টনছিলাইটিছ || tonsillitis treatment

2
টনছিলাইটিছ || tonsillitis treatment

টনছিলাইটিছ 

টনছিলাইটিছ
টনছিলাইটিছ
নছিলাইটিছ শব্দটো নুশুনা ব্যক্তি খুব কমেই উলাব। এই টনছিল শব্দটোৰ সৈতে আমি প্ৰত্যকেই কম বেছি পৰিমাণে পৰিচিত। আমি প্ৰত্যকেই জীৱন কালত কম বেছি পৰিমণে হলেও টনছিলৰ সমস্যাত ভুগিছো। টনছিলৰ সম্পৰ্কে আকৌ কোনো কোনোৱে ধাৰণা কৰে যে টনছিল এনেকুৱা এটা বস্তু যিটো আমাৰ প্ৰতিজন ব্যক্তিৰে ডিঙিত থাকে আৰু ঠাণ্ডা পানী খালে বা ঠাণ্ডা খাদ্য খালে, কলডিংচ খালে, বা ঠাণ্ড বতাহ লাগিলে সমস্যা বৃদ্ধি হয় আৰু অপাৰেচন কৰি কাটি পেলাই দিলেই যেন সকলো সমস্যা শেষ। আচলতে ই এটা অতি ভুল ধাৰণা।

টনছিল কি? 

জিভাৰ শেষ প্ৰান্তৰ তলত বাওঁ আৰু সোঁ ফালে দুই কাষে বাদাম গুটিৰ দৰে প্ৰায় ১.৫ চেন্টিমিটাৰ আকাৰৰ ৰঙা ৰঙৰ মাংস পিণ্ডকে টনছিলন বুলি কোৱা হয়। ইয়াক দেখাত মাংস পিণ্ডৰ দৰে লাগিলেও ই লসিকা কলা বা লিম্ফনোড কলাৰ দ্বাৰা গঠিত হয়। মুখগহ্বৰ দুয়ো কাষে দুইটা টনচিলৰ অবস্হান। ই মুখ, ডিঙি, নাক অথবা চাইনাচৰ দ্বাৰা ৰোগৰ জীৱানু অন্তঃত বা পেটত প্ৰৱেশ কৰা বাধা দিয়ে অৰ্থাৎ ৰেগৰ প্ৰতিৰোধী ক্ষমতা তৈয়াৰ কৰে
টনছিলাইটিছত যেতিয়া আমাৰ দেহত প্ৰৱ্শ কৰা বেক্টেৰিয়া, ভাইৰাছ, পেৰাচাইট আদি বোৰ ধংস কৰিবলৈ গৈ টনছিল গন্থী নিজেই আক্ৰান্ত হৈ পৰে বা ইয়াত ইনফেকচন বা সংক্ৰামণৰ সৃষ্টি হয় আৰু টনছিল গন্থী ফুলি উঠি, বিভিন্ন সমস্যা সৃষ্টি কৰে এই অবস্থাটোকে টনছিলাইটিছ বা সাধাৰণ ভাষাত টনছিলৰ সমস্যা বুলি কোৱা হয়। বাৰিষা কালত এই টনছিলৰ সমস্যা অধিক হোৱা দেখিবলৈ পোৱা যায়। টনছিলাইটিছ ৮৫% ভাইৰাছ সংক্ৰমণ জনিত। যি সকল ব্যক্তিৰ ৰোগ প্ৰতিৰোধী শক্তি কম বা ঠাণ্ডা সহ্য কৰিব পৰা ক্ষমতা কম তেনে ব্যক্তিৰ ভাইৰাছৰ আক্ৰমন বেছি হয়।

টনছিলাইটিছ সাধাৰণতে দুই ধৰণৰ হয়ঃ

১) একিউট বা তীব্ৰ টনছিলাইটিছ
২) দীৰ্ঘকালিন অথবা ক্ৰনিক টনছিলাইটিছ।

টনছিলাইটিছ লক্ষণঃ

টনছিলৰ সংক্ৰামণ হলে প্ৰধানকৈ ডিঙিৰ বিষ হব, যিকোনো খাদ্য দব্য গিলাত অসুবিধা হব, শৰীৰত সামান্য জ্বৰ থাকিব, জ্বৰৰ মাত্ৰা ৩৯ চেল চিয়াচ বা ১০৩ ফাৰেণহাইট বা তাতকৈ বেছিও হব পাৰে। কেতিয়াবা কেতিয়াবা ডিঙিৰ স্বৰ পৰিৰ্ৱতণ হয়, মাত কৰ্কষ হয়, মাত ভাগে বা কেতিয়াবা মাত একেবাৰে নোলোৱা দৰে সমস্যাও হব পাৰে। উশাহ নিশাহত দূগৰ্ন্ধ হোৱা আদি সমস্যা হব পাৰে। শিশুৱে খাদ্য খাবলৈ মন নকৰে আৰু নাকেৰে একেৰাহে পানী উলাই থকা আদি সমস্যা সন্মুখিন হব পাৰে। কোনো কোনো ক্ষেত্ৰত ডিঙিৰ বাহিৰতো ফুলি উঠা দেখিবলৈ পোৱা যায়।
ভাইৰাছ আক্ৰমণৰ বাবে টনছিলাইটিছ হলে লাহে লাহে ফুলি যায়। আৰু উপশৰ্গ সমূহো লাহে লাহে প্ৰকাশ পায়। বেক্টেৰিয়া জনিত টনছিলাইটিছ হলে হৰ্থাৎ তীব্ৰ ভাৱে বৃদ্ধি হয়। ফলত তীব্ৰ ডিঙিৰ বিষ, জ্বলা-পোৰা আদি লক্ষণ দেখা যায়। শিশুৰ ক্ষেত্ৰত পেটৰ বিষ, বমি আদি হব পাৰে আৰু বয়োজ্যেষ্ঠ সকলৰ ক্ষেত্ৰত তীব্ৰ মূৰৰ বিষ হব পাৰে। লগতে ভয়ংঙ্কৰ কাহো হব পাৰে।

