উচ্চ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া কথা

0
উচ্চ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া কথা

উচ্চ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া কথা

উচ্চ-ৰক্তচাপৰ-বিষয়ে-কিছু-জানিবলগীয়া-কথা
উচ্চ ৰক্তচাপ

ৰক্তচাপ বেছি সময় ধৰি বৃদ্ধি হৈ থাকিলে (উচ্চ ৰক্তচাপ) ৰক্তবাহী নলীৰ বিস্তৰ ক্ষতিসাধন হ’ব পাৰে। এই ক্ষয়-ক্ষতিৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকে। তাৰে কিছুমানে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবও পাৰে। সেইবিলাকৰ ভিতৰত হৃদযন্ত্ৰ বিকল হোৱা, দৃষ্টিশক্তি লোপ পোৱা, বৃক্ক সম্বন্ধীয় ৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা আদি হ’ব পাৰে।

কিছুমান সাৱধানতা অৱলম্বন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ৰক্তচাপ সামান্যভাৱে বৃদ্ধি পালে সাধাৰণতে কোনো লক্ষণ প্ৰকাশ নাপায়। কিছু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ যোগেদি ব্যক্তিজনে নিজৰ বৰ্ধিত ৰক্তচাপৰ বিষয়ে জানিব পাৰে আৰু চিকিৎসকৰ পৰামৰ্শ লৈ সচেতন হ’ব পাৰে। ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ’ প্ৰতিবেদনমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৭৫ লাখ লোক অৰ্থাৎ মুঠ জনসংখ্যাৰ ২৯ শতাংশ নাগৰিকেই উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত।

এই লেখাত আমি উচ্চ ৰক্তচাপৰ কাৰণ আৰু চিকিৎসা সম্পৰ্কীয় বিষয়ত আলোকপাত কৰিম। লগতে স্বাস্থ্যসন্মত ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰামৰ্শ বিষয়ে কিছু কথা বিশ্লেষণ কৰিম।


উচ্চ ৰক্তচাপৰ চিকিৎসা নকৰাকৈ থাকিলে ৰক্তপৰিবাহী নলীবিলাকৰ লগতে হৃদপিণ্ডৰো ক্ষতিসাধন হ’ব পাৰে। হৃদপিণ্ডটোৱে অহৰহ পাম্প কৰি সমগ্ৰ শৰীৰলৈ তেজৰ সঞ্চালন অব্যাহত ৰাখে। তেজৰ চলাচলে শৰীৰৰ প্ৰধান অংগসমূহলৈ অক্সিজেনৰ যোগান ধৰে। কেতিয়াবা দেহত এনে একোটা সমস্যাৰ উদ্ভৱ হয়, যেতিয়া তেজৰ যোগান বা চলাচল স্বাভাৱিকভাৱে নহ’ব পাৰে। উদাহৰণস্বৰূপে তেজ চলাচল কৰা ধমনীবিলাকৰ পৰিসৰ ঠেক হৈ পৰিলে এনে হ’ব পাৰে।

উচ্চ ৰক্তচাপ একেৰাহে হৈ থাকিলে ধমনীবিলাক দুৰ্বল হৈ পৰিব পাৰে। ইয়াৰ পৰিণতিস্বৰূপে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে আৰু তাৰে ভিতৰত কিছু সমস্যা মৃত্যুৰ কাৰক হ’ব পাৰে।

উচ্চ ৰক্তচাপ সম্বন্ধীয় তালিকা – তলৰ তালিকাত আমেৰিকান হাৰ্ট এছ’চিয়েচনে নিৰ্ণয় কৰা স্বাভাৱিক আৰু উচ্চ ৰক্তচাপৰ জোখ দাঙি ধৰা হৈছে।

Systolic (mm Hg) Normal below 120 – Elevate (উচ্চ ৰক্তচাপ) 120-129
Diastolic (mm Hg) Below 80 – Below 80

Systolic (mm Hg) Normal below 120 – Stage – 1 (উচ্চ ৰক্তচাপ) 130-139
Diastolic (mm Hg) Below 80 – 80-90

Systolic (mm Hg) Normal below 120 – Stage – 2 (উচ্চ ৰক্তচাপ) 140-or above
Diastolic (mm Hg) Below 80 – 90 or above

Systolic (mm Hg) Normal below 120 –উচ্চ ৰক্তচাপৰ সমস্যা over 180
Diastolic (mm Hg) Below 80 – over 120

