চুলি সৰা সমস্যাৰ হোমিঅপেথিক চিকিৎসা

1

চুলি সৰা সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

চুলি-সৰা-সমস্যাৰ-হোমিঅপেথিক-চিকিৎসাঃ
চুলি সৰা সমস্যা

চুলি সৰাটো পুৰুষ আৰু মহিলা উভয়ে সন্মুখীন হোৱা এক সাধাৰণ সমস্যা। বিশ্বৰ প্ৰায় ৫০ শতাংশ মানুহ এই চুলি সৰা সমস্যাত ভুক্ত ভোগী। মহিলাৰ তুলনাত পুৰুষ সকল বেছিকৈ এই সমস্যাত ভুগা দেখিবলৈ পোৱা যায়। প্ৰায় ৪৫ শতাংশ মহিলাৰ বিপৰীতে ৮৫ শতাংশ পুৰুষ এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। সাধাৰণতে ই অতি সাংঘাটিক সমস্যা নহলেও কিন্তু ব্যক্তি এজনৰ জীৱনত ই বিভিন্ন ধৰণে বেয়া প্ৰভাব পেলাব পাৰে। বিশেষকৈ অকালতে চুলি সৰা ব্যক্তি এজনৰ আত্মবিশ্বাস হীনতা সমস্যাত বেছিকৈ ভুগে, যাৰ বাবে ব্যক্তি জনৰ ব্যক্তিগত আৰু সামাজিক উভয় দিশতে সমস্যা আহি পৰা দেখা যায়।

সকলো মানুহৰে দৈনিক অলপ হলেও চুলি সৰে আৰু তাৰ ঠাইত নতুনকৈ চুলি গজি উঠে। সেই বাবেই এটা পৰ্যায়লৈকে চুলি সৰা সমস্যটোৰ স্বাভাবিক বুলিয়েই কব পাৰি, কিন্তু যেতিয়া চুলি যিমান সৰে তাৰ বীপৰীতে কমকৈ গজিবলৈ লয় বা একে বাৰে গজিবলৈ বন্ধহৈ পৰে তেতিয়াহে ই এটা জটিল সমস্যালৈ পৰিণত হয় আৰু তেতিয়াই ব্যক্তিজনে যিমান শুনকালে পাৰে এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় হৈ পৰে

চুলি সৰাৰ কাৰণঃ

প্ৰথম সেঁউতা পাতল হৈ হৈ ক্রমে এজন লোক তপা হবলৈ আৰম্ভ কৰে। লাহে লাহে কপাল খনৰ পৰা কুমৰ ফালে M আখৰটোৰ আর্হিত বহল হৈ গৈ থাকে আৰু এসময়ত গোতেই মাজ অংশটো ওলোটা U  আর্হিত তপা হৈ পৰে। কেতিয়াবা চুলিৰ গুৰিবোৰ সৰু আৰু পাতল হৈ পৰে আৰু চুলিবোৰ চুটি আৰু ক্ষীণ হৈ চিগিবলৈ ধৰে।

বিভিন্ন কাৰণত চুলি সৰাৰ সমস্যা হব পাৰে। তাৰ ভিতৰত-

⇒ তীব্র মানসিক অশান্তি বা চাপৰ
⇒ কিছুমান বেমাৰ যেনে তীব্র জ্বৰ
⇒ কোনো গুৰুতৰ অস্ত্রোপচাৰ আদিৰ কাৰণে
⇒ কিছুমান দৰৱৰ পার্শ্বক্রিয়াৰ বাবেও চুলি সৰাৰ সমস্যা হব পাৰে
⇒ উচ্চ ৰক্তচাপ
⇒ মধুমেহ
⇒ হৃদপিণ্ডৰ অসুস্থতা বা উচ্চ ক’লেষ্টেৰলৰ বাবেও চুলি সৰা সমস্যাটো হ’ব পাৰে।  কলেষ্টেৰল বেছি হোৱাৰ          ফলত চুলিৰ গুৰিলৈ তেজ চলাচলৰ পৰিমাণ কমি যায় আৰু তাৰ ফলত চুলিসৰা সমস্যা হয়।
⇒ শৰীৰত আইৰণৰ অভাবৰ ফলতো চুলি সৰা সমস্যা হ’ব পাৰে। কেতিয়াবা এনিমিয়া বা তেনে কোনো সমস্যা      নহ’লেও আইৰণ কমি যাব পাৰে, যাৰ ফলত চুলি সৰাৰ সমস্যা হব পাৰে।
⇒ হাইপথাইৰডিজিম বা থাইৰয়ড হৰমন কম থাকিলেও চুলি সৰা সমস্যাটো হ’ব পাৰে।
⇒ মধুমেহ ৰোগ হ’লে চুলিৰ গুৰিলৈ তেজ চলাচল কমি যায় আৰু সেয়ে চুলি সৰা সমস্যাটো হ’ব পাৰে।
⇒ শৰীৰত প্ৰ’টিন, বাইঅ’টিন, আয়’ডিন, মেংগানিজ, বিভিন্ন ভিটামিনৰ অভাৱতো এই সমস্যা হব পাৰে।
⇒ যকৃত, পাকস্থলীৰ গুৰুতৰ ৰোগৰ বাবেও চুলি সৰিব পাৰে।
⇒ কিছুমান কেমিকেল যুক্ত তেল, শ্বেম্পু, ৰং আদিও চুলিসৰা সমস্যাৰ কাৰণ হব পাৰে।
⇒ মানুহৰ হৰম’ন গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা হৰম’নৰ তাৰতাম্যই অতিমাত্ৰা চুলি সৰাৰ কাৰণ হ’ব পাৰে।
⇒ মহিলা সকলৰ ক্ষেত্ৰত এণ্ডজেন হৰমন নিসৰণ কৰা গ্লাণ্ড বা অভেৰী টিউমাৰৰ বাবেও চুলি সৰিব পাৰে।
⇒ বংশগত কাৰণতো চুলিসৰা সমস্যাই দেখা দিব পাৰে।

