আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন? এক ভয়াবহ সামাজিক ব্যাধি!

0
what-is-depression
Depression কি? আত্ম হত্যা কিয় কৰে? Depression এক গুৰুতৰ মানসিক বেমাৰ। প্ৰতি মূহূত্বত বিশ্বত ১৯ মিলিয়ন যুৱক Depression ৰ চীকাৰ হয়!

আত্ম হত্যা কিয় কৰে! ইয়াৰ বাবে দায়ী কোন?
এক ভয়াবহ সামাজিক ব্যাধি
আত্ম হত্যা!

বৰ্তমান সময়ত প্ৰত্যাহ্বান স্বৰূপ হৈ পৰা এটা সমাজিক ব্যাধি আত্ম হত্যা! অৰ্থাত আত্ম হনন, স্ব হত্যা। কিয় সংকটজনক ভাৱে বৃদ্ধি হৈ গৈছে এনে ধৰণৰ হতাশা, যাৰ বাবে বাঢ়িছে আত্মহত্যাৰ প্ৰৱনতা। ইয়াৰ বাবে কোন জগৰীয়া, কেনে দৰে ইয়াক আমি ৰোধ কৰিব পাৰিম। এই সকলোবোৰ বিষয়ে আজি আমি আলোচনা কৰিম।

আজি দুটা বছৰৰ আগতে ঢকুৱাখানা মহকুমাৰ এখন মহাবিদ্যালয়ৰ এজন ছাত্ৰই শিক্ষকে প্ৰদান কৰা এক লঘু দণ্ডৰ পৰিপেক্ষিতত আত্ম হননৰ পথ বাছি ললে। কেই দিন মানৰ আগত এগৰাকী যুৱতীয়ে নিজৰ পেমাস্পদৰ আত্ম হত্যাৰ পৰিপেক্ষিতত নিজেও ৰেলৰ আগত জপিয়াই আত্ম হত্যা কৰিলে। পৰীক্ষাত ভাল ৰিজাল্ট কৰিব নোৱাৰি এগৰাকীয়ে কৰিলে স্ব হত্যা! থিক একেদৰে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত সহায়কে আত্ম হত্যা কৰা চাৰি দিনৰ পিছতেই প্ৰতিশ্ৰুতি সম্পন্ন বলিউদৰ উদীয়মান অভিনেতা সুশান্ত সিং ৰাজপুতেও চিৰদিনৰল বাবে নোমোৱাই পেলালে নিজৰ জীৱনৰ জ্যোতি। এই খবৰ বোৰে নিশ্চত ভাৱে সভ্য সমাজৰ মানুহ বোৰক এবাৰ হলেও ভাৱিবলৈ বাধ্য কৰাইছে।

কিয় এই হতাশা! কিয় এই কঠোৰ সিদ্ধান্ত! কিমান মানসিক আঘাট পালে, কিমান হতাশাই আৱৰি ধৰিলে নিজকে শেষ কৰি দিব পাৰে এজন মানুহে। কৰ পৰা গঢ়ি উঠে জীৱন যুদ্ধত পৰাজয় বৰণ কৰি নিজকে শেষ কৰা মানসিকতা? তাৰ বাবে দায়ী কোন ??

বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি ৪০ চেকেণ্ডত বিশ্বত এজন ব্যক্তিয়ে আত্ম হত্যাৰ পথ বাছি লয়, অৰ্থাত বছৰত ৮০০০০০ মানুহে আত্ম হত্যা কৰে ।

ভাৰত বৰ্ষত প্ৰতি ঘন্টাত এজন ছাত্ৰই আত্ম হত্যা কৰে!

