প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যাৰ হোমিঅপেথিক চিকিৎসা

1
প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যাৰ হোমিঅপেথিক চিকিৎসা
প্ৰস্টেট গ্ৰন্থি বৃদ্ধি সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

প্ৰস্টেট গ্ৰন্থি বৃদ্ধি সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

আজি আমি আলোচনা কৰিম প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যাৰ বিষয়ে। প্ৰস্টেট গ্ৰন্থি বৃদ্ধি পুৰুষৰ এক সাধাৰণ সমস্যা। সাধাৰণতে বয়স্কৰ লোক সকল এই সমস্যাত বেছিকৈ ভুগা পৰিলক্ষিত হয়।

প্ৰস্টেট গ্ৰন্থি কি?

প্ৰস্টেট গ্ৰন্থি হৈছে পুৰুষৰ মুত্ৰাশয়ৰ পৰা তললৈ নামি যোৱা প্ৰস্ৰাৱ নলী ডালৰ উপৰৰ অংশত চাৰিওকাষে আৱৰি থকা এটা ত্ৰিকোন আকৃতিৰ গ্ৰন্থি। এই গ্ৰন্থিৰ পৰাই তৰল স্ৰাব নিৰ্গত হয় আৰো বীৰ্যৰো এটা অংশ ইয়াত উৎপত্তি হয়। যৌন ক্ৰীয়াৰ সময়ত এই প্ৰস্টেট গ্ৰন্থিয়ে নিৰ্গত কৰা জুলীয়া বা তৰল পদাৰ্থৰ সৈতে শুক্ৰ নিৰ্গত হয়।

প্ৰস্টেট গ্ৰন্থি বৃদ্ধি

প্ৰস্টেট গ্ৰন্থি বৃদ্ধি বা প্ৰস্টেট এনলাৰ্জমেন্ত যাক চিকিৎসা বিজ্ঞানৰ ভাষাত প্ৰস্টমেগেলি বা (BPH) বিনাইনইন প্ৰস্টেটিক হাইপাৰট্ৰফি বুলি কোৱা হয়। এই সমস্যা বিশেষকৈ বয়স্কৰ পুৰুষ সকলৰ দেখা পোৱা যায়। এজন সুস্থ ব্যক্তিৰ এই গ্ৰন্থিৰ ওজন ২০ গ্ৰামলৈকে হয়। যেতিয়া বয়স বৃদ্ধিহৈ গৈ থাকে ইয়াৰ ওজন বাঢ়ি গৈ থাকে আৰু এই গ্ৰন্থিৰ ওজন বৃদ্ধিৰ লগে লগে ব্যক্তি জনৰ বহুত বেছি সমস্যাৰ সৃস্টি হবলৈ ধৰে।

বহু ব্যক্তিয়ে ভাবে যে প্ৰস্টেট গ্ৰন্থি বেছি ডাঙৰ হলেহে সমস্যা বেছি হয়, কিন্তু তেনেকুৱা কোনো কথা নায়, অলপমান বাঢ়িলেও বহু সমস্যাৰ সৃস্টি হব পাৰে অথবা বহু বৃদ্ধি হলেও অত্যাধিক সমস্যা পাৰম্ভিক অৱস্থাত সৃস্টি নহবও পাৰে বা একেবাৰে কম লক্ষণে দেখা দিব পাৰে। ইয়াৰ তীব্ৰতা গ্ৰন্থিটোৰ কিমান বৃদ্ধি হব তাৰ ওপৰত নিৰ্ভৰ নকৰিবও পাৰে। কিন্তু এবাৰ যদি প্ৰস্টেট গ্ৰন্থি বৃদ্ধি হয় তেনে হলে ব্যক্তি জনৰ বহু সমস্যাৰ সৃস্টি হয়, যেনে- ঘনাই ঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ কৰাৰ পাছতো পুণৰ প্ৰস্ৰাৱৰ বেগ আহা, প্ৰস্ৰাৱ কৰোতে অত্যন্ত বল দিব লগা হোৱা, প্ৰস্ৰাৱৰ ইনফেকচন বা সংক্ৰমণ হোৱা, কিডনিৰো বিভিন্ন সমস্যা হব পাৰে।

প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যা কাৰ হোৱাৰ সম্ভাৱনা থাকে?

১) পূৰ্বতে কেৱল ৬০ উদ্ধৰ লোক সকলহে এই সমস্যাত ভুগা পৰিলক্ষিত হৈছিল। কিন্তু বৰ্তমান সময়ত ৪০ বছৰৰ পৰাই এই সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।

২) মেডবহুল বা অত্যাধিক শকত আৱত লোক, যাৰ শৰীৰৰ ওজন হিচাপতকৈ বেছি বৃদ্ধি হৈছে, যি একেবাৰে পৰিশ্ৰম নকৰে, শুই-বহি জীৱন কটায় তেনে লোকৰ মাজত এই প্ৰস্টেট গ্ৰন্থিৰ সমস্যা বেছি হোৱাৰ সম্ভাৱনা থাকে।

