পেট ফোলাৰ কাৰণ জানো আহক

0
পেট-ফুলা
পেট কিয় ফোলে ? 
খাদ্য খোৱাৰ পিছত পেট গধূৰ লগা, 
বমি বমি ভাৱ হোৱা, 
পেটৰ অশান্তি হোৱা আদি সমস্যা সমূহ কিয় হয় ? 
কি কি হোমিঅ’পেথিক মেডিচিন লব?

বিভিন্ন শাৰীৰিক সমস্যা সমূহৰ ভিতৰত সঘনাই দেখিবলৈ পোৱা এটা সমস্যা হ’ল পেট ফোলাৰ সমস্যা। বহু মানুহে আমাৰ ওচৰলৈ পেটৰ বিভিন্ন সমস্যা লৈ আহে আৰু তেওঁলোকে কয় যে, খাদ্যখোৱাৰ পিছতে পেটফোলে, ভুক লাগে কিন্তু খাদ্যখোৱাৰ পিছত পেটত গধূৰ বস্তু এটা খোমোৱাৰ দৰে পেট তান হৈ পৰে, উশা-নিশাহতো যখেষ্ট কষ্টৰ অনুভৱ হয়। কোনো কোনোৱে কয় খাদ্য খোৱাৰ পিছতে টেঙা উগাৰ আহে, অশান্তি বৃদ্ধি হয়, বমি বমি লাগে। আমি কথা পাতিম এই সমস্যাৰ বিষয়ে।

পেট-ফুলা

যদি আপোনাৰ পেট ফোলি থাকে, পেটত বহুত বিষ হয় বা কিছু সময়ৰ মূৰে মূৰে উগাৰ আহে, বমি বমি লাগে বা বমি হয়। বায়ু নিগমন বন্ধ হৈ গৈছে আৰু লগতে যদি আপোনাৰ কুষ্ঠকাঠিন্যৰ সমস্যা হৈছে তেনে হলে আপোনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণকৰা অতি প্ৰয়োজন। কাৰণ এনেবোৰ সমস্যা আমাৰ অন্তৰ গুৰুতৰ বিসংগতিৰ বাবে হ’ব পাৰে। আপোনাৰ যদি বহু দিন ধৰি পেটফোলি থাকে, লগতে শৰীৰৰ ওজনো যদি বৃদ্ধি হৈ আছে, আৰু লগে লগে যদি ভৰি ফুলাৰ লক্ষণ প্ৰকাশ পাইছে তেনে হলে আপোনাৰ পেটত পানী জমাহোৱাৰ গুৰুতৰ সমস্যাও হ’ব পাৰে। গতিকে আপোনি এই লক্ষণবোৰ প্ৰকাশপালে অৱহেলানকৰি চিকিতসকৰ কাষ চপাটো অতি জৰুৰী।

এটিয়া আমি আহো আমাৰ পেট কিয় ফোলেঃ-

বিভিন্ন কাৰণত পেট ফোলিব পাৰে-

যদি আপোনি অত্যধিক খাদ্য খায় তেতিয়াওঁ পেট ফোলিব পাৰে।

আপোনি দিনটোত কেনেধৰনৰ খাদ্য খায় তাৰ ওপৰতো পেট ফুলাটো নিৰ্ভৰ কৰে।

লগতে আপোনি যদি ভালকৈ নোচোবোৱাকৈ খাদ্য খুউব সৰকৈ খায় তেতিয়াওঁ পেট ফুলিব পাৰে।

অত্যাধিক নিমখিয়া খাদ্য, অত্যাধিক চেনি যুক্ত খাদ্য আৰু অত্যধিতক তেলেতীয়া খাদ্য যদি খায় তেতিয়াওঁ পেট ফোলিব কাৰণ এনেধৰণৰ খাদ্যই শৰাৰত পানী ধৰি ৰখাত সহায় কৰিব ওজনো বৃদ্ধি কৰাৰ লগতে আপোনাৰ পেট ফুলাত ই স্বাভাৱিক ভাবেই সহায় কৰিব।