চিকিৎসকে পাৰাৰ (Mercury) মিলিমিটাৰত (mm Hg) ৰক্তচাপ নিৰ্ণয় কৰে। ইয়াৰে চিষ্টোলিক চাপৰ যোগেদি হৃদপিণ্ডৰ ক্ৰিয়াৰ ফলত ধমনীত উৎপন্ন হোৱা ৰক্তচাপৰ শীৰ্ষতম সংখ্যা নিৰ্ণয় কৰা হয়। আনহাতে ডায়াষ্টোলিকৰ জৰিয়তে হৃদস্পন্দনৰ বিৰতিৰ মাজত উৎপন্ন ৰক্তচাপৰ নিম্ন সংখ্যাক নিৰ্ণয় কৰা হয়।

উচ্চ ৰক্তচাপৰ লক্ষণসমূহ – উচ্চ ৰক্তচাপত ভোগা বেছিভাগ লোকৰেই কোনোধৰণৰ পূৰ্বানুমান বা ৰোগত ভোগাৰ পূৰ্বে কোনো লক্ষণৰ প্ৰকাশ নাপায়। সেয়েহে বহু লোকে উচ্চ ৰক্তচাপক ‘নীৰৱ ঘাতক’ বুলিও অভিহিত কৰে।

যিকি নহওক ৰক্তচাপে ১৮০/১২০ mm Hg স্পৰ্শ কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা বুলি গণ্য কৰা হয়। আৰু এনে অৱস্থাক জৰুৰী চিকিৎসাৰ অৱস্থা বুলি ধৰা হয়। এনে অৱস্থাৰ সন্মুখীন হোৱা লোকৰ মূৰৰ বিষ, বমিৰ ভাৱ, বমি, মূৰ ঘূৰণি, দৃষ্টিশক্তি লোপ অথবা এটাকে দুটা যেন দেখা, নাকেদি ৰক্তক্ষৰণ হোৱা, হৃদস্পন্দনৰ গতি বৃদ্ধি পোৱা, শ্বাস-প্ৰশ্বাসত বাধা আদি সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

এনেধৰণৰ লক্ষণৰ মুখামুখি হোৱা লোকে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

মহিলাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা উচ্চ ৰক্তচাপৰ লক্ষমসমূহ 

• হৰমোনৰ কাৰকৰ বাবে পুৰুষ আৰু মহিলাভেদে উচ্চ ৰক্তচাপৰ ক্ষয়-ক্ষতিৰ তাৰতম্য থাকিব পাৰে।
• মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণ, ৰজঃনিবৃত্তি, গৰ্ভনিৰোধৰ বড়ি সেৱনৰ দৰে কাৰকে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰিব পাৰে।
• গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ সৃষ্টিৰ ফলত প্ৰিএক্লেম্পচিয়াৰ (Preeclampsia) দৰে ভয়ংকৰ অৱস্থা উদ্ভৱ হোৱাৰ ইংগিত দিয়ে, যিয়ে মহিলাগৰাকী আৰু গৰ্ভত থকা সন্তানটিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
প্ৰিএক্লেম্পচিয়াৰ লক্ষণসমূহ হৈছে— মূৰৰ বিষ, দৃষ্টিশক্তি দুৰ্বল হোৱা। পেটৰ বিষ, দেহৰ অংগ-প্ৰত্যংগ উখহা আদি।

সকলো মহিলাই বিশেষকৈ গৰ্ভধাৰণৰ সময়ছোৱাত নিয়মীয়াকৈ চিকিৎসকৰ দিহা-পৰামৰ্শ গ্ৰহণ তথা সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতিকৈ জৰুৰী।

কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত দেখা দিয়া উচ্চ ৰক্তচাপৰ লক্ষণসমূহ – মেদবহুলতা অথবা প্ৰাথমিক স্বাস্থ্যজনিত অৱস্থাৰ ফলত কিশোৰ-কিশোৰীয়েও উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিব পাৰে। টাইপ-২ ডায়েবেটিছৰ দৰে বিপাকীয় ৰোগৰ (মেটাবলিজিম চিন্ড্ৰম) লক্ষণ, কিডনিৰ ৰোগ, হৰমোনৰ ওপৰত প্ৰভাৱ পেলোৱা অন্তঃস্ৰাৱী গ্ৰন্থিৰ ৰোগ, ৰক্ত পৰিবাহী নলীত ক্ষতিসাধন কৰা ভাস্কুলাৰ ৰোগ, স্নায়ুতন্ত্ৰৰ সমস্যা আদি স্বাস্থ্যজনিত কাৰকৰ প্ৰভাৱত কিশোৰ-কিশোৰীয়ে উচ্চ ৰক্তচাপৰ সমস্যাৰ সন্মখীন হয়।

