সতী ৰাধিকা আৰু টেম্বুৱনী জানৰ বান্ধ

0
সতী ৰাধিকা আৰু টেম্বুৱনী জানৰ বান্ধ

টেম্বুৱনী জানৰ বান্ধ আৰু শান্তীসতী ৰাধিকা

সতী-ৰাধিকা
সতী ৰাধিকা

বৰদোৱাৰ বাসীন্দা সকলৰ মিনতিত গুৰু শঙ্কৰদেৱে বাৰিষা কালত টেম্বুৱানী জানত বান্ধ এটা দিয়াৰ পৰিকল্পনা কৰিলে৷ যিহেতু সেই জানটোৰ সোঁতে বাৰিষা কালত বৰদোৱাবাসীৰ শস্য পথাৰ নষ্ট কৰাৰ ওপৰিও ঘৰ বাৰী বুৰাই পেলাইছিল৷ সেইয়েহে বৰভূঞা শঙ্কৰদেৱৰ নিৰ্দ্দেশত স্থানীয় সকলো ৰাইজ গোটখাই বান্ধটো বান্ধিবলৈ অনেক চেষ্টা কৰিলে ,কিন্তু প্ৰৱল সোঁতে সকলো উটুৱাই লৈ যায় ৷ ৰাইজৰ প্ৰচেষ্টা বাৰে বাৰে বিফল হোৱাত শঙ্কৰদেৱৰ আগত কিবা উপায় ওলিয়াবলৈ আৱেদন জনালে ৷ শঙ্কৰদেৱেও ভাৱি গুণি এক পৰিকল্পনা যুগুত কৰিলে যে বান্ধটো ভেঁটিবলৈ ইয়াতকৈ অধিক সংখ্যক লোকৰ উপস্থিতিৰ প্ৰয়োজন হব , যিহেতু ভূঞাসকলৰ সংখ্যা কম গতিকে তাত থকা অন্যান্য জনগোষ্ঠীৰ লোককো এই কামত জড়িত কৰিব লাগিব ৷ সেই অঞ্চলত কৈৱৰ্তৰ লোকসকলৰ বাসিন্দা অধিক সেইয়েহে তেওঁলোককো এই কাৰ্যত জড়িত কৰাৰ যোজনা ৰচনা কৰিব লাগিব আৰু মানুহবোৰে অধিক মনোযোগেৰে ভক্তিযুক্তহৈ কামত আত্মনিয়োগ হব লাগিব, তেতিয়াহে বান্ধ ভেটাৰ কাৰ্যটো সুকলমে সম্পন্ন কৰিব পৰা যাব ৷ তাৰ বাবে তেখেতে এক ভক্তিযুক্ত অলৌকিক পৰিকল্পনাৰে এক নিখুত পৰিৱেশ ৰচনা কৰাৰ ঠিৰাং কৰি কামত আগবঢ়াৰ সিদ্ধান্ত কৰিলে আৰু সকলোকে পিছদিনা সমবেত হবলৈ ঘোষণা কৰি ঘৰাঘৰি যাবলৈ পৰামৰ্শ দিলে ৷

পিছদিনা সকলো আহিল আৰু সমবেত ৰাইজৰ আগত গুৰুজনে গঢ়িনে গম্ভীৰে ঘোষণা কৰিলে যে — “এই কাৰ্য সুচাৰুপে সম্পন্ন কৰিবলৈ এগৰাকী সতীৰ প্ৰয়োজন হব ৷ সেই সতী গৰাকীয়ে তিনিটা কাঠিৰে নিৰ্মিত পলৰে নদীৰ পৰা পানী আনি বান্ধৰ ঠাইত ঢালিব লাগিব ,ইয়াৰ পাছত পানীৰ সোঁত নিয়ন্ত্ৰণ হব আৰু বান্ধটো তেতিয়া বান্ধিব পৰা যাব ৷ গতিকে এতিয়া আপোনালোক সকলোৱে এগৰাকী সতীৰ সন্ধান

কৰকগৈ যাওক ” ৷

সাধিবো ইসৱ কাৰ্য শুণা ভূঞাগণ ৷

দেশত বিচাৰি শান্তী আনা এক জন ৷৷

গুৰু আজ্ঞা পাই সকলোৱে সতী বিছৰা কামত নিয়োজিত হ’ল ৷ তাত উপস্থিত থকা ব্ৰাহ্মণ সকল গৃহত,ভূঞা সকলৰ গৃহত সকলোৱে নিজৰ নিজৰ পৰিবাৰ সকলক সতীত্বৰ পৰীক্ষাৰ কথা কৈ সতী হব পাৰিবনে নোৱাৰে প্ৰশ্ন কৰিলে কিন্তু কোনো মহিলাই সেই পৰীক্ষাত অৱতীৰ্ণ হবলৈ সাহস গোটাব নোৱাৰিলে ,জানোছা কিবা কাৰণত পৰীক্ষাত উতীৰ্ণ নহলে সমৱেত ৰাইজৰ আগত

অপযশ মূৰপাতি লব লাগিব ! এনে ভয়তে কোনো উচ্চবংশৰ মহিলা সকল ওলাই আহিবলৈ সাহস নকৰিলে ৷ শেষত হতাশহৈ সকলো গৃহস্থিয়ে গুৰুজনাত বিমৰিষ মনেৰে সতী নোপোৱাৰ কথা অৱগত কৰিলেহি এনেদৰে—