নেচনেল ক্ৰাইম ৰিপৰ্ট বিউৰৰ তথ্য অনুসৰি ২০১৬ বৰ্ষত ৯,৪৭৮, ২০১৭ বৰ্ষত ৯,৯০৫ জন আৰু ২০১৮ বৰ্ষত ১০,১৫৯ জন ছাত্ৰই আত্মহত্যা কৰিছে। গতিকে সংকট জনক ভাৱে ভাৰতত আত্ম হত্যাৰ হাৰৰ প্ৰতি বছৰতে বৃদ্ধি হৈ হৈ গৈ আছে।

লেনচেট নামৰ সাময়িক পত্ৰিকাখনৰ এক গৱেষণাৰ তথ্য অনুসৰি মৃত্যুৰ কাৰণ হিচাপে ভাৰতত আত্ম হত্যাৰ স্থান নৱম।

কেৱল ২০১৬ বৰ্ষত ২,৩০,৩১৪ টা আত্ম হত্যাৰ ঘটনা সংঘটিত হৈছে। আমি যদি লক্ষ্য কৰো ১৯৯০ চনৰ পৰা ২০১৬ চনৰ ভিতৰত আত্মহত্যাৰ হাৰ আশংকাজনক ভাৱে ৪১.১ শতাংশ বৃদ্ধি হৈছে। ১৯৯০ বৰ্ষত আত্ম হত্যাত মৃত্যুৰ সংখ্যা আছিল ১.৬৮ লাখ আৰু ২০১৬ বৰ্ষত ২.৩০ লাখ। গতিকে ই নিশ্চিত ভাৱে ভাৰতৰ বাবে এটা শংকাজনক বিষয়।

ইতিমধ্যে বহু বিশেষজ্ঞই দাবী কৰিছে যে ভাৰতৰ বাবে আত্ম হত্যা এক জনস্বাস্থ্য সংকট আৰু অনতি পলমে ইয়াৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰাটো প্ৰয়োজন।

১৯৯৯ৰ পৰা ২০০৩ বৰ্ষৰ ভিতৰত ২৭,৯৯০ জন ছাত্ৰই নিজৰ জীৱন শেষ কৰি দিছে। ২০০৪ৰ পৰা ২০০৮ ৰ সময় খিনিত ২৮,৯১৩ জনে ২০১৩-২০১৮ ৰলৈ এই ৫ বছৰত ২৬ শতাংশ বৃদ্ধি হৈ ইয়াৰ সংখ্যা হলগৈ ৪৬,৫৫৪ হাৰ্ভাড মেডিকেল স্কুলৰ এক তথ্য অনুসৰি এজন লোকৰ আত্ম হত্যাৰ ফলত তাৰ পৰিয়ালৰ কমেও ৬ জন লোক মানসিক ভাৱে বিধস্ত হব পাৰে। আৰু এই পৰিয়ালৰ লোক সকলৰ মাজত মানসিক অৱসাদ আৰু লগতে সংকটজনক অৱস্থাত বা যিকোনো কঠিন পৰিস্থিতি সৈতে সন্মুখিন হোৱাৰ সময়ত আত্ম হত্যাৰ কথা ভাৱে।

পুৰুষৰ তুলনাত মহিলাৰ মাজত আত্ম হত্যাৰ প্ৰৱনতা বেছি দেখি পোৱা গৈছে!

মহিলা সকলৰ মাজত দেখা দিয়া কিছুমান সমস্যা যেনে অৱসাদ, দুশ্চিন্তা, দৈহিক তথা শাৰীৰিক সমস্যা আদিৰ বাবে হতাশগস্ত হৈ আত্ম হত্যা কৰাৰ প্ৰৱনতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। লেনচেট নামৰ সাময়িক প্ৰত্ৰিকাখনৰ গৱেষণাৰ তথ্য অনুসৰি বিশ্বত আত্ম হত্যা কৰা প্ৰতি ৫ গৰাকী মহিলাৰ ২ গৰাকী ভাৰতীয় বুলি কোৱা হৈছে।

মহিলাৰ সকলৰ মাজত মনসিক সমস্যাৰ প্ৰধান কাৰণ সমূহ হল যৌথ পৰিয়াল, কম বয়সত বিয়া হোৱা, অবিবাহিত বা অপত্যাশিত ভাৱে মাতৃত্বৰ বোজা বহন কৰা, ৰ্কমসমস্থাপন হীনতা, বিভিন্ন ধৰণৰ অবাঞ্চিত মানসিক সমস্যা আদি।

