শ্ৰীমন্ত শঙ্কৰদেৱ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক

0
shrimonta-sankar-dev
Shri Sankar Dev

শ্ৰীমন্ত শঙ্কৰদেৱ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক

shrimonta-sankar-dev
Shri Sankar Dev

‘মহাপুৰুষ(শঙ্কৰদেৱ) এজন বিশিষ্ট শিল্পী আছিল, একেজন পুৰুষতে ইমান শিল্পৰ প্ৰাচুৰ্য দেখি স্তম্ভিত হ’ব লাগে। তেওঁ গীত, বৰগীত ৰচনা কৰিছিল, কাব্য-নাটক ৰচনা কৰিছিল, গদ্য-পদ্যৰ মাজেৰে ধৰ্ম-তত্ব ব্যাখ্যা কৰিছিল। অকল সেয়ে নহয় অঙ্কীয়া নাট মঞ্চস্থ কৰিবলৈ আৱশ্যকীয় মঞ্চ তৈয়াৰ কৰিছিল, নানা দৃশ্যপট তৈয়াৰ কৰিছিল, খোল মৃদঙ্গ কৰতাল সাজিছিল। অকল যে নিৰ্মাণেই কৰিছিল তেনে নহয় নিজেই সকলো বাদ্য বজাইছিল, নানা ভঙ্গিমাৰে নৃত্য কৰিছিল, নানা ৰং-বিৰং সাজ-সজ্জা তৈয়াৰ কৰিছিল। নাট্য মঞ্চত তেওঁ নিজেও অভিনয় কৰিছিল, শ্লোক ভটিমা গাইছিল।

মহাপুৰুষৰ উদ্দেশ্য আছিল একশৰণ নামধৰ্মৰ, এক বিষ্ণুভক্তিৰ প্ৰচাৰৰ লগতে অসমত এক অতি বলিষ্ঠ সুস্থ সমাজ প্ৰতিষ্ঠা কৰা যাতে ইয়াৰ বিৰাট অনৈক্যৰ মাজতো জাতীয় সংহতি সম্ভৱ হ’ব পাৰে। দেশত উৎপাদনৰ প্ৰাচুৰ্য হ’ব পাৰে, নানা শিল্প-কলাৰ উন্নতি আৰু চৰ্চা হ’ব পাৰে, মানুহ কৰ্মমুখী আৰু আনন্দপ্ৰাণ হ’ব পাৰে। সেই সময়ত নানা সংঘাত নানা বিপৰ্যয় আৰু নানা অনাচাৰেৰে জৰ্জৰিত, বিধ্বস্ত হৈ থকা অসমবাসীৰ মনত উৎসাহ, কৰ্মশক্তি, ভগৱৎ-ভক্তি জাগৰূক কৰি তোলা সহজ সাধ্য নাছিল। গতিকেই মহাপুৰুষে অশেষ চিন্তা কৰি তেওঁৰ সাধনালব্ধ তত্ত্বজ্ঞান আৰু সমাজজ্ঞানৰ বলেৰে অসমত এনেহেন বলিষ্ঠ সমাজ প্ৰতিষ্ঠাৰ বুনিয়াদ তৈয়াৰ কৰিব পাৰিলে। নানা আমোদ-প্ৰমোদৰ মাজেৰে এক বিষ্ণুভক্তি প্ৰচাৰ কৰিব পাৰিলে, সৰ্বজীৱতে সমভাব আৰোপ কৰিব পাৰিলে, গৃহস্থী ধৰ্মতে থাকি ভোগৰ প্ৰতি অনাসক্ত হৈ ত্যাগৰ আদৰ্শ দেখুৱাব পাৰিলে, জগতৰ সকলো বস্তুতে ভগবানৰ অস্তিত্ব উপলব্ধি কৰিলে।

অন্তৰৰ হিংসা-দ্বেষ আঁতৰাই, নানা কলুষ দুৰ্নীতি আঁতৰাই, মানৱ অন্তৰ শুদ্ধ কৰি বিৰাটৰ আনন্দস্বৰূপ উপলব্ধি কৰাবলৈ যত্ন কৰিলে।

অকল ধৰ্মতত্ত্বৰ ভিতৰেৰেই নহয়, নানা গীতবাদ্য আৰু অঙ্কীয়া ভাওনাৰ মাজেৰেও লোক সাধাৰণক পৰম আনন্দ দিয়াৰ লগে লগে বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদনকেই কৰিলে। যাতে এক ধৰ্ম ব্যৱস্থাৰ, এক সমাজ ব্যৱস্থাৰ জৰিয়তে অসমত এক বলিষ্ঠ সমাজ গঢ়ি উঠিব পাৰে, জাতীয় সংহতি হ’ব পাৰে, অসম সমৃদ্ধিশালী হৈ উঠিব পাৰে। সেই চেষ্টাকে কৰিলে মহাপুৰুষে তেওঁৰ বহুমুখী সমাজ সংস্কাৰৰ জৰিয়তে। আজিও যদি অসমবাসী সেই আদৰ্শ, সেই প্ৰেৰণাৰে উদ্বুদ্ধ হয়, তেনেহ’লে অসম ৰাজ্য এক মহান ৰাজ্যত পৰিণত হ’ব, অসমৰ সমাজ ব্যৱস্থা বলীয়ান হ’ব, অসমীয়া জাতি এক মহীয়ান জাতিত পৰিণত হ’ব।”

