ক’লাজিৰাৰ ঔষধী গুন

0

সৰ্ব্ব ৰোগৰ ঔষধ ক’লাজিৰাঃ

মাৰ সকলোৰে পৰিচিত এবিধ মছলা ক’লাজিৰা। বৈদিক কালৰ পৰা ক’লাজিৰা মচলা আৰু পৰম্পৰাগত ঔষধ হিচাবে ব্যৱহাৰ কৰি অহা হৈছে। এই কলা জিৰাৰ বৈজ্ঞানিক নাম হল Nigella Sativa এই মছলা জাতীয় বীজ বিধৰ স্বাস্থ্যৰ উপকাৰীতা অপৰীসীম। আমাৰ শৰীৰৰ ক্ষতি কাৰক বেক্টেৰিয়া ধ্বংসৰ পৰা আৰম্ভ কৰি শৰীৰৰ কোষ আৰু কলা বৃদ্ধিটো ই সহায়ক ৰুপে কাম কৰে। লগতে ই চাল আৰু চুলিৰ পক্ষেও অত্যন্ত উপকাৰী। এই ক’লাজিৰাৰ পৰা Nigella Sativa নামেৰে এক উতকৃষ্ট হোমিঅপেথিক মেডিচিন প্ৰস্তুত কৰা হয়।

            ১৫ বিধ এমান এচিড সমৃদ্ধ এই ক’লাজিৰা আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। বিভিন্ন পুষ্টি গুনেৰে সমৃদ্ধ এই ক’লাজিৰাৰ প্ৰতি ১০০ গ্ৰামত (Amount Per 100 grams)

 শকৰাৰ পৰিমান- ৩৮ %

 কেলৰি (Calories) 345

কলেষ্টেৰেল (Cholesterol) 0 mg 0%

চডিয়াম (Sodium) 88 mg 3%

পটাচিয়াম (Potassium) 1,694 mg 48%

কাৰ্বহাইড্ৰেট (Carbohydrate) 52 g 17%

আঁহ (Dietary fiber) 40 g 160%

প্ৰটিন (Protein) 16 g 32%

ভিটামিন এ (Vitamin A) 2%, ভিটামিন চি (Vitamin C) 35%

কেলচিয়াম (Calcium)119%, আইৰণ (Iron)102%

ভিটামিন ডি (Vitamin D) 0%, ভিটামিন বি-৬ (Vitamin B-6) 25%

মেগনেচিয়াম (Magnesium)96%

(The Daily Values of Per cent are based on a 2,000 calorie diet. Values may be higher or lower depending on your daily calorie needs.)

       প্ৰয়োজনীয় আঁহৰ (fiber) লগতে ভিটামিন আৰু সনিজ উপাদান সমৃদ্ধ এই ক’লাজিৰা নিৰ্দিষ্ট পৰিমানে দৈনন্দিন খাদ্যৰ তালিকাত অন্তভূক্ত কৰাটো খুবেই লাভদায়ক।

ক’লাজিৰাৰ পুষ্টি গুনঃ

’লাজিৰাৰ পুষ্টি গুনৰ লগতে মচলাৰুপেও ইয়াৰ ব্যাপক চাহিদা দেখিবলৈ পোৱা যায়। ক’লাজিৰাৰ গুটিৰ পৰা তেল উৎপন্ন কৰা হয়। যিটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। ক’লাজিৰাত প্ৰচুৰ পৰিমানে ফচফেট, লৌহ বা আইৰণ আৰু ফচফৰাচৰ উপৰিও কেৰটিন নামৰ এক উপাদান থাকে। যি দূৰাৰোগ্য কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰিও ই বিন্নৰোগ প্ৰতিৰোধৰ লগতে গেষ্ট্ৰিক বেমাৰৰো প্ৰতিৰোধক ৰুপে কাম কৰে।