আটাইতকৈ দুখজনক কথাটো হল এগৰাকী মহিলাৰ যেতিয়া এই Depression ৰ লক্ষন সমূহ প্ৰকাশ পায় তেতিয়া মহিলা গৰাকীৰ এই সমূহ লক্ষণৰ প্ৰতি পৰিয়ালৰ লোকে বেছি গুৰুত্ব প্ৰদান কৰা দেখা নাযায়। যাৰ বাবে মহিলাৰ মানিক স্বাস্থ্যৰ ব্যাপক ক্ষতি হয়। ফলত মানসিক অৱসাদ আৰু পোষ্ট ট্ৰমটিক ষ্ট্ৰেচ ডিজিজ (PTSD) ৰ দৰে বেমাৰৰ স্বীকাৰ হয়, যি মহিলাৰ গৰাকীৰ মনত আত্ম হত্যাৰ প্ৰৱনতা প্ৰৱল কৰি তুলে, আত্ম হত্যাৰ মুখলৈ থেলি দিয়ে।

এক তথ্য অনুসৰি ২০১৬ বৰ্ষত সমগ্ৰ বিশ্বৰ সৰ্বমূঠ ২,৫৭,৬২৪ গৰাকী মহিলাই আত্ম হত্যা কৰিছিল, ইয়াৰে ৩৭ শতাংশ অৰ্থাৎ ৯৪,৩৮০ গৰাকী মহিলা ভাৰতীয়। লেনচেত নামৰ সাময়িক পত্ৰিকা খনৰ প্ৰতিবেদন তথ্য অনুসৰি ১৫ ৰ পৰা ৩৯ বছৰ বয়সীয়া মহিলা সকলৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হল আত্ম হত্যা আৰু ইয়াৰে ভিতৰত বিবাহিত মহিলাৰ সংখ্যা অধিক দেখা গল।

অন্যহাতে ভাৰতত বৰ্তমান যুৱ সমাজৰ মাজত যি হাৰত আত্ম হত্যাৰ প্ৰৱনতা বৃদ্ধি হৈছে এই বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। ভাৰতত ৫০ শতাংশতকৈ বেছি জনসংখ্যা বয়স ২৫ৰ তলত। ২০১৬ বৰ্ষত মূঠ ১,৪৫,৫৬৭ জন ১৫ পৰা ৩৯ বছৰৰ বয়সীয়া যুৱকে আত্ম হত্যা কৰি নিজৰ জীৱন শেষ কৰি দিছে।

এই যুৱক সকলে আত্ম হত্যা কৰা মূল কাৰণ আছিল পাৰিবাৰিক অশান্তি, পৰীক্ষাৰ ফলাফলৰ অসন্তুষ্টি, প্ৰেম জনিত সমস্যা, বিদ্যালয়ৰ মহাবিদ্যালৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা, ক্ৰুতি জনক কৰ্মজীৱন নিৰ্বাচন বা ক্ৰুটি পূৰ্ণ পেছাগত সমস্যা, কিছুমানৰ ব্যক্তিগত সম্পৰ্কৰ ভুল বুজা বুজি, মাদক দব্য প্ৰতি আসক্তি আদি।

সমগ্ৰ বিশ্বৰ যিমান লোকে আত্ম হত্যা কৰে তাৰে ২৩.৪ শতাংশ ভাৰতীয়। ইয়াৰ মূল কাৰণ হল মানসিক ৰোগৰ সম্পৰ্কে সাধাৰণ ধাৰণা নথকাৰ বাবে ইয়াৰ চিকিৎসা গ্ৰহন নকৰা বা যি সকলৰ ইয়াৰ ওপৰত নূন্যতম ধাৰণা আছে। তেখেঁত সকলে সমাজত হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়তো বিষয়টো গোপনে ৰখাৰ বাবে চেষ্টা কৰে। যাৰ বাবে ৰোগ বছৰ বছৰ ধৰি থকাৰ ফলত এদিন ইয়াৰ পৰিণতিত আত্ম হত্যা দৰে সমস্যা স্বীকাৰ হব লগা হয়।

আত্ম হত্যা বাবে দায়ী কোন?

