থাইৰয়ড ৰোগ || thyroid home treatment.

0
থাইৰয়ড ৰোগ || thyroid home treatment.

থাইৰয়ড ৰোগ

বৰ্তমান সময়ত থাইৰয়েডৰ সমস্যা দ্ৰুত গতিত বৃদ্ধি হ’ব ধৰিছে। পুৰুষেই হওঁক বা মহিলাই হওঁক সকলোৱে এই বেমাৰত ভূক্তভুগি হোৱা দেখিবলৈ পোৱা গৈছে। সৰ্ব্বসাধাৰণতে চাবলৈ গলে এই থাইৰয়েড বহুত ভয়ঙ্কৰ বেমাৰো নহয়। কিন্তু যদি ইয়াৰ চিকিৎস্যা সঠিক সময়ত কৰোৱা নহয় ই মানুহৰ মৃত্যু ঘটাব পাৰে। লগতে এই থাইৰয়েডৰ সমস্যাই আমাৰ শৰীৰ একে বাৰে কাম নোহোৱা কৰি পেলোৱাৰ লগতে বিভিন্ন বেমাৰৰ ভাণ্ডাৰলৈ ৰূপান্তৰ কৰি পেলাব পাৰে। গতিকে এই এই লিখাটোত আজি আপোনালোকক অতি সহজ ভাৱে এই থাইৰয়েডৰ বিষয়ে অৱগত কৰিম।

এই থাইৰয়ড কি?
কেনেকৈ হয়?
থাইৰয়েডৰ ইয়াৰ লক্ষণ আৰু ইয়াৰ  ঘৰুৱা চিকিৎসাৰ বিষয়েও উল্লেখ কৰা হৈছে।
যাতে আপোনালোক সকলোৱে এই বেমাৰৰ পৰা বাছি থাকিব পাৰে। এই সমস্যা আমাৰ শৰীৰৰ ভিতৰতে উৎপন্ন হয়। বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহে বিভিন্ন কামৰ মাজত নিজৰ যত্ন লবলৈ আহৰি নাপায়। অনিয়মীয়া খোৱা লোৱা পৰীৱৰ্তীত জীৱন শৈলীৰ বাবেই এই বেমাৰৰ উৎপত্তি হয়। সেইবাবে আজি কালি এই সমস্যা দ্ৰুত গতিত বাঢ়িব ধৰিছে। এই বেমাৰ সাধাৰণতে মহীলাসকলৰ বেছি হোৱা দেখা গৈছে। আজি কালি এই বেমাৰ সৰু ল’ৰা-ছোৱালীৰো হোৱা পৰিলক্ষিত হৈছে।

 থাইৰয়েড আচলতে কি? 

থাইৰয়েড আচলতে ৰোগ নহয়। আমাৰ দেহৰ এটা গ্ৰন্থিৰ নাম। যাৰ বাবে এই ৰোগ হয়। ডিঙিৰ স্বাস নলীৰ ওপৰত আৰু স্বৰ যন্ত্ৰৰ দুয়োফালে আৱৰি থকা গ্ৰন্থিটোকে থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড গ্ৰন্থিটো ত্ৰিভূজ আকাৰৰ। ইয়াৰ পৰা হোৱা বেমাৰকো থাইৰয়েড বুলি কোৱা হয়। এই থাইৰয়েড এনে ৰোগ যি সম্পূৰ্ণ হৰমনৰ ওপৰত নিৰ্ভৰশীল।
আমাৰ থাইৰয়েড গন্থীয়ে শৰীৰৰ পৰা আইয়ডিন শোষণ কৰি ইয়াক তৈয়াৰ কৰে। আৰু এই থাইৰয়েড গন্থীৰ পৰা বিশেষ ভাৱে T3,T4 আৰু TSH উপন্ন হয়। যাৰ বাবে আমাৰ শৰীৰৰ মেটাবলিজিম সঠিক থাকে আৰু শৰীৰৰ কোষিকাসমূহ যাতে সঠিক ভাবে কাম কৰিব পাৰে তাৰ বাবে এই হৰমনে অত্যন্ত জৰুৰী হয়। যেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে আৰু আমাৰ শৰীৰৰত প্ৰয়োজন অনুযায়ী T3T4 আৰু TSH হৰমন যদি আৱশ্যক অনুযায়ী শৰীৰে যোগান নাপায় তেতিয়া থাইৰয়েডে বেমাৰ উৎপত্তি হয়। T3 T4 আৰু TSH হৰমনৰ সন্তুলন হীনতাৰ বাবেই শৰীৰত এই থাইৰয়েডে বেমাৰৰ উৎপত্তি হয়।