গিৰিধৰ শৰ্মা
প্ৰাক্তন সভাপতি, অসম সাহিত্য সভা

” শঙ্কৰেই অসম গঢ়িলে। শঙ্কৰে অসমক নিদিলে কি ? শঙ্কৰেই অসমক ধৰ্ম্ম কলা কৃষ্টি, সাহিত্য, সংস্কৃতি, সমাজ সত্ৰ সকলো গঢ়ি দি অসমীয়া জাতিক আজিও ভাৰতৰ এটা সুসভ্য সুকীয়া জাতি হিচাপে ঠাই দি গ’ল। এজন পুৰুষৰ ভিতৰত এনে সৰ্বতোমুখী অপূৰ্ব প্ৰতিভা মহাপুৰুষতেইহে সম্ভৱ, সাধাৰণ মানুহৰ এনে জ্যোতিৰ্ময় প্ৰতিভা থাকিব নোৱাৰে। অসম বুলিলে শঙ্কৰ, শঙ্কৰ বুলিলে অসম। শঙ্কৰবিহীন অসমৰ কোনো অস্তিত্ব নাই।”

নলিনীবালা দেৱী

 

” পঞ্চদশ শতাব্দীৰ অসমৰ ধৰ্মগুৰু, কৰ্মগুৰু, সমাজগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেৰাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে অঙ্কীয়া নাট-ভাওনা সৃষ্টি কৰি কলা-লক্ষ্মীৰ সমুখত যিগছি অখণ্ড প্ৰদীপ জ্বলাই গ’ল সঁচাকৈয়ে তাৰ তুলনা নাই।

এই অঙ্কীয়া নাট-ভাওনা কেৱল অসমীয়া সাহিত্য-ভঁৰালৰেই নহয়, অসমৰ নাট্য জগতৰো ই এক অমূল্য সম্পদ-গৌৰৱৰ বস্তু। যি সময়ত ভাৰতৰ প্ৰাদেশিক ভাষাবোৰত আনকি সমৃদ্ধিশালী ইংৰাজী সাহিত্যতো নাট-অভিনয়ে ফেঁহুজালি দিয়া নাছিল, সেই সময়তে অৰ্থাৎ পঞ্চদশ শতিকাতে অসমৰ নাট-লক্ষ্মীৰ আৱিৰ্ভাৱ হৈছিল—এচেৰেঙা কাঁচিয়লী ৰ’দ গাত লৈ।

এই চিহ্নযাত্ৰা ভাওনাই প্ৰথম অসমীয়া নাট্যাভিনয় আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেই অসমৰ নাট্যজগতৰ নটসূৰ্য— একমেবাদ্বিতীয়ম্। “

অধ্যাপক অতুল চন্দ্ৰ হাজৰিকা

” আৰ্হি লাগে শঙ্কৰত পাবা। মূলমন্ত্ৰ লাগে শঙ্কৰত পাবা। একান্ত ভক্তি লাগে তেওঁতে পাবা। সাহিত্যৰ গুৰু শঙ্কৰ। অন্তৰ ৰাজ্যৰ ৰজা শঙ্কৰ। সমাজ-গঢ়োঁতা শঙ্কৰ। সমাজৰ নেতা শঙ্কৰ। তেওঁৰ চেষ্টা সহজায়ত্ত। কষ্টকল্পিত ভাৱ তেওঁৰ নাই। সমদৃষ্টি তেওঁতে, বামুণ-চণ্ডালক একে দেখে তেৱেঁই–
হে শঙ্কৰ! তুমি অসমক নিদিলা কি ? ধৰ্ম দিলা, ভক্তি দিলা, সাহিত্য দিলা, শিল্প দিলা, নাট দিলা, গীত দিলা, অসমক তুমি নতুনকৈ স্ৰজিলা! ন যুগৰ প্ৰৱৰ্তক তুমি, তোমাক নমস্কাৰ। ধন্য অসম! তুমি শঙ্কৰ-সূৰ্যক পাইছিলা। নহ’লে আজি ক’ত থাকিলাহেঁতেন।”

চন্দ্ৰকুমাৰ আগৰৱালা

সকলোকে সামৰি লোৱাটোহে “মুখ্য ধৰ্ম “

” ভাৰতৰ অন্য ধৰ্মসমূহত যিবোৰ নাই মহাপুৰুষ(শঙ্কৰদেৱ)ৰ ধৰ্মত সেই খিনিও আছে। গীত-মাত, সাহিত্য, সংস্কৃতি এই সকলোৰে জৰিয়তে মহাপুৰুষে ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল। অন্য ধৰ্মত গীত-মাত নাই, ভাওনাৰ জৰিয়তে ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা নাই। কিন্তু গুৰুজনে আমাক এইবোৰ দি সহজ কৰি থৈ গৈছে।