একোহো থানত জানা শান্তী আনো নাই ৷

দেশে দেশে বিছাৰিয়া শান্তীত নেপাই ৷৷

সকলো শান্তী সতী এগৰাকীৰ সন্ধানত আলোচনা বিলোচনা কৰি থকা সময়তে নদীয়েদি নাও বাই বাই গৈ থকা নদীয়াল পূৰ্ণানন্দ আৰু জয়ন্তী নামৰ দম্পতিহালে কথাপাতি যোৱা শুনিলে ৷ জয়ন্তীয়ে স্বামী পূৰ্ণানন্দক কৈছিল – “যদি আমাক নিলেহেঁতেন কিজানি কাৰ্য সিদ্ধি হয়েই” ; তেনে কথা শুনি পূৰ্ণানন্দই ভয়তে ঘৈণীয়েকক কৈছে – মনে মনে থাক,বৰকৈ নকবি শুনিলে জগৰ লাগিব ৷ ভূঞাসকলে সতী বিছাৰি নোপোৱা কথাটো জয়ন্তীয়ে জানি কলে –মোত পৰে শান্তী আন নাহি একজনী” ৷

তেওঁলোকৰ এনেধৰণৰ কথা বতৰাবোৰ বহুপৰ শঙ্কৰদেৱৰ দূত হৰিবৰে মনে মনে শুনি আছিল আৰু ল’ৰা ল’ৰিকৈ হৰিবৰে শঙ্কৰদেৱক জনালেগৈ ৷ এই বাৰ্তা পাই শঙ্কৰদেৱে দূতৰ হতুৱাই পূৰ্ণানন্দ আৰু জয়ন্তীক মতাই আনিলেগৈ ৷ প্ৰথমে পূৰ্ণানন্দই অত্যন্ত ভয় পাই ঘৈণীয়েককে গালিপাৰিছিল ৷ কিন্তু প্ৰচণ্ড আত্ম বিশ্বাসী আৰু দৃঢ়মনা সাহসী জয়ন্তীয়ে গিৰিয়েকক সাহস দি গুৰুজনাৰ নিৰ্দ্দেশ মানি ওচৰলৈ গৈ দণ্ডৱতে গুৰুৰ ওচৰত আঁঠু ললেগৈ ৷

শঙ্কৰৰ আজ্ঞা নদীয়ালত কহিলা ৷

পৰম কৌতুকেশুনি দুহান্ত আসিলা ৷৷

শঙ্কৰৰ আগে নিয়া দুয়োকো যোগাইলন্ত ৷

পৃথিৱীত পৰি দুয়ো প্ৰণাম কৰিলন্ত ৷৷ (ৰামচৰন)

ইয়াৰ পাছতে শঙ্কৰদেৱে জয়ন্তীক সুধিলে –“তুমি বোলে শান্তী ধৰ্ম ৰক্ষা কৰিছা ,সজ কথা , বাৰু কোৱাচোন তিনিটা কাঠিৰে এপল পানী দিব পাৰিবানে ? তাই শুনি আচৰিত মানি নিৰুত্তৰ হ’ল ৷ মনত বৰ ভয়ো পালে ৷ গিৰিয়েকে জয়ন্তীক কাণে কাণে কলে , ভাল হ’ল মই নকৈছিলোঁনে সেইবোৰ কথা বৰকৈ নকবলে , এতিয়া কি কৰ কৰ ৷ জয়ন্তীয়ে মৰোঁ জীওঁকৈ মূৰতুলি মনৰ ভাৱ প্ৰকাশ কৰি কলে- “ভাল জগন্নাথ,বেটিয়ে পৰা হব ৷”

গুৰুজনাই তেওঁলোকৰ শিষ্টাচাৰত মুগ্ধহৈ তিৰুতা গৰাকীৰ পৰিশ্চয় সুধিলে , উত্তৰত জয়ন্তীয়ে নিজৰ পৰিচয় দি কলে যে পিতৃ-মাতৃয়ে দিয়া নাম সুমথিৰা ,বিয়াৰ সময়ত দিয়া নাম জয়ন্তী আৰু স্বামীয়ে তেওঁক তৰাৱতী বুলি মাতে ৷(পিছলৈ গুৰুজনে ৰাধিকা নামেৰে নামাকৰণ কৰে )

” পিতৃ মাতৃ মোৰ নাম সুমথিৰা দিল ৷

জয়ন্তী নামেৰে পাছে কন্যা দান কৈল ৷৷

স্বামী গুৰু মাতে মোক তৰাৱতী বুলি ৷

পূৰ্ণানন্দ নামে স্বামী কৰো কৃতাঞ্জলি ৷৷

জয়ন্তীৰ পৰিচয় জনাৰ পাছত শঙ্কৰদেৱে তেওঁনো কেনেকৈ নিজকে সতী বুলিব পাৰিছে তাক জনাবলৈ কলে —

