দুটা বেলেগ বেলেগ কোভিড ভেক্সিন ললে কি হব?

0
ovaxin

দুটা বেলেগ বেলেগ কভিড ভেকচিন ললে কি হ’ব? মানুহ মৰিব নেকি?

ব্যাপক ভাৱে চৰ্ছাত থকা এটা বিষয়। কোভিড ভেকচিন। সমগ্ৰ দেশতেই যিহেতু ১৩০ কোটি জনতাক ভেকচিন প্ৰদান কৰিবলগা হৈছে। এই কৰোনাৰ সংক্ৰমনৰ পৰা বাছিবৰ বাবে এক মাত্ৰ অস্ত্ৰ ভেকচিন। তাৰ বাহিৰে যিহেতু আমাৰ হাতত বিকল্প নাই। গতিকে আমি যিকোনো প্ৰকাৰে ভেকচিন লবই লাগিব।

ovaxinএটিয়া কথা হ’ল কি, সমগ্ৰ দেশৰ জনতাক যোৰাব পৰাকৈ যিহেতু ভেকচিনৰ অভাৱ। গতিকে এনেকুৱা অৱস্থা এটাৰ সৃষ্টি হৈছে যে এবাৰ এজন ব্যক্তিক কভেক্সিন দিলে প্ৰথম ডজটো, আৰু দ্বিতীয় ডজটো কভিছিল্ড দিলে। কি হ’ব ব্যক্তিজনৰ ?  ব্যক্তিজনৰ কি হ’ব তাৰ ওপৰতে আজি আমি কথা পাতিম।

আপোনালোকে জানে বৰ্তমান সময়ত আমাৰ হাতত থকা যি ভেকচিন covaxin বা covishield’s যিয়েই নহওঁক  ইয়াৰ ২ টা ড’জ লব লাগিব। প্ৰথম ড’জটো আপোনি ধৰক কভিচিল ল’লে আৰু দ্বিতিয় ড’জটো লৈল’লে কভাক্সিন। তেতিয়া কি হ’ব মই এটা উদাহৰণ দিব খুজিছো, মহাৰাষ্ট্ৰৰ এখন জিলাত এজন ব্যক্তিক দুবাৰত দুটা বেলেগ প্ৰকাৰৰ ভেকচিন দি দিলে। প্ৰথম covaxin দিলে আৰু দ্বিতীয় ড’জটো দি দিলে covishield’s আৰু তেওঁক নিৰিক্ষণত ৰখা হ’ল। তেখেঁতৰ পৰিয়ালে জনোৱাৰ মতে তেখেঁতৰ কিছু সমস্যাই দেখা দিলে কিন্তু ইমান সাংঘাটিক ভাৱে বিশেষ কোনো ধৰণৰ অসুবিধা হোৱা পৰিলক্ষিত হোৱা নাই। এলাৰ্জী, মূৰৰ বিষ আদি সমস্যা হ’ল।

আচলতে এনে ধৰণৰ ভুল কৰিব নালাগে। কাৰণ আমাৰ দেশত এই সম্পৰ্কত যিহেতু কোনো ধৰণৰ গৱেষণা এতিয়াওঁ হোৱা নাই। গতিকে প্ৰথম যিটো ড’জ লৈছে দ্বিতীয় ড’জো সেইটোৱেই লব লাগে।

ইতিমধ্যে ইউকেত বেলেগ বেলেগ ভেকচিন প্ৰয়োগ কৰি এক অধ্যয়ন চলোৱা হৈছিল। ইউকে চৰকাৰ আৰু অক্সফড ইউনিভাৰচিটিয়ে com-cov নামাৰে এক অধ্যন চলাইছিল পৃথক ভেকচিন একোজনকৈ ব্যক্তিক প্ৰদানৰ বাবে।

প্ৰথম ড’জটো তেওঁলোকে প্ৰদান কৰিলে astrazeneca ই প্ৰস্তুত কৰা ভেকচিন যিটো আমাৰ covishield’s আৰু দ্বিতীয়টো প্ৰদান কৰিলে Pfizer bio-tech য়ে প্ৰস্তুত কৰা ভেকচিন। আৰু দেখা গল যে যিসকলক এই বেলেগ বেলেগ ভেকচিন দিয়া হ’ল সেইসকলৰ ক্ষেত্ৰত যি প্ৰভাৱ সেইয়া কিন্তু ব্যাপক দেখিবলৈ  পোৱা গল।

এনেকুৱা নহয় যে বহুত বেছি সাংঘাটিক ধৰণৰ প্ৰাণঘাটী কিবা হৈছে বা স্বেচ্ছাসেবী ভেকচিন গ্ৰহণকাৰী সকলৰ মৃত্যু হল। কিন্তু স্বাভাৱিকতে যিসকলে একেটা ধৰক covishield’s লৈছে আৰু দ্বিতীয় ড’জটো covishield’s লৈছে তেওঁলোকৰ ভেকচিনৰ যি প্ৰভাৱ তাৰ তুলনাত দুটা বেলেগ বেলেগ ড’জ লোৱা স্বেচ্চাসেৱী সকলৰ ব্যাপক প্ৰভাব দেখা গল।

ovaxinসাধাৰণতে ভেকচিন লোৱাৰ পাছত কি হয় – অলপ জ্বৰ জ্বৰ লগা বা জ্বৰ হোৱা, ভাগৰ লগা, গাৰ বিষ বা গাঁঠি গাঁঠি বিষ হোৱা এনেধৰণৰ সাধাৰণ লক্ষণ কিছুমান ভেকচিন লোৱা সকলোৰে দেখা যায়।

কিন্তু যিসকলক বেলেগ বেলেগ ভেকচিন দিয়া হ’ল সেইসকলৰ মাজত এই সমস্যা বেছি দেখা গল।

১০ শতাংশ ছেচ্ছাসেৱীৰ মাজত সাংঘাটিক অৱসাদ, দুৰ্বলতা বা এই শাৰীৰিক সমস্যা সমূহৰ ব্যাপক প্ৰভাব দেখা গল। গতিতে বেলেগ বেলেগ ভেকচিন লোৱা সকলৰ সমস্যা অত্যাধিক হ’ব পাৰে।

যোৱা বুধবাৰে লেনচেট নামৰ আলোচনী খনত প্ৰকাশপোৱা এক তথ্য অনুসৰি এই প্ৰভাৱ ৬০ বছৰৰ ওপৰৰ লোকসকলৰ ক্ষেত্ৰত দেখা পোৱা নাযায় বুলি উল্লেখ কৰিছে।

এতিয়া হয়টো আপোনালোকে জানিব বিছাৰিব যে দুটা বেলেগ প্ৰকাৰৰ ভেকচিন লব নে নলব। চাওঁক যিহেতু ভাৰতত ইয়াৰ কোনো গৱেষণা এতিয়ালৈকে হোৱা নায়। গতিকে লোৱাটো বাঞ্চনীয় নহয়।

বৰ্তমান uk  ফ্ৰান্স আদিত ইয়াৰ গৱেষণা চলি আছে। গতিকে আমাৰ দেশত যদি আপোনালোকে covaxin লৈছে covaxin ই লওঁক  আৰু covichield’s লোৱা সকলে covichield’s এই লোৱাটো মংগল জনক।

DR.HARIKANTA DAS

LEAVE A REPLY

Please enter your comment!
Please enter your name here