গুৰুত্বপূৰ্ণ কথা হৈছে আমি যেনে পাহাৰ পৰ্বতৰ পৰা ফালৰি কাটি আহিছো। মহাপুৰুষ আৰু পিছৰ আতাপুৰুষসকলে এই কামটো কৰিছিল। বৰ্ত্তমান ধিৰে ধিৰে আমি সৰু সৰু কথালৈ কাজিয়া কৰিছো আৰু আনে সেইবোৰ ঠাই দখল কৰিছে। আমি যেতিয়ালৈকে তাত এটা নামঘৰো সজাব নোৱাৰো তেনেহলে আমাৰ সকলো শেষ হব। এইবোৰ কথা আমি এটা সতৰ্ক বাণী বুলি গ্ৰহণ কৰিব লাগিব। আমি ইয়াত তৰ্ক কৰি থাকোতে আমাৰ জাতি উপজাতি বেলেগ হৈ যাব। আমি এইবোৰ সকলোকে সামৰি লব লাগিব। সেইটোহে আমাৰ মুখ্যধৰ্ম হোৱা উচিত।

ভাৰতবৰ্ষত সমভাব থকা ধৰ্ম এটাও নাই যি শংকৰদেৱৰ ধৰ্মৰ সমান হব পাৰে। তাক আমি উচ্ছস্বৰে কব পাৰো। ইয়াত সকলোৱে সমান। এই সকলোৱে সমান হব পৰা ধৰ্মটোক লৈ যিসকল অবহেলিত হৈ আছে সেইসকলক আমি আমাৰ সমান কৰি লব লাগে। তেতিয়াহলে সৰ্বভাৰতীয় ক্ষেত্ৰত আমাৰ ধৰ্মক আমি শ্ৰেষ্ঠ আসনত বহুৱাব পাৰিম।”

জীতেন্দ্ৰ নাথ দাস, প্ৰাক্তন উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়

শ্ৰীমন্ত শঙ্কৰদেৱ ‘ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক ‘

” আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা সংস্কৃতিৰ বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিকৈ ৰাখি থৈছে অসমীয়া সংস্কৃতি সৃষ্টি কৰি দি যাওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত এনে সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা, অসমীয়া জীৱনৰ মহাকলাকাৰ শিল্পীৰো শিল্পী মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে। সেই মহাপ্ৰতিভাৰ বলতেই আমি ডেৰশ বছৰ এটা প্ৰচণ্ড পাশ্চাত্য সভ্যতা-সংস্কৃতিৰ দুৰ্নিবাৰ আক্ৰমণতো আমাৰ অসমীয়া সংস্কৃতিৰ বিশিষ্টতা নেহেৰুৱাই আজি স্বাধীনতাৰ দিনত, সেই শঙ্কৰদেৱে গঢ়ি দি যোৱা সংস্কৃতিতে ভেটি বান্ধি, নতুন সংস্কৃতি গঢ়িব পৰা অৱস্থাত আছোঁ।

মাথোঁ মই ইয়াকেই কওঁ যে তেওঁৰ নিচিনা বৈপ্লৱিক দৃষ্টিৰ সংস্কৃতি স্ৰষ্টা সেই সময়ৰ ভাৰতৰ কথা নকওঁৱেই, পৃথিৱীৰ ভিতৰতে বিৰল হ’ব। তেওঁ প্ৰথমতে অগাধ পণ্ডিত, অকল ধৰ্ম-সংস্কাৰকেই নহয়, উপনিষদৰ ওপৰত প্ৰতিষ্ঠা কৰি তেওঁ প্ৰায় এক নতুন ধৰ্ম্মই দি গৈছে। আজি পাঁচশ বছৰৰ আগতেই তেওঁ অস্পৃশ্যতাৰ বিৰুদ্ধে বৈপ্লৱিক প্ৰচাৰ আৰম্ভ কৰে আৰু বিপ্লৱীৰ কপালত যি নিৰ্য্যাতন ভোগ থাকে তাকো ভোগ কৰি গৈছে। সমাজলৈকো তেওঁ মন দি নতুনকৈ সমাজ সংগঠন কৰে। সুকুমাৰ কলা, কবিতা, সঙ্গীত, স্থাপত্য, ভাস্কৰ্য্য আৰু আলেখ্যক তেওঁ এক অভিনৱ ৰূপ দি অসমীয়া সুকুমাৰ কলাৰ বৈশিষ্ট্য সৃষ্টি কৰি যায়। …