শঙ্কৰ বোলন্ত শুন নদীয়ালী তই ৷

কেন মতে শান্তী তই কহস বুজাই ৷৷

গুৰুজনাৰ আদেশ পাই জয়ন্তীয়ে নিজৰ সতীত্বৰ গুণ বসানিবলৈ ধৰিলে এনেদৰে—

জয়ন্তী বদতি প্ৰভূ শুনিও গোসাঁই ৷

সমভাৱে ভূত দয়া কৰোহো সদায় ৷৷

স্বামী জপ স্বামী তপ স্বামী কৰো ধ্যান ৷

স্বামীৰ কুশল বিনে নিচিন্তোহো আন ৷৷

স্বামী বিনা পৰ পুৰুষক কদাচিতো ৷

কাম ভাৱে নচাওঁ আৰ কথাক নপাতো ৷৷

সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ ৷

কদাচিতো নকৰোহো কাকো তিৰস্কাৰ ৷৷

সকলোৰে গুণ দেখো মোৰ দেখো দোষ ৷

নপালে নেখালে নকৰোহো অসন্তোষ ৷৷

ভাল উপদেশ দিয়া চলাও স্বামীক ৷

মাস মধ্যে একবাৰ কৰোহো ৰতিক ৷৷

স্বামী সমে নকৰোহো দন্দ খৰিয়াল ৷

সুখে-দুখে ৰঙ্গমনে থাকো সৰ্বকাল ৷৷

নেদো কাকো লজ্জা নকৰোহো পৰাংমুখ ৷

পৰ সুখে সুখী পৰ দুখে পাওঁ বৰ দুখ ৷

নাই বস্তু বুলি নকৰোহো উৎপাত ৷

স্বামী বিনা কাকো নকৰোহো সঞ্জাত ৷

স্বামীক এৰিয়া কতো নকৰো গমন ৷

স্বামীক এৰিয়া অগ্ৰে নকৰো ভোজন ৷৷

প্ৰাতেসে উঠিয়া কৰো গৃহ কৰ্মগণ ৷

বাটে ঘাটে গৃহে কৰো গোময় সিঞ্চন ৷৷

নেদেখোঁ স্বামীৰ দোষ দেখোহো গুণক ৷

মাৰিলে বা গালি দিলে পাওঁ আনন্দক ৷৷

যদি স্বামী পাপ মণ্ড কৰে আচৰণ ৷

মিঠা কথা কহি তাক কৰো নিবাৰণ ৷৷

মুখে মুখে কদাচিতো নকৰো উত্তৰ ৷

কহিলো সকলো কথা শ্ৰীমন্ত শঙ্কৰ ৷৷ (শন্তাৱলী)

ৰাধিকাই গুৰু শঙ্কৰদেৱৰ ওচৰত নিজৰ পৰিশ্চয় ডাঙিধৰাত গুৰুদেৱৰ লগতে সভাসদ সকল পৰম সন্তোষিত হ’ল আৰু সকলোৱে ধন্য ধন্য কৰিলে ৷ শঙ্কৰদেৱে ৰাধিকাক ব্ৰতে উপবাসে নীতি নিয়ম পালন

কৰি দুদিন পিছত পুনৰ আহিবলৈ কৈ সেই দিনাৰ বাবে বিদায় দিলে ৷ ইপিনে সতী বিছাৰি পোৱা আৰু নলচা গাঁৱৰ পূৰ্ণানন্দৰ ঘৈণীয়েক জয়ন্তীয়েই যে সেই সতীত্বৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা খবৰটো সমগ্ৰ বৰদোৱা অঞ্চলত বনজুইৰ দৰে বিয়পি পৰিল ৷ এনে খবৰে বহু দূৰ দূৰণিলৈকে মানুহৰ মন উৎসুকতাৰে ভৰি পৰিল আৰু নিৰ্দ্দিষ্ট দিনা যিমান মানুহে শুনিছে সিমান মানুহে হাতত দা -কোৰ লৈ টেম্বুৱানী জান বন্ধা কাৰ্যত সহযোগ কৰিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিল ৷ অন্যহাতে ৰাধিকাইও গাঁৱৰ বহুজনৰ সৈতে বান্ধটো বন্ধাৰ সম্পৰ্কত আলোচনা কৰিলে আৰু কেনেদৰে বান্ধৰ কাম কৰিব লাগিব সেই সম্পৰ্কে বুজনিও আৰু দিহা পৰামৰ্শও দিলে ৷

নিৰ্দ্দিষ্ট দিনা ৰাধিকা অতি ভক্তিভাৱে ব্ৰতে উপৱাসে ৰীতি নীতি মানি গিৰিয়েক পূৰ্ণানন্দৰ সৈতে শঙ্কৰদেৱৰ ওচৰত সভক্তিৰে দণ্ডৱতে সেৱা জনালেহি ৷ লগতে নলচা গাঁৱৰ সমূহ ৰাইজেও ৰাধিকা আৰু পূৰ্ণানন্দৰ লগতে দ’ল বান্ধি আহি গুৰুজনাক সেৱা জনালেহি ৷ আনফালে সতীৰ দ্বাৰা টেম্বুৱানী জান বন্ধাৰ কাৰ্য চোৱা আৰু লগতে বান্ধৰ কাৰ্যত সহযোগ কৰিবলৈও দা-কোৰ লৈ সমগ্ৰ অঞ্চলৰ হাজাৰ বিজাৰ লোক সমবেত হ’লহি ৷

