কৰ’নাৰ বিৰুদ্ধে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব কেনেকৈ

0
How-to-improve-your-immunity-to-fight-against-coronavirus
How to improve your immunity to fight against coronavirus

  
কৰ’নাৰ বিৰুদ্ধে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব কেনেকৈ?

 ইমিউনিটি বা দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা, বৰ্তমান সময়ত এই বিষয়টো অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে। কোনো কোনো সময়ত প্ৰকৃতিত এনেকুৱা কিছুমান বেক্টেৰিয়া, ভাইৰাচ বা বীজাণুৰ সৃষ্টি হয় যি সমগ্ৰ মানৱজাতিৰ বাবে সন্ত্ৰাসৰ কাৰক হৈ পৰে। পূৰ্বতে বাৰ্ড ফ্লু, চোৱাইন ফ্লু বা চাৰ্ছ আৰু বৰ্তমান সময়ত নবেল কৰ’না ভইৰাছে সৃষ্টিকৰা কোবিড-১৯, যি বিশ্বত মহামাৰী সৃষ্টিকৰি সমগ্ৰ মানৱ জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি লৈছে এই মহামাৰীয়ে। এতিয়ালৈকে এই ৰোগৰ কোনো ধৰণৰ ঔষধ যিহেতু আৱিস্কাৰ হোৱা নাই গতিকে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাটোৱেই ইয়াৰ পৰা বছাৰ একমাত্ৰ উপায়। গতি আজি আমি দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কিদৰে বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। লগতে ভাৰত চৰকাৰৰ আৰ্য়ুচ মন্ত্ৰালয়ে ইমিউনিটি বঢ়াবৰ বাবে দিয়া পৰামৰ্শ সমূহৰ বিয়েও আপোনালোকক কম।

Kadha (কাঁঢ়া)

তুলসীৰ পাত, আদা শুকান বা কেচাঁ, দালচেনি, কিচমিচ, জালুকৰ গুৰি আদি পানীত কিছুসময় উতলাই তাক চেকনিৰে চেকি দিনত ২-৩ বাৰ সেৱন কৰিব পাৰে। খোৱাদৰ বাবে চেনি বা নেমুৰ ৰস মিহলাব পাৰে। ৰোগ প্ৰতিৰোধী ক্ষমতা দুগুন বৃদ্ধি হব। ডিঙিৰ সমস্যা বা চৰ্দি হাচি, সমস্যাতো কাঁঢ়া খুউব উপকাৰী।

Balanced Diet:

অৰ্থাত দৈনিক পুষ্টিকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰক। দৈনিক পানী আৰু অন্যান্য তৰল দব্য যেনে- বিভিন্ন ধৰনৰ ফল-মূলৰ ৰস, শাক পাঁচলিৰ চুপ আদি পৰ্যাপ্ত পৰিমানে খাওঁক।

মেথি বইল পানী

দুই কাপ পানীৰ লগত এক চামুছ মেথি গুটি দি বইল কৰি লব। পানীখিনি  উতলি উতলি যেতিয়া আধা হব তেতিয়া চেকনিৰে চেকি চাহৰ দৰে খাব। নিয়মিত একাপ মেথিৰ এনে দৰে পানী খালে চৰ্দি কাহৰ লগতে মেডবহুলতা diabetes, constipation আদি সমস্যা দুৰ কৰাতো সহায়ক হব।

Gargle with lukewarm water:

অৰ্থত কুঁহুমীয়া গৰম পানীৰে দিনে অতি কমেও দুবাৰ গাৰ্গল কৰিব লাগে। যি সকলৰ ডিঙিৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে তিনি চাৰি বাৰ কুঁহুমীয়া গৰম পানীৰ লগত অলপ মান নিমখ দি কুলকুলি কৰিব। ৰাতিপুৱা শুই উঠাৰ পাছত আৰু ৰাতি শুৱাৰ কিছু সময়ৰ আগত গাৰ্গল কৰাৰ উপযুক্ত সময়। চৰ্দি, কাহ বা ডিঙিৰ সমস্যা হলেতো ডাক্তৰে এনেও গাৰ্গল কৰিব দিয়েই। বৰ্তমান যিহেতু বতৰ পৰিৱৰ্তনৰ সময় গতিকে সঘনাই ডিঙিৰ এলাৰ্জিৰ সমস্যা হব পাৰে, লগতে ফেৰিংজাইটিছ, লেৰিংজাইটিছ আদিৰ সমস্যা থাকিলেও যথেষ্ঠ ভাল ফল পাব।

