পলিচিষ্টিক অভাৰিয়ান চিনডমঃ PCOS/PCOD

0

পলিচিষ্টিক অভাৰিয়ান চিনডমঃ (PCOS/PCOD)

লিচিষ্টিক অভাৰিয়ান চিনডম। বৰ্তমান সময়ত ই অতি ব্যাপক ৰুপে দেখাদিয়া এটা সমস্যা। প্ৰতি ৫ গৰাকী যুৱতীৰ ১ গৰাকী এই সমস্যাত ভোক্তভূগী। এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ কি, কিয় হয় এই PCOD ই যুৱতী-মহিলাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাই, পলিচিষ্টিক অভাৰিয়ান ডিজিজ খুওব সহজতে নোহোৱা কৰিব পৰা উৎকৃষ্ট হোমিঅপেথিক ঔষধৰ আছে এই সকলোবো আমি আলোচনা কৰিম।

PCOS/PCOD পলিচিষ্টিক অভাৰিয়ান ডিজিজ মূলত মহিলাৰ হৰমন বিসংগতিৰ ফলত হোৱা এক ধৰণৰ জটিল ৰোগ। এই ৰোগত মহিলা-যুৱতীৰ ডিম্বাশয়ৰ ৱালত একাধিক সৰু সৰু চিষ্টৰ উদ্ভৱ হয়।

সাধাৰণতে কি হয়, মহিলাৰ আভাৰী বা জৰায়ুৰ অণ্ডাশয়ে প্ৰতিমাহত এক বা তাতকৈ অধিক ডিম্ব উৎপন্ন কৰে আৰু প্ৰতি ১৪ দিনৰ মূৰে মূৰে পূৰঠহৈ ফাটি যায়। এই গোটেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰন কৰে আমাৰ মগজুৰ মাষ্টাৰ গ্লাণ্ড বা পিটুৱেটৰী গ্লাণ্ডে। আৰু ই সঠিক ভাবে হৰমন নিসৰণ কৰি থকাৰ বাবেই অণ্ডাশয়ৰ অণ্ড উৎপন্ন হয়, পূৰথহৈ ডিম্বস্ফুটন হয়। মহিলা যদি গৰ্ভৱতী নহয় ১৪ দিনৰ পিছত পূনৰ মাহেকীয়া হয়। এনেদৰেই এই চক্ৰটো সূচাৰুৰূপে চলি থাকে। কিন্তু এই পলিচিষ্টিক অভাৰিয়ান চিণ্ডমত কি হয়- পিটুৱেটৰী গ্লাণ্ডে নিসৰণ কৰা যিটো হৰমন সেই হৰমন নিসৰণত বিসংগতি আহিপৰে। যাৰ বাবে ডিম্বাশত ডিম্ব পূৰথ হব নোৱাৰে। সব্বসাধাৰণতে কি হয়, পুৰুষৰ গাত থকা লিওটিনাইজিং হৰমন (LH) এইবিধ হৰমন মহিলাৰ গাত আতি কম পৰিমানে থাকে। কিন্ত এই হৰমন বিধ মাত্ৰাধিক ভাবে বাঢ়ি যায় যাৰ ফলত ডিম্ববোৰ পূৰথ হব নোৱাৰে আৰৰু অসংস্য সৰু সৰু ডিম্ব বোৰ অভাৰীত মালাৰ নিচিনা আকাৰ লয়। আল্টাচাউণ্ডৰ ছবি চালে সৰু সৰু মনিৰ লগত গাঁঠি ঠোৱা এদাল মালাৰ দৰে দেখিবলৈ পোৱা যায়। আৰু এই বোৰে গোটেই অভাৰীটো ৱালখন অধিকাৰ কৰিলয়।
এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ হলে মহিলা-যুৱতীৰ কিছুমান সমস্যাৰ সন্মুখীন হব লগা হয়। এই বোৰৰ ভিতৰত-