ৰাধিকা আৰু তেওঁৰ স্বামী পূৰ্ণানন্দক গুৰুৱে আৰ্শীবাদ প্ৰদান কৰি ওচৰতে পাৰিথোৱা আসনত বহিবলৈ দিলে ৷ লগে লগে উপস্থিত ৰাইজেও হৰিধ্বনি দি ৰাধিকাক আৰ্শীবাদ জনালে ৷ গুৰুজনে হৰিহৰক বান্ধৰ কামৰ শুভাৰম্ভৰ বাবে প্ৰয়োজনীয় যা যোগাৰ খিনি কৰিবলৈ নিৰ্দ্দেশ দিলে ৷ গুৰুৰ আৰ্শীবাদ আৰু আজ্ঞা অনুসৰি সেই ঠাইৰ পৰা দক্ষিণফালে ব্ৰহ্মপুত্ৰৰ পাৰলৈ ৰাধিকাই বিশেষভাৱে নিৰ্মিত তিনিটা কাঠিৰ পলৰে পানী আনিবলৈ আগবাঢ়িল ৷ বহুসময় আকাশলৈ হাত কৰযোৰ কৰি শেষত ব্ৰহ্মপুত্ৰক সেৱা সৎকাৰ কৰি ৰাধিকাই পলৰে পানী বুৰালে আৰু সেই পানী আনি গুৰুজনাৰ ওচৰত সভক্তিৰে থলেহি ৷

হেন শুনি ৰাধিকাই নমস্কাৰ কৰি ৷

ধীৰে ধীৰে চলি গৈল পলো হাতে ধৰি ৷৷

ব্ৰহ্মপুত্ৰ নদী নাম দক্ষিণক মুখে ৷

বাম হাত মুখে ধৰি ভৰিলন্ত সুখে ৷৷

ওপৰক হাতে তুলি কান্ধে দাঙি লৈলা ৷

বৰ ৰঙ্গ কৰি শঙ্কৰৰ পাশে থৈলা ৷৷

এই কাণ্ড দেখি উপস্থিত সহস্ৰজন ৰাইজে বিস্ময় মানি হৰিধ্বনি কৰিবলৈ ধৰিলে ৷ পিছে পলত চাৰি আঙুল পানী কমি আহিল ৷ এইয়া লক্ষ্য কৰি গুৰুৱে ৰাধিকাক সুধিলে– তুমি কেতিয়াবা এফেৰি দোষ কৰিছা, সেয়েহে পানী কমি আহিল ,কি দোষ কৰিছিলা ৰাইজৰ আগতে কোৱা, আমি সকলোৱে সেই দোষ সামৰি ল’ম ৷

কান্ধৰ নমায়া মাটি উপৰত থৈলা ৷

দেখে জল চাৰি আঙুল নামে ভৈলা ৷৷

শঙ্কৰে বোলন্ত শুণা নদীয়াল জী ৷

কহ তই এক পাপ কৰি আছ কি ৷৷”

গুৰুজনাৰ প্ৰশ্ন শুনি ৰাধিকাই অতি বিনয়ীভাৱে অতীতৰ এটি সামন্য ঘটনা মনত পৰাত কলে — এদিন ঘৰত স্বামী নথকাত ভনী জোঁৱাই আহি অতিথি হ’লহি ৷ ৰাধিকাই ভনী জোঁৱায়েকক ভাত খাই যাবলৈ কলে ৷ ৰন্ধা হলত জোঁৱায়েকক ভাত খাবলৈ কলপাত এখিলা কাতি আনিবলৈ দা এখন আগবঢ়াই দিছিল আৰু সেই সময়ত ৰাধিকাৰ মুৰৰ ওৰণিখন খহি পৰাত জোঁৱায়েকৰ চকুৱে চকুৱে পৰাত অলপ অসহজ অনুভৱ হৈছিল ৷ এনে ভাৱনাক ৰাধিকাই পাপ হ’ল বুলি বোধ হৈছিল ,তাকে ৰাইজৰ উপস্থিতিত গুৰুজনাৰ আগত স্বীকাৰ কৰি আঁঠুলৈ সেৱা জনালে ৷”

নমস্কাৰ কৰি বোলে শুণিয়োক বাপ ৷

কৰি আছো মই মহা গুৰুতৰ পাপ ৷৷

আমাৰ স্ব-স্বামী এন্তে নাহি কয় ৷

বহিনী জামাই আসি গৃহে মিলিলয় ৷৷

ৰান্ধিলোহো ভাত পাত কাটি দিওঁতা নাই ৷

তাকে কাটিবাক কাচি দিলোহো পেলাই ৷৷

কাচি দেওঁতে মোৰ মুখ জমাই দেখিল ৷

এহি পাপ গুটি বাপ আমাৰ সিঁজিল ৷৷ (ৰামচৰন)

ৰাধিকাৰ এনে বিনয়ী স্বীকাৰোক্তি শুনি গুৰুজনাই এইয়া সামান্য দোষ বুলিলে আৰু তোমাৰ এই দোষ আমি সকলোৱে ক্ষমা কৰি ললো ৷ আৰু ঈশ্বৰৰ ওচৰত বেটীৰ এই দোষ মাৰ্জনা কৰিবলৈ প্ৰাৰ্থনা জনাই ক্ষমা বিছাৰিলে আৰু আৰ্শীবাদ দি দোষৰ পৰা মুক্ত হ’ল বুলি ৰাধিকাক আশ্বাস প্ৰদান কৰিলে ,আৰু কলে “তোমাৰ সুখ্যাতি ৰওক ,তুমি প্ৰকৃত শান্তিৰ মহিমা দেখুৱাবলৈ সক্ষম হোৱা” ৷ তেতিয়া ৰাধিকাই মনত বৰ সাহস পালে আৰু আনন্দত মুখমণ্ডল উজ্বলি উঠিল ৷

