মুখৰ দুৰ্গন্ধ আতৰাব কেনেকৈ

0

অশান্তি দায়ক মুখৰ দুৰ্গন্ধ কেনেকৈ আতৰাবঃ

কেতিয়াবা উৎসৱ প্ৰাৱনত আপুনি বন্ধুবান্ধৱৰ লগত আনন্দপূৰ্ণ মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ বাবে হয়তো আপোনাৰ বন্ধু মহলে অস্বন্তিত পৰিব লগা হৈছে। অথবা আপোনি আপোনাৰ প্ৰিয়জনৰ লগত অন্তৰংগ মূৰ্হুত্ত উপভোগ কৰি আছে আৰু আপোনাৰ কথোপকথনে আপোনাৰ প্ৰিয়জনক ভীষণ অস্বস্তিত পেলাইছে। আপোনি একান্ত ব্যক্তিগত সময়খিনিত নিজৰ প্ৰিয় ব্যক্তিজনক আপোনাৰ মনৰ ভাৱ বোৰ সুন্দৰকৈ প্ৰকাশ কৰা সময়ত যদি আপোনাৰ প্ৰিয়জনে নাক কোচাব লগা হয়। নিশ্বয় আপোনি মৰ্মাহত হব। আৰু ইয়াৰ একমাত্ৰ কাৰণ যদি আপোনি মুখৰ দুৰ্গন্ধ বুলি গম পায় আপোনি হয়তো বিচলিত হব। বাহ্যিকভাৱে আপোনি যিমানেই ধুনীয়া বা দেখনীয়া নহওক কিয় ?

যদি আপোনাৰ মুখৰ দূৰ্গন্ধ হয় সকলো ব্যক্তিত্ব আৰু সন্দৈৰ্য্য যেন নিমিষতে ম্লান হৈ যায়। এই মুখৰ দুৰ্গন্ধই যদিও দেহৰ বিশেষ ক্ষতি নকৰে বা শাৰীৰিক সমস্যাৰ সৃস্টি নকৰে মানুহৰ ব্যক্তিগত আৰু সামাজিক সম্পৰ্ক তথা মানসিক দিশতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অন্যহাতে ই শৰীৰত লুকাই থকা ৰোগৰ আগ জাননিও হব পাৰে।

সেয়েহে আজি আপোনালোকক কম এই মুখৰ দূৰ্গন্ধ কাৰ হয়?  কিয় হয়? ইয়াৰ প্ৰতিকাৰ কি? কেনেকোৱা ধৰণৰ ঔষধ ব্যৱহাৰ কৰিলে এই অস্বস্তিকৰ মুখৰ দুৰ্গন্ধৰ পৰা আপোনি প্ৰৰিত্ৰাণ পাব পাৰিব তাৰ বিষয়ে আলোচনা আগবঢ়াম।

 চিকিৎসা বিজ্ঞানৰ ভাষাত হেলিটছিছ, সৰ্ব্বসাধাৰণতে আমি যাক মুখৰ দূৰ্গন্ধ বুলি কওঁ। বৰ্তমান সময়ত মানৱ সমাজৰ প্ৰায় লোকেই ভুগী থকা এক অতি অস্বস্তিকৰ স্বাস্থ্য সমস্যা।

এক সমীক্ষা অনুসৰি বিশ্বৰ মূঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকেই কিবা নহয় কিবা কাৰণত এই হেলিটছিছ বা মুখৰ পৰা উলোৱা দূৰ্গন্ধৰ সমস্যাত ভুক্ত ভোগী।

 মুখ গহ্ৱৰৰ বাদেও, নাক গহ্ৱৰ, নাকৰ ছাইনাছ, ডিঙিৰ, হাওঁ-ফাওঁ, খাদ্য-নলী, পাকস্থলী, যকৃত, আদি শৰীৰৰ বিভিন্ন অংগৰ কেতবোৰ  অসুখৰ বাবে মুখৰ পৰা দূৰ্গন্ধ উলাব পাৰে।