চুলি সৰা সমস্যাৰ হোমিঅপেথিক ঔষধঃ

চুলি-সৰা-সমস্যাৰ-হোমিঅ-পেথিক-চিকিৎসা

Phosphorus: এই ঔষধটো ব্যৱহাৰ কৰা ৰোগীৰ মূৰৰ কোনো এডোখৰ ঠাইত চুলি সৰে আৰু লাহে লাহে বহল হৈ যায়। আৰু উফিৰ লগতে ভয়ানক মূৰত খজুৱতি হোৱাৰো লক্ষণ থাকিলে এই ঔষটো ৩০ বা ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২-৩ বাৰ কৈ ১ মাহ মান ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।

Lycopodium: যিসকল লোকে গৰম খাদ্যখাই ভাল পায়, গেছ আৰু এছিডিটিৰ সমস্যা হয়, কোষ্ঠকাঠিন্যত ভুগে, ৰোগীৰ খুব কম বয়সতে চুলি পকে লগতে ৰোগীৰ কপালৰ পৰা লাহে লাহে চুলি সৰি বহলহৈ গৈ থাকিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ২ টোপালকৈ দিনে ৩-৪ বাৰকৈ ব্যৱহাৰ কৰিলে চুলি পকা আৰু চুলি সৰা দুইটা সমস্যাৰ পৰাই হাত সাৰিব পৰা যায়।

Floric acid: অত্যাধিক জ্বৰৰ হোৱাৰ পাছত, চিফিলিচ বা গনৰীয়া আদি ৰোগৰ বাবে চুলি সৰিলে এই ঔষধ ব্যৱহাৰ হয়। ৰোগী টাইফয়েড বা কোনো দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভুগি চুলি সৰিলেও এই ঔষধটো ৩০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২ – ৩ বাৰকৈ ব্যৱহাৰ কৰিলে ৰোগ উপশম হয়।

Sepia: বতৰ পৰিৱৰ্তণৰ সময়ত, গৰমৰ পিছত যেতিয়া ঠাণ্ডা হয় বা ঠাণ্ডাৰ পাছত যেতিয়া গৰম হয় এই ঠাণ্ডা গৰমৰ মাজৰ সময়খিনিত চুলি সৰিলে এই ঔষধটো ব্যৱহাৰ কৰিলে এই সমস্যা দূৰ হয়। কেতিয়াবা মূৰৰ কোনো কোনো থাইত চকলা-চকলকৈ চুলি সৰি টকলাহৈ পৰা সমস্যা হলেও এই ঔষধ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা মুক্ত হব পাৰি। সন্তান প্ৰসবৰ পাছত প্ৰসূতিৰ মূৰৰ চুলি সৰিলে এই ঔষধৰ ৩০ ক্ষমতাৰ ২ টোপালকৈ ২বাৰ খাব আৰু এই ঔষধৰ মাডাৰ টিংচাৰ(Q) ৫০ মিলিগ্ৰাম নাৰীকল তেলৰ লগত ৫ মিলিগ্ৰাম মিহলাই লৈ মূৰত ঘঁহিলে মূৰৰ চুলিসৰা সমস্যা সহজতে নোহোৱা ৰোধ হয়।

Arsenic alba: ৰোগীৰ মূৰত ভয়ানক খজুৱতি হয়। মূৰৰ ছাল শুকান হয়, চুলিৰ গুৰিত উফি হয়। ৰাতি বিচনাত মূৰ খজুৱায় আৰু পুৰণি হলে এই ঔষধৰ ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২-৩ বাৰকৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

Hepar Sulph: দীৰ্ঘদিনীয়া মাঠাৰ বিষৰ বাবে চুলি সৰিলে এই ঔষধৰ ৩০ বা ২০ ক্ষমতাৰ দিনে ২-৩ বাৰ সেৱন কৰিলে এই সমস্যাৰ পৰা শীঘ্ৰে উপশম পাব।

Selenium: সমগ্ৰ মূৰৰ চুলি সৰাৰ লগতে দাৰিও সৰিবলৈ ধৰা লক্ষণ প্ৰকাশ পালে  এই ঔষধটোৰ ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনত ১ বাৰ পুৱা খালীপেটত খালে এই সমস্যাৰ পৰা নিশ্চিত ভাবে মুক্ত হবলৈ সক্ষম হব।

ইয়াৰ ওপৰিও Acid Phos, Carbo Veg, Syphilinum, Thuja, Alumina, Lachesis, Borax, Pulsatilla, Vinca Minor, Ammon Mur, Sulphur, Rhus Tox, Mercurius, Nitric Acid, Medorrhinum আদি ঔষধ সমূহ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সহজতে মূক্ত হব পাৰিব।

    বাহ্যিক ভাবে প্ৰয়োগ কৰিবৰ বাবে JaborandiQ, AmlokiQ, ArnicaQ এই ৩ টা ঔষধ সমপৰিমানে নাৰিকল তেলৰ লগত মিহলাই মূৰত লগালে খুব ভাল ফল পোৱা যায়।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here