তেওঁৰ দৰে সৰ্ব্বতোমুখী প্ৰতিভাৰ বিকাশ সেই সময়ৰ পৃথিৱীৰ কিয়, আজিৰ পৃথিৱীৰ মহাপুৰুষসকলৰ ভিতৰতো দেখা যায় নে নাযায় সন্দেহ। তেওঁ নতুন ধৰ্ম্ম- প্ৰৱৰ্ত্তক, দাৰ্শনিক, তেওঁ বিদগ্ধ পণ্ডিত। তেওঁ সমাজ সংগঠক, নতুন সংস্কৃতিৰ স্ৰষ্টা। তেওঁ নিজেই নাট্যকাৰ, নাটকীয় কাৰিকৰী উদ্ভাৱক, নাটকৰ প্ৰযোজক, পৰিচালক, অভিনেতা। সঙ্গীতৰ এটা ধাৰাৰ প্ৰৱৰ্ত্তক, গীত আৰু সুৰ ৰচনাত সিদ্ধহস্ত, নতুন নৃত্যভঙ্গীৰ পৰিকল্পনা দিওঁতা আৰু নিজেও নৃত্যবিশাৰদ। নতুন ধৰণৰ বাদ্য-বাজনা, খোল, ভোৰতাল আদিৰ স্ৰষ্টা আৰু নিজেও সেইবোৰৰ ওজা বায়ন। অসাধাৰণ কৱিত্ব-প্ৰতিভাৰ কৱি, নাট্যসাহিত্যৰ ওজা নাট্যকাৰ। আনফালে সত্ৰাদি স্থাপন কৰি এখন সাংস্কৃতিক ৰাষ্ট্ৰ গঢ়োঁতা, ৰাষ্ট্ৰনৈতিক, আধ্যাত্মিক জীৱনৰ সুউচ্চ শিখৰত থাকিও সকলো মানসিক উৎকৰ্ষৰ শিৰোমণি, বাস্তৱ জীৱনকো উপেক্ষা নকৰি গৃহী। শঙ্কৰদেৱতেই মানুহৰ আধ্যাত্মিক, মানসিক আৰু বাস্তৱিক এনে মহা-বিকাশ দেখিবলৈ পোৱা গৈছে আৰু সেই তিনিওৰে সামঞ্জস্য আৰু সমতা দেখা যায়। সেইহে ক’ব খোজোঁ যে শঙ্কৰদেৱৰ দৰে প্ৰতিভা বুৰঞ্জীত বিৰল। তেওঁ মানুহৰ পূৰ্ণ সংস্কৃতিৰ প্ৰতীক।”

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

” এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। এজন হৈছে স্বয়ং শ্ৰীকৃষ্ণ। কৃষ ধাতু লগ্ন কৃষ্টিৰ আকৰ কাৰণে তেওঁক কৃষ্ণ বুলিছিল। তেওঁ কি নাজানিছিল ?

গীত-বাদ্য, নৃত্য, ধনুৰ্বিদ্যা, ক্ৰীড়া, ৰাজনীতি ইত্যাদি সৰ্ব্বগুণনিধি তেওঁ আছিল। আৰু এজন আছিল ইটালীৰ লিওনাৰ্দো দাঁ ভিন্সি। তেওঁ একেলগে বৈজ্ঞানিক, চিত্ৰকৰ, ৰাজনীতিজ্ঞ পুৰুষ আছিল। আৰু এজন আছিল আমাৰ এই অসমৰে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ যাক আজি অসমে গুৰু বুলি পূজা কৰি থাকে। সঁচাকৈয়ে আজি শঙ্কৰদেৱ গুৰু, অসমীয়াৰ প্ৰাণ।

আজি শঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শঙ্কৰ নাথাকিলে অসমীয়াৰ একোৱেই নাই। শঙ্কৰদেৱে কি নাজানিছিল আৰু কিনো নিদিছিল ? অসমীয়াক তেৱেঁই সকলো দি গৈছিল। এই নগাঁওৰে বটদ্ৰৱাৰ শিলিখা গছৰ তলত বহি লিখি অমূল্য ৰত্ন কীৰ্ত্তন পুথি অসমীয়াক দান কৰিছিল।

কল-কাৰখানা নামঘৰ নিজে গাঁথি দি নিৰ্মাণ কৰিছিল, কপিলীমুখৰ মাটিৰে খোল তৈয়াৰ কৰিছিল, বৈকুণ্ঠলীলা নাটভাৱনা দেখুৱাইছিল। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সাহিত্য, ভাৱনা, নাম, কীৰ্ত্তন, বৰগীত, নামঘৰ, খোল, মৃদঙ্, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটী, ধনপুঁজি( Bank), সমাজ, ধৰ্ম্ম, বিচাৰ, নীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি সকলো শঙ্কৰদেৱে অসমীয়াক দি গৈছিল। কেৱল অসমীয়াইহে সেইবিলাক ভালকৈ আয়ত্ব কৰি ল’ব পৰা নাই। এই শঙ্কৰদেৱৰ আমোলতে আমি অঙ্কীয়া নাট পাওঁ। ভাৱনা পাওঁ, পদ্ধতিত ৰচা গীত- ৰাগ- সুৰ-সঞ্চ পাওঁ।

মাক্সৰ সাম্যবাদ আৰু গান্ধীৰ গান্ধীবাদৰ আগেয়ে তেওঁ তেনে নীতি প্ৰচাৰ কৰিছিল। যবন হৰি, ভোট, গাৰো ; শ্ৰীৰাম কৈৱৰ্ত্ত সকলো আতা তেওঁৰ শিষ্য আছিল। “