“শঙ্কৰে বোলন্ত আত কিছু ছিদ্ৰ নাই ৷

ক্ষমিলোহো ইটো পাপ পানী আনা যাই ৷৷

ৰাধিকাই আগৰ দৰে এইবাৰো সমবেত ৰাইজ আৰু গুৰুজনাক সেৱা জনাই শঙ্কৰদেৱক স্মৰণ কৰি পলৰে পানী আনিবলৈ অগ্ৰসৰ হ’ল ৷ আগৰ বাৰ বাওঁহাতেৰে পলৰ মুখত ধৰিছিল ৷ এইবাৰ বাওঁহাতেৰে পলৰ তলত ধৰি পানী তুলি আনি গুৰুজনাৰ কাষত থলেহি ৷

হেন শুনি দুনাই শঙ্কৰক সেৱা কৰি ৷

লৰি গৈলা লৌহিত্যক হাতে পল ধৰি ৷৷

শঙ্কৰক স্মৰি জল ভৰিল পলোত ৷

বামহাতে ধৰিলন্ত পলোৰ তলত ৷৷

ওপৰক তুলি ধৰি শ্ৰীঘ্ৰে গৈল লৈয়া ৷

শঙ্কৰৰ আগে ৰৈল পলো নমাই থৈলা ৷৷

এইবাৰ পলৰ চকত পূৰ্বতকৈ চাৰি আঙুল বেছিকৈ পানী আহিল তাকে দেখি উপস্থিত সমাজৰ লোকে অতি বিস্ময় মানি সমস্বৰে ৰাধিকাক জয়ধ্বনিৰে আৰ্শীবাদ দিলে ৷ সমজোৱাৰ মাজত হৰি বিস্তু হৰি বিস্তু ধ্বনিৰে গুণ গুণনি হবলৈ ধৰিলে ৷

গুৰুজনে ৰাধিকাক সেই প’লৰ পানী টেম্বুৱানী জানৰ সেই নিৰ্দ্দিষ্ট স্থানত ঢালিবলৈ নিৰ্দ্দেশ দিলে ,ৰাধিকাইও গুৰুৱে দেখুৱাইদিয়া স্থানত ভক্তিযুক্তভাৱেৰে পানী পল

ঢালিলে ৷ লগে লগে জানৰ তীব্ৰ সোঁত ৰৈ গ’ল ৷ চাৰিওফালে সমবেত ৰাইজৰ জয়ধ্বনিৰ ৰোল উঠিল ৷ সতীৰ মহিমা দেখি সমবেত সকলে তবধ মানিলে সকলোৱে জয় সতী ৰাধিকা জয় সতী ৰাধিকা ধ্বনিৰে চৌদিশ মুখৰিত কৰি তোলিলে ৷ গুৰুৱে ৰাধিকাক সেই স্থানত কেইচপৰামান মাটি দিবলৈ পৰামৰ্শ দিলে আৰু ৰাধিকাই কেইচপৰামান মাটি দিয়াৰ লগে লগে সাঁজুহৈ থকা সহস্ৰজনে কাষৰ ওখ ঠাইৰ পৰা চাঙি পাচিৰে সেই স্থানত মাটি জাঁপি জাবলৈ ধৰিলে আৰু বিপুল সংখ্যক ৰাইজৰ সহযোগত টেম্বুৱানী জানৰ বান্ধ অতি কম সময়ৰ ভিতৰতে সম্পূৰ হৈ উঠিল ৷ ফলত সেই অঞ্চলৰ ৰাইজৰ এক বৃহৎ সমস্যা এটাৰ পৰা পলকতে ৰক্ষা পৰিল ৷ এনে এটা ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰাত ভূঞা সকলৰ সমন্নিতে উপস্থিত ৰাইজে গুৰু শঙ্কৰদেৱক সেৱা জনোৱাৰ লগতে সতী ৰাধিকাক ভূয়সী প্ৰশংসা জনালে ৷ ৰাধিকাৰ এই মহৎ কাৰ্যৰ কৃতজ্ঞতা স্বৰূপে জেষ্ঠ ভূঞা সকলে গুৰুজনাৰ কীৰ্ত্তনঘৰৰ চৌহদৰ ওচৰতে মাটি ভেটি দি পূৰ্ণানন্দ আৰু ৰাধিকাক ভকত স্বৰূপে থান দিলে ৷

______________________

বিঃ দ্ৰঃ- ৰাধিকাৰ তিনি কাঠিৰ পলৰ তাৎপৰ্য ভকত সকলে পৰমাৰ্থিক অৰ্থত সত ৰজ তম গুণক একত্ৰিত কৰি ৰাধিকাই কায়,মন,বাক্য সংযম আৰু সু-দৃঢ় আত্ম বিশ্বাস,সাহস আৰু অচলা ভক্তি এই তিনি গুণক একত্ৰিত কৰি আগ বাঢ়িব পৰা ব্যক্তিত্বক বুজাইছে বুলি ব্যাখ্যা কৰে ৷ অন্যহাতে যুক্তিবাদী আৰু বাস্তৱবাদেৰে চাবলৈ গলে ৰাধিকা নদীৰ কাষত বসতি স্থাপন কৰা বংশৰ লোক হিচাৱে পূৰ্ব পুৰুষৰ পৰা পৰম্পৰাগত ভাৱে নদীৰ সোঁত নিয়ন্ত্ৰণ কৰিব পৰা দক্ষতা ৰাধিকাই আয়ত্ব কৰিব নিশ্চয় পাৰিছিল বুলি কব পাৰি ৷ অন্যহাতে তিনিটা কাঠিৰ পলক নদীৰ বান নিয়ন্ত্ৰনৰ বাবে প্ৰয়োগ কৰা এক বিশেষ আহিলা বুলিও কব পাৰি ৷ উদাহৰণ স্বৰূপে আজিও ব্যৱহাৰ কৰা তিনিডাল বাঁহেৰে অথবা কংক্ৰীতেৰে নিৰ্মিত “পাৰ্কুপাইন” ক সেই পূৰ্ব কালৰে ব্যৱহাৰ কৰা আহিলা বুলিব পাৰি ৷ হয়তু তিনিটা কাঠিৰ প’ল আখ্যানটো তাৰে এক প্ৰতীকো হব পাৰে ৷ এইয়া আমাৰ বক্তব্যহে ৷