Drink Lukewarm water frequently:

   চৰ্দি, কাহ, জ্বৰ বা ডিঙিৰ যদি কিবা সমস্যা হয় যিমান পাৰে পনীয়া খাদ্য খাব। সঘনাই কুঁহুমীয়া গৰম পানী, শাক পাঁচলিৰ চুপ প্ৰচুৰ পৰিমানে খাব। বৰ্তমান সময়ত যিহেতু সমগ্ৰ বিশ্বতে কৰ’না ভইৰাছৰ আতংক চলি আছে আৰু আপোনালোকেতো ইতিমধ্যে গম পাইছেই যে, কৰ’না ভইৰাছে বিশেষকৈ আমাৰ respiratory tract ৰ সমস্যা সৃষ্টি কৰি ৰোগীক সূচনীয় অৱস্থালৈ যায়। গতিকে আমি যিমান পাৰো ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব  লাগে, আৰু কুঁহুমীয়া গৰম পানী খোৱাতো অভ্যাসতেই পৰিণত কৰিব লাগে। এনে কৰিলে চৰ্দি কাহ আৰু ডিঙিৰ লগতে অন্যান্য কিছুমান সমস্যা যেনেঃ- gas, acidity, constipation আৰু  kidney related  সস্যাও সামাধানতো যথেষ্ট সহায় কৰে। (পানী খোৱা নিয়ম জানিবৰ বাবে মই ইতিমধে এটা ভিডিঅ বনাই থৈছো ক্লিক কৰক)

Take steam:

চৰ্দি বা হাঁচি related  কিবা সমস্যাত ভুগিলে steam  লোৱাটো অতি প্ৰয়োজন। উশাহ নিশাহ লোৱাত কষ্ট হলে পানীৰ লগত মেন্থল মিহলই  steam  ললে সহজ উপশম পাব পাৰি। এবাৰ আপোনালোকে লৈ চাব  নিশ্চত ভাবে সুফল পাব। ইয়াৰ পৰিৱৰ্তে পদিনাৰ পাত আৰু আজুৱাইন পানীত উতলাই তাৰ ভাপ দিনে এবাৰকৈ লব পাৰে।

হালধী দিয়া গাখীৰ আৰু হালধী চাহঃ

 হালধী দিয়া গাখীৰ আৰু হালধী চাহে আপোনাৰ শৰীৰত Antisepticৰ দৰে কাম কৰিব আৰু চৰ্দি কাঁহ বা ডিঙিৰ অন্যান্য সমস্যা হলে দূৰ কৰাত সহায় কৰিব। ৰাতি শুৱাৰ আগত এক গিলাচ গৰম গাখীৰত একচামুছ হালধী গুৰি মিহলি কৰি খাব পাৰে। এই দুয়োটা বস্তুয়েই যিহেতু আমাৰ সকলোৰে ঘৰতেই পোৱা য়ায়।  গতিকে আপুনি নিশ্চয় হালধী দিয়া গাখীৰ খাব পাৰে। কেঁচা হালধী  মিহিকৈ খুন্দিও গাখীৰৰ লগত বইল কৰি খাব পাৰে।

   ইয়াৰ উপৰি হালধী চাহৰ কৰাণে কেঁচা হলধী টুকুৰা টুকুৰকৈ কাটি চাহ পাতৰ পৰিৱৰ্তে হালধী টুকুৰাখিনি বইল কৰা পানীখিনি চাহৰ দৰে খাব পাৰে, লগতে কেইখিলামান তুলসী পাতো দিব লব পাৰে। ই আপোনাৰ শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি স্বাস্থ্যবান হৈ থকাত যথেষ্ট সহায় কৰিব।

Honey:

মৌ জোলত antibacterial properties আছে যি আপোনাৰ ইমিউনিতি boost কৰাত যথেষ্ঠ সহায় কৰিব। মৌ জোল আপোনি হালধী, তুলসী আদিৰ লগত মিহলি কৰিও খাব পাৰে। নেমু ৰসৰ লগত মৌজোল মিহলি কৰি খাব পাৰে। যিকোনো ধৰণৰ Respiratory issues বা শ্বাস জনিত সমস্যাৰ কাৰণে ই খুউব উপকাৰী।

