কুকুৰে কামুৰিলে কি কৰিব?

0
কুকুৰে কামুৰিলে কি কৰিব?

কুকুৰে কামুৰিলে কি কৰিব?

কুকুৰে-কামুৰিলে-কি-কৰিব?
কুকুৰে কামুৰিলে কি কৰিব?

আপুনি এফালে ওলাই গৈ আছিল। হঠাতে কুকুৰে কামুৰিলে। ওচৰত চিকিৎসালয় নাই। যাবলৈ বহু দুৰ। এনেকুৱা অৱস্থাত আপুনি কি কৰিব?

প্ৰথম কথা আপুনি অলপো ভয় নাখাব। বিপদত ভয় খালে বুদ্ধি হেৰাই যায়। সব কুকুৰৰ গাতে Rabies virus নাথাকে। যদি থাকে, এই ভাইৰাছটো তেজত সোমাই আপোনাৰ স্নায়ু পাব লাগিব। তাৰ পিছতহে বেমাৰটো হয়। গতিকে, কুকুৰে কামোৰাৰ পিছত আমাৰ হাতত বহুত সময় থাকে।

প্ৰাথমিক চিকিৎসা:

প্ৰথমে আপুনি এডোখৰ চাবোন হাতত লওক। কুকুৰে কামোৰা ঠাই দুখৰ ভালকে চাবোন ঘঁহক। চাবোন ফেন যিমানেই ওলাব, সিমানেই ভাল। প্ৰায়ে দুই মিনিট মান চাবোন মাৰি, পাঁচ মিনিট মান খোলা পানী টেপত হাত ৰাখি থওক। তেতিয়া প্ৰটিন জাতীয় ভাইৰাছ বোৰ চাবোন ফেনত লাগি আঁতৰি যাব । প্ৰয়োজন হলে এই প্ৰক্ৰিয়াটো তিনিবাৰ মান কৰিব পাৰে। এই দৰে কৰিলে আপোনাৰ জ্বলাতংক ৰোগ হোৱা সম্ভাৱনা এক্কেবাৰে কমি যাব।

ইয়াৰ পিছতে, আপুনি নিকটতম স্বাস্ত্যকেন্দ্ৰ লৈ গৈ RABIES VACCINE, T.T. INJ, ANTIBIOTC,OINTMENT লব পাৰে। কুকুৰে কামুৰা জাগাত কেতিয়াও চিলাই মাৰিব নালাগে। ইয়াক নিজে-নিজে শুকাব দিব লাগে।

আশা কৰোঁ, মোৰ কথাখিনিয়ে আপোনাক জ্বলাতংক ৰোগৰ পৰা বাচিবলে সহায় কৰিব। গতিকে, বিপদত ধৈৰ্য ধৰি, মই কোৱা ধৰণে ব্যৱস্থা লওক। জ্বলাতংক ৰোগৰ কোনো চিকিৎসা নাই। জনসচেতনতাৰ বাবে শ্বেয়াৰ কৰক।
✍️ Dr. Hiren Gogoi
Phone-8472049735

LEAVE A REPLY

Please enter your comment!
Please enter your name here