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

 

“শঙ্কৰৰ ধৰ্ম্ম সাম্প্ৰদায়িকতাশূন্য। তেওঁ সকলোকে, কি পুৰুষ, কি স্ত্ৰী, কি বামুণ, কি শূদিৰ, কি আৰ্য্য, কি অনাৰ্য্য, কি হিন্দু, কি মুছলমান, কি দ্বাদশগুণীয়া বিপ্ৰ, কি চণ্ডাল, কি গাৰো, কি ভোট, কি জয়ন্তীয়া, কি যৱন, সকলোকে সদাচাৰী হৈ তেওঁৰ ধৰ্ম্মক ধৰি ইশ্বৰ কৃষ্ণত শৰণাপন্ন হ’বলৈ মাতিছিল, সদাচাৰী হৈ, কৃষ্ণভক্ত হোৱাজনক তেওঁ সন্মান কৰি উচ্চ স্থান দিছিল, অসদাচাৰী লুভীয়া নিন্দক খলক বা ৰাজসিক তামসিক কাৰ্য্য আশ্ৰয় কৰোঁতাক বা কৰিবলৈ বাধ্য হৈ থাকোতাক পৰিহাৰ কৰিছিল, এনে অসাম্প্ৰদায়িক উদাৰ ধৰ্ম্ম শঙ্কৰৰ, এই ধৰ্ম্ম এই কুৰি শতিকাৰ উদাৰ সুসভ্য যুগৰ উপযোগী নহয় যদি নো কোন ধৰ্ম্ম হ’ব পাৰে ?”

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

” জাতিত উচ্চ হ’লে ভাল মানুহ আৰু নীচ জাতীয় হ’লে বেয়া মানুহ, এই ভ্ৰম তেওঁ(শঙ্কৰদেৱে) দূৰ কৰিলে। তেওঁ উচ্চস্বৰে ঘোষণা কৰিলে – ‘ সিটো চণ্ডালক গৰিষ্ঠ মানি, যাৰ জিহ্বাগ্ৰে থাকে হৰিবাণী।’…এই নামঘৰবোৰত সকলো জাতিৰে অবাধ প্ৰৱেশাধিকাৰ। ‘খাছি গাৰো মিৰি’ বুলি শঙ্কৰদেৱে কেৱল মুখেৰে চিঞৰা নাছিল ; গোবিন্দ, জয়হৰি, নৰোত্তম আদি নাম দি গাৰো, ভোট, নগা, আদি জনজাতীয় লোকসকলক তেওঁ উচ্চ মৰ্যাদা দি নামঘৰৰ সমুখৰ আসনত বহুৱাইছিল। অকল এয়ে নহয়, দৰ্জী কাম কৰা চান্দসাই নামে এজন মুছলমানকো নাম-ধৰ্ম গ্ৰহণ কৰাৰ পিছত সমান মৰ্যাদা দি অন্তৰঙ্গ কৰি লৈছিল।

মহাপুৰুষসকল এইবাবেই মহাপুৰুষ যে তেওঁলোকে নিজে আচৰণ কৰি আনক আচৰণৰ শিক্ষা দিয়ে।

মহাপুৰুষ শঙ্কৰদেৱৰ অন্তৰত প্ৰেম আৰু দয়া নিজৰাৰ দৰে প্ৰবাহমান আছিল।…এবাৰ তেওঁৰ এজন শিষ্যই ৰাসলীলাৰ কীৰ্তন শুনি মূৰ্ছিত হৈ বাগৰি পৰিছিল। এনে অৱস্থাত তেওঁৰ পিন্ধা কানি-কাপোৰ শৌচ-পেচাবেৰে লেতেৰা হৈছিল। তাকে দেখি তেওঁ শিষ্যজনক দাঙি আনি গা-পা ধুই-পখালি পিন্ধিবলৈ নতুন কাপোৰ দিয়ে আৰু লেতেৰা কাপোৰখিনি নিজ হাতেৰে ধুই পৰিষ্কাৰ কৰি দিয়ে। তেওঁৰ আন শিষ্য এজনেও এই কাম কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এজন ধৰ্মগুৰু হৈ এই কাম কৰাটো মৰ্যাদা হানিকৰ বুলি ভবা নাই। তেওঁৰ প্ৰচাৰিত ধৰ্মৰ আদৰ্শত জীৱন সেৱাই ভগৱানৰ সেৱা।”