শিশুৰ ক্ষেত্ৰত দেখা দিয়া উচ্চ ৰক্তচাপৰ লক্ষণসমূহ 

উচ্চ ৰক্তচাপে শিশুকো আক্ৰমণ কৰিব পাৰে। সাধাৰণতে মেদবহুলতা আৰু ডায়েবেটিছে এই আশংকা বৃদ্ধি কৰে। কিন্তু ই টিউমাৰ, হৃদপিণ্ডৰ সমস্যা অথবা Cushing’s Syndrome ৰ দৰে বংশগত সমস্যাৰো লক্ষণ হ’ব পাৰে।

হাৰ্ট-এটেক-Heart-Attack
Heart Attack

প্ৰাপ্তবয়ষ্কৰ দৰেই শিশুৰ ক্ষেত্ৰতো উচ্চ ৰক্তচাপে আৰম্ভণিতে বিশেষ লক্ষণ বহন নকৰে। অৱশ্যে যদিহে লক্ষণসমূহে দেখা দিয়ে, সেইবিলাক হ’ব পাৰে – মূৰৰ বিষ, অলপ পৰিশ্ৰমতে ভাগৰ লগা, দৃষ্টিশক্তি লোপ পোৱা, নাকেদি ৰক্তক্ষৰণ হোৱা আদি। কোৱা বাহুল্য যে এই লক্ষণসমূহ অন্য কাৰণতো দেখা দিব পাৰে।

কেঁচুৱাৰ ক্ষেত্ৰত দেখা দিয়া উচ্চ ৰক্তচাপৰ লক্ষণসমূহ –

কিডনি অথবা হৃদৰোগৰ দৰে প্ৰাথমিক স্বাস্থ্যজনিত সমস্যাৰ প্ৰভাৱত নৱজাতক আৰু কেঁচুৱাৰো উচ্চ ৰক্তচাপৰ সমস্যা থাকিব পাৰে।

উচ্চ ৰক্তচাপৰ সম্ভাৱ্য লক্ষণসমূহ –

শাৰীৰিক বিকাশত বাধাগ্ৰস্ততা বা ব্যৰ্থতা, হঠাতে মগজুত উক দিয়া ৰোগ তথা অচেতন হোৱা, খজুৱতি, আলস্য ভাৱ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আদি উচ্চ ৰক্তচাপৰ লক্ষণ হ’ব পাৰে। যিবিলাক কাৰকৰ ফলত ৰক্তচাপ বৃদ্ধি হয় তেনেবিলাক লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসাৰ দিহা কৰিব।

উচ্চ ৰক্তচাপৰ কাৰণসমূহ –

স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰা কিছুমান শাৰীৰিক অৱস্থা তথা বংশগতভাৱে লোক এজন উচ্চ ৰক্তচাপত আক্ৰান্ত হ’ব পাৰে। মেদবহুলতা, টাইপ-২ ডায়েবেটিছ, কিডনিৰ ৰোগ, টোপনি ক্ষতি, Lupus, Scleroderma, নিষ্ক্ৰিয় বা অধিক থাইৰয়ড, জন্মগত কিছুমান ৰোগ, যেনে—Cushing’s syndrome, acromegaly বা Pheochromocytoma ত ভোগা লোকক উচ্চ ৰক্তচাপে আক্ৰমণ কৰিব পাৰে।
সকলো সময়তে উচ্চ ৰক্তচাপৰ স্পষ্ট কাৰণ নাথাকে। এনেক্ষেত্ৰত চিকিৎসকে উচ্চ ৰক্তচাপৰ প্ৰাথমিক পৰীক্ষা কৰিব।

প্ৰচুৰ পৰিমাণে চৰ্বি থকা খাদ্য গ্ৰহণ, অত্যাধিক শাৰীৰিক ওজন, সুৰাপান, ধূমপান আৰু কিছুমান ঔষধ সেৱনেও উচ্চ ৰক্তচাপৰ আশংকা কঢ়িয়াই আনে।

