What is black fungus in human?

0
What-is-black-fungus-in-human?

ব্লেক ফাংগাছ

ভয়াৱহ অতিমাৰী কৰোনাই সমগ্ৰ বিশ্বক সন্ত্ৰাসীত কৰি ৰখাৰ সময়তে অন্য এক ভয়াৱহ সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে। এইবাৰ এবিধ ক’লা ভেঁকুৰে সৃষ্টি কৰিছে সংকট। ইতিমধ্যে এই ক’লা ভেঁকুৰ বা ব্লেকফাংগাছে মহাৰাষ্ট্ৰত চাৰি হাজাৰতকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে। আমাৰ অসমতো এই ক’লা ভেঁকুৰৰ সংক্ৰমণত এজন যুৱক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। গতিকে আমি আজি কথা পাতিম এই ক’লা ভেঁকুৰৰ বিষয়ে।

কি এই ক’লা ভেঁকুৰ?
কিয় হয়?
কাৰ হোৱাৰ সম্ভাৱনা থাকে?
কেনেকৈ প্ৰতিৰোধ গঢ়িব এই ক’লা ভেঁকুৰ ৰোধিবলৈ।

এই বিষয়েও আলোচনা কৰিম।

What-is-black-fungus-in-human?কৰোনাৰ সংক্ৰমনৰ সমান্তৰালকৈ ব্যাপক চৰ্চাত থকা বৰ্তমানৰ গুৰুত্বপুৰ্ণ বিষয়টোৱে হ’ল mucormycosis বা ক’লা ভেঁকুৰ। যি জনসাধাৰণক সন্ত্ৰাসিত কৰি ৰাখিছে। এই ক’লা ভেঁকুৰক সৰ্ব্বসাধাৰণতে অতি ভয়ানক বা প্ৰাণঘাটী ভেঁকুৰৰ শাৰীত অন্তৰ্ভূক্ত কৰা হৈছে। ই মিউকৰমাইচিটিছ ফেমেলিৰ পৰা অহা। ই আমাৰ পৰিৱেশ তন্ত্ৰৰ যিকোনো থাইতে থাকিব পাৰে। সাধাণতে ই বায়ুমণ্ডলত ভাঁহি থাকে আৰু উশাহত আমাৰ শৰীৰত প্ৰবেশ কৰে। যদি উশাহত আমাৰ নাকেৰে প্ৰবেশ কৰে তেতিয়া নাকৰ ওপৰৰ অংশত চাইনাছত থিতাপি লৈ লাহে লাহে হাওঁফাও আৰু বক্ষ গহ্বৰক ই সংক্ৰমিত কৰিব। যদি চাইনাচত লাগে তেনে হলে গোটেই চাইনাচ এৰিয়াটোত সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে।

প্ৰকৃত পক্ষে এই ব্লেক ফাংগাছৰ কোভিডৰ সৈতে সম্পৰ্ক থকা বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। কেবল কোভিড হলেহে যে ব্লেক ফাংগাছ হ’ব এনে ধৰণৰ কোনো বিষয় স্পষ্ট নহয় যদিও কিন্তু এটা কথা পোহৰলৈ আহিছে যে যিসকল লোক কৰোনাৰ পৰা পৰিত্ৰাণ পাইছে, সেইসকলৰ দেহত এই ক’লা ভেঁকুৰৰ সংক্ৰমণ অধিকমাত্ৰাত দেখিবলৈ পোৱা গৈছে।

চিকিৎসা বিশেষজ্ঞসকলৰ অভিমত অনুসৰি-

What-is-black-fungus-in-human?যি সকল লোকে ষ্টেৰয়েড জাতীয় ঔষধ গ্ৰহণ কৰে বা বিভিন্ন ৰোগৰ বাবে যি সকলে অধিক মাত্ৰাত ষ্টেৰয়েড জাতীয় ঔষধ গ্ৰহণ কৰিব লগা হয়, সেইসকলৰ যিহেতু জীৱনী শক্তি ক্ষয় হয় বা ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায়। তাৰ পৰিপেক্ষিতত ব্লেকফাংগাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি হয়।

ডায়েবেটিছ মেলিটাচ, টিবি, কেন্সাৰ, এইডছ আই ভি আদিৰ দ্বাৰা আক্ৰান্ত হোৱা ব্যক্তি সকলৰো যিহেতু ৰোগ প্ৰতিৰোধী ক্ষমতা কম হয়, তাৰ বাবে এই ব্লেক ফাংগাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি এই সমস্যা সমূহত ভূক্তভোগী লোকৰ COVID 19 হয়, তাৰ পিছত যদিও কোভিডৰ পৰা সুস্থ হৈ উঠে, তাৰ পৰৱৰ্তী সময়ত ব্লেক ফাংগাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনাও অত্যাধিক বৃদ্ধি হৈ যায়।

সময়মতে যদি এই ব্লেক ফাংগাছৰ চিকিৎসা কৰা নহয় তেনে হলে এই ভেঁকুৰে মৃত্যু ঘটোৱাটো সম্ভৱ।

কেনেকৈ জানিব আপোনি যে ব্লেক ফাংগাছৰ দ্বাৰা আক্ৰান্ত হৈছে?