ৰাধিকাই গুৰু শঙ্কৰদেৱৰ ওচৰত নিজৰ পৰিশ্চয় ডাঙিধৰাত গুৰুদেৱৰ লগতে সভাসদ সকল পৰম সন্তোষিত হ’ল আৰু সকলোৱে ধন্য ধন্য কৰিলে ৷ শঙ্কৰদেৱে ৰাধিকাক ব্ৰতে উপবাসে নীতি নিয়ম পালন
কৰি দুদিন পিছত পুনৰ আহিবলৈ কৈ সেই দিনাৰ বাবে বিদায় দিলে ৷ ইপিনে সতী বিছাৰি পোৱা আৰু নলচা গাঁৱৰ পূৰ্ণানন্দৰ ঘৈণীয়েক জয়ন্তীয়েই যে সেই সতীত্বৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা খবৰটো সমগ্ৰ বৰদোৱা অঞ্চলত বনজুইৰ দৰে বিয়পি পৰিল ৷ এনে খবৰে বহু দূৰ দূৰণিলৈকে মানুহৰ মন উৎসুকতাৰে ভৰি পৰিল আৰু নিৰ্দ্দিষ্ট দিনা যিমান মানুহে শুনিছে সিমান মানুহে হাতত দা -কোৰ লৈ টেম্বুৱানী জান বন্ধা কাৰ্যত সহযোগ কৰিবলৈ উদ্‌গ্ৰীৱ হৈ পৰিল ৷ অন্যহাতে ৰাধিকাইও গাঁৱৰ বহুজনৰ সৈতে বান্ধটো বন্ধাৰ সম্পৰ্কত আলোচনা কৰিলে আৰু কেনেদৰে বান্ধৰ কাম কৰিব লাগিব সেই সম্পৰ্কে বুজনি আৰু দিহা পৰামৰ্শও দিলে ৷
নিৰ্দ্দিষ্ট দিনা ৰাধিকা অতি ভক্তিভাৱে ব্ৰতে উপৱাসে ৰীতি নীতি মানি গিৰিয়েক পূৰ্ণানন্দৰ সৈতে শঙ্কৰদেৱৰ ওচৰত সভক্তিৰে দণ্ডৱতে সেৱা জনালেহি ৷ লগতে নলচা গাঁৱৰ সমূহ ৰাইজেও ৰাধিকা আৰু পূৰ্ণানন্দৰ লগতে দ’ল বান্ধি আহি গুৰুজনাক সেৱা জনালেহি ৷ আনফালে সতীৰ দ্বাৰা টেম্বুৱানী জান বন্ধাৰ কাৰ্য চোৱা আৰু লগতে বান্ধৰ কাৰ্যত সহযোগ কৰিবলৈও দা-কোৰ লৈ সমগ্ৰ অঞ্চলৰ হাজাৰ বিজাৰ লোক সমবেত হ’লহি ৷
ৰাধিকা আৰু তেওঁৰ স্বামী পূৰ্ণানন্দক গুৰুৱে আৰ্শীবাদ প্ৰদান কৰি ওচৰতে পাৰিথোৱা আসনত বহিবলৈ দিলে ৷ লগে লগে উপস্থিত ৰাইজেও হৰিধ্বনি দি ৰাধিকাক আৰ্শীবাদ জনালে ৷ গুৰুজনে একান্ত সেৱক হৰিহৰক বান্ধৰ কামৰ শুভাৰম্ভৰ বাবে প্ৰয়োজনীয় যা যোগাৰ খিনি কৰিবলৈ নিৰ্দ্দেশ দিলে ৷ গুৰুৰ আৰ্শীবাদ আৰু আজ্ঞা অনুসৰি সেই ঠাইৰ পৰা দক্ষিণফালে ব্ৰহ্মপুত্ৰৰ পাৰলৈ ৰাধিকাই বিশেষভাৱে নিৰ্মিত তিনিটা কাঠিৰ পলৰে পানী আনিবলৈ আগবাঢ়িল ৷ বহুসময় আকাশলৈ হাত কৰযোৰ কৰি শেষত ব্ৰহ্মপুত্ৰক সেৱা সৎকাৰ কৰি ৰাধিকাই পলৰে পানী বুৰালে আৰু সেই পানী আনি গুৰুজনাৰ ওচৰত সভক্তিৰে থলেহি ৷
“হেন শুনি ৰাধিকাই নমস্কাৰ কৰি ৷
ধীৰে ধীৰে চলি গৈল পলো হাতে ধৰি ৷৷
ব্ৰহ্মপুত্ৰ নদী নাম দক্ষিণক মুখে ৷
বাম হাত মুখে ধৰি ভৰিলন্ত সুখে ৷৷
ওপৰক হাতে তুলি কান্ধে দাঙি লৈলা ৷
বৰ ৰঙ্গ কৰি শঙ্কৰৰ পাশে থৈলা ৷৷”
এই কাণ্ড দেখি উপস্থিত সহস্ৰজন ৰাইজে বিস্ময় মানি হৰিধ্বনি কৰিবলৈ ধৰিলে ৷ পিছে পলত চাৰি আঙুল পানী কমি আহিল ৷ এইয়া লক্ষ্য কৰি গুৰুৱে ৰাধিকাক সুধিলে– তুমি কেতিয়াবা এফেৰি দোষ কৰিছা, সেয়েহে পানী কমি আহিল ,কি দোষ কৰিছিলা ৰাইজৰ আগতে কোৱা, আমি সকলোৱে সেই দোষ সামৰি ল’ম ৷