মুখৰ দূৰ্গন্ধৰ শতকৰা ৯০ ভাগ ক্ষেত্ৰতে মুখ গহ্বৰ জড়িত থকা দেখা যায়। আমাৰ মুখৰ ভিতৰত প্ৰায় ৭০০ বিধ বিভিন্ন প্ৰকাৰৰ অনুজীৱ থাকে। জিভাৰ গুৰি অংশত এই অনুজীৱ বোৰে সংক্ৰামণ সৃষ্টি কৰি মুখৰ দূৰ্গন্ধ সৃষ্টি কৰিব পাৰে।

মুখৰ ভিতৰত যিকোনো অংশত বিজাণু সংক্ৰামণ ঘটি মুখৰ দূৰ্গন্ধ ওলাব পাৰে।

খোৱা খাদ্য যদি দাঁতৰ ফাকত লাগি থাকে এই খাদ্যকনাবোৰত বিজাণু সংক্ৰমন হোৱাৰ বাবে মুখৰ পৰা দূৰ্গন্ধ ওলাব পাৰে।

বাহিৰৰ নাসাৰন্ধৰ পৰা মুখ গহ্ৱৰলৈ সংযোগী অংশটোত মুখ গহ্ৱৰ এক গুৰুত্ব পূৰ্ণ অংশ। ইয়াৰ মুখগহ্ৱৰ লগত সংলগ্ন অংশক noso pharynx বুলি কোৱা হয়। নাকৰ ভিতৰত এই অংশত বিজাণু সংক্ৰমন হলেও মুখৰ পৰা দূৰ্গন্ধ ওলাব পাৰে। ক্ৰনিক টনছিলাইটিছৰ সমস্যাত ভোগাৰ বাবেও মুখৰ দূৰ্গন্ধ ওলাব পাৰে। ফেৰিনজাইটিছৰ

মুখৰ-দুৰ্গন্ধ-কেনেকৈ-আতৰাবঃ
মুখৰ দুৰ্গন্ধ আতৰাব কেনেকৈ

বাবেও মুখৰ দূৰ্গন্ধ ওলাব পাৰে। দাঁতৰ পোকে খোৱা ৰোগৰ বাবেও মুখৰ দূৰ্গন্ধ ওলাব পাৰে। এচিডিটি, বুকু জ্বলাপোৰা কৰা, হজম শক্তি বিসংগতি, পাৰিপাক ক্ৰিয়াত বিসংগতি আদিৰ কাৰণতো মুখৰ দূৰ্গন্ধ হব পাৰে। পিয়াজ, নহৰু, মাছ, মাংস, কণী, পণীৰ জাতীয় খাদ্য গ্ৰহণৰ পিছতো মুখৰ দূৰ্গন্ধ বেছি হোৱাৰ সম্ভৱনা থাকে।

উচ্চ মাত্ৰাত প্ৰটিন আৰু শ্বেতসাৰ সম্পন্ন খাদ্য নিয়মিত খালে  কিটোছিছ নামৰ পৰিপাক জনিত সমস্যা এটা উদ্ভৱ হব পাৰে। যত শৰ্কৰাৰ সলনি ছৰ্বিৰ দহন বেছিকৈ হয়। তেনে অৱস্থাত মুখৰ পৰা বৰ বেয়া দূৰ্গন্ধ ওলাব পাৰে। ভিটামিন বিৰ অভাৱৰ বাবে জিভা, ওঁঠৰ ভিতৰ ভাগত বা দাঁতৰ আলু আদিত ঘাঁ হোৱাৰ বাবেও মুখৰ দূৰ্গন্ধৱ হব পাৰে।