প্ৰথম কথা হ’ল আমি সুক্ষ্ম ভাৱে ৰোগীক নিৰীক্ষণ কৰিব লাগিব। যদি মুখমণ্ডলৰ কিছু বিসংগতি ধৰাপৰে তেনে হলে গভীৰভাৱে নিৰিক্ষণ কৰাৰ প্ৰয়োজন। যদি কোভিডৰ পৰা আৰোগ্যহোৱাৰ পাছৰ সময়ত প্ৰচণ্ড মূৰৰ বিষ হয়, দৃষ্টিশক্তিৰ বিসংগতিয়ে যদি দেখা দিয়ে সাৱধাণ হ’ব লাগিব। যেনে আমাৰ সন্মুখত থকা বস্তুবোৰ ভালদৰে দেখি নোপোৱা বা কোনো এটা বস্তুৰ আধা অংশ দেখি নোপোৱা বা এটা বস্তু দুটা দুটা দেখাপোৱা আদি ক’লা ভেঁকুৰৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।

ব্লেক ফাংগাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে চকু ৰঙা পৰা

দৃষ্টি শক্তি সম্পুৰ্ণ ৰূপে লোপ পোৱা আদি সমস্যা হ’ব পাৰে।

What-is-black-fungus-in-human?সাধাৰণতে চকুৰ মনি একেবাৰে এঙাৰৰ নিছিনা ক’লা হৈ যাব পাৰে। লগতে মুখত চকুৰ তলত ফুলি উঠা,  নাকৰ চাৰিওফালে ফুলি উঠা, নাক বন্ধ হোৱা, নেকেৰে তেজ ওলোৱা, কপাল, চকুৰ পতা,  চেলাউৰি আদি ফুলি উঠাৰ লগতে মাঠা আৰু মুখমণ্ডলৰ যিকোনো এটা ফালে বিষ হ’ব পাৰে।

বুকুৰ বিষ, উশাহ-নিশাহত সমস্যা হব পাৰে। ইয়াৰ সঠিক চিকিৎস্যা নহলে গোটেই মুখমণ্ডলত সংক্ৰমিত হৈ একেবাৰে গোটেই আক্ৰান্ত অংগবোৰ চকু, নাক বা আক্ৰান্ত থাইবোৰ ক’লা কৰি পেলাব পাৰে। এই কাৰণেই ইয়াক ব্লেক ফাংগাছ বুলি কোৱা হৈছে।

এই ব্লেক ফাংগাছ নাকৰ জৰিয়তে আমাৰ মগজুত প্ৰবেশ কৰিব পাৰে। মগজুত যদি প্ৰবেশ কৰে তেনে হলে ৰোগীৰ ভুল বকা, স্মৃতি শক্তি লোপ পোৱা, স্নায়ু জনিত বিসংগতি যেনে হাত, মুখ বা যিকোনো অংগৰ অকামিলা হৈ পৰাৰ সম্ভাৱনা থাকে।

লগতে মানসিক ভাৰসাম্য হীনতাৰ সমস্যাও উদ্ভৱ কৰিব পাৰে। ই ইমানেই ভয়াৱহ যে প্ৰকৃত পক্ষে ই দাঁতত সংক্ৰমিত হৈ দাঁত একেবাৰে হুলুক- ধোলুক কৰি দাঁত সৰুৱাই পেলাব পাৰে।

সকলো কোভিড ৰোগীৰে এই মিউকৰমাইকছিছ হোৱাৰ ভয় থাকে নেকি?

What-is-black-fungus-in-human?আচলতে এনেকুৱা কোনো প্ৰমানিক তথ্য নাই, কিন্তু যিসকল কোভিড ৰোগী ভেন্টিলেটৰৰ সহায় লব লগা হৈছিল অতি জটিল সন্ধিক্ষণৰ পৰা উভতি আহিছে, দীঘলীয়া সময়ভেন্টিলেটৰত থকাৰ পাছত এনেবোৰ ৰোগী ব্লেক ফাংগাছৰ সংক্ৰমণৰ বাবে উপযোগী বুলি ধৰিব পাৰি।

