দাঁত পোক খোৱা বা ক্ষাৰে ধৰা (caries of teeth)

0
caries-of-teeth
caries of teeth

দাঁত পোক খোৱা বা ক্ষাৰে ধৰা (caries of teeth)

caries-of-teeth
caries of teeth

ব্যাপক ভাৱে দেখিবলৈ পোৱা এটা সমস্যা দাঁত পোকে খোৱা বা ক্ষাৰে ধৰা। ভাবিলে এটা কথা আচৰিত লাগে নিশ্চয়, যি বোৰ দাঁত মাটিৰ তলত বছৰ বছৰ পৰি থকাৰ পাছতো মাটিয়ে খাব বা ধংস কৰিব নোৱাৰে, তেনেবোৰ দাঁত কিন্তু সামান্য ৰোগতে ক্ষয় পাপ্ত হয়। ধংস হৈযায়।

মানৱ দেহৰ আটাতকৈ টান উপাদান বিধেই হৈছে দাঁত। দাঁতৰ প্ৰধান কাম হল খাদ্য চোৱাই গুৰি কৰা লগতে কথা কওঁতে উচ্চাৰণ স্পষ্টকৈ প্ৰকাশ কৰাত সহায় কৰা আৰু গাল, ওঁঠ ভিতৰলৈ যাতে সোমাই বা বহি যাব নোৱাৰে তাৰ বাবে গাল, ওঁঠক সাহাৰ্য্য যোগাই মুখৰ সৌন্দৰ্য্য ৰক্ষাকৰাত সহায় কৰা। আমাৰ সৌন্দৰ্য ৰক্ষাত দাঁতৰ ভূমিকা গুৰুত্বপূৰ্ণ। গতিকে আমি সকলোৱে দাঁতৰ যত্ন লৈ দাঁত কেইটা সুৰক্ষিত কৰি ৰখাতো প্ৰয়োজন।

দাঁতৰ মূৰত কলা দাগ পৰি লাহে লাহে দাঁতৰ আগ ভাগ খিনি ক্ষয় হৈ চুতি হৈ যোৱা, দাঁতৰ কোনো অংশত কলা দাগ পৰি দাঁতৰ ক্ষয় হোৱা আৰু দাঁত এফালৰ পৰা টুকুৰা টুকুৰ হৈ ভাঙি পৰা, দুটা দাঁতৰ মাজৰ কলা আঁছৰ দৰে পৰি দুইটা দাঁতৰ ক্ষয় হৈ থকা, দাঁতৰ মাজত ফুটা হোৱা। গুৰি দাঁতৰ মূৰত দীঘলকৈ কলা ৰেখা পৰি তললৈ গাঁতহৈ যৱা আদি সমস্যা বোৰকে দাঁত পোকে খোৱা বুলি কোৱা হয়।

এই দাঁতৰ ৰোগ বোৰক ইংৰাজীত  কেৰিজ (Caries) বুলি  কোৱা হয়। কেৰিজ মানে দাঁত পচা।

প্ৰকৃতি নিয়ম অনুসৰি কোনো বস্তু পচিলে তাত বেক্টেৰীয়া বা পোকৰ উৎপত্তি হয়। আৰু সেই দাঁত পচা বুলি কোৱা লগে লগে আমি দাঁত পোকে খোৱা বুলি কওঁ। গতিকে দাঁত পোকে খোৱা বা পচাৰ অৰ্থ একেটাই।

দাঁত পোকে খোৱাৰ কাৰণঃ

বিভিন্ন ৰোগৰ ফলস্বৰুপে দাঁত পোকে খাব পাৰে। শৰীৰৰ ভিতৰৰ ৰোগ যেনে- বদহজম বা অজীৰ্ণ ৰোগ, পোৰণি ডিচেন্টি, লিভাৰৰ বিভিন্ন বিসংগতি, শুক্ৰৰ দোষ আৰু মহিলা সকলৰ বগা স্বাৱ হোৱা ৰোগ থাকিলে শৰীৰত উপযুক্ত পোষণ বা ভিটামিন অভাৱ ঘটে। ফলত শৰীৰত ৰস, ৰক্ত লগতে দাঁত আদি গুৰুত্বপূৰ্ণ অংগ বোৰক  নিয়মিত ভাৱে পোষন যোগান দিব নোৱাৰা বাবে  দাঁতৰ ক্ষয় বা পোকে খোৱা সমস্যা হয়।

দাঁত পোকে খোৱা সমস্যাৰ হোমিঅপেথিক ঔষধঃ

Silicea:

দাঁত পোকে খোৱা সমস্যাত ব্যাপক বাৱে ব্যৱহাৰ হোৱা এটা অত্যন্ত ফল দায়ক ঔষধ। বিভিন্ন প্ৰকাৰৰ পোকে খোৱা সমস্যাত এই ঔষধ ব্যৱহাৰ কৰা হয়। কেতিয়াবা গুৰি দাঁত বোৰ পোকে খাই ভিতৰত সুৰংগ দৰে কৰি পেলাই আৰু কিছুমান গুৰি দাঁত বা আনি দাঁত এপিঠিৰ পৰা ক্ষয় হৈ দাঁত টো পাতল হৈ এফালৰ পৰা অলপ অলপ কৈ ভাঙি ভাঙি দাঁত চুটি হৈ পৰে বা দাঁত সৰু কৰি দিয়ে আৰু দাঁত বোৰ দাঁতৰ আলুৰ সমান হৈ পৰে বা আলু ভিতৰলৈ সোমাই যায়।

কিছুমান দাঁত সুৰ সুৰীয়াহৈ ভাঙি টুকুৰা টুকুৰ হৈ যায়। কিছুমান পোকে খোৱা দাঁতত কলা ধোৱা বৰনীয়া বা হালধীয়া দাগ পৰে। আৰু লগতে কিছুমান ৰোগীৰ দাঁতৰ বিষ আওঁসীৰ শেষত নতুন জোন ওলোৱা সময়ত বা পূৰ্ণিমাৰ সময়ত বেছি হয়। কিছুমান আকৌ যিকোনো সময়তে বিষ হৈ থকা আদি লক্ষণ প্ৰকাশ পালে এই ঔষধ ব্যৱহাৰ কৰা হয়।

এই ঐষধ ব্যৱহাৰ কৰিব লগা ৰোগীৰ প্ৰায় ভোক নলগা, অৰ্জীণ ৰোগ থাকে, শৌচ নিয়মিত নহয়,  শৌচ কৰোতে অত্যন্ত জোৰ দিব লগা হয়। শৌচৰ ৰং পৰিৰ্ৱতন হৈ থাকে। কিছুমান ৰোগীৰ শুক্ৰ দোষ থাকে। সৰু লৰা ছোৱালীৰ ওপৰ পাৰীৰ আগদাঁত বা তলৰ পাৰীৰ আগদাঁত ক্ষয় হৈ আলুৰ ভিতৰলৈকে সোমাই গলে আৰু দাঁতৰ গুৰি আলু ফুটি জোঙাহৈ ওলাই পৰিলে এই ঔষধ ব্যৱহাৰ কৰা হয়।

এই ঔষধৰ ৩০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২/৩ বাৰ কৈ কিছুদিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা মুক্ত হব পাৰি।

Calcarea phose:

এই ঔষধ ব্যৱহাৰ কৰিব লগা ৰোগীৰ দাঁত বোৰৰ গাত বা দাঁতৰ কাষত বা দাঁতৰ ফাকত মানে যিকোনো থাইতে বেজিৰে ফোটেৱা বিন্ধাৰ দৰে বিন্ধা কৰে। দাঁতৰ বিষ থাকে দাঁতৰ অত্যধিক বিষ থাকিলে বিষ কমাবৰ বাবে bellladona30 ক্ষমতাৰ ১ টোপালকৈ ৩ ঘন্টাৰ মূৰে মূৰে কেইবাৰ মান ব্যৱহাৰ কৰিব।

Mercurius  sol:

সৰু লৰা ছোৱালীৰ তল পাৰী গুৰি দাঁতৰ মূৰবোৰ পোকে খায় গাত হলে, বিষ কৰিলে এই ঔষধৰ ১০ (m) পটেনচিৰ এপালি ব্যৱহাৰ কৰিব লাগে।  বিষ এবাৰ কমি যদি পূনৰ উৎপত্তি হয় তেনে হলে ২ দিনৰ পিছত পুনৰ এপালিকৈ ব্যৱহাৰ কৰিব লাগে।

যিকোনো বয়সৰ লোকৰ দাঁতৰ বিষৰ লগতে যদি ঠাণ্ডা পানী লগালে বা গৰম পানী লগালে দাঁত খিৰখিৰায়, বিষ হয় দাঁত গুৰিৰে তেজ উলায় তেনে হলে এই ঔষধৰ ২০০ ক্ষমতাৰ আৰু hecklalava200 ক্ষমতাৰ ঔষধ দুটা ১ টোপাল কৈ দিনে ২ বাৰ কৈ ব্যৱহাৰ কৰিব পাৰি। এই ঔষধ কিছু দিন মান ব্যৱহাৰ কৰাৰ পিছত নিশ্চিত ভাৱে এই সমস্যা পৰা উপক্ষম পাবলৈ সক্ষম হব।

Kreosotum:

সাধাৰণতে যিবিলাক লৰা ছোৱালীৰ ক্ষীণ, ওখ, পেটত বেমাৰ- অৰ্জীন ৰোগ থাকে, শৌচ দুগন্ধ হয়, তেনে লৰা ছোৱালীৰ দাঁত পোকে খোৱা সমস্যাত এই ঔষধ বিশেষ ভাৱে প্ৰয়োগ কৰা হয়।