মদ্যপ্ৰানৰ আসক্তি, পৰিপুষ্টিৰ অভাৱ, যকৃতৰ দূৰ্ব্বলতা, হাওঁফাওঁ সংক্ৰমণ, বিক্কৰ সংক্ৰমণ আৰু বিকলতা, কৰ্কট ৰোগ, মধুমেহ, সময় মতে খাদ্য গ্ৰহন নকৰা, ফাষ্টফুড, জাংফুড আদি বেছিকৈ খোৱা, কিছুামান ঔষধ গ্ৰহন কৰা। মহিলা ঋতুৰ বিসংগতি, হৰমন জনিত কাৰণতো মুখৰ দূৰ্গন্ধ ওলাব পাৰে। ধপাত জাতীয় দব্য গ্ৰহন কৰা ফলতো মুখৰ দূৰ্গন্ধ ওলাব পাৰে।

মুখৰ এই দূৰ্গন্ধ আতৰাবৰ বাবে ভুক্ত ভোগীয়ে নিজেও কিছুমান সাৱধনতা অৱলম্বন কৰাটো অতি জৰুৰী।

মুখ গহ্বৰৰ ভিতৰ ভাগ সৰ্ব্বত্ত পৰিষ্কাৰ কৰি ৰখাটো প্ৰথম আৰু প্ৰধান কতব্য।

যিকোনো খাদ্য খোৱা পাছতেই মুখ ভাল দৰে কুল কুলি কৰিব লাগে।

মাংস আদি খালে প্ৰয়োজন অনুযায়ী ব্ৰাচ কৰিব লাগে।

ৰাতি খাদ্য খোৱাৰ পাছত মুখ পৰিষ্কাৰ কৰিব লাগে।

দিনটোত অন্তত ২ বাৰ ব্ৰাচ কৰিব লাগে।

দিনৰ ভাগত লালতিৰে আমাৰ মুখৰ ভিতৰ ভাগ তিতি থাকে কিন্তু ৰাতি শুৱাৰ পাছত লালতি নিসৰণ কমি যায়। যাৰ ফলত জীৱাণুৱে বংশ বৃদ্ধি কৰিবলৈ সুবিধা পায়। যদি দাঁতৰ ফাকত খাদ্য বস্তু টুকুৰা থাকি যায় তেনে হলে বিজাণুৱে সংক্ৰমণ ঘটাই দূৰ্গন্ধ বিয়পোৱাত সহায় কৰে।

মুখৰ ভিতৰত আৰ্দ্ৰতা সঠিক ৰাখিৰ বাবে পৰ্যাপ্ত পানী খাব লাগে।

জিহ্বা ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ভালদৰে পৰিষ্কাৰ নকৰিলে জিহ্বাৰ ওপৰ ভাগৰ খহতা অংশতে মৃত কোষ, খাদ্যৰ অৱশিষ্ট, বেক্টেৰিয়া আদি জমা হৈ দূৰ্গন্ধ সৃষ্টি কৰিব পাৰে।

বছৰত একবাৰ দন্ত চিকিৎসকৰ দ্বাৰা দাঁত পৰিষ্কাৰ কৰাব লাগে। ধূম্ৰপ্ৰান আৰু মদ্যপ্ৰানৰ অভ্যাস থাকিলে পৰিহাৰ কৰিব লাগে।

   খোৱাৰ খাদ্যৰ প্ৰতিও বিশেষভাৱে শতৰ্কতা অৱলম্বন কৰিব লাগে।

মাছ মাংস বেছিকৈ খাব নালাগে।

পানীৰ জাতীয় খাদ্য পৰাপক্ষ এভইড কৰিব।

ভিতামিন চি  যুক্ত আহাৰ গ্ৰহন কৰিব লাগে। কমলা, নেমু আমলখি আদি খাব লাগে। আঁহ যুক্ত ফলহাৰ গ্ৰহন কৰিব লাগে।

green tea দিনটোত ২ কাপ খাব পাৰে ই মুখৰ বেয়া গোন্ধ আতৰ হোৱাত সহায় কৰে।

সেউজীয়া শাক পাচলী খাব লাগে।

চুংগ্ৰাম বা মিন্ট চোবাব পাৰে, সাময়িক ভাৱে দূৰ্গন্ধৰ পৰা উপশম পাবৰ বাবে। কিন্তু চুইংগ্ৰাম জোখত কৈ বেছি খালে দেহৰ ক্ষতি কৰিব পাৰে।