  •  হৰ্থা-ঋতুস্ৰাৱৰ বিসংগতিয়ে দেখাদিব পাৰে। যেনে- ঋতুস্ৰাৱ বন্ধহৈ যোৱা, স্ৰাৱৰ পৰিমান কমি যোৱা, ঋতুস্ৰাৱ অনিয়মীয়া হোৱা, মাহেকীয়াৰ সময়ত তলপেটৰ তীব্ৰ বিষ হোৱা, উৰুলৈকে টানিধৰা বিষৰ লগতে অত্যন্ত দূৰ্বল অনুভৱ কৰা আদি সমস্যা হব পাৰে।
  •  হৰমনৰ বিসংগতিৰ বাবে মহিলা-।যুৱতীৰ কিছুমান অংগত যেনে- মুখ, বুকু, পেট, হাত-ভৰি আদিত নোম গজা আৰু মুখমণ্ডলত অত্যাধিক শালমন উলোৱা আদি সমস্যা হব পাৰে।
  • এণ্ডমেট্ৰিয়েল ষ্টিমুলেচনৰ বাবে কেতিয়াবা ঋতুস্ৰাৱৰ সময়ত অত্যাধিক স্ৰাৱ হৈ মহিলা-যুৱতীৰ ভীষণ সমস্যা হব পৰে।
  • এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ সমস্যাৰ বাবে কেতিয়াবা সন্তান হীনতাৰ সমস্যাইও দেখাদিব পাৰে।। তেজত লিওটিয়েনাইজিং হৰমনৰ পৰিমান বৃদ্ধি হৈ অভাৰীৰ ডিম্বাশয়ৰ পৰা ডিম্ব নিসৰণত বাধাপ্ৰাপ্ত হোৱাৰ বাবে বন্ধাত্বৰ সমস্যাৰ সন্মুখীন হব পাৰে।
  • তেজত এণ্ডজেন নামৰ হৰমন বিধ বাঢ়িযোৱাব ফলত শৰীৰৰ স্বাভাৱিক উজন বৃদ্ধিহৈ মেদ বহুলতাৰ সমস্যাৰ স্বীকাৰ হব পাৰে।

পলিচিষ্টিক অভাৰিয়ান ডিজিজৰ কাৰণঃ

য়াৰ সঠিক কাৰণ জানিব পৰা নাযায়। বিশেষকৈ FSH অৰ্থা- ফলিকুলাৰ স্টিমুলেটিং হৰমনৰ পৰিমান তেজত কমি যোৱাৰ বাবে ডিম্বাশয়ত ডিম্বকোষ ফাটি যোৱা প্ৰক্ৰিয়াটোট বাধা প্ৰাপ্ত হয়। আৰু সৰু সৰু ডিম্ববোৰ ডিম্বাশয়ত জমাহৈ Poly Cystic অভাৰীৰ সৃষ্টি কৰে। অন্যহাতে বংশগত কাৰণটো এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ হব পাৰে। যদি মাকৰ এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ আছিল তেনেহলে জীয়েকৰো হোৱাৰ সম্ভাৱনা থাকে। অবেচিটী বা অত্যধিক শৰীৰৰ মেদ বহুলতাৰ বাবেও এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ হব পাৰে। তেজত ইনচুলিন হৰমনৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলটো এই পলিচিষ্টিক অভাৰিয়ান ডিজিজ হব পৰে। ইয়াৰ উপৰিও উশৃংশল জীৱন যাপনো এই পলিচিষ্টিক অভাৰিয়ান ডিজিজৰ কাৰণ হব পাৰে।

এই পলিচিষ্টিক অভাৰিয়ান ডিজিজৰ লক্ষণঃ

গৰাকী যুৱতী যৌৱন প্ৰাপ্ত হোৱাৰ পাছতেই বা প্ৰথম মাহেকীয়া হোৱাৰ পাছৰ পৰাই এই PCOD ৰ সমস্যাই দেখাদিব পাৰে। এই লক্ষণ সমূহৰ ভিতৰত হল- মাহেকীয়াৰ স্ৰাৱ কমি যোৱা বা অত্যাধিক হোৱা, মাহেকীয়া অনিয়মীয়া হোৱা, মাহেকীয়াৰ সময়ত পেটৰ অত্যন্ত বিষ হোৱা আৰু দূৰ্বল অনুভৱ কৰা। নহব লগীয়া কিছুমান থাইত যেনে- ওঁঠ, বুকু, হাত-ভৰি আদিত অত্যাধিক নোম গজা, মূৰৰ চুলি সৰি পাতল হৈ যোৱা, মুখমণ্ডলত সঘনাই শালমইনা হব পাৰে। নিদ্ৰাহীনতাৰ সমস্যাতো ভূগাৰ লগতে সকলো সময়তে ভাগৰ গলা বা ক্লান্তি অনুভৱ কৰা মূৰৰ বিষ আদি হব পাৰে। শৰীৰৰ স্বাভাৱিক উজন বৃদ্ধিহৈ মেদ বহুলতাৰ সমস্যাই দেখা দিব পাৰে। বিবাহিত মহিলাৰ ঘৰ্ভধাৰণ ক্ষমতা কমি যোৱা বা গৰ্ভধাৰণ কৰিব নোৱৰা আৰু সন্তান হীনতা বা বন্ধাত্বৰ সমস্যা হব পাৰে।