ৰজনীকান্ত দেৱশৰ্মা

মহাপুৰুষীয়া সম্প্ৰদায়ৰ ধৰ্মমত

” ধৰ্ম্ম সাধনৰ নানা উপায়, নানা মত, নানা পন্থা দেখা যায়। শান্তভাৱ, দাস্যভাৱ, বীৰভাৱ, স্ত্ৰীভাৱ, সন্তানভাৱ আদি আছে ; নিৰাকাৰ পোষক আছে, পৌত্তলিক আছে, জড়োপাসক আছে, কঠোৰ তপস্যাব্ৰত ধৰা যোগী আছে, পশুঘাত কৰি পশু ৰক্তৰ দ্বাৰাই পূজা কৰা শক্তি উপাসক আছে, কাপালিক আছে, অঘোৰপন্থী আছে, সহজভজন আছে, ৰাতিখোৱা পূৰ্ণধৰীয়া ভকতো আছে। সকলো পথ সত্য পথ নহয়। সকলো পথ সমান নহয়। কোনো পথ সহজ আৰু সুগম, কোনো পথ দুৰ্গম আৰু বিপদপূৰ্ণ আৰু কোনো পথ ঘৃণনীয়। অমুকৰ ঘৰলৈ যাব লাগিলে তেওঁৰ পদূলিয়েদি বাট-ঘৰৰ তলেদি চ’ৰাঘৰলৈ যাব পাৰি, নাইবা তেওঁৰ ঢাপৰ বাহিৰৰ তিনিহতীয়া খাল ডেই, ঠিয় ঢাপ বগাই, ঢাপত ৰোৱা বাঁহৰ জেঙনিৰ আঁজোৰ খাই, বাঁহৰ চেচুকত গজা চোৰাতৰ মাজেদিও ওলাবগৈ পাৰি ; নাইবা তেওঁৰ বাৰীৰ পিছফালৰ চুৱাপাতনিৰ ওপৰেদিও যাব পাৰি। সহজ ভাল পথ থকাত বেয়া পথ অৱলম্বন কৰা উচিত নহয়। বেয়া পথেদি গ’লে অনেক সময়ত নানা বাধা, বিপদ, প্ৰলোভন আদিৰ বাবে গম্য ঠাইত উপস্থিত হোৱা অসম্ভৱ হৈ পৰে।

এই দেখি শঙ্কৰ-মাধৱ আৰু দামোদৰ এওঁলোকে শিকাইছিল যে ঈশ্বৰত দৃঢ় বিশ্বাস আৰু একান্ত শৰণেই প্ৰকৃত ধৰ্ম্ম আৰু এয়ে সহজ ধৰ্ম্ম পথ। ৰজা, প্ৰজা, ধনী, নিৰ্ধনী, পণ্ডিত, মূৰ্খ, গৃহী, উদাসীন, সাধক, অসাধক, আৰ্য্য, ম্লেচ্ছ, ব্ৰাহ্মণ, চণ্ডাল সকলোৰে নিমিত্তে এই বিশ্বাসৰ ধৰ্ম্ম এই একশৰণ ধৰ্ম্ম উপযুক্ত আৰু সৰ্বতোভাৱে আৱশ্যকীয়। এই ধৰ্ম্মৰ ঈশ্বৰ সাধনাৰ উপায় দাস্যভাৱে, অৰ্থাৎ গীতাৰ উপদিষ্টভাৱে, সকলো ঈশ্বৰত সমৰ্পণ, ঈশ্বৰৰ প্ৰিয় কাৰ্য্য সাধন, অপ্ৰিয় কাৰ্য্য বৰ্জ্জন, ঈশ্বৰৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন, নামৰূপ স্মৰণৰ দ্বাৰাই নিত্য তেওঁৰ উপাসনা।”

কনকলাল বৰুৱা

মহাপুৰুষীয়া ধৰ্ম সনাতন হিন্দু ধৰ্মৰে এক ‘নতুন ৰূপ

” 2. আজি পাঁচ শ বছৰ ধৰি অসমৰ সৰহ ভাগ মানুহেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰে প্ৰৱৰ্তন কৰা একশৰণ ভাগৱতী ধৰ্মক সামাজিকভাৱে নিজৰ ধৰ্ম বুলি মানি আহিছে। এই ধৰ্ম সৰল, জাতি-বৰ্ণ নিৰ্বিশেষে ধনী-দুখীয়া সকলোৱে সমানে আদৰি ল’ব পৰা ধৰ্ম। এই ধৰ্মৰ আচৰণৰ বাবে কোনো সংস্কৃত জনা পণ্ডিত পুৰোহিতৰ প্ৰয়োজন নহয়। ঘৰুৱা অসমীয়া গীত, পদ, ঘোষা, কাকূতিৰেই এই ধৰ্মৰ অনুষ্ঠান কৰিব পাৰি। সেয়ে এই ধৰ্ম অসমৰ ইমান আপোন। এই ধৰ্ম হাড়ে-হিমজুৱে অসমীয়া।