     ইয়াৰ উপৰিও সু স্বাস্থ্য বান হৈ থাকিবলৈ নিয়মিত ব্যায়াম বা যোগাসন অত্যন্ত উপকাৰী। শাৰীৰিক ব্যায়ামে আমাৰ ইমিউনিতি boost কৰি স্বাস্থ্যৱান হৈ থকাত সহায় কৰে। আপুনি যিমানেই সু খাদ্য নাখাওক কিয়, যিমানেই ভাল পৰিৱেশত নাথাকক কিয় নিয়মিত যদি শাৰীৰিক ব্যায়াম নকৰে আপোনাৰ ইমিউনিটি কিন্ত সদায় ব্যায়াম কৰা ব্যক্তি সকলৰ তুলনাত ইমান strong নহব। সেইয়ে সদায় ব্যায়াম কৰক। দিনটোত ২৪ ঘন্টাৰ ভিতৰত অন্তত ১ ঘন্টা আপোনাৰ স্বাস্থ্য টো কাৰণে খৰচ কৰক। ই নিশ্চয় আপোনাক নিৰোগী হৈ থকাত সহায় কৰিব।

পৰ্য্যাপ্ত মাত্ৰাত vitamin -C  যুক্ত খাদ্য গ্ৰহন কৰক

ইয়াৰ বাবে  ভিটামিন চি ৰ টেবলেটেই যে খাব লাগিব এনে নহয়, ফলমূল খাওক নেমু চৰবত খাওক কমলা, মধুৰী, কেপচিকাম, অমিতা আদিত যথেষ্ট পৰিমানে vitamin – C  পোৱা যায়। গতিকে ফলৰ ৰস, নেমু পানী আদি খোৱাৰ অভ্যাস  কৰক।

  খাদ্য প্ৰস্তুত কৰোতে দৈনিক হালধি, ধনীয়া, জিৰা আৰু নহৰু অন্তভূক্ত কৰক।

     খাদ্য বস্তু যিমান পাৰে গৰমে গৰমে খোৱাৰ চেষ্টা কৰক। ভাত দাইল আদি বোৰ ফ্ৰিজত নথৈ এবাৰত খাবৰ জোখাৰে ৰান্ধিব আৰু ঠাণ্ডা হোৱাৰ আগতে খাওক। ইয়াৰ ওপৰিও খোৱা খাদ্য ভাল দৰে সিজাই খোৱাটো অতি জৰুৰী। বিলাহী, গাজৰ, বিট আদি চালাদ এই কৰ’না ভইৰাছৰ সংক্ৰমনৰ দিন কেইটাত কেঁচাই খোৱাৰ পৰা বিৰত থাকক, তাৰ পৰিৱৰ্তে mix veg তৰকাৰী ৰান্ধী খাওঁক।

নেমু, কমলা, আদা, নহৰু, হালধি, মহানিম, অমিতা, ব্ৰকলি, খিলিখা, আমলখি, তুলসী, অমৰ লতা বা গিলয়, এলোভেৰা, টিচি, মেঠি, সূৰ্যমুখী ফুলৰ বীজ, গাজৰ, বিলাহী, কবি, সকলো ধৰণৰ সেইজীয়া শাক পাচলি আদি পৰ্যাপ্ত পৰিমানে খাওঁক।

  কৰ’না ভইৰাছৰ আতংক গতিকে কোন সময়ত খাদ্য বস্তু সংক্ৰমনিত হব পাৰে কোনো নিশ্চয়তা নাই। গতিকে খোৱা খাদ্য কেতিয়াও উদঙাই নাৰাখিব আৰু ঠাণ্ডা খাদ্য নাখাব। এই সময় যিহেতু সংকটপূৰ্ণ সময় গতিকে সৰু ডাঙৰ যিয়েই নহওঁক কিয় কোনো ধৰণৰ বেমাৰ যাতে নহয় তাৰ প্ৰতি যত্নবান হওঁক আৰু নিৰোগী হৈ থাকাৰ যত্ন কৰক। লকডাউন যিহেতু চলি আছে আমি ঘৰৰ পৰা ওলোৱাটো বাধা আছে গতিকে সাৱধান হৈ থাকক আৰু ঘৰতে থাকক। সজাগ হওঁক সুস্থ থাকক।

ডা. হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here