আৰু এনে কিছুমান ৰোগ আছে যাৰ বাবে পেট ফোলাৰ সমস্যা হ’ব পাৰে। যেনে –
গ্ৰেষ্টাইটিছ
দিওদেনাম বা গ্ৰেস্ট্ৰিক আলচাৰ সমস্যা,
আলচাৰেটিভ কলাইটিছে,
ইৰিটেবল বাওঁৱেল চিণ্ডমত আপোনি যদি ভুগি আছে তেতিয়াহলে আপোনাৰ পেট ফোলাৰ সমস্যা হ’ব পাৰে।
এণ্ডকাইন ডিচঅডাৰ বা কণচ্ ডিজিজ,
স্তমাকত অত্যাধিক বেক্টেৰিয়াৰ সংক্ৰমণ থাকিলেও আপোনাৰ পেট ফোলি থকাৰ দৰে এক আস্বস্ত্ৰিকৰ সমস্য এটা হব পাৰে।

বমি-বমি-ভাৱ-হোৱাখাদ্যৰ তালিকাত আমি দৈনন্দিন এনে কিছুমান খাদ্য অন্তৰ্ভূক্ত কৰো যিবোৰ খোৱাৰ বাবেও আমাৰ পেট ফোলাৰ সমস্যা হব পাৰে।
গেছ উতপন্নকাৰী খাদ্যৰ ভিতৰত যেনে ৰাজমাহ, মগু, বিনচ আদি যিবোৰ মাহ জাতীয় খাদ্য এইবোৰে পেটত গেছ উৎপন্ন কৰিব পাৰে।
লগতে ফুলকবি, বকলি, বন্ধাকবি আদিবোৰো পেটত গেছ উৎপন্ন কৰিব পৰা খাদ্যৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হয়।
এইবোৰ খাদ্যত ৰেফিনোজ নামৰ এক উপাদান থাকে আৰু এই ৰেফিনোজ আমাৰ পাকস্থলীত সহজতে পচন কৰিব নোৱাৰৰ বাবে খাদ্য ভালদৰে পৰিপাক নহয় আৰু বায়ু উৎপন্ন হৈ পেট ফোলে। গতিকে এই সমস্যাত এনে ধৰণৰ খাদ্যবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব লাগে।

এনেকোৱা কথা নহয় যে এই খাদ্য সমূহে সকলো ব্যক্তিৰেই যে গেছৰ সমস্যা সৃষ্টি কৰিব। কিন্তু বহু লোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা দেখা যায়। কিছুমান মানুহক দেখা যায় ৰাজমাহ খালে বিভিন্ন সমস্যা হয়, কিছুমানৰ বিনচ খালে সমস্যা হয়। সৰ্ব্বসাধাৰণতে যিবিলাক ফল জাতীয় খাদ্য এইবোৰ হজম হবৰ বাবে যথেস্থ সময়ৰ প্ৰয়োজন হয়। যেতিয়া পৰিপাক প্ৰক্ৰিয়া লেহেমীয়া হয়, তেতিয়া এইবোৰ বহু সময়ৰলৈকে স্তমাকত পৰি থকাৰ বাবে স্তমাকত চাপৰ সৃষ্টি কৰি পেটফোলাৰ সমস্যা সৃষ্টি কৰিব পাৰে।

কোষ্ঠকাঠিন্যৰ বাবেও পেট ফোলিব পাৰে। বহুদিন ধৰি কোষ্ঠকাঠিন্য হৈ থকাৰ ফলত অন্তত মল জমা হৈ থকাৰ বাবে পেট ফুলিব পাৰে আৰু অতি অস্বস্তিকৰ অৱস্থা সৃষ্টি কৰিব পাৰে।