৩) বংশগত কাৰণতো প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সমস্যা হব পাৰে। যদি ককাক বা দেউতাকৰ আছিল তেনে তেখেঁত সকলৰ পুত্ৰ সন্তানৰো এই সমস্যা হোৱাৰ সম্ভাৱনা অত্যাধিক থাকে।

৪) যদি মধুমেহ বা ডায়েবেটিচত দীৰ্ঘদিন ধৰি ভুগি আছে বা হাৰ্টৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছে তেনে লোকৰো প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি হয়।

প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ কাৰণঃ

কিয় হয় এই প্ৰস্টেট বৃদ্ধিৰ সমস্যা? আমাৰ প্ৰস্ৰাৱ জমা হোৱা যিটো মূত্ৰাশয় তাৰ তলেৰে প্ৰস্ৰাব বৈ অহা নলীডালৰ গাত চাৰিওফালৰ পৰা মেৰিয়াই লাগি থকা প্ৰস্টেট গ্ৰন্থিটো যেতিয়া বৃদ্ধি হয় তেতিয়া ডাঙৰ হৈ পৰা প্ৰস্টেটে মূত্ৰস্থলীৰ ওপৰত হেঁচাদি নলীডাল ভিতৰলৈ ঠেলি নিয়াৰ ফলত প্ৰস্ৰাৱৰ গতি ৰুদ্ধহৈ পৰে আৰু যন্ত্ৰণাৰ আৰম্ভ হবলৈ ধৰে।

প্ৰস্টেট-বৃদ্ধিৰ-সমস্যা
প্ৰস্টেট বৃদ্ধিৰ সমস্যা

প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ প্ৰধান লক্ষণ সমূহ হল-

⇒ সঘনাই প্ৰস্ৰাব কৰা
⇒ প্ৰস্ৰাবৰ গতি মন্থৰ আৰু দূৰ্বল হোৱা
⇒ মূত্ৰাশয় সম্পূৰ্ণ ৰুপে ভৰি থকা যেন লগাৰ পাছটো প্ৰস্ৰাব বাহিৰ নোহোৱা আৰু প্ৰস্ৰাব বাহিৰ হবৰ বাবে           অত্যন্ত জোৰ দিব লগা হোৱা।
⇒ প্ৰস্ৰাৱৰ সময়ত অত্যন্ত কষ্টহোৱা
⇒ প্ৰস্ৰাব টোপাল টোপাল কৈ নিৰ্গত হোৱা
⇒ প্ৰস্ৰাৱ কৰি অহাৰ পাছতো কেতিয়াবা টোপাল টোপালকৈ প্ৰস্ৰাব উলাই থকা আদি আশান্তি দায়ক সমস্যাৰ        লগতে দীৰ্ঘ সময় ধৰি প্ৰস্ৰাব স্থলি ভালদৰে খালী নোহোৱাৰ বাবে সঘনাই ইউৰিন ইনফেকচন হব পাৰে।
⇒ প্ৰস্ৰাব জ্বলাপোৰা
⇒ প্ৰস্ৰাবত তেজ যোৱা আদি সমস্যাইও দেখা দিব পাৰে।
⇒ দীৰ্ঘদিন ধৰি ইউৰিন ইনফেকচন হৈ কিডনিৰো সমস্যা হব পৰে।

   গতিকে এনে ধৰণৰ সমস্যাই দেখা দিলে নিশ্চিত ভাবে এজন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। কাৰণ প্ৰস্টেটৰ সমস্যা হৈছে নে নাই নিশ্চিত কৰাটো অতি জৰুৰী।

প্ৰস্টেট বৃদ্ধিৰ সমস্যাটো কেন্সাৰ হোৱাৰ সম্ভৱনা কম থাকে বুলি কলেও কিন্তু প্ৰতি বছৰে বিশ্বত ১,৪৯,০০০ পুৰুষৰ প্ৰস্টেট কেন্সাৰত মৃত্য হয়। ৫০ ৰ পৰা ৬০ বছৰ বয়সৰ ১০ ৰ পৰা ৩০ শতাংশ পুৰুষৰ প্ৰস্টেট কেন্সাৰ হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগ হলে পেৰালাইচিচ আৰু হাৰ্ট এটেকো হব পাৰে।

গতিকে এই লক্ষণ সমূহ অবহেলা কৰাটো একেবাৰে অনুচিত। যদি প্ৰস্ৰাব ইনফেকচন হয়, যদি কিডনি পাথৰ হয়, প্ৰস্টেট ইনফ্লামেচন হলেও এই লক্ষণ সমূহ প্ৰকাশ পাব পাৰে। কেতিয়াবা কিবা আস্ত্ৰোপ্ৰচাৰৰ পাছতো এনে সমস্যা হব পাৰে। ইয়াৰ লগতে প্ৰস্টেট কেন্সাৰ হলেও এনেবোৰ লক্ষণে দেখা দিব পাৰে। গতিকে ইয়াক চিনাক্ত কৰিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি জৰুৰী। চিকিৎসকে শাৰীৰিক পৰীক্ষা আৰু বিভিন্ন ধৰণৰ লেবটৰী পৰীক্ষাৰ জৰিয়তে প্ৰস্টেট বৃদ্ধি হৈছেনে নাই নিৰ্ণয় কৰিব। যদি আপোনি এই সমস্যাত ভুগে নিশ্চিত ভাবে আপোনি হোমিঅপেথিক চিকিৎসা কৰাওক। খুব সোনকালে সুফল পাবলৈ সক্ষম হব।