    ইংৰাজীত ক’লাজিৰাক Nijella Seed নামেৰে জনা যায়। এই ক’লাজিৰাক হোমিঅপেথিক, আয়ুৰ্বেডিকৰ উপৰিও ইউনানী আৰু কবীৰাজী চিকিৎসাটো ব্যাপক ৰুপত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।
ক’লাজিৰাৰ উপকাৰিতাৰ বিষয়ে জানো আহকঃ

১) স্মৰণ শক্তি বা স্মৃতি সক্তি বৃদ্ধিঃ

নিয়মিত ক’লাজিৰা খালে ই মস্তিস্কৰ ৰক্ত চলাচল বৃদ্ধি কৰি স্মৰণ শক্তি বা স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে। লগতে ই ভাইটেল ফৰ্চ বা জীৱনী শক্তি বৃদ্ধি কৰি ক্লান্তি বা অৱসাদ দূৰ কৰাত সহায় কৰে।

২) গাৰ বিষ দূৰ কৰেঃ

শৰীৰৰ যিকোনো ধৰণৰ বিষ নিৰাময়ৰ বাবে এই ক’লাজিৰা ব্যৱহাৰ কৰা হয়। ইয়াক শৰীৰত ব্যৱহাৰ কৰিবৰ বাবে প্ৰথমে ইয়াৰ তেল তপতাই লব আৰু বিয হোৱাৰ থাইত মিলিচ কৰিব। বিশেষকৈ বাতৰোগত এই তেল অত্যন্ত উপকাৰী।

৩) উচ্চৰক্তচাপ নিয়ন্ত্ৰনঃ

ক’লাজিৰাই উচ্চৰক্তচাপ নিয়ন্ত্ৰনটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেজত কলেষ্টেৰল পৰিমাণ কমাই স্বাভাৱিক অৱস্থালৈ আনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে উচ্চ ৰক্তচাপ কমাই শৰীৰৰ স্বাভাৱিক ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত খহায়ক হয়। অন্যহাতে এই ক’লাজিৰাই হৃদৰোগো নিয়ন্ত্ৰন কৰে।

৪) মাথাৰ বিষঃ

ক’লাজিৰাৰ তেল মাথাৰ বিষটো অত্যন্ত উপযোগী। মাথাৰ বিষ হলে ক’লাজিৰাৰ তেল মাথাত মালিচ কৰিলে খুউব সোকালে বিষৰ উপষম হয়।
৫) লিভাৰ কেন্সাৰঃ

আফলাটক্সিন (Afla toxins) সাধাৰণতে লিভাৰ কেন্সাৰৰ বাবে দায়ী। ক’লাজিৰাই এই আফলাটক্সিনৰ বিষক্ৰীয়া নষ্টকে। গতি লিভাৰ কেন্সাৰত আক্ৰান্ত লোকৰবাবে ক’লাজিৰা অত্যন্ত উপকাৰী।

৬) যৌন শক্তি বৃদ্ধিঃ
ক’লাজিৰা খালে যৌনক্ষমতা বঢ়াৰ উপৰিও শুক্ৰ উৎপাদন বৃদ্ধি হয়। মহিলাৰ গৰ্ভধাৰণ ক্ষমতা বাঢ়ে। এটা কথা মনত ৰাখিব আপোনালোকে পোৰণা ক’লাজিৰাৰ তেল আভ্যন্তৰিন ভাবে কেতিয়াউ ব্যৱহাৰ নকৰিব। ই স্বাস্যৰ ক্ষতি কৰিব পাৰে।

৭) চৰ্দি-কাহৰ বাবে উপযোগীঃ
সৰিয়হৰ তেলত ক’লাজিৰা মিলাই তেল গৰম কৰি মালিছ কৰিলে চৰ্দি, কাহ, গাৰ বিষৰ পৰা উপসম পায়। অথবা একচামুচ ক’লাজিৰাৰ লগত তিনি চামুচ মৌ আৰু দুই চামুচ তুলসীৰ পাতৰ ৰস মিহলাই প্ৰতি দিন এবাৰ সেৱন কৰিলে চৰ্দি-কাহ উপষম হয়।