এই আত্ম হত্যাৰ মূল কাৰণ হল মানসিক অৱসাদ বা উদ্যম হীনতা। এই মানসিক অৱসাদ বা DEPRESSION কৰ পৰা সৃষ্টি হয়। ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যা, ই কেৱল এটা সন্তেকীয়া মনৰ বেদনা নহয়, যেনেদৰে আমি মনত কেতিয়াবা দুখ অনুভৱ কৰো, আমাৰ দুখ লাগে, বিষন্ন হৈ পৰো, DEPRESSION এনেকুৱা ধৰণৰ সমস্যা নহয়। পৃথিবীত আটাইতকৈ কমন মানে সাধাৰণতে দেখা বস্তুতোৱেই হল দোখ।

যিকোনো সময়তে, যিকোনো কাৰণতে আমি দুখিত হব পাৰো আৰু তাৰ লগে লগে DEPRESSION ও এটা সচৰাচৰ সমস্যা। DEPRESSION তাক কোৱা হয়, যেতিয়া আমাৰ মনত অনুভব হোৱা দুখ কেতিয়াও সমাপ্ত হব নিবিছাৰে। দিনৰ পিছত দি মাহৰ পাছত মাহ ধৰি একেটা দুখেই মানুহ জনক আছন্ন কৰি ৰাখে, তেনে সমস্যা DEPRESSION বুলি কোৱা হয়। আৰু আপোনালোকে চাব যেতিয়া এজন মানুহৰ কোনো ধৰণৰ কামৰ প্ৰতি গুৰুত্ব নাথাকে, নিজকে সদায় অকলশৰীয়া অনুভৱ কৰে, মানুহৰ সৈতে মিলা মিছা কৰিব নোখোজে, জীৱনৰ যেন সকলো উদ্যেম হেৰুৱাই পেলায়।

কম বয়সীয়া যুৱক সকলৰ মাজত এই সমস্যা বহু বেছি দেখিবলৈ পোৱা গৈছে। বৰ্তমান মূহূৰ্ত্বত বিশ্বত প্ৰায় ১৯ মিলিয়ন যুৱক এই depression সৈতে যুজি আহিছে। মানে প্ৰতি মূহুত্বত ১৯ মিলিয়ন কম বয়সীয়া যুৱক depression ৰ স্বীকাৰ হৈ আছে।

Depression ৰ স্বীকাৰ হোৱা যুৱক যুৱতীৰ বিভিন্ন লক্ষণ দেখা দিব পাৰে। যেনে খাবলৈ মন নকৰা বা অত্যাধিক খাদ্য খোৱা, দিন ৰাতি শুই থাকিব বিছৰা বা একেবাৰে টোপনি নহা, অত্যন্ত ভাগৰুৱা অনুভৱ কৰা, আশাহীন, উদ্যমহীন,সৰু সৰু কথাতে বহুত খংকৰা, মানসিক অন্ত দণ্ডত ভুগা, দেহত, বুকুত যেনি তেনি বিষ অনুভৱ কৰা, হাত ভৰিত কেম্প হোৱা, সিৰা মূৰী ধৰা, হজমী শক্তি বিসংগতি হোৱা আদিৰ লগতে মনলৈ আত্ম হত্যাৰ বেয়া চিন্তা অহা depression ৰ লক্ষণ। এই বোৰ লক্ষণ বা চিন্তা যদি কিছুমুহূৰ্ত্বৰ বাবে আহে তাক depression বুলি কোৱা নহয়। কিন্তু ই যদি ক্ৰমাগত ভাবে বাহি গৈ থাকে তেতিয়া তাক depression বুলি কোৱা হয়। ই এক মানসিক বিসংগতি। ই এক মগজুৰ বেমাৰ, ইয়াৰ সুন্দৰ চিকিৎসা আছে। যদি এই সমস্যাত ভুগে তেনে হলে আপোনালোকে মনোৰোগ বিশেষজ্ঞৰ কাষ চাপি এই সমস্যাৰ পৰা সহজতে হাত সাৰিব পাৰে। নহলে ওচৰৰ অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰি এই সমস্যাৰ পৰা সহজতে মুক্ত হব পাৰে।

Depression ৰ বাবে দায়ী কোন?