দীঘলীয়া সময় ধৰি উচ্চমাত্ৰাত ষ্টেৰয়েড জাতীয় ঔষধ গ্ৰহণ কৰি থকা লোক, যাৰ ৰোগ প্ৰতীৰোধী ক্ষমতা একেবাৰে কমি গৈছে। তেনে লোক ব্লেক ফাংগাছৰ স্বীকাৰ হোৱাৰ সম্ভাৱনা থাকে।

যিসকল ডায়েবেটিছ ৰোগী দীৰ্ঘদিন অনিয়ন্ত্ৰিত বালাড চুগাৰৰ সমস্যাত ভূক্তভোগী। একেবাৰে চুগাৰ ৪০০/৫০০ দীৰ্ঘদিন ধৰি তেনে ৰোগী COVID-19 আক্ৰান্ত হৈছে। তেলে লোকৰ ব্লেক ফাংগাছৰ সংক্ৰমণৰ বাবে উপযোগী।

HIV, TB, কেন্সাৰ বা কেমোথেৰাপি আদি গ্ৰহণ কৰি থকা ৰোগী, ক্ৰনিক কিডনী ডিজিজ আদিত ভূক্তভোগী ৰোগী, যাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কম, তেনে ৰোগীৰ যদি কৰোনা হয় তেনে হলে সেইসকলৰ ব্লেক ফাংগাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিব পাৰে। হ’বই যে তেনে কোনো কথা নাই, কিন্ত হ’ব পাৰে। গতিকে এনে লোক সকলৰ বাবে অলপ সাৱধান হোৱাটো আৱশ্যক। আপোনালোকে কোনোধৰণৰ পেনিক হোৱাৰ প্ৰয়োজন নাই। এনেও আপোনালোকে দেখিছে প্ৰায় ৯০%- ৯৫% ৰোগী ঘৰতেই সুস্থ হৈ উঠিছে, হোমআইচোলেচনত।

যদি আপোনি ৫/১০ দিনৰ বাবে ষ্টেৰয়েড লৈছে তেনে হলে কোনো চিন্তাৰ কাৰণ নাই।

ডায়েবেটিছ কন্ট্ৰল আছে চিন্তাৰ প্ৰয়োজন নাই।

ঘৰতেই থাকি আপোনি covid 19 হৈছে চিন্তাৰ প্ৰয়োজন নাই।

যদি আপোনি ASYMPTOMATIC চিন্তাৰ কাৰণ নাই।

২ দিন ৩ দিনৰ বাবে ভেন্টিলেটৰত থকা লোকৰো সম্ভাৱনা একেবাৰেই কম। গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই।

যিসকলৰ সম্ভাৱনা থাকে তেওঁলোকে অলপ সাৱধান হলেই হ’ল। তেওঁলোকে চাব লাগে যদি মুখমণ্ডলৰ পৰিবৰ্তন ঘতে বা মুখমণ্ডলৰ কোনো থাই ফুলি উঠে, বা কোনো থাইত চকু, নাকৰ ওপৰ অংশত ক’লা দাগ সৃষ্টি হৈছে নেকি চাব লাগে। নাকেৰে বা কাণেৰে ক’লা পানী নিগৰিছে নেকি লক্ষ্য কৰিবলাগে, চকুৰ দৃষ্টি শক্তিৰ কিবা বিসংগতি বা মানসিক কিবা বিসংগতি হৈছে নেকি এইবোৰ লক্ষণ অলপ পৰ্য্যবেশন কৰিলেই হ’ল।

কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিবঃ-

What-is-black-fungus-in-human?১) কৰোনাৰ পৰা পৰিত্ৰান পোৱাৰ পিছতো ১৫ দিনলৈকে মাস্ক ব্যৱহাৰ কৰক। কোনো পৰিস্থিতিতে মাস্ক নুখুলিব কেৱল ভাত,  পানী খোৱাৰ বাহিৰে।

২) ঘৰৰ আচবাব, সামগ্ৰী চাফাই কাম নকৰিব। গছ-গছনি ফুলনি বাগিছা আদিত ছাফাই কাম নকৰিব। কাৰণ গছ-গছনিত এই ক’লা ভেঁকুৰ বেছিকৈ থকে।

৩) নিজেই শুৱা বিছনাচাদৰ, গাৰু লেপ-তুলি আদি নিয়মিয়াকৈ ৰ’দত দিয়ক। বাৰিষা বৰষুণৰ বতৰত পৰাপক্ষত যদি ঘৰত স্ত্ৰী আছে তেলে হলে বিছনাৰচাদৰ, গাৰু কভাৰ স্ত্ৰি কৰি লব পাৰে।

৪) যিসকলৰ ডায়েবেটিছ আছে ব্লাড চুগাৰ অনিয়ন্ত্ৰিত হৈ আছে নিয়ন্ত্ৰন কৰি ৰাখিবলৈ চেষ্টা কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here