ৰক্তচাপ কিদৰে কম কৰিব পাৰি – ৰক্তচাপৰ বৰ্ধিত পৰিমাণ, হৃদৰোগ বা হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হোৱাৰ আশংকা আদি বিভিন্ন কাৰকৰ ওপৰত চিকিৎসা পদ্ধতি নিৰ্ভৰ কৰিব। ৰক্তচাপ বাঢ়ি যোৱাৰ লগে লগে চিকিৎসকে বিভিন্ন ধৰণৰ চিকিৎসাৰ পৰামৰ্শ দিব। অলপীয়া উচ্চ ৰক্তচাপত তেওঁলোকে ৰোগীক জীৱনশৈলী সলনি কৰিবলৈ আৰু ৰক্তচাপৰ নিয়মীয়া পৰীক্ষাৰ পৰামৰ্শ দিব পাৰে। যদি ৰক্তচাপ বাঢ়ি যায়, তেতিয়া তেওঁলোকে ঔষধ গ্ৰহণৰ পৰামৰ্শ দিব। সেইদৰে সময়ত উচ্চ ৰক্তচাপৰ ভয়াৱহতাৰ পৰিমাণ আৰু বৃক্কৰোগৰ দৰে সমস্যা উদ্ভৱ হোৱাৰ আশংকা থাকিলে চিকিৎসা পদ্ধতি সলনি হ’ব পাৰে। কিছুমান লোকক একে সময়তে ঔষধ তথা পৃথক চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে।

উচ্চ ৰক্তচাপ বংশগত নেকি ?

উচ্চ ৰক্তচাপৰ আশংকা কঢ়িওৱা প্ৰধান কাৰকসমূহ সম্ভৱতঃ পৰিৱেশজনিত। কিন্তু এইক্ষেত্ৰত বংশগত কাৰকেও এক ভূমিকা গ্ৰহণ কৰিব পাৰে। উচ্চ ৰক্তচাপ বহুতো পৰিয়ালৰ মাজত থাকিব পাৰে আৰু কিছুমান জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সাধাৰণতে হোৱাৰ সম্ভাৱনা বেছি থাকে।
চেণ্টাৰ ফৰ্ ডিজিজ কণ্ট্ৰ’লৰ মতে একোটা পৰিয়ালৰ সদস্যসকলে সাধাৰণতে প্ৰায় একে ধৰণৰ খাদ্য খায় আৰু একে জীৱনশৈলী অৱলম্বন কৰে। কোনো ব্যক্তিৰ বংশগত কাৰকৰ প্ৰভাৱত উচ্চ ৰক্তাচাপত ভোগাৰ আশংকা থাকে। তদুপৰি তেওঁলোক উচ্চ ৰক্তচাপত ভোগাৰ পূৰ্ণ সম্ভাৱনা থাকে।

উচ্চ-ৰক্তচাপ-ষ্ট্ৰোক-আৰু-ইয়াৰ-হোমিঅপেথিক-চিকিৎসা
উচ্চ ৰক্তচাপ, ষ্ট্ৰোক

জটিলতাসমূহঃ

চিকিৎসা নকৰালে বা ৰক্তচাপ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ নকৰিলে ধমনীৰ বেৰ (Wall) বিলাকৰ অতিমাত্ৰা চাপে ৰক্তবাহী নলীবোৰ নষ্ট কৰি পেলাব পাৰে। ই একপ্ৰকাৰৰ হৃদৰোগৰো সৃষ্টি কৰিব পাৰে। তদুপৰি ই শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ অংগৰো ক্ষতিসাধন কৰিব পাৰে।
উচ্চ ৰক্তচাপৰ ফলত হ’ব পৰা সম্ভাৱ্য জটিলতাসমূহৰ ভিতৰত ষ্ট্ৰোক, হৃদপিণ্ডৰ বিকলতা আৰু হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হোৱা, তেজ গোট মৰা, বৃক্কৰোগ, চকুৰ ৰক্তবাহী নলীবোৰ ডাঠ, ঠেক অথবা নষ্ট হৈ যোৱা, মেটাবলিক চিন্ড্ৰম, মগজুৰ কাৰ্যপ্ৰণালী আৰু স্মৃতিশক্তিৰ সমস্যা আদিয়েই প্ৰধান।
আগতীয়া চিকিৎসা আৰু নিয়ন্ত্ৰিত ৰক্তচাপে স্বাস্থ্যৰ বহু জটিলতাৰ পৰা ৰক্ষা পোৱাত সহায় কৰিব পাৰে।