বৰ্তমান ব্যস্ততাৰ্পূণ জীৱনত যান্ত্ৰিকতাৰ ধামসুমীয়াত মানুহে ইমানেই ব্যক্তি কেন্দ্ৰিক হৈ পৰিছে যে মানুহ সামাজিক প্ৰাণী হলেও মানুহৰ সামাজিক দায়বদ্ধতা নোহোৱা হৈ গৈছে। কেৱল অজস্ব ধন সংগ্ৰহ কৰি ব্যক্তিগত শুখ সমৃদ্ধি আহৰণ কৰাৰ প্ৰতিযোগিতাত আজি যেন আমি বৰ্ত্তি হৈ গৈছো।

শিশু এটি সোনোৱালী শৈসৱৰ মাদকতা ম্লান কৰি ৩ বছৰ মান বয়স হবলৈ পালে কি নাই পিঠিত কিতাপ বহীৰ এটা বোজা দি পঠাই দিছো নাৰ্চাৰী স্কুললৈ। শিশুটিক পখিলা খেদাৰ বয়সত আমি মগজুত থেলি হেঁচি সোমোৱাই দিছো ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ সপোন। আমি অভিভাৱক বোৰে নিজৰ শিশুটিক মন্ত পাঠ কৰাইছো ৰাতিপূৱাৰ পৰা গধূলিলৈকে – বেটা ডাক্তৰ হব লাগিব, ইঞ্জিনিয়াৰ হব লাগিব, আট্টালিকা বনাব লাগিব, ৰাজ প্ৰসাদ বনাব লাগিব। অফিচাৰ হব লাগিব কোটি কোটি টকা আহৰণ কৰি বৃত্ত শালী হব লাগিব।

কিন্তু আমি কেতিয়াও দেশৰ ভৱিষ্যত এই শিশু-ছাত্ৰ সকলক কৈছোনে- বেটা আজি তুমি যাৰ অন্ন খাই জীয়াই আছা তাৰ এদিন ধাৰ খুজাব লাগিব দেশৰ লক্ষ লক্ষ কৃষক, বনুৱা, হালুৱা, হজুৱা যি আমাক জীয়াই ৰাখিছে যি ৰাষ্ট্ৰ নিৰ্মাণত নিজেই লঘোনে থাকিও সহায় কৰি আহিছে, এই সকল দুখীয়া-দৰিদ্ৰ মানুহৰ বাবে সেৱা আগবঢ়াব লাগিব, ডাঙৰ মানুহ হৈ সমাজৰ লক্ষ্য লক্ষ্য নিপীড়িত জনতাৰ মংগলৰ বাবে কাম কৰিব লাগিব। দেশত চলা অন্যায় অবিছাৰ, অনিয়মৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। আমি সকলোৱে যিমান পাৰো নিজৰ সন্তানক এই বাস্তব সত্যাৰ পৰা দূৰৈত অৱস্থান কৰাইছো। আমি আমাৰ সন্তানক পাখি ভঙা চৰাই দৰে কৰি তুলিছো। সিঁহতক শৈশৱ, কৈশোৰতে দূৰ্দান্ত সাহসী কৰি তুলাৰ বিপৰীতে পিতৃ মাতৃৰ মৰমৰ আচলৰ আৱেস্তনীত ভৰাই ৰাখি কঠিন পৰিস্থিতিত মূৰ দাঙি থিয় দিব নোৱাৰা, মনোবল হীন ভীৰু বনাই তুলিছো। যাৰ পৰিণতিত প্ৰতি বছৰে আজি দেশৰ শ শ দেশৰ ভৱিষ্যত যুৱ প্ৰজন্মই depression ৰ স্বীকাৰ হৈ আত্ম হত্যা কৰিবলৈ বাধ্য হয়।

