কেন্সাৰ প্ৰাথমিক লক্ষণঃ cancer

0

কেন্সাৰ

কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেট ৰুপে কিছুমান লক্ষণ দেখাব। যদি আপোনিও শৰীৰত এনেকোৱা লক্ষণ দেখা পায় তেনে হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱৰ পূৰ্বে কেনেধৰণৰ লক্ষ়ণেৰে কেন্সাৰৰ সংকেত দিয়ে।

পাকস্থলীৰ সমস্যাঃ-
পাকস্থলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যাল হৈ থকাতো Colonial corectional কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্ট্ৰি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰণে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে।

ৰক্ত স্ৰাৱ হোৱাঃ-

অনবৰতে ৰক্ত স্ৰাৱ ওলাই থকাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনে হলে অন্তত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে। ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায়, তেনে হলে পষ্টেত কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে।
মহীলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনে হলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰণ এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীৰ্ঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

ৰাতি অত্যাধিক ঘমাঃ-

যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক ওলাই তেনে হলে এইয়া কোনো ঔষধৰ খেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্তত হোৱা সংক্ৰমণৰ সংকটো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিক ভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম ওলোয়া বন্ধ নহয়। তেনে হলে আপোনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

গাৰ বিষ হোৱা আৰু দূৰ্ব্বল অনুভৱ হোৱাঃ-

বেয়া কৈ শুৱা বা দিঘলীয়া সময় ধৰি অসুবিধা জনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক, কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেত কেন্সাৰৰ কাৰণ হব পাৰে। ইয়াৰ ওপৰিও কঁকালৰ ওচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰণৰ শ্ৰম নোহোৱাকৈ খুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।

ওজন কমি যোৱাঃ-

কোনো ধৰণৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেস্থ পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। একেৰাহে কাহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপান কৰা লোকৰ কাহ আহে, কিন্তু যদি কোনো কাৰণ নোহোৱাকৈ একেৰাহে কাহি থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাহৰ সৈতে তেজ ওলাই আহে তেনে হলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপোনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমিঃ-

বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰণতে হৈ থকাটো এক সাধাৰণ সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰণ সমস্যা কিন্তু যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনে হলে খাদ্য নলীত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

খঘনাই জ্বৰ হোৱা আৰু ইনফেকচন হোৱাঃ-

দীৰ্ঘ সময় ধৰি জ্বৰত ভুগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে।
অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-
সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰণ হব পাৰে।
উশাহ চুতি হোৱাঃ-
শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰণী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে ।
জণ্ডিচঃ-
দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে

শৰীৰৰ যিকোনো থাইত টেমুনা হোৱাঃ-

মহীলাৰ স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হব পাৰে।
শৰীৰত হোৱা তিলৰ পৰিৱৰ্তণঃ-
সাধাৰণতে শৰীৰত থকা তিলে কোনো ধৰণৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তণ আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্তণ ঘটিব পাৰে।
নখৰ পৰিৱৰ্তণঃ-
কোনো কাৰণ নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তণ হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তণ ঘটিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তণ হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে।
পেটৰ বিষঃ-
ককাঁল আৰু তল পেটৰ বিষ হলে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰ কেন্সাৰৰ সংকট হব পাৰে।
আবৰ্ণনীয় বিষঃ-

ধাৰাবাহিক ভাৱে হোৱা অৱৰ্ণনীয় বিষ যদি এক মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনে হলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেট হব পাৰে।

ডা.হৰিকান্ত দাস।
ড. হৰিছ হোমিঅপেথিক আৰু ফিজিঅথেৰাপি ক্লিনিক।গোগামুখ, ধেমাজি।
৯৯৫৪৩৪০১০২

LEAVE A REPLY

Please enter your comment!
Please enter your name here