আশংকাযুক্ত কাৰকসমূহ – তলত উচ্চ ৰক্তচাপৰ আশংকা কঢ়িয়াই অনা কাৰকসমূহ উল্লেখ কৰা হ’ল—

• বয়স – বয়স বাঢ়ি অহাৰ লগে লগে ৰক্তবাহী নলীবোৰৰ নমনীয়তা কমি অহাৰ ফলত উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি পায়।
• পৰিয়ালৰ ইতিহাস আৰু বংশগত কাৰকসমূহ – যিসকল লোকৰ পৰিয়ালৰ সদস্য উচ্চ ৰক্তচাপত আক্ৰান্ত, তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
• নৃগোষ্ঠীয় পটভূমি – আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যান্য গোষ্ঠীসমূহৰ তুলনাত আফ্ৰিকান আমেৰিকানসকলে উচ্চ ৰক্তচাপত ভোগাৰ আশংকা বেছি।
• মেদবহুলতা আৰু অত্যাধিক ওজন বৃদ্ধি – অত্যাধিক শাৰীৰিক ওজন তথা মেদবহুল লোকসকল উচ্চ ৰক্তচাপত ভোগাৰ আশংকা বেছি।
• শাৰীৰিক সক্ৰিয়তাৰ অভাৱ – আৰামদায়ক জীৱনশৈলীয়ে উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি কৰে।
• ধূমপান – ধূমপানৰ সময়ত মানুহৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে আৰু ৰক্তচাপ বাঢ়ি যায়। ইয়াৰ উপৰিও ধূমপানে তেজত অক্সিজেনৰ পৰিমাণ কম কৰে আৰু ফলত হৃদপিণ্ডই তীব্ৰ গতিত ক্ৰিয়া কৰিবলৈ (পাম্প) বাধ্য হৈ পৰে। এইদৰে ধূমপানৰ ফলতো ৰক্তচাপ বৃদ্ধি পায়।
• সুৰাপান – অত্যাধিক সুৰাপানে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে ইয়াৰ জটিলতাসমূহৰ আশংকা বৃদ্ধি কৰে।
• অতিমাত্ৰা কলেষ্টেৰল – উচ্চ ৰক্তচাপত ভোগা পঞ্চাছ শতাংশৰো অধিক লোকৰেই অতিমাত্ৰা কলেষ্টেৰলৰ সমস্যা থাকে। স্বাস্থ্যৰ পৰিপন্থী চৰ্বি গ্ৰহণে ধমনীত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিত অৰিহণা যোগাব পাৰে।
• মানসিক চাপ – মানসিক চাপত ভুগিলে ৰক্তচাপত এক গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। ই আৰ্থসামাজিক আৰু মানসিক দুয়োটা কাৰকৰ ফলতে উদ্ভৱ হ’ব পাৰে।
মানসিক চাপ একেৰাহে হৈ থাকিলে উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিয়ে আৰু ই ধূমপানৰ দৰে কিছুমান স্বাস্থ্যৰ পৰিপন্থী অভ্যাস গঢ়ি উঠাৰ আশংকা বৃদ্ধি কৰে।
• মধুমেহ ৰোগ – উচ্চ ৰক্তচাপ প্ৰায়ে টাইপ-২ ডায়েবেটিছ ৰোগৰ লগে লগেই হোৱা দেখ যায়। মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ একোটা চিকিৎসা পদ্ধতি অনুসৰণ কৰি এই আশংকা কম কৰিব পাৰি।
• সম্ভাৱনা – গৰ্ভৱতী বা সন্তানসম্ভৱা হৈ থকা অৱস্থাত হৰমোনৰ পৰিৱৰ্তনে দেখা দিয়াৰ বাবে উচ্চ ৰক্তচাপত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। উচ্চ ৰক্তচাপ প্ৰিএক্লেম্পচিয়া হোৱাৰ এক অন্যতম লক্ষণ। ই এক ভয়ংকৰ আভ্যন্তৰীণ বিকাৰ।
• নিদ্ৰাহীনতা (শ্লীপ এপনিয়া) – শ্লীপ এপনিয়া হোৱা লোকৰ টোপনিৰ সময়ত বা শুই থকা অৱস্থাত খন্তেকীয়াকৈ উশাহ বন্ধ হৈ যায়। বিশেষজ্ঞসকলে ইয়াক উচ্চ ৰক্তচাপৰে সম্পৰ্কিত বুলি অভিহিত কৰে।

অম্বৰ মৰাণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here