডনী পাথৰ। মই সুধিলো নিবিষায় নেকি?  তেতিয়া কৈছে বিষৰ দৰব  প্ৰায় খাব লগা হয়। তাৰ পিছত USG কৰিবলৈ দিয়াত ১৮mm  পাথৰ গমেই নাপায়। USG নকৰাকৈ এনেদৰে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খোৱাতো এটা ডাঙৰ ভুল।

গতিকে USG কৰাতো অতি জৰুৰী কাৰন কেতিয়াবা পাথৰৰ বাবে কিডনী ডেমেজ হৈ যাব পাৰে। গতিকে পাথৰটো কিমান ডাঙৰ, কোন খিনি ঠাইত আছে কিডনী কিবা ফুলা বা পানী জমা হোৱা সমস্যা হৈছে নেকি? বা কিডনীৰ পৰা প্ৰস্বাৱ থলীলৈ যোৱা নলী ডালত ফচি আছে নেকি। এইবোৰ জনাতো অতি জৰুৰী।

লগতে ক্ৰিটিনিনৰ পৰিমান বৃদ্ধি পাইছে নেকি? সেইটোও পৰীক্ষা কৰাটো জৰুৰী।

বহু মানুহে দেখিবলৈ পোৱা যায় কোনো অজ্ঞাত বেজৰ কাষ চাপে। কিবা বন দৰব নাযানো আৰু কি কি  প্ৰয়োগ কৰে। চিকিৎসা লোৱা জনে টো ভাবি থাকে ষ্টন শতম হল বুলি। কিন্তু মূৰকত গৈ  বহু সমস্যাৰ সন্মখীন হৈ জীৱন বিপদপন্ন কৰিব লগা হয়।

ঘৰতে দূপৰটেঙা আদিৰ দৰে ঔষধী গছৰ পাত বহুতে গ্ৰহন কৰে, আমিও উপদেশ দিও, সেৱণ কৰিবলৈ। কিন্তু আপোনালোকে পাথৰৰ আকাৰ, বা ই কিডনীত কৰা ক্ষতিৰ বিষয়ে জনাতো দৰকাৰ। যদি কোনবা কিডনীৰ ইউৰেথাৰত পাথৰটো বল্ক হৈ কিডনীটো হাইড্ৰনেফ্ৰচিছৰ সমস্যাই হৈছে বা। তেনে ক্ষেত্ৰত কি়ডনীতোৰ ক্ষয়  ডেমেজ হব পাৰে। কাৰন কিডনীৰ অধ্যাধিক প্ৰেছাৰ পৰা ফলত ক্ৰিয়েটিনিনৰ বৃদ্ধি হব পাৰে।কিডনী ফেইল হৈ বিভিন্ন সমস্যা সৃষ্টি হব পাৰে।

কিডনীৰ পাথৰ যদি আছে তেনেহলে দীঘলীয়া মাত্ৰাৰ সময়ত বিষ নাশক দৰব লগত ৰাখক যাতে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পাৰে। হোমিঅপেথিকত এই পাথৰৰ সমস্যাই উতপন্ন কৰিব পৰা বিষ নাশকৰ বাবে বহুত সুন্দৰ মেডিচিন আছে। আপোনা লোকে অভিজ্ঞ হোমিঅপেথিক চিকিতসকৰ কাষচাপি এই মেডিচিন লব পাৰে।

গতিকে আপুনি যদি কিডনীৰ পাথৰ আছে সময়মতে USG কৰাওক দৈনিক ৮-১০ গিলাছ পানী খাওঁক। নিয়মীক হোমিঅপেথিক গ্ৰহণ কৰক চিকিতসকৰ পৰা পৰামৰ্শ গ্ৰহন নকৰাকৈ নিজেই পেইনকিলাৰ নাখাব। আপোনাৰ অৱহেলাই আপোনাৰ কিডনীৰ কেইতাৰ ব্যাপক ক্ষতি কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here