  1. কিন্তু শ্ৰীমন্ত শঙ্কৰে প্ৰৱৰ্তন কৰা এই ধৰ্মটো এটা স্বতন্ত্ৰ ধৰ্ম নহয়। ই সনাতন হিন্দু ধৰ্মৰে এটা ৰূপ। ই বিশাল আৰু অতি প্ৰাচীন হিন্দু ধৰ্মৰে এটা প্ৰকাৰভেদ মাত্ৰ। প্ৰদেশ অনুসৰি একেটা হিন্দু ধৰ্মৰে বেলেগ বেলেগ ৰূপ। কাল অনুসৰি একেটা সনাতন বৈদিক ধৰ্মই বেলেগ বেলেগ ৰূপ লৈ আহিছে। মহাপুৰুষীয়া ধৰ্মও তেনে এটা নতুন ৰূপ।
  2. আচৰণৰ বেলিকা মহাপুৰুষীয়া ধৰ্ম অসমীয়া। কিন্তু ইয়াৰ মূল বিচাৰি গ’লে বাৰে বাৰে সংস্কতত ৰচিত সনাতন হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহৰ উল্লেখ কৰিবলগীয়া হয়। আৰু এটা গুৰুত্বপূৰ্ণ কথা এই যে মহাপুৰুষ জনাই এই ধৰ্ম প্ৰৱৰ্তন কৰি অসমক হিন্দু ভাৰতৰ মূল ভূখণ্ডৰ পৰা আঁতৰাই আনিব খোজা নাছিল। বৰং ভাৰতত সামগ্ৰিকভাৱে প্ৰচলিত সনাতন ধৰ্মৰ মূল ধাৰাটোৰ লগত অসমক মিলাইহে দিব খুজিছিল।”
ড° মুকুন্দ মাধৱ শৰ্মা

শ্ৰীমন্ত শঙ্কৰদেৱে কাক লক্ষ্য কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল ?

” শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ভক্তি-ধৰ্মৰ মূল ভেটিটো ৰচিত হৈছিল— শিক্ষা-দীক্ষাবিহীন, দীন-দৰিদ্ৰ-নি:স্ব– জনসাধাৰণৰ জীৱন আৰু আদৰ্শৰ ওপৰত দৃষ্টি ৰাখি, ৰজা-মহাৰজা, ধনী-মহাজন, বিদ্বান-পণ্ডিত, আভিজাত্যাভিমানী সমাজখন আগত ৰাখি মহাপুৰুষে ধৰ্ম প্ৰচাৰ কৰা নাছিল। অধ:পতিত, অস্পৃশ্য, তথাকথিত উচ্চ সমাজৰ দ্বাৰা পৰিত্যক্ত পাপী-তাপীক ভক্তি-ধৰ্মৰ দ্বাৰা ‘উত্তিষ্ঠিত’ জাগ্ৰত কৰাই আছিল শঙ্কৰদেৱৰ ভক্তি ধৰ্মৰ মূল লক্ষ্য। সেয়েহে তেওঁ কৃষ্ণৰ সেৱক বা ভকতসকলৰ বিষয়ে ক’বলৈ গৈ ব্ৰাহ্মণ- কায়স্থ আদি উচ্চ জাতৰ বিষয়ে নকৈ কৈছে – কিৰাত, কছাৰি, খাচি, গাৰো, মিৰি, যবন, কঙ্ক, গোৱাল, ধোবা, তুৰুক, কুবাচ, ম্লেচ্ছ, চণ্ডাল আদি অৱহেলিত, নিপীড়িত অন্তজাতিসকলৰ বিষয়ে।”

ড° নবীন চন্দ্ৰ শৰ্মা

” মহাপুৰুষ প্ৰৱৰ্তিত এক শৰণ নাম ধৰ্ম এটি সৰল ধৰ্মপন্থা। বাহ্যিক আড়ম্বৰৰ ঠাইত হৃদয়-বৃত্তিৰ ধৰ্ম। একেজন পৰম পুৰুষত পৰম অনুৰক্তি স্বৰূপ ভক্তিয়েই হ’ল এই ধৰ্মৰ মূল মন্ত্ৰ।

মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম অতি সৰল, জটিলতা তাৰ কতো নাই। শংকৰদেৱে যি জাতি গঢ়া নব্য আন্দোলন গঢ়ি তুলিছিল সি অতি সাধাৰণ লোকৰ আন্দোলন। তাৰ অংশীদাৰসকল মহা মহা যতি-সন্ন্যাসী, মহা মহা আচাৰ্য বা ডক্টৰ উপাধিধাৰী মহাপণ্ডিত নাছিল ; সেইসকল সাধাৰণভাৱে মেহনৎ কৰি খোৱা জনতাৰ একাংশহে আছিল, তাৰ কেইবাজনেও লোকৰ ঘৰত কিনা গোলাম হৈ ঘৰ-বনুৱাৰ বন কৰিছিল। সেই সকলোৰে বাবেই মহাপুৰুষে একেটি ধৰ্মভিত্তিক সংস্কৃতি সৃষ্টি কৰিলে ; এই সহজ-সৰল একশৰণ আৰু নামধৰ্ম হ’ল তাৰ ঘাই শ্ৰোত। ইয়াৰ কেন্দ্ৰীয় বিন্দু হ’ল বিশ্বৰ মূল শক্তি এক দেৱত প্ৰেমময় শৰণ, উপায় হ’ল নাম। চিন্তাৰ সকলো বিক্ষিপ্ততা দূৰ কৰি সেই এজনৰ চৰণতেই খামুচি ধৰাঁ আৰু ধৰি থাকাঁ, লাগিলে তোমাৰ হাতেই ছিগি যাওক। গীতাৰ ‘সৰ্বধৰ্মান্ পৰিত্যজ্য’ আদি শ্লোকতো শ্ৰুতি-স্মৃতিৰ পথ ত্যাগ কৰাৰ পৰা প্ৰত্যবায় বা পাপৰ সম্ভাৱনা স্বীকাৰ কৰি, সেই পাপতো অভয় দিছে– ‘মা শুচ:।’ লাগে মাথোন দৃঢ়নিশ্চয় বিশ্বাস—‘ মদ্ভক্ত্যা এৱ সৰ্ৱ ভৱিষ্যতীতি নিশ্চয়েন বিধিকৈঙ্কৰ্যং ত্যক্ত্বা মদেকশৰণো ভৱিষ্যতে।’ “