 এতিয়া আহো মুখৰ দুৰ্গন্ধ দূৰকৰা মেডিচিনঃ

এই অস্বন্তিকৰ মুখৰ দূৰ্গন্ধ দূৰ কৰিবৰ বাবে খুওব সুন্দৰ হোমিঅপেথিক মেডিচিন আছে। লক্ষণ অনুযায়ী এই মেডিচিন ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সুওব সহজতে মুক্ত হব পাৰিব।

মুখৰ দুৰ্গন্ধৰ হোমিঅ পেথিক মেডিচিনঃ

Merc sol

মুখৰ দূৰ্গন্ধ আতৰ কৰা অতি ফলপষু ঔষধ। লালতী গন্থীৰ অত্যন্ত সক্ষমতাৰ বাবে যদি লালতি নিসৰণ কমি যায়, দাঁতৰ কেভিতিৰ বাবে বাবে যদি দূৰ্গন্ধ হয়, লগতে যদি মুখৰ ভিতৰ অংশৰ লেৰিং, ফেৰিংচ আদিৰ বিজাণু সংক্ৰমণৰ বাবে যদি মুখৰ দূৰ্গন্ধ হয় তেনে হলে  এই মেডিচিন ব্যৱহাৰ কৰি খুওব সহজতে এই সমস্যৰ পৰা মুক্ত হব পাৰে। এই মেডিচিনটো ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২ বাৰ কৈ ব্যৱহাৰ কৰিব।

pulsatilla

মুখৰ দূৰ্গন্ধ আতৰ কৰা ক্ষেত্ৰত এই মেডিচিনটো ভূমিকা অপৰিসীম। ৰোগীৰ মুখৰ দূৰ্গন্ধ লগতে যদি মুখ শুকাই যোৱা সমস্যা থাকে তেনে হলে এই মেডিচিনটো ব্যৱহাৰ কৰি এই সমস্যা পৰা সহজে উপকৃত হব পাৰিব।

carbo veg

দাঁতৰ আলু ফুলে, দাঁতৰ আলুৰ পৰা তেজ উলায়, ইনফেকচন হয়, পেটৰ সমস্যাৰ লগতে মুখৰ দূৰ্গন্ধ হয় তেনে হলে মুখৰ দূৰ্গন্ধত এই ঔষধে উৎকৃষ্ট ফল প্ৰদান কৰে।

carbolic acid

যদি কুষ্ঠকাঠিন্য সমস্যা থাকে, পেট ফুলি থকাৰ দৰে হয়, পেটত খামুচি ধৰা দৰে যদি বিষ হয় লগতে যদি মুখৰ দূৰ্গন্ধ থাকে তেনে হলে এই মেডিচিন ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা সহজতে উপক্ষম পালৈ সক্ষম হব।

nux vomika

বদহজম আৰু কোষ্টকাঠিন্যৰ সৈতে যদি মুখৰ দৰ্গন্ধৰ সমস্যাত ভুগে তেনে হলে এই মেডিচিনে খুওব সুন্দৰ ফল দিয়ে।

belladona

ডিঙিৰ ইনফেকচন, ডিঙিৰ বিষৰ সৈতে যদি মুখৰ দূৰ্গন্ধ সমস্যা হয় এই মেডিচিন অত্যন্ত ফলদায়ক।

kerosote-

মুখৰ দূৰ্গন্ধ সৈতে দাঁতৰ কেভিতিৰ লগতে যদি অত্যাধিক ৰক্ত ক্ষৰণ হয়, দাঁতৰ আলুৰ পৰা তেজ উলাই তেনে হলে এই মেডিচিনে খুওব সুন্দৰ ফল দিয়ে।

ডা.হৰিকান্ত দাস।
Dr Haris Homeopathic & Physiotherapy Clinic
Gogamukh Chariali, Gerukamukh Road.
ফোন নং- 9707722511

LEAVE A REPLY

Please enter your comment!
Please enter your name here