কিছুমান লৰা ছোৱালীৰ এটা দাঁতৰ মাজ ভাগত গুলকৈ ফুটা কৰে কিছুমানৰ দুটা দাঁতৰ মাজত কলা ৰেখা পৰি দাঁতৰ মাজ ভাগত ফাকত ফুটা হয় আৰু আলুৰ ভিতৰলৈকে সোমাই যোৱা আদি লক্ষণ থাকিলে এই ঔষধৰ ১০ m  ক্ষমতাৰ এপালি ব্যৱহাৰ কৰি ৮/১০ দিনৰ মূৰত পূনৰ দ্বিতীয় পালীটো ব্যৱহাৰ কৰিব লাগে এনেকৈ কিছুদিন ব্যৱহাৰ কৰিলে পোকে খোৱা দাঁতৰ বিষ নিৰাময় হোৱা লগতে ফুটা হোৱা দাঁতৰ গাত বোৰ পূৰণ হোৱা সম্ভৱনা থাকে।

Lycopodium:

পোকে খোৱা গুৰি দাঁত বোৰৰ মূৰত দীঘলীয়া কলা ৰেখা পৰি ৰেখা বোৰ তললৈ বহি যায়। কিন্তু দাঁতৰ মাজত গাঁত নহয়। দাঁতৰ বগা অংশ বোৰ প্ৰায় হালধীয়া দেখায়। ৰোগীয় প্ৰায় পেটৰ অসুখত ভোগে। ৰোগীৰ টেঙা উগাৰ, দাঁত, মূখ টেঙা লগা, সমান্য খাদ্য খালে পেট ভৰা বা খাদ্য খাবলৈ ইচ্ছ নকৰা আদি লক্ষণ থাকে। এই লক্ষণ বোৰ থাকিলে যেনে ধৰণৰ দাঁত পোকে খোৱা সমস্যা নহওক কিয় lycopodium ব্যৱহাৰ কৰিব লাগে। এই ঔষধ 1M ক্ষমতাৰ ৩ দিনৰ মূৰে মূৰে এপালিকৈ ১ মাহ দিন ব্যহাৰ কৰিব লাগে। দাঁতৰ বিষ থাকিলে Lycopodium, ৰ লগত Spigelia আৰু Mag phos ইটোৰ পাছত খিটো 3x ক্ষমতাৰ প্ৰতি ২ ঘন্টা মূৰে মূৰে বিষ নকমালৈকে ব্যৱহাৰ কৰিব লাগে।

Ratanhia:

মহিলাৰ গৰ্ভাৱস্থাত যিকোনো ধৰণৰ পোকে খোৱা দাঁতত বিষ হলে এই ঔষধ দিনে ২ বাৰ কৈ ১ চামুচ পানীৰ লগত খালে বিষ নিৰাময় হয়।

Staphysagria:

এই ঔষধ ব্যৱহাৰ হব লগা লোকৰ প্ৰায় শুক্ৰৰ দোষ থাকে আৰু স্ত্ৰীলোক সকলৰ বগাস্বাৱ যোৱা সমস্যা থাকে বা বংশগত দোষত পৰা লৰা ছোৱালীৰ দাঁত পোকে খায় আৰু টুকুৰা টুকুৰ হৈ দাঁত বোৰ ভাঙি যায়। বিষ হৰ্থাত উৎপত্তি হয়। এনে ধৰণৰ লক্ষণৰ লগত বিষ তীব্ৰতৰ হলে এই ঔষধৰ 10m ক্ষমতাৰ এপালী ঔষধ ব্যৱহাৰ কৰিলেই বিষ কমি যায়। ১৫/২০ মিনিটৰ ভিতৰত বা আধা ঘন্টাৰ ভিতৰত যদি বিষ নকমে তেনে হলে  Mag phos 6x ক্ষমতাৰ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে ব্যৱহাৰ কৰিলে বিষ কমি যায়।

যিকোনো ধৰণৰ পোকে খোৱা দাঁতৰ বিষ নিৰাময় বাবে KREOSOTUM Q, PLANTAGO Q, ACONITE NAP Q তিনিওটা ঔষধ MOTHER TINCTURE সমপৰিমানে মিহলি কৰিলৈ পোকে খোৱা দাঁতত কপাহত ঢালি কিছু সময় সোমুৱাই থব লাগে বা ঘঁহিব লাগে যি কোনো ধৰণৰ বিষ তৎক্ষণাত উপক্ষম পাব পাৰি।

ইয়াৰ উপৰিও দাঁত পোকে খোৱা সমস্যাত CHAMOMILLA, COFFEA, THERIDION,  MAG PHOS, ACID FLUREIC, HECLA LAVA, SANGUINARIA CAN, MEZERIUM আদি অজস্ৰ মেডিচিন আছে এই বোৰ ব্যৱহাৰ কৰি দাঁত পোকে খোৱা সমস্যা নিৰাময় কৰিব পৰা যায়।

dr haris

LEAVE A REPLY

Please enter your comment!
Please enter your name here