 থাইৰয়েড দুই ধৰণৰ হয়ঃ-

থাইৰয়ড ৰোগ
hypothyroidism আৰু hyperthyroidism. যেতিয়া hypothyroidism হয় তেতিয়া আমাৰ থাইৰয়েড গন্থীয়ে সঠিক ভাৱে কাম কৰিব নোৱাৰে। কাৰ্য প্ৰণালী বাধা প্ৰাপ্ত হয়। আৰু প্ৰয়োজনীয় হৰমন T3 T4 উৎপন্ন কৰিব নোৱাৰা হয়। Hyperthyroidism ত থাইৰয়েড গন্থীয়ে দ্ৰুত গতিত কাৰ্য কৰিবলৈ ধৰে আৰু T3, T4 হৰমন অধিক মাত্ৰাত উৎপন্ন কৰিবলৈ লয় আৰু TSH ৰ মাত্ৰা কমি যায়। বেছি ভাগ লোকৰ hypothyroidism ৰ সমস্যা হয়। এই দুই ধৰণৰ সমস্যাতেই স্বাস্হ্য ব্যাপক ক্ষতি হয়।

থাইৰয়েডৰ লক্ষণঃ- 

আৰম্ভনিতে এই বেমাৰে কোনো ধৰণৰ লক্ষণ দেখা পোৱা নাযায়। যেতিয়া লাহে লাহে ৰোগী বিভান্ন ধৰণৰ সমস্যা আৰম্ভ হবলৈ ধৰে তেতিয়াহে এই বেমাৰৰ লক্ষণ প্ৰকাশ হয়। কিন্তু এই লক্ষণ সমূহ কিবা সৰু সৰু সমস্যা বুলি মানুহে অৱহেলা কৰি থাকে। যাৰ বাবে এই বেমাৰ বৃদ্ধি হবলৈ সুবিধা পায়। সাধাৰণতে এই বেমাৰৰ লেখত লবলগীয়া গুৰুত্ব পূৰ্ণ লক্ষণ নাথাকে।

HYPOTHYROIDISM ৰলক্ষণ 

হৰ্থাৎ ওজন কমি যোৱা, এলাহ অনুভৱ কৰা, সহজতে ভাগৰুৱা অনুভৱ কৰা, কামত মন নবহা, ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱা, ভৰি ফোলা, খোজ কঢ়াত অসুবিধা পোৱা, শৰীৰত অত্যাধিক ঠাণ্ডা লগা, মাংসপেক্ষী আৰু অস্হিসন্ধিত বিষ হোৱা। কুষ্ঠ কাঠিন্যহোৱা, মুখ আৰু চকু শুকাই যোৱা, মাহেকীয়া অনিয়মীয়াত হোৱা, চাল শুকাই যোৱা আৰু চুলি সৰিৱলৈ ধৰা, সদায় মানসিক চাপত থকা, হতাশাত ভুগা, সামান্য কথাতে উত্তেজিত হোৱা স্বৰ ৰোক্ষ আৰু হুতা হৈ যোৱা এই সমুহ হাইপ থাইৰয়েডিজিমৰ লক্ষণ হয়।

HYPERTHYROIDISIM:-

ওজন হৰ্থা্ৎ কমি যোৱা, ভোক বৃদ্ধি হোৱা, অত্যাধিক ঘাম হোৱা, মাংস পেক্ষী কমযোৰ হৈ যোৱা, হাত ভৰি কপঁনি হোৱা, মানসিক চাপ আৰু হাৰ্টবিট বাঢ়ি যোৱা, টোপনি নহা আৰু বাকি সমূহ লক্ষণ দুইটাৰে একেই হয়।
এই সমূহ হল থাইৰয়েডৰ লক্ষণ আৰু থাইৰয়েডৰ পৰা হোৱা সমস্যা। এই সমূহ লক্ষণ বা অসুবিধা আপোনাৰ যদি হয়, তেনে হলে আপোনি নিশ্চিত হব যে আপোনাৰ থাইৰয়েডৰ সমস্যা হৈছে।