আমি সব্বসাধাৰণতে খোৱা খাদ্যবোৰৰ ভিতৰত কাৰ্বহাইড্ৰেট, চুগাৰ, আৰু ফেটচ উপাদান জাতীয় খাদ্যবোৰেই বেছিকৈ খাওঁ। যি গেছ উৎপন্ন কৰাৰ প্ৰক্ৰিয়াত যথেস্থ অৰিহনা যোগায়। গতিকে কাৰ্বহাইড্ৰেটৰ ক্ষেত্ৰত লক্ষ কৰিব লাগে যে কেনেকোৱা প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আপোনি গ্ৰহণ কৰিছে? যদি সাধাৰণ কাৰ্ভহাইড্ৰেট যেনে- চেনি, ময়দাৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিছে তেতিয়া হলে গেছ বেছি হ’ব  আৰু গেছ বেছি হ’লে পেট ফুলিব। যদি আমি ছৰ্বিযুক্ত খাদ্য বেছি খাওঁ তেতিয়াোঁ আমাৰ নিশ্চত ভাবে গেছ বেছি হব। কাৰণ বেছি ছৰ্বিযুক্ত খাদ্য পাচনৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু গেছ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

বমি-ভাৱ-হোৱা,

বৰ খৰখেদাকৈ খাদ্য খোৱাৰ বাবেও পেট ফোলিব পাৰে। কাৰণ দ্ৰুতগতিত খাদ্য খোৱাৰ ফলত আমাৰ পেটৰ ভিতৰলৈ বেছিকৈ বায়ু প্ৰবেশ কৰে। ইয়াৰ এক অংশ উগাৰৰ লগত বাহিৰ হয় আৰু আধা অংশ অন্তত প্ৰবেশ কৰে। আৰু এই বায়ু আপোনাৰ পায়খানাৰ পথেৰেহে বাহিৰ হ’ব। গতিকে খাদ্য খোৱাৰ সময়ত বেছি খৰ-ধৰ নকৰিব। লাহে লাহে খাবলৈ যত্ন কৰিব। যদি আপোনাৰ পেট ফোলাৰ সমস্যা আছে তেনে হ’লে অন্তত আপোনি খাদ্য খাওঁতে ভালদৰে ছোবাই লাহে লাহে খাদ্য খাবলৈ চেষ্টা কৰক।

এটিয়া আহো কিমান পৰিমাণৰ খাদ্য আমি খাব লাগে?

আমাৰ খাদ্যৰ ভৰালটো বা স্তমাকতোৰ আকাৰ ব্যক্তিজনৰ হাতৰ মুঠিতোৰ সমান বুলি কোৱা হৈছে। গতিকে এই খাদ্যৰ মোনাখনত যদি আমি একে লগে ১/২ কেজি চাউলৰ ভাত মাছ, মাংস, কণি আদি ওপযুপৰি ভৰাই দিও তেতিয়া কি হব?

প্ৰায় ৯৯%  মানুহে দৈনিক অত্যাধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰে। যাৰ ফলত খাদ্য ভালদৰে হজম নোহোৱাৰ সমস্যাকে ধৰি বিভিন্ন স্তমাক জনিত সমস্যাৰ সৃষ্টি হয় আৰু এই পেট ফোলাৰ সমস্যা সৃষ্টি হয়।

যদি আপোনাৰ পেটফোলে, দেহৰ ওজন বৃদ্ধি হয় তেনে হলে কিছুমান চিকিৎস্যা সম্পৰ্কীয় দিশৰ প্ৰতি লক্ষ কৰাটো প্ৰয়োজন।

যদি আপোনাৰ IBS সমস্যা আছে তেনে হলে আপোনাৰ পেট ফোলিব।

আলচাৰেটিভ কলাইটিচ আছে তেনে হলে পেট ফোলিব।

কৰ্ণচ ডিজিজ থাকিলে(CROHNS) পেট ফোলিব।

CELIAC DISEASE থাকিলে লগত এলাৰ্জী থাকিলে পেট ফোলিব।

হোলিক বেক্টাৰ পাইলোৰি ইনফেকচন, ডিউডেনেল আলচাৰ, গেছট্ৰিক আলচাৰ আদি থাকিলে আপোনাৰ পেট ফোলিব।