ড° মহেশ্বৰ নেওগ
মহাপুৰুষীয়া ভক্তি ধৰ্মৰ বিশেষ বৈশিষ্ট্য

” গুৰু দুজনে শাস্ত্ৰবৰ্ণিত 9 বিধ ভক্তিৰ স্বীকৃতি দিছে যদিও সহজে আৰু সকলোৱে আচৰণ কৰিব পৰা শ্ৰৱণ আৰু কীৰ্ত্তনক প্ৰাধান্য দিছে। এই দুটা উপায় সকলোৰে কাৰণে মুক্ত, ইয়াৰ কাৰণে বংশ, বৰ্ণ, আভিজাত্য, পাণ্ডিত্য, ধন সম্পত্তি আৰু নিৰ্দিষ্ট সময়কালৰ প্ৰয়োজন নাই, পুৰোহিতৰ দৰে কোনো মধ্যস্থ ব্যক্তিৰো প্ৰয়োজন নাই, খৰচ সাপেক্ষও নহয়। সৰ্বসাধাৰণ প্ৰজাৰ কাৰণে অতি উপযোগী সাধন পদ্ধতি কাৰণে গুৰু দুজনে এই দুবিধক প্ৰধান ভক্তি আচৰণৰ উপায় ৰূপে সহস্ৰবাৰ প্ৰশংসা কৰিছে। মহাপুৰুষীয়া ভক্তিধৰ্মৰ এটা বিশেষ বৈশিষ্ট্য হৈছে আপোচহীনভাৱে এক উপাস্য দেৱতা কৃষ্ণ-বিষ্ণুত আশ্ৰয়। অন্য দেৱ-দেৱীৰ অস্তিত্ব তেওঁলোকে অস্বীকাৰ কৰা নাই, কিন্তু উপাস্য ৰূপে বিষ্ণু-কৃষ্ণৰ বাহিৰে কাকো স্বীকাৰ কৰা নাই। ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল ভক্তৰ মনৰ বিক্ষিপ্ততা আঁতৰ কৰি উপাস্যজনৰ প্ৰতি একাগ্ৰতা অনা আৰু ভক্ত সমাজক ঐক্য ভাবত আবদ্ধ কৰা।”

ড° সত্যেন্দ্ৰ নাথ শৰ্মা

 

শক্তি মাৰ্গৰ তুলনাত মহাপুৰুষীয়া মাৰ্গ কিয় সহজ সাধ্য ?

” বৈষ্ণৱ সাহিত্যৰ লগত অসমীয়া পাঠকৰ যিমান পৰিচয় আছে শাক্ত সাহিত্যৰ লগত সিমান পৰিচয় নাই। তাৰ প্ৰধান কাৰণ হ’ল এয়ে যে বৈষ্ণৱ সাহিত্য শ্ৰৱণ কীৰ্তনৰ উদ্দেশ্য অৰ্থাৎ নামধৰ্মৰ অৰ্থে ৰচিত। এই নাম ধৰ্মৰ সাধন অতি সহজ। কীৰ্তন আৰু শ্ৰৱণো সকলোৰে কাৰণে মুকলি আৰু সহজ সাধ্য। গতিকে এই সাহিত্যত দুৰ্বোধ্য বা প্ৰতীকাত্মক কোনো কথা বিশেষ নেথাকে। কিন্তু শক্তি সাধনা পদ্ধতি সৰ্বসাধাৰণৰ কাৰণে নহয়। সাধন পদ্ধতিও দুৰ্জ্ঞেয় আৰু দুৰূহ। সৰ্বসাধাৰণ পাঠকে তাৰ মাজত আনন্দ লাভ কৰিবৰ বাবে উপাদান বিচাৰি নাপায় আৰু বহুক্ষেত্ৰত সেইবোৰৰ নিহিতাৰ্থও ধাৰণা কৰিব নোৱাৰে। ফলত ভুল ধাৰণা সৃষ্টি হোৱা স্বাভাৱিক।”

ড° সত্যেন্দ্ৰ নাথ শৰ্মা



সংগ্ৰাহক- হেমচন্দ্ৰ শইকীয়া।

LEAVE A REPLY

Please enter your comment!
Please enter your name here