দেশত চলা ব্যপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ পৰিপেক্ষিতত দেখা দিয়া দৰিদ্ৰতা ফলতো আজি হাজাৰ হাজাৰ কৃষকে আত্ম হত্যা কৰিবলৈ বাধ্য হৈছে। অন্যহাতে বছৰ বছৰ ধৰি ঋণৰ বোজাই কোঙা কৰা দৰিদ্ৰ লোকেও আজি depression স্বীকাৰ হৈ আত্ম হত্যাৰ দৰে পথ বাছি লব লগা হৈছে। এই সমস্যা ওপৰত সজাগতা সৃষ্টি কৰাটো আজি অত্যন্ত প্ৰয়োজন হৈ পৰিছে।

আত্ম হত্যাই একমাত্ৰ সমস্যাৰ সমাধানৰ পথ নেকি?

পৃথিৱীত সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ আমি মানুহ। এই কাৰণেই আমাক জীৱ শ্ৰেষ্ঠ বুলি কুৱা হয়, আমাৰ নিজৰ বিছাৰ আছে, চিন্তা শক্তি আছে। বিবেক আছে। সকলো সমস্যা সমাধান কৰিব পৰাকৈ আমাৰ শক্তি আছ। কিন্তু সমস্যা সমূহৰ সৈতে সন্মুখীন হোৱাৰ বিপৰীতে পলায়ন কৰাতো কেতিয়াও আমাৰ লক্ষ্য হব নোৱাৰে। দেশৰ যিসকল যুৱক আজি মানসিক অন্ত দণ্ডত ভূগি আছে, হতাশাত ভূগি আছে সকলোৱে এবাৰ কথাবোৰ ভাৱক। আমি বহু পূণ্যৰ ফলত মানৱ জীৱন লাভ কৰিছো। যাক আমি মানব সম্পদ হিচাপে অভিহিত কৰো। গতিকে আমি নিজৰ বাবে জীয়াই নাথাকি আমাৰ এজন ব্যক্তিৰ বাবে সমাজৰ ১০ জন ব্যক্তি উপকৃত হয় তাতে জীৱনৰ মাদকতা।

জীৱন সুন্দৰ, মধুময়। জীৱনৰ সকলো বোৰ দুখৰ অন্তত অহা শুখৰ অনুভূতি অন্যন্য। জীৱন দীঘলীয়া কিন্তু কোনো ধৰণৰ দুখেই দীৰ্ঘাস্থায়ী নহয়। ক্ষণস্থায়ী। জীৱনলৈ যিমানে দূৰ্যোগ নাহক কিয় সকলো সন্তেকীয়া, কেৱল আমি ধৰ্য্য আৰু সাহসেৰে এই সমস্যাবোৰৰ সন্মুখীন হবলৈ নিজকে প্ৰস্তুত কৰি লব লাগে।

আমি যদি সকলোৱে সকলোৰ বাবে, এখন সুন্দৰ সমাজৰ বাবে, এখন শক্তিশালী দেশৰ বাবে জীয়াই থাকো তেনে হলে জীৱনত যিমানেই দোখ নাহক কিয়, যিমানেই পাৰ ভঙা ধুমূহা নাহক কিয় কেতিয়াও এই depression নামৰ শত্ৰুৱে আমাক পৰাভূত কৰিব নোৱাৰে। আহক আমি সকলোৱে হাতে হাত ধৰি এখন সুন্দৰ সমাজ, এখন শক্তি শালী দেশ নিৰ্মাণৰ বাবে আগুৱাই যাওঁ।

অৰ্পণা ফুকন দাস।
দিব্ৰুগড়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here