পেইনকিলাৰ ,ষ্টেৰয়েড আদি ব্যৱহাৰ কৰিলেওঁ পেট ফোলিব। কোনো ধৰণৰ কাম নকৰাকৈ শুই-বহি জীৱন কতোৱা লোকৰো  পেটফোলাৰ সমস্যা হ’ব পাৰে।

পেটফোলাৰ হোমিআপেথিক ঔষধঃ

১) কাৰ্বভেজ (CARBO VEGETABILIS)

বিভিন্ন ধৰণৰ ৰোগত ভুগাৰ ফলত শাৰীৰিক অসুস্থতাৰ লগতে হজমি শক্তি দুৰ্বলতা আৰু পেট ফুলাৰ প্ৰৱনতা থকা ব্যক্তি। অতিৰিক্ত মদ খোৱাৰ বাবে অজীৰ্ণ ৰোগ হয়, পেট ফোলে। টাইফয়েড ৰোগৰ কুফলৰ বাবে হজমি শক্তি দুৰ্ব্বল, খাদ্য ভালদৰে হজম নহয়, প্ৰতিটো বস্তু গেছত পৰিণত হয়। লগতে বিভিন্ন ধৰণৰ গেলা মাছ, কণী, মাংস, আদি ভুলবসত খোৱাৰ বাবে আৰু অত্যাধিক গৰমৰ বাবে পেট ফুলিলে এই ঔষধ অত্যন্ত কাৰ্যকৰী। ৩ টোপাল কৈ ২০০ বা ৩০ ক্ষমতাৰ দিনে ৩/৪ বাৰকৈ খাব।

 (১) nux vomicaঃ-

খাদ্য খোৱাৰ ½ ঘন্টাৰ পাছতেই পাকস্থলীত পথৰ থকাৰ দৰে চাপ অনুভৱ হয়। মুখত পানী উঠে, পেট টান টান অনুভৱ হয়। পেটৰ অশান্তি ইমানেই বৃদ্ধি হয় যে, ককাঁলৰ কাপোৰ ঢিলা কৰিবলৈ বাধ্য হয়। আহাৰ গ্ৰহন কৰাৰ পাছত পেটৰ অশান্তিৰ বাবে 2/3 ঘন্টাৰ পিছলৈকে মানসিক পৰিশ্ৰম কৰিব নোৱাৰে। দুপৰীয়া আহাৰ গ্ৰহন কৰাৰ পিছতেই ভাগৰ লাগে, টোপনি আহে।

মনৰ দূচিন্তা, উৎকণ্ঠা আদিৰ বাবে, অত্যাধিক কফি, মাদক দ্ৰব্য আদি খোৱা, টোপনি ক্ষতি আৰু অত্যাধুনিক জীৱন যাপনৰ বাবে হোৱা পাকস্থলী ৰোগত এই ঔষধ অত্যন্ত উপযোগী।

ৰোগীৰ প্ৰতিদিনে ৰাতিপুৱা টেঙা আৰু তিতা উগাৰ অহে। প্ৰতিদিন ৰাতি পুৱা ওকালি ভাৱ আৰু বমি হোৱাৰ লগতে মানসিক উদ্যম হীনতাই দেখা দিয়ে। খাদ্য খোৱাৰ পাছতেই উগাৰ আহে। আহাৰৰ পাছত ধূম্ৰপ্ৰাণ কৰিলে অনবৰত ওকালি ভাৱ হয় আৰু ভাব হয় যেন বমি কৰি দিব পাৰিলেহে উপশম হব। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই নাস্কভমিকা ঔষধ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।