“কান্ধৰ নমায়া মাটি উপৰত থৈলা ৷
দেখে জল চাৰি আঙুল নামে ভৈলা ৷৷
শঙ্কৰে বোলন্ত শুণা নদীয়াল জী ৷
কহ তই এক পাপ কৰি আছ কি ৷৷”
গুৰুজনাৰ প্ৰশ্ন শুনি ৰাধিকাই অতি বিনয়ীভাৱে অতীতৰ এটি সামন্য ঘটনা মনত পৰাত কলে — এদিন ঘৰত স্বামী নথকাত ভনী জোঁৱাই আহি অতিথি হ’লহি ৷ ৰাধিকাই ভনী জোঁৱায়েকক ভাত খাই যাবলৈ কলে ৷ ৰন্ধা হলত জোঁৱায়েকক ভাত খাবলৈ কলপাত এখিলা কাতি আনিবলৈ কাচি এখন আগবঢ়াই দিছিল আৰু সেই সময়ত ৰাধিকাৰ মুৰৰ ওৰণিখন খহি পৰাত জোঁৱায়েকৰ চকুৱে চকুৱে পৰাত অলপ অসহজ অনুভৱ হৈছিল ৷ এনে ভাৱনাক ৰাধিকাই পাপ হ’ল বুলি বোধ হৈছিল ,তাকে ৰাইজৰ উপস্থিতিত গুৰুজনাৰ আগত স্বীকাৰ কৰি আঁঠুলৈ সেৱা জনালে ৷”
” নমস্কাৰ কৰি বোলে শুণিয়োক বাপ ৷
কৰি আছো মই মহা গুৰুতৰ পাপ ৷৷
আমাৰ স্ব-স্বামী এন্তে নাহি কয় ৷
বহিনী জামাই আসি গৃহে মিলিলয় ৷৷
ৰান্ধিলোহো ভাত পাত কাটি দিওঁতা নাই ৷
তাকে কাটিবাক কাচি দিলোহো পেলাই ৷৷
কাচি দেওঁতে মোৰ মুখ জমাই দেখিল ৷
এহি পাপ গুটি বাপ আমাৰ সিঁজিল ৷৷ ” (ৰামচৰন)
ৰাধিকাৰ এনে বিনয়ী স্বীকাৰোক্তি শুনি গুৰুজনাই এইয়া সামান্য দোষ বুলিলে আৰু তোমাৰ এই দোষ আমি সকলোৱে ক্ষমা কৰি ললো ৷ আৰু ঈশ্বৰৰ ওচৰত বেটীৰ এই দোষ মাৰ্জনা কৰিবলৈ প্ৰাৰ্থনা জনাই ক্ষমা বিছাৰিলে আৰু আৰ্শীবাদ দি দোষৰ পৰা মুক্ত হ’ল বুলি ৰাধিকাক আশ্বাস প্ৰদান কৰিলে ,আৰু কলে “তোমাৰ সুখ্যাতি ৰওক ,তুমি প্ৰকৃত শান্তিৰ মহিমা দেখুৱাবলৈ সক্ষম হোৱা” ৷ তেতিয়া ৰাধিকাই মনত বৰ সাহস পালে আৰু আনন্দত মুখমণ্ডল উজ্বলি উঠিল ৷
“শঙ্কৰে বোলন্ত আত কিছু ছিদ্ৰ নাই ৷
ক্ষমিলোহো ইটো পাপ পানী আনা যাই ৷৷
ৰাধিকাই আগৰ দৰে এইবাৰো সমবেত ৰাইজ আৰু গুৰুজনাক সেৱা জনাই শঙ্কৰদেৱক স্মৰণ কৰি পলৰে পানী আনিবলৈ অগ্ৰসৰ হ’ল ৷ আগৰ বাৰ বাওঁহাতেৰে পলৰ মুখত ধৰিছিল ৷ এইবাৰ বাওঁহাতেৰে পলৰ তলত ধৰি পানী তুলি আনি গুৰুজনাৰ কাষত থলেহি ৷
“হেন শুনি দুনাই শঙ্কৰক সেৱা কৰি ৷
লৰি গৈলা লৌহিত্যক হাতে পল ধৰি ৷৷
শঙ্কৰক স্মৰি জল ভৰিল পলোত ৷
বামহাতে ধৰিলন্ত পলোৰ তলত ৷৷
ওপৰক তুলি ধৰি শ্ৰীঘ্ৰে গৈল লৈয়া ৷
শঙ্কৰৰ আগে ৰৈল পলো নমাই থৈলা ৷৷”
এইবাৰ পলৰ চাকত পূৰ্বতকৈ চাৰি আঙুল বেছিকৈ পানী আহিল তাকে দেখি উপস্থিত সমাজৰ লোকে অতি বিস্ময় মানি সমস্বৰে ৰাধিকাক জয়ধ্বনিৰে আৰ্শীবাদ দিলে ৷ সমজোৱাৰ মাজত হৰি বিস্তু হৰি বিস্তু ধ্বনিৰে গুণ গুণনি হবলৈ ধৰিলে ৷