পলিচিষ্টিক অভাৰিয়ান ডিজিজ কেনেকৈ চিনাক্ত কৰিবঃ

পৰোক্ত লক্ষণ সমূহ প্ৰকাশ পালেই শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। চিকিৎসকে আপোনাৰ ৰোগৰ লক্ষণ জনাৰ পাছত নিশ্চিত কৰিব যে আপোনাৰ পলিচিষ্টিক অভাৰিয়ান ডিজিজ হৈছেনে নাই। ইয়াৰ উপৰিও পলিচিষ্টিক অভাৰিয়ান ডিজিজ চিনাক্ত কৰণৰ বাবে আল্টাচনগ্ৰাফী পৰীক্ষাৰ দ্বাৰা পলিচিষ্টিক অভাৰিয়ান ডিজিজ হৈছেনে নাই নিশ্চত কৰিব পাৰ যায়।

পলিচিষ্টিক অভাৰিয়ান ডিজিজ প্ৰতিৰোধী চিকিৎসাঃ

লিচিষ্টিক অভাৰিয়ান ডিজিজৰ পৰা বাছি থাকিবলৈ যুৱতী মহিলা সকলে কিছুমান বিষয়ৰ উপৰত বিষেশ ভাবে গুৰুত্ব দিয়া খুবেই প্ৰয়োজন। যেনে- ফাষ্টফুড, জাংফুড আদি বৰ্জন কৰা, তেল-মচলা, অত্যাধিক জ্বলা, ভজা, পোৰা আদি এৰাই চলা। শৰীৰৰ উজন যাতে বৃদ্ধি নহয় তাৰ বাবে সঠিক আহাৰৰ উপৰত গুৰুত্ব দিয়া আৰু যিসকলৰ ইতিমধ্যে উজন বৃদ্ধি হৈছে তেওঁ লোকে উজন হ্ৰাসৰ বাবে দৈনিক নিয়মিত শাৰীৰিক ব্যায়াম কৰাৰ লগতে খাদ্য নিয়ন্ত কৰা আদি বিষয়বোৰত গুত্ব দিব লাগে।

পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যা নোহোৱা কৰিবৰ বাবে হোমিঅপেথিকত খুওব উপযোগী দৰব আছে। অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষ চাপি এই সমস্যাৰ পৰা আপোনালোকে নিশ্চিত ভাবে উপষম পাবলৈ সক্ষম হব।

পালচেটিলাঃ (PULSATILLA)

অতি সংবেদনশীল, নম্ৰ, শ্নেহশীল মহিলা, ঋতু পলমকৈ হয় আৰু স্ৰাৱ সুওব কমকৈ হয়, স্বাৱ জেপেটীয়া হয়, লগতে পেটৰ বিষ হয়। বিষ আৰু অস্থিৰতাৰ বাবে অনবৰত বিচনাত ইকাতি সিকাতি কৰি থাকে। ঋতু স্ৰাৱ ৰাতিৰ তুলনাত দিনত বেছি হয়। দেৰিকৈ পুস্পিতা হোৱা যুৱতীৰ পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাত এই ঔষধ অত্যন্ত কাৰ্যকৰী। এই ঔষধ ৩০ ক্ষমতাৰ ২ টোপালকৈ দিনে ৪ বাৰ কৈ লব পাৰে। অথবা ইয়াৰ মাডাৰটিংচা ১৫ টোমাল কৈ দিনত ৩বাৰ ১ কাপ পানীৰ লগত লব পাৰে।

চিপিয়াঃ (SEPIA)

পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যা থকা মহিলাৰ মাহেকীয়াৰ সময়ত পেলভিকৰ (PELVIS) পৰা গোটেই অংগবোৰ উলাই যোৱাৰ দৰে চাপ আৰু থেলা মৰাৰ দৰে বিষ হয়, বিষৰ উপষমৰ বাবে ভৰি অথালি পথালি কৰি চেপি ৰাখিব লগা হয়। ইয়াৰ সৈতে উশাহ নিশাহত কষ্ট হয়। ঋতু স্ৰাৱ সময়ত নহয়। কেতিয়াবা নিৰ্দ্ধাৰিত সময়ৰ আগতে বা কেতিয়া নিৰ্দ্ধাৰিত সময়ৰ পিছত হয়। স্ৰাৱ কেতিয়াবা সামান্য পৰিমানৰ হয় আৰু কেতিয়াবা সৰহ পৰিমানে হয়। পেটৰ বিষ বা যিকোনো সমস্যা গা ধূলে বা কাপোৰ ধূলে বা পানী লাগিলে বৃদ্ধি হয়। পলিচিষ্টিক অভাৰিয়ান ডিজজত এই সমস্যা সমূহৰ লগতে ওঁঠ, বুকু, পেট, হাত-ভৰি আদিত নোম হলে এই মেডিচিন ব্যৱহাৰ কৰিব লাগে। এই মেডিচিন ২০০ ক্ষমতাৰ ২ টোপাল কৈ ২ বা ৩ বাৰ খাব লাগে। শৰীৰৰ অলাগতিয়াল অংগ সমূহত নোমৰ লগতে যদি মুখণ্ডলত অত্যাধিক শালমন হয় তেনে হলে চিপিয়াৰ সৈতে থুজা (Thuja) ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২ বাৰ ব্যৱহাৰ কৰিব। ৰোগ সোনকালে উপষম হব।

