ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

0
ফেটি-লিভাৰ-ডিজিজ্
ফেটি লিভাৰ ডিজিজ্

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি-লিভাৰ-ডিজিজ্
ফেটি লিভাৰ ডিজিজ্

লিভাৰ বা যকৃত হ’ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। ই আমাৰ শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আমি খোৱা খাদ্যৰ পৰা পোৱা চৰ্বী, কাৰ্বহাইড্ৰেট, প্ৰটিন, খনিজ লবণ আদিৰ বিপাক ক্ৰিয়া সম্পাদন কৰা। ইয়াৰ উপৰিও আমাৰ শৰীৰত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ বিষতুল্য ৰাসায়নিক পদাৰ্থবিলাকক বিশুদ্ধীকৰণ কৰে, আমি সেৱন কৰা বিভিন্ন বেমাৰৰ ঔষধবিলাকো লিভাৰতে বিপাকীত হয়, লগতে ই পিত্ত বা Bile উৎপন্ন কৰে যিয়ে আমি খোৱা চৰ্বীজাতীয় খাদ্যবস্তুবিলাক পাচন প্ৰক্ৰিয়াত সহায় কৰে। ফেটি লিভাৰ ডিজিজ্ এনেকুৱা এটা অৱস্থা যত লিভাৰত চৰ্বী জমা হয়। যেতিয়া লিভাৰৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বী জমা হয় ইয়াৰ ফলত আমাৰ সম্পূৰ্ণ শৰীৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু লিভাৰৰ কোষবিলাক ধ্বংস হবলৈ ধৰে।

ফেটি লিভাৰ ডিজিজ্ মূখ্যতঃ দুই প্ৰকাৰৰঃ

১/এলকহলিক লিভাৰ ডিজিজ্ আৰু
২/নন-এলকহ’লিক লিভাৰ ডিজিজ্

এলকহলিক লিভাৰ ডিজিজ্ এলকহল বা মদ্য সেৱনৰ অভ্যাসৰ ফলত হয় আৰু নন-এলকহলিক লিভাৰ ডিজিজৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ আহাৰ সেৱনৰ অভ্যাস, অত্যধিক চৰ্বীজাতীয়, ভজা-পোৰা, অত্যধিক শৰ্কৰাজাতীয় খাদ্য সেৱনৰ অভ্যাস, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ইত্যাদি।
কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও ফেটি লিভাৰ ডিজিজ্ হব পাৰে। বহুদিন চিকিৎসা নকৰাকৈ থকা ফেটি লিভাৰ ডিজিজ্ অৱশেষত গৈ হেপাটাইটিছ বা লিভাৰ চিৰ’চিচৰও সৃষ্টি কৰিব পাৰে।

ফেটি লিভাৰ ডিজিজৰ কাৰণসমূহ:-

মেদবহুলতা, অস্বাস্থ্যসন্মত খাদ্য, দৈনিক মদ্যপানৰ অভ্যাসে ফেটি লিভাৰ ডিজিজ্ হোৱাৰ আশংকা বৃদ্ধি কৰে। অন্য কিছুমান সমস্যা যেনে – ডায়েবেটিজ, প্ৰাক ডায়েবেটিজ, তেজত উচ্চ মাত্ৰাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, উচ্চ ৰক্তচাপ, ভাইৰাছ জনিত হেপাটাইটিছ ইত্যাদিয়েও এই সমস্যাটো হোৱাত উদগনি যোগায়। কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়। পুষ্টিহীনতা আৰু অতি কম সময়ৰ ভিতৰতে শৰীৰৰ অত্যধিক ওজন হ্ৰাস ইত্যাদিও এই সমস্যাৰ কাৰক হিচাপে দেখা দিব পাৰে। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক যাৰ ওপৰোক্ত সমস্যাবোৰৰ অতি কমেও এটা সমস্যা থাকে তেনে মানুহ এই সমস্যাটোৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।
সাম্প্ৰতিক গৱেষণাই আৰু এটা কথা উনুকিয়াই দিছে যে ক্ষুদ্ৰান্ত্ৰত হোৱা অত্যধিক বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও এই সমস্যাটোৰ সৃষ্টি হব পাৰে।

ফেটি লিভাৰ ডিজিজৰ লক্ষণ :-

প্ৰথম অৱস্থাত সাধাৰণতে এই সমস্যাটোৰ কোনো চকুত পৰা ধৰণৰ লক্ষণেই দেখা পোৱা নাযায়। সচৰাচৰ দেখা দিয়া লক্ষণবিলাক হ’ল পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ হব পাৰে, ভাগৰ ভাগৰ লাগিব পাৰে, শৰীৰ দুৰ্বলতা, ওজন হ্ৰাস, ভোক নলগা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলৰ ছাল ডাঠ ক’লা ৰঙৰ হৈ যোৱা। সাধাৰণতে দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাতো ধৰা পৰে। লগতে বমি বমি ভাব, কোনো কামত মন নবহা, ভ্ৰম ইত্যাদিও হব পাৰে।
বেমাৰ কেনেকৈ নিৰ্ণয় কৰা হয়?
আৰম্ভণিতে ফেটি লিভাৰ ডিজিজ্ তেজৰ লিভাৰ ফাংচন টেষ্টৰ(Liver function test) দ্বাৰা নিৰ্ণয় কৰা হয়। আল্ট্ৰাচনগ্ৰাফী আৰু চি টি স্কেনৰ দ্বাৰা এই নিৰ্ণয় আৰু গাঢ় হয়। কেতিয়াবা লিভাৰৰ বায়’প্চিও কৰিব লগীয়া হব পাৰে।

স্বাভাৱিক ভাবে ফেটি লিভাৰ হোৱাত বাধা দিব পৰা উপায়

*অত্যধিক আৰু দৈনিক মদ্যপান পৰিহাৰ কৰিব লাগে।
*দৰকাৰ নোহোৱাকৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধৰ সেৱন কৰিব নালাগে ।
*কম কেলৰিযুক্ত সুষম আহাৰ যি ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ হয় গ্ৰহণ কৰিব লাগে।
*শৰীৰক বিশুদ্ধীকৃত কৰিব পৰা ফলমূল যেনে – তৰমুজ, আম, নাচপতি, জাম ইত্যাদিৰ সেৱন বেছিকৈ কৰিব লাগে।
*ৰিফাইনযুক্ত কাৰ্বহাইড্ৰেটৰ সেৱন বন্ধ কৰিব লাগে। যেনে – ময়দাৰ দ্বাৰা বনোৱা খাদ্য (পাউৰুটি, কেক, পেষ্টি, চাউমিন, নুডুলচ্ ইত্যাদি), মছলাযুক্ত খাদ্য, চৰ্বীজাতীয় খাদ্য, শীতল পানীয় ইত্যাদি।
*দৈনিক শাৰিৰীক পৰিশ্ৰম আৰু ব্যায়ামৰ অভ্যাস কৰিব লাগে।
*দেহৰ ওজন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ডা. মুকুল শৰ্মাl

LEAVE A REPLY

Please enter your comment!
Please enter your name here