৮) চুলি সৰা সমস্যাঃ
নিয়মীত ভাবে ক’লাজিৰা খোৱাৰ লগতে ইয়াৰ তেল নিয়মিত ভাবে চুলিৰ গুৰিত ভালদৰে লগালে চুলি সৰা বন্ধ হয়।

৯) দাঁতৰ বিষঃ
দীৰ্ঘদিনীয়া দাঁতৰ বিষৰ লগতে দাঁতৰ আলু ফুলি যোৱা, দাঁতৰ পৰা তেজ উলোৱা আদি সমস্যাত এই ক’লাজিৰাই ভাল ফল দিয়ে। ২০০ এম এল পানীত অলপমান ক’লাজিৰা দি পানীখিনি উতলাই অলপ মান ঠাণ্ডা কৰি সেই পানীৰে গাগলিং কৰিলে দাঁতৰ বিষৰ লগতে দাঁতৰ আলু ফুলি যোৱা, দাঁতৰ পৰা তেজ উলোৱা, মুখত ঘাঁ হোৱা আদি সমস্যা উপষম হয়।

১০) হাঁপানি, শ্বাস-প্ৰশ্বাস জনিত ৰোগঃ
শ্বাস-প্ৰশ্বাস জনিত ৰোগ, হাপাঁনি আদি ৰোগ নিয়ন্ত্ৰনটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।পুৰণি হাপানী ৰোগীয়ে আধাচামুচ ক’লাজিৰাৰ গুৰিৰ লগত আধাচামুচ মৌ মিহলাই দিনে তিনিবাৰ খালে আৰোগ্য হয়। সকলো ধৰণৰ শ্বাস,কাহ, চৰ্দি  আদিত ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।

১১) মহিলাৰ দূগ্ধ বৃদ্ধিঃ
মহিলাৰ দুগ্ধৰ পৰিমান বৃদ্ধি কৰিবৰ বাবে ৫-১০ গ্ৰাম ক’লাজিৰা ভালদৰে মিহিকৈ বতি গাখীৰৰ লগত ১০-১৫ দিন খাব দুগ্ধৰ প্ৰৱাহ দ্ৰুত গতিত বৃদ্ধি হব।

১২) নিয়মিতভাৱে ক’লাজিৰা খালে শৰীৰৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যঙ্গ সতেজ আৰু কাৰ্যক্ষম হৈ থাকিব পাৰে। মৌৰ সৈতে দৈনিক ৰাতিপূৱা ৫/১০ গ্ৰাম ক’লাজিৰাৰ গুৰি নিয়মিত সেৱন কৰিলে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হয় আৰু সকলো ধৰণৰ বেমাৰৰ পৰা মুক্ত হব পৰি।

ক’লাজিৰা হোমিঅপেথিকত প্ৰয়োগঃ
ক’লাজিৰা হোমিঅপেথিক মেডিচিন ৰুপে সফলভাবে প্ৰয়োগ কৰা হয়। এই ক’লাজিৰাৰ পৰা প্ৰস্তুত কৰা হোমিঅপেথিক ঔষধক Nigella Sativa বুলি জনা যায়। ইয়াক এন্টি হাইপাৰটেনচন, লিভাৰ টনিক, ডায়েবেটিছ, হজমী শক্তি বৃদ্ধি, ডায়েৰীয়া, ভূকনলগা, চালৰ বেমাৰ, কেন্সাৰ, বিষ, ভৰি-হাত ফোলা, হাঁপানী আদি ৰোগত লক্ষন অনুযায়ী সফত ব্যৱহাৰ কৰা হয়।

ক’লাজিৰা ব্যৱহাৰৰ সতৰ্কতাঃ
ক’লাজিৰা গৰ্ভৱস্থাত ব্যৱহাৰ কৰিব নালাগে আৰু ২ বছৰৰ শিশুৰ ক্ষেত্ৰতো ইয়াৰ তেল নোখোৱাব। কিন্তু বাহ্যক প্ৰয়োগ কৰিব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here