এতিয়া আহো থাইৰয়েড হোৱা কাৰণ সমূহলৈঃ-

সৰ্ব্বপ্ৰথমে খাদ্যত আয়ডিনৰ পৰিমান কম হোৱা বা অত্যাধিক হোৱা। অত্যাধিক মানসিক চাপত ভুগা, কিছুমান ঔষধৰ পাশ্বক্ৰিয়া বাবে, গৰ্ভাৱস্হাত শৰীৰত হৰমনৰ পৰিৱৰ্তণৰ হোৱা, চয়াবিন জাতীয় খাদ্য দব্য অধিক খোৱাৰ বাবে আৰু অধিক প্ৰদুষণৰ বাবেও থাইৰয়েডৰ সমস্যা হব পাৰে।

এতিয়া আহো চিকিৎসালৈঃ-

মই আগতেই কৈছো এই বেমাৰ এক সাধাৰণ বেমাৰ। আৰম্ভনিতে যদি আপোনি সময় মতে পুষ্টিকৰ খাদ্য খায়, নিয়মিত ব্যাম কৰে তেনেনহলে এই বেমাৰ নিজেই ঠিক হৈ যায়। তথাপিওঁ এই থাইৰয়েড সহজে ভাল কৰিব বাবে আপোনা লোকে ঘৰুৱা কিছুমান উপায় কৰিব পাৰে।
(১)ৰঙা পিয়াজঃ
অত্যন্ত ফলপসু। এটা ৰঙাপিয়াজ আধা কাটি ৰাতি শুবৰ সময়ত আপোনাৰ থাইৰয়েড গণ্ঠীৰ আশে পাশে মাচাজ কৰক আৰু নোধোৱাকৈ ৰাতি শুই যাওঁক। ইয়াৰ পৰা আপোনি যথেষ্ট উপকাৰ পাব।
(২)পুষ্টিৰ খাদ্যঃ-
ঘৰুৱা ভাৱে তৈয়াৰ কৰা পুষ্টিকৰ খাদ্য খাওঁক। বাহিৰৰ হোটেলৰ খাদ্য আৰু আনহাইজেনিক খাদ্য নাখাব। কেঁছা ধনীয়া, কেঁছা হালধী দিয়া গাখীৰ খাওঁক, পিয়াজ, বিলাহী, জালুক, অশ্বগন্ধা, সেউজীয়া শাক-পাচলী,গাজৰ আদি পুষ্টিকৰ খাদ্য খাব লাগে। নিতৌ ২ গিলাছ জাতিলাওঁৰ ৰস অথবা ফল মূলৰ ৰস খাব লাগে। নাৰিকলৰ পানী খাব। থাইৰয়েডৰ সমস্যা সোনকালে ভাল হব।

(৩)পানীঃ

দিনত কমেও ৩ লিটাৰ পানী খাওঁক। পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়।

থাইৰয়ড ৰোগ
(৪) ব্যায়ামঃ-
নিতৌ পোৱা কোমল ৰদত নিয়মীত ব্যায়াম কৰক। চাব যাতে ব্যায়াম কৰা সময়ত শৰীৰৰ পৰা ঘাম বাহিৰ হয়। লগতে অনুলোম বিলোম প্ৰণায়াম আৰু আসন কৰক। তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰণ হব। এই সমূহ ঘৰুৱা যতনৰ দ্বাৰা যদি আপোনাৰ থাইৰয়েডৰ সমস্যা আৰম্ভনি অৱস্থাত আছে তেনে হলে নিশ্চিত ভাবে সমস্যা সমাধান হব। যদি আপোনাৰ থাইৰয়েডৰ সমস্যা বহুত বাঢ়ি গল আৰু তাৰ বাবে আপোনি বহু সমস্যাত ভুগি আছে তেনে হলে আপোনি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক। আৰু সঠিক চিকিৎসা কৰাওঁক। মেডিচিনৰ লগতে এই সমূহ ঘৰুৱা উপায় অৱলম্বন কৰক। তেতিয়া থাইৰয়েড সহজে নিয়ন্ত্ৰণ হব। মনত ৰাখিব থাইৰয়েড হলে চাহ, কফি, সাগৰীয় মাছ, নিমখ, এলকহল,বনস্পতি ঘিঁ, ৰেডমিট আৰু অধিক আয়ডিন যুক্ত খাদ্য কেতিয়াও নাখাব। এই বোৰ পৰা থাইৰয়েড বৃদ্ধি হয়।
ডা.হৰিকান্ত দাস।
Dr Haris Homeopathic & Physiotherapy Clinic
Gogamukh Chariali, Gerukamukh Road.
ফোন নং- 9707722511

LEAVE A REPLY

Please enter your comment!
Please enter your name here