কেলকেৰিয়া কাৰ্বঃ (CALCARIA CARB)

অত্যন্ত শকত আৱত মেদবহুল মহিলাৰ পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যা হলে এই ঔষধ অত্যন্ত ফলপসু। এই ঔষধৰ অভাৰী চিষ্টলৈ পৰিৱৰ্তীত হেৱা ডিম্ববোৰ গলাই পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাৰ পৰা মুক্ত কৰিব পৰা ক্ষমতা আছে। এই ঔষধ ব্যৱহাৰ কৰিব লগা পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাত ভূগা মহিলাৰ ঋতুস্ৰাৱ দীঘলীয়া সময় ধৰি হয়। ঋতুস্ৰাৱৰ সময়ত তলপেট ভাৰী অনুভৱ হয়। মাহেকীয়াৰ সময়ত শৰীৰত ঠাণ্ডাৰ অনুভৱ হয় কিন্তু মূৰত ঠাণ্ডা ঘাম হয় আৰু লগতে মাথাৰ বিষ হয়। হোমিঅপেথিকত পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাৰ বাবে এই ঔষধক অত্যন্ত উ-কৃষ্ট ঔষধ ৰুপে গন্য কৰা হয়। এই ঔষধৰ ২০০ ক্ষমতাৰ ৰোগৰ প্ৰাবল্য অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰি এই সমস্যা পৰা মুক্ত হব পাৰা হয়।

গ্ৰেফাইটিছঃ (GRAPHITS)

খাৱক বা নাখাৱক দিনক দিনে শকতহৈ যোৱাৰ প্ৰৱনতা থকা মহিলা। যিসকলৰ অভ্যাসগত কোষ্ঠকাঠিন্যৰ সমস্যাৰ লগতে পলমকৈ ঋতুস্ৰাৱ হয়, স্ৰাৱ অতি কম পৰিমানৰ আৰু বিবৰ্ণ, নিৰ্দিষ্ট সময়তকৈ পলম হোৱাৰ লগতে অসহ্য পেট কামোৰণি হয়। মাহেকীয়াৰ সময়ত উকালি আহে বা বমি হয়। ঋতুস্ৰাৱৰ আগত বা পিছত অধিক ৰপিমানে বগাস্ৰাৱ হয়। এনেবোৰ লক্ষনৰ লগত পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যা হলে গ্ৰেফাইটিছ অত্যন্ত ফলপসু ঔষধ। এই ঔষধৰ ২০০ ক্ষমতাৰ ৰোগৰ প্ৰাৱল্য অনুসৰি ব্যৱহাৰ কৰিলে ৰোগ সহজতে নিৰ্মূল হয়।

কনিয়ামঃ (CONIUM)

কনিয়াম পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাৰ এক উৎকৃষ্ট মেডিচিন। ব্ৰন বা শালমন আৰু সন্তান হীনতা সহ পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাত এই ঔষধ অতি ফলপসু। এই ঔষধ ব্যৱহাৰ কৰিব লগীয়া যুৱতী মহিলাৰ মাহেকীয়া হোৱাৰ আগে আগে শালমন হয় আৰু মাহেকীয়াৰ স্ৰাৱ আৰম্ভ হোৱাৰ লগে লগে শালমন নাইকিয়া হৈযায়।
ইয়াৰ উপৰিও পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাত ব্যৱহাৰ কৰিবৰ বাবে FARAXINA, APISMAL, LECHESIS, SILESIA, ASOKA আদি বহুতো ফলপসু মেডিচিন আছে এইবোৰ ব্যৱহাৰ কৰি পলিচিষ্টিক অভাৰিয়ান ডিজজৰ সমস্যাৰ পৰা নিশ্চিত ভাবে মুক্ত হব পৰা যয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here