প্ৰস্টেট গ্ৰন্থি বৃদ্ধিৰ হোমিঅপেথিক চিকিৎসাঃ

Sabal Serrulata- প্ৰস্টেট গ্ৰন্থি বৃদ্ধি সমস্যাত এই ঔষধ বেদ উপনিষদৰ যোগৰ পৰাই ব্যৱহাৰ হৈ আহিছেছ। হোমিঅপেথিকতো প্ৰস্টেট গ্ৰন্থি বৃদ্ধিত ইয়াক সফল ভাবে ব্যৱহাৰ কৰা হয়। প্ৰস্টেট বৃদ্ধিৰ ই মুখ্য ঔষধ। সঘনাই প্ৰস্ৰাব কৰা, প্ৰস্ৰাবৰ গতি মন্থৰ আৰু দূৰ্বল হোৱা, মূত্ৰাশয় সম্পূৰ্ণ ৰুপে ভৰি থকা যেন লগাৰ পাছটো প্ৰস্ৰাব বাহিৰ নোহোৱা আৰু প্ৰস্ৰাব বাহিৰ হবৰ বাবে অত্যন্ত যোৰ দিব লগা হোৱা, প্ৰস্ৰাৱৰ সময়ত অত্যন্ত কষ্ট হোৱা, প্ৰস্ৰাব টোপাল টোপাল কৈ নিৰ্গত হোৱা, প্ৰস্ৰাৱ কৰি অহাৰ পাছতো কেতিয়াবা টোপাল টোপালকৈ প্ৰস্ৰাব উলাই থকা আদি লক্ষণ সমূহ থাকিলে এই ঔষধৰ মাদাৰ টিংচা ১০-১৫ টোপালকৈ দিনে ৩-৪ বাৰকৈ ব্যৱহাৰ কৰিব লাগে। যিকোনো ধৰণৰ ইউৰিন ইনফেকচন হলে প্ৰস্ৰাৱব জ্বলাপোৰা, প্ৰস্ৰাৱত তেজ যোৱা আদি সমস্যা হলে Chimaphila UmbeltataQ ১০-১৫ টোপাল কৈ দিনে ৩-৪ বাৰ ব্যৱহাৰ কৰিব লাগে। প্ৰস্ৰাৱৰ বেগ কমি গলে, প্ৰস্ৰাব কৰোতে যোৰ দিব লগা হলে বা প্ৰস্ৰা কৰোতে খুব কষ্ট হলে HydrangiaQ, ১০-১৫ টোপালকৈ দিনে ৩-৪ বাৰকৈ ব্যবহাৰ কৰিব লাগে। প্ৰস্ৰাব টোপাল টোপালকৈ নিৰ্গত হলে, প্ৰস্ৰাৱ কৰাৰ পাছতো যদি কবনোৱাৰাকৈয়ে প্ৰস্ৰাব টোপাল টোপালকৈ নিৰ্গত হৈ থাকে তেনে হলে Equisetum ArvensQ, ১০-১৫ টোপালকৈ দিনে ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰিব লাগে।

আপোনালোকে যদি এই সমস্যাত ভুগে তেনে হলে Sabal Serrulata মাদাৰ টিংচাৰ আৰু Chimaphila UmbeltataQ মেদিচিন দুটা ৩০ এম এল কৈ ৬০ এম এল এটা বটলত মিহলাই লব আৰু এই মিশ্ৰণটোৰ পৰা ২০ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৪ বাৰ কৈ খাব, খাদ্য খোৱাৰ আধা ঘন্টাৰ আগত বা পিছত খাব।

HydrangiaQ, আৰু Equisetum ArvensQ, দুইটাৰ পৰা ৩০ এম এল কৈ ৬০ এম এল এটা বটলত মিলাইলৈ ১৫-২০ টোপালকৈ দিনে ৩-৪ বাৰকৈ আধাকাপ পানীৰ লগত খাব।

প্ৰস্টেটৰ কোষ সমূহৰ অতি বৃদ্ধি ৰোধৰ বাবে Ferrum Picricum 200, ২-৩ টোপালকৈ, ২-৩ বাৰ দৈনিক ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও Calcaria carb200, Calcaria Flor200, Conium mac200, Silesia200, CantharisQ, BarbarisQ, Casticum200 আদি বহু মেডিচিন আছে, এইবোৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা নিশ্চিত ভাবে উপশম পাবলৈ সক্ষম হব।

1 COMMENT

  1. ৰোগ নিৰাময়ৰ বিবৰণখিনি পঢ়ি ভাল পাওঁ আৰু যথেষ্ট লাভদায়ক

LEAVE A REPLY

Please enter your comment!
Please enter your name here