কৰ’না ভইৰাছে পৰিৱৰ্তন কৰিছে ছাৰিত্ৰিক বৈশিষ্ট্য, দ্ৰুত মৃত্যু হৈছে ৰোগীৰ

0

কৰ’না ভইৰাছে পৰিৱৰ্তন কৰিছে ছাৰিত্ৰিক বৈশিষ্ট্য, দ্ৰুত মৃত্যুহৈছে ৰোগীৰ

ইতিমধ্যে সমগ্ৰ বিশ্বত মহামাৰী সৃষ্টি কৰি হাজাৰ হাজাৰ মানুহৰ জীৱন কাঢ়ি নিয়া নবেল কৰ’না ভইৰাছ আৰু অধিক প্ৰানঘাটি হৈ উঠিছে। এই ভাইৰাছে পৰিৰ্বতন কৰিছে নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য। যাৰ বাবে চিকিৎসক সকল এক প্ৰকাৰ বিবুদ্ধিত পৰিব লগা হৈছে। কোনো কোনো সময়ত কোনোধৰণৰ লক্ষণ বা উপৰ্সগ অবিহনেই মানুহৰ দেহত সংক্ৰমন ঘটি বিয়পিছে এজনৰ পৰা আনজনলৈ আৰু কোনো কোনো সময়ত নিজৰ অনুকূলে পৰিৰ্বতন কৰি লৈছে চাৰিত্ৰিক বৈশিষ্ট।

কেতিয়াবা আকৌ সুস্থ হৈ উঠা ৫০/৬০  দিনৰ পিছতো দেহত থাকি গৈছে ইয়াৰ অস্থিত্ব। মুঠতে এক কথাত কবলৈ গলে এই ভাইৰাচ বৰ্তমান সিকিৎসা বিজ্ঞানৰ বাবে হৈ পৰিছে এক বৃহৎ পত্যাহ্বান। কেইদিন মানৰ আগলৈকে শ্বাস প্ৰশ্বাস যন্ত্ৰ বা হাওঁফাওঁত সংক্ৰমন ঘটাই ৰোগীক মৃত্যু দিশে আগবঢ়াই নিছিল আৰু হাজাৰ হাজাৰ লোকক মৃত্যুৰ বাত দেখুৱাইছিল। কিন্তু বৰ্তমান এই মৃত্যুৰ পথ আৰু সূচল কৰি লৈছে এই ভাইৰাছে নিজৰ চৰিত্ৰিক বৈশিষ্ট পৰিৰ্বতনৰ দ্বাৰা।

কৰ'না-ভইৰাছ
কৰ’না ভইৰাছ

পূৰ্বৰ হাওঁফাওঁৰ সংক্ৰমনৰ লগতে এই ভাইৰাছে নতুন কৈ সৃষ্টি কৰিছে এক ভয়ানক লক্ষণ, যাৰ বাবে আক্ৰান্ত লোক তীব্ৰতাৰে মৃত্যু মুখলৈ গতি কৰিব। এই ভাৰাছে আক্ৰান্ত লোকৰ দেহত  যেনে- হাওঁফাওঁ, মগজু. কিডনি আদিত তেজ গুট মাৰি অক্সিজেন আৰু ৰক্ত প্ৰবাহৰ ধাৰা বাধা প্ৰাপ্ত কৰি সৃষ্টি কৰিছে ব্যাপক জটিলতা। এনে ধৰণৰ শেহতীয়া নতুন সংক্ৰমন পোহৰলৈ অহাত অতিসম্পতি দেশৰ সিকিৎসক সকল এক প্ৰকাৰ বিব্ৰত হব লগা হৈছে।

১৯১৮ চনত যেতিয়া স্পেনিছ ফ্লুৱে মহামাৰী ৰূপ ধাৰণ কৰি বিশ্বৰ ১০ কোটি লোকৰ প্ৰান কাঢ়ি লৈছিল, তেতিয়াও এই মাৰাত্মক ফ্লু ভাইৰাছে 2nd wave এনেদৰে  নিজৰ চৰিত্ৰ পৰিৰ্তন কৰিছিল, আৰু বিশ্বৰ মানৱ জাতিৰ মাজত ধ্বংসলীলা সৃষ্টি কৰিছিল।