গুৰুজনে ৰাধিকাক সেই প’লৰ পানী টেম্বুৱানী জানৰ সেই নিৰ্দ্দিষ্ট স্থানত ঢালিবলৈ নিৰ্দ্দেশ দিলে ,ৰাধিকাইও গুৰুৱে দেখুৱাইদিয়া স্থানত ভক্তিযুক্তভাৱেৰে পানী পল
ঢালিলে ৷ লগে লগে জানৰ তীব্ৰ সোঁত ৰৈ গ’ল ৷ চাৰিওফালে সমবেত ৰাইজৰ জয়ধ্বনিৰ ৰোল উঠিল ৷ সতীৰ মহিমা দেখি সমবেত সকলে তবধ মানিলে সকলোৱে জয় সতী ৰাধিকা জয় সতী ৰাধিকা ধ্বনিৰে চৌদিশ মুখৰিত কৰি তোলিলে ৷ গুৰুৱে ৰাধিকাক সেই স্থানত কেইচপৰামান মাটি দিবলৈ পৰামৰ্শ দিলে আৰু ৰাধিকাই কেইচপৰামান মাটি দিয়াৰ লগে লগে সাঁজুহৈ থকা সহস্ৰজনে কাষৰ ওখ ঠাইৰ পৰা চাঙি আৰু পাচিৰে সেই স্থানত মাটি জাঁপি যাবলৈ ধৰিলে আৰু বিপুল সংখ্যক ৰাইজৰ সহযোগত টেম্বুৱানী জানৰ বান্ধ অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিল ৷ ফলত সেই অঞ্চলৰ ৰাইজৰ এক বৃহৎ সমস্যা এটাৰ পৰা পলকতে ৰক্ষা পৰিল ৷ এনে এটা ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰাত ভূঞা সকলৰ সমন্নিতে উপস্থিত ৰাইজে গুৰু শঙ্কৰদেৱক সেৱা জনোৱাৰ লগতে সতী ৰাধিকাক ভূয়সী প্ৰশংসা জনালে ৷ ৰাধিকাৰ এই মহৎ কাৰ্যৰ কৃতজ্ঞতা স্বৰূপে জেষ্ঠ ভূঞা সকলে গুৰুজনাৰ কীৰ্ত্তনঘৰৰ চৌহদৰ ওচৰতে মাটি ভেটি দি পূৰ্ণানন্দ আৰু ৰাধিকাক ভকত স্বৰূপে থান দিলে ৷
______________________
বিঃ দ্ৰঃ- ৰাধিকাৰ তিনি কাঠিৰ পলৰ তাৎপৰ্য ভকত সকলে পৰমাৰ্থিক অৰ্থত সত ৰজ তম গুণক একত্ৰিত কৰি ৰাধিকাই কায়,মন,বাক্য সংযম আৰু সু-দৃঢ় আত্ম বিশ্বাস,সাহস আৰু অচলা ভক্তি এই তিনি গুণক একত্ৰিত কৰি আগ বাঢ়িব পৰা ব্যক্তিত্বক বুজাইছে বুলি ব্যাখ্যা কৰে ৷ অন্যহাতে যুক্তিবাদী আৰু বাস্তৱবাদেৰে চাবলৈ গলে ৰাধিকা নদীৰ কাষত বসতি স্থাপন কৰা বংশৰ লোক হিচাৱে পূৰ্ব পুৰুষৰ পৰা পৰম্পৰাগত ভাৱে নদীৰ সোঁত নিয়ন্ত্ৰণ কৰিব পৰা দক্ষতা ৰাধিকাই আয়ত্ব কৰিব নিশ্চয় পাৰিছিল বুলি কব পাৰি ৷ অন্যহাতে তিনিটা কাঠিৰ পলক নদীৰ বান নিয়ন্ত্ৰনৰ বাবে প্ৰয়োগ কৰা এক বিশেষ আহিলা বুলিও কব পাৰি ৷ উদাহৰণ স্বৰূপে আজিও ব্যৱহাৰ কৰা তিনিডাল বাঁহেৰে অথবা কংক্ৰীতেৰে নিৰ্মিত “পাৰ্কুপাইন” ক সেই পূৰ্ব কালৰে ব্যৱহাৰ কৰা আহিলা বুলিব পাৰি ৷ হয়তু তিনিটা কাঠিৰ প’ল আখ্যানটো তাৰে এক প্ৰতীকো হব পাৰে ৷ এইয়া আমাৰ বক্তব্যহে ৷

(ক্ৰমশঃ)

(গ্ৰন্থ উৎস সতী ৰাধিকা -সুতৰাম দাস)

গুৰুচৰিত – ৰামচৰন ঠাকুৰ

বিভিন্ন আলোচনী

LEAVE A REPLY

Please enter your comment!
Please enter your name here