আটলাচ

0
আটলাচ

আটলাচ

আটলাচ বাহিৰটো দেখিবলৈ খহতা যদিও ই অতি মঙহাল,  সোৱাদযুক্ত  এবিধ মিঠা ফল। অধিক মাত্রাত ভিটামিন, ফাইবাৰ, কপাৰ, চডিয়াম, পটেছিয়াম  পোৱা যায়  বাবে  বিভিন্ন  বেমাৰৰ  লগত  যুঁজ দিয়াৰ বাবে আটলাচে শৰীৰক ক্ষমতা যোগায়।

আট-লাচ
আটলাচ

আয়ুৰবেদত  ইয়াৰ বহু  ঔষধি গুণৰ উল্লেখ  আছে।

ডায়েৰীয়া হ’লে আটলাচৰ পাতৰ কাঢ়া বনাই  উপশম নোহোৱালৈকে  15-30 মিলি গ্রামকৈ খাব লাগে। নতুবা  আটলাচ চাঁত শুকুৱাই পিচি পাউদাৰ  বনাই পানীৰ লগত উপৰোক্ত পৰিমানত খাব লাগে।

  • ডায়েৰীয়া হ’লে আটলাচৰ পাতৰ কাঢ়া বনাই  উপশম নোহোৱালৈকে  15-30 মিলি গ্রামকৈ খাব লাগে। নতুবা  আটলাচ চাঁত শুকুৱাই পিচি পাউদাৰ  বনাই পানীৰ লগত উপৰোক্ত পৰিমানত খাব লাগে।
  • আটলাচে উচ্চ ৰক্তচাপনিয়ন্ত্ৰন কৰে। সেয়ে  পাৰিলে নিয়মীয়াকৈ ইয়াক খোৱাৰ অভ্যাস কৰিব লাগে।
  • মধুমেহ ৰোগীয়ে আটলাচৰ পাত চূৰ্ণ বনাই 1-3 গ্রাম নিয়মীয়াকৈ সেৱন কৰিব লাগে। ইয়াৰ বাবে পাত চাঁত শুকুৱাই গুড়ি কৰিব লাগে।
  • সন্তান জন্ম দিয়াৰ পাছত দেখা দিয়া বিভিন্ন ধৰনৰ প্রসূতি জনিত ৰোগৰ বাবে আটলাচ খোৱাৰ ওপৰিও ইয়াৰ  শিপাৰ চূৰ্ণ  পানীৰ লগত মিলাই 15-30 মিলি গ্রামকৈ খাব লাগে।
  • হিষ্টেৰীয়া ৰোগৰ বাবে ইয়াৰ পাতৰ ৰস উলিয়াই নাকত দিব লাগে।
  • চালত হোৱা বিভিন্ন ধৰনৰ ঘা, খজুৱতিৰ বাবে  আটলাচ শুকোৱাই গুড়ি  কৰি পেষ্ট বনাই লগাব লাগে।
  • চুলিত ওকনি হ’লে, ইয়াৰ বীজ পিচি লগাব লাগে। কিন্তু  সাবধান হোৱাটো উচিত  যে  চকুত নালাগে,  কাৰন  ই চকুৰ বাবে অতি ক্ষতিকাৰক।
  • যি সকলে ওজন বঢ়াব খোজে তেওঁলোকে  আটলাচৰ লগত মৌ মিহলাই  খাব লাগে।
  • গাঁঠি ওখহা ৰোগত পকা আটলাচ কাটি নিমখ মিহলাই পেষ্ট বনাই লগাব লাগে।
  • আটলাচত কপাৰ আৰু ফাইবাৰ আছে বাবে পাচন তন্ত্ৰ শক্তিশালী কৰে।

(সংগৃহীত)

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here