(২) লাইকপডিয়ামঃ-

পেটত অত্যাধিক বায়ু জমা হোৱা ফলত পেট ফুলে, পেটত গৰ গৰ শব্দ হয়, অলপ খাদ্য খালেই পেট ফুলে, জিভাত দাঁতৰ চাপ লাগে, দাঁত মুখ টেঙা টেঙা লাগে, পায়খানা ছাগলী লাদৰ দৰে কঠিন হয় আৰু এচিডিটিৰ কাৰণে বুকুৰ জ্বলা পোৰা কৰা লক্ষণত এই ঔষধে ভাল ফল দিয়ে।

(৩) ইপিকাকুয়ানাঃ (IPECACUHANA)

পেট ফুলে সকলো সময়তে বমি বমি ভাৱ হয় ওকালি আহে আৰু ওকালি লগত প্ৰচুৰ প্ৰৰিমানে লেলাউটি উলায়, কনিৰ বগা বিজলুৱা অংশৰ দৰে প্ৰচুৰ পৰিমানে বমি হয়। বমি হলে উপশম নহয়। বমিৰ পাছত টোপনি আহে, কুজা হলে বৃদ্ধি হয়, পাকস্থলীটো তললৈ উলমিপৰা দৰে, ঢিলা যেন লাগে খামোচ মৰা, চেপি দিয়াৰ দৰে তীব্ৰ বিষ হয়। বায়ু জমা হোৰ ফলত নাভিৰ চাৰিওফালে ফালি দিয়াৰ দৰে বিষ হয়। শৌচ ফেনযুক্ত, ৰক্ত মিশ্ৰিত হয়। এনে ধৰণৰ লক্ষণ প্ৰকাশ পালে এই ঔষধে ভাল ফল দিয়ে।

(৪) এচাইনাইডঃ

পেট ফুলাৰ গলতে পাকস্থলীত হূলে ফুটাৰ দৰে যান্ত্ৰণা, পানী পিয়াহ, জ্বৰ জ্বৰ ভাৱ, বমি আদি লক্ষণৰ লগতে মৃত্যুৰ ভয় থাকিলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰে।

(৫)পালচাটিলাঃ

এই ঔষধ লক্ষণ হল- পেট ফুলে, যি খায় তাকেই তিতা লাগে, ভুক নালাগে, পানীৰ পিয়াহ নাথাকে, মুখত অনবৰত তিতা স্বাদ অনুভৱ।

(৬) চাইনা:

এই ঔষধত খাদ্য খোৱাৰ পিছত গোটা বস্তু এটাই পেটৰ পৰা বুকুৰ মাজলৈ ওজাই অহাৰ দৰে লাগে, পেট ফুলি উঠে। একেবাৰে ভুক নালাগে। খাদ্য হজম নোহোৱালৈকে পেটত অশান্তি বৃদ্ধি হয়, পেটত অনবৰতে গৰ গৰ শব্দ হৈ থাকে, বুকু জ্বলা পোৰা আৰু এচিডিটিৰ লক্ষণ থাকে। কেতিয়া ৰোগীৰ হিকটি আহে, বমি বমি ভাব, তেজ বমি আৰু টেঙা-তিতা উগাৰ আহে। এনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পালে ওই মেডিচিন ব্যৱহা কৰি এই পেটফোলা সমস্যাপ পৰা মুক্ত হব পাৰিব

H পাইলৰি সমস্যা থাকিলে Baccilinum200

পেটৰ ঘাঁ ত condorangoQ, ChaparoQ, KurchQ

পেটত পানী জমাহোৱাত- Apismel200 এই ঔষধ ব্যৱহাৰ কৰি সু ফল পাব পাৰি।

এইবিলাক ঔষধৰ উপৰি ৰবিনা, জেৰেনিয়াম, ৰেফনাছ, কেৰিকা পাপায়া, চেলুডনিয়াম আদি ঔষধ সমূহ পেটফোলাৰ সমস্যাত ব্যৱহাৰ কৰি সুফল পাব পাৰি।

ডা হৰিকান্ত দাস

9954340102

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here