বৰ্তমান এই কৰ’না ভইৰাছ সংক্ৰমনৰ  2nd wave ৰ ভয়াৱহতাৰ ইংগিত বহন কৰিয়েই হয়তো এনে ধৰণৰ নতুন লক্ষন প্ৰকাশ হৈছে ৰোগীৰ দেহত।

শেহতীয়াকৈ আমেৰিকাৰ নিউৰ্য়কৰ এখন চিকিৎসালয়ত কৰ’না ভইৰাছত আক্ৰান্ত ICU আৰু ভেন্টিলেচনত থকা ৰোগীৰ ক্ষেত্ৰত হাওঁফাওঁ আৰু মগজুত তেজ গুট মৰা দৰে অন্য একক জটিল সমস্যা উদ্ভৱ হোৱা বুলি সিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে, আৰু এই উপৰ্সগৰ বাবে ৰোগীয়ে দ্ৰুত মৃত্যুক সাৱটি লব লগা হৈছে বুলিও তেঁওলোকে প্ৰকাশ কৰিছে।

নিউৰ্য়কৰ এখন সিকিৎসালয়ৰ জ্যোষ্ঠ চিকিৎসক মক্কোয়ে সদৰি কৰা অনুসৰি চিকিৎসালয় খনত কিডনি ডায়েলছিছত তেজ গুট মৰা সমস্যা পোৱা গৈছে। তেজত গোটমৰাৰ বাবেই কোনো কোনো কৰ’না ৰোগী পেৰালাইছিছ হোৱা কথাও তেওঁ সদৰি কৰিছে। তেওঁ কৈছে যে কোভিড -19 ৰ ফলত সাধাৰণতে হাওঁফাওঁ আক্ৰান্ত হয়। কিন্তু এজন কম বয়সীয়া ৰোগীৰ ক্ষেত্ৰত ষ্ট্ৰোকেই প্ৰধান লক্ষণ বুলি কৈছে।

অন্যহাতে ফিলাডেলফিয়াৰ থমাচ জেফাৰ্চন ইউনিভাৰছিটি হস্পতালৰ ডাক্তৰ পাস্কাল জাব্বাৰেও কৰ’না ৰোগীৰ মাজত ষ্ট্ৰোকৰ লক্ষণ দেখা পোৱাৰ কথা সদৰি কৰিছে। তেওঁ লগতে এই ধৰণৰ লক্ষণ বৰ্তমানলৈকে কোনো ধৰণৰ ভাইৰাচৰ সংক্ৰমনত দেখা পোৱা নাই বুলি সদৰী কৰিছে ।

বৰ্তমান এই ভাইৰাছৰ সংক্ৰমনত বিশ্বত হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ বিপৰীতে কিন্তু একাংশ সুস্থ হৈ উঠিছে, অৰ্থাৎ কৰ’না বীজাণুক পৰাষ্ট কৰিবলৈ সক্ষম হৈছে।

আটাইতকৈ  সন্তোষ জনক কথাটো হল অসমৰ যি কেইজন ৰোগী আক্ৰন্ত হৈছিল তাৰে ১৪ জনৰ মৃত্যুৰ হোৱাৰ বিপৰীতে বাকী সকলোৱে ইতিমধ্যে এই ভাইৰাছক পৰাজিত কৰাৰ পথত আগবাঢ়িছে। গতিকে মান, মোগলে যিদৰে পৰাজয় বৰন কৰিছিল অসমত, ঠিক সেই দৰে এই বিদেশী ভাইৰাচ নৱেল কৰ’নাও এদিন পৰাজিত হব। আমাৰ অসমীয়া মানুহৰ লগতে ভাৰতীয় প্ৰতিজন নাগৰিক সুৰক্ষিত থাকিব এইয়া আমাৰ সকলোৱে আশা। তাৰ বাবে আমি সাৱধান থাকিব লাগিব। সজাগ  আৰু সচেতন হব লাগিব।
সজাগ হওক সুস্থ থাকক।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here