উচ্চৰক্তচাপ আৰু ডায়েবেটিছৰ ঔষধ খালে আদা খাব নালাগে

1
উচ্চৰক্তচাপ আৰু ডায়েবেটিছৰ ঔষধ খালে আদা খাব নালাগে
উচ্চৰক্তচাপ আৰু ডায়েবেটিছৰ ঔষধ খালে আদা খাব নালাগে

আদাও হব পাৰে মাৰাত্মক!

খাদ্য হিচাপে আদাৰ উপকাৰিতাৰ বিযয়ে নজনা ব্যক্তি হয়তো কমেই ওলাব। বিভিন্ন খাদ্যৰ উপাদানত আদাক এক উৎকৃষ্ট মচলা ৰুপে ব্যৱহাৰ কৰা হয়। শৰীৰত হোৱা বিষ নিৰাময়, হজম শক্তিৰ সম্যা দূৰকৰা, ঠাণ্ডা লগা আদি সমস্যা দূৰকৰাত আদাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আদাৰ চমৎকাৰী গুণৰ বিষয়ে চিকিৎসক, ডেয়েটিচিয়ান বা খাদ্য বিশেষজ্ঞ, আয়ুৰ্বেদ আদিত সততে শুনিবলৈ পোৱা যায়। কিন্তু এই মৌহষধী আদা কেতিয়াবা কোনো কোনো ক্ষেত্ৰত ক্ষতি কাৰকো হব পাৰে। গতিকে আদা আমি কেতিয়া খাব নালাগে তাৰ বিষয়ে আলোচনা কৰিম।

গৰ্ভাৱস্থাতঃ

আদাত এনেকুৱা কিছুমান উপাদান থাকে যি আমাৰ পেশী সমূহ শক্তিশালী কৰি ৰাখে আৰু হজমী শক্তি বৃদ্ধিত সহায় কৰে। কিন্তু গৰ্ভাৱস্থাত বেছিকৈ আদা খালে পি-টাৰ্ম লেবাৰৰ সম্ভাৱনা বৃদ্ধি হয়। গতিকে গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শলৈহে আদা খোৱাটো ভাল।

ৰক্তজনিত ৰোগঃ

আদাই শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। মেদ বহুলতা বা ডায়েবেটিছৰ সমস্যাত আদা খুবেই উপকাৰী। যদি হিমোফিলিয়াৰ সমস্যা থাকে আদায় নেগেটিভ প্ৰভাৱ পেলাব পাৰে।

আদা

হিমোফিলিয়া এক জন্মগত বিসংগতি। হিমোফিলিয়াৰ ঔষধৰ সৈতে আদা খালে ঔষধৰ ক্ৰিয়াত ব্যাঘাট জন্মাৰো সম্ভাৱনা থাকে।

শৰীৰৰ ওজন হ্ৰাসঃ

আপোনি অত্যন্ত শীন হোৱাৰ বাবে যদি ওজন বঢ়াবৰ বাবে চেষ্টা কৰিছে তেনে হলে আপোনি আদা নোখোৱাই ভাল। আদাত প্ৰচুৰ পৰিমানে ফাইবাৰ থাকে যি পাকস্থলীৰ পি এইচ মাত্ৰা বঢ়াইদিয়ে আৰু পৌষ্টিক তন্ত্ৰক উত্তেজিত কৰি তুলে।

বিশেষ কিছুমান ঔষধ খোৱাৰ সময়তঃ

উচ্চৰক্তচাপ বা ডায়েবেটিছৰ ঔষধ খালে আদা খাব নালাগে। আদাই তেজ পাতল কৰি ৰক্তচাপ কমাই দিয়ে। গতিকে সাধাৰণ ভাবে ৰক্তচাপৰ সমস্যাত আদা খোৱাটো উপকাৰী হলেও হাইপাৰটেনচন আৰু ডায়েবেটিছৰ ঔষধ সেৱন কৰি থকাৰ সময়ত আদা খালে ঔষধৰ প্ৰভাৱ কমাই দিয়াৰ সম্ভাৱনা থাকে।

 

ডা হৰিকান্ত দাস।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here