একিউট টনছিলাইটিছৰ লক্ষণঃ 

ঠাণ্ডা, চৰ্দি, অত্যাধিক জ্বৰ বা জ্বৰৰ সৈতে কপঁনি, ডিঙিৰ বিষ, সুৰ সুৰীয়া কাহ, খাদ্য গিলা, পানী খোৱাৰ সময়ত বিষ হোৱা, নিশ্বাস লোৱাত সমস্যা, মুখগহ্বৰৰ ভিতৰত টনছিল গ্ৰন্থি অত্যন্ত ৰঙা পৰি যোৱা, ডিঙিৰ ভিতৰত ফুটি যোৱাৰ দৰে বিষ হোৱা অথবা ডিঙি বা দাঁতৰ আলুত বিষ হোৱা আদি লক্ষণ সমূহ প্ৰকাশ পায়।

ক্ৰনিক টনছিলাইটিছঃ 

যিকোনো ধৰণৰ গন্ধ সহ্য কৰিব নোৱাৰে, টোপনি যাব নোৱাৰে, শিশুৱে শুবলৈ ভয় কৰে। একেৰাহে কোলাত উঠি থাকিব বিছাৰে মূৰৰ বিষ, ডিঙিৰ বিষ, পিছ ফাললৈকে তীব্ৰ বিষ হয়। মুখেৰে লেলাওতি ওলায় থাকে আৰু মাত গধুৰ হৈ যায়। মুখৰ পৰা দূৰ্গন্ধ বাহিৰ হব পাৰে।

টনছিলাইটিছৰ হোমিঅপেথিক চিকিৎসাঃ 

হোমিঅপেথিকত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ খুব সহজতেই এই টনছিলাইটিছ ৰোগ আৰোগ্য কৰিব পৰা যায়।
  • ডিঙিৰ ভিতৰত জ্বলা পোৰা কৰা, ডিঙিৰ ভিতৰতো শুকাই যোৱা, মূৰ বিষ, জ্বৰ, টনছিল অত্যন্ত ৰঙা পৰা আদি লক্ষণ থাকিলে belladonna আৰু phytolacca ঔষটো ব্যৱহাৰ কৰিব পৰা যায়। এই দুইটা ঔষধ পাথক্য এই যে belladonna ব্যৱহাৰ কৰিব লগা ৰোগীৰ ডিঙিৰ ভিতৰতো ভয়ানক ভাৱে ৰঙা পৰে আৰু মূৰত অত্যধিক বিষ হয়।
Pytolacca ত শৰীৰৰ বা শৰীৰৰ গাঁঠী বোৰত বিষ থাকে। ডিঙিৰ ভিতৰত ৰোগ লাহে লাহে বাঢে, যদি বাট ৰোগৰ দৰে বিষ থাকে তেতিয়াও এই মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে।
  • যদি সেপ গিলিলে বিষ হয় আৰু সকলো সময়তে যদি সেপ গিলি থকিবলৈ মন যায়, ডিঙিৰ বিষৰ কাৰণে পানী, খাদ্য খাব নোৱাৰে, এবাৰ জ্বৰ, এবাৰ ঠাণ্ডা লগা লক্ষণ থকিলে mercurius sol ঔষধটো ব্যৱহাৰ হয়। কিছুমান ৰোগীৰ টনছিল পকে বা পকিবৰ উপক্ৰম হয়, ভয়ানক বিষ হয়, এবাৰ জাৰ এবা গৰম লাগি থাকে, কাহ হয়, সামান্য কাহতে গৰম উঠি আহে। জ্বৰ হয়। এনে লক্ষণত এই ঔষধ খুব উপকাৰী।
  • টনছিল বা টনছিলাইটিছ পকিলে আৰু তাত ভয়ানক বিষ হলে, সেপ গিলিবৰ সময়ত মাছৰ কাইট লগাৰ দৰে ভয়ানক খুচা বিন্ধাৰ বিষ হলে হোমিঅপেথিক ঔষধ HEPER SULPH ব্যৱহাৰ কৰিব পাৰে। এই ঔষধ ব্যৱহাৰ কৰিব লগা ৰোগীয়ে টনছিলৰ বাবে ভালদৰে কানেৰে নুশুনা হৈ যায়।

BERYTA CARB-

টনছিলাইটিছত এই ঔষধ খুব সঘনাই ব্যৱহাৰ হয়। এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ প্ৰতি বাৰ ঠাণ্ডা লাগিলেই টনছিলাইটিছৰ বা টনছিল ফুলে, বিষ হয়। পনীয়া বস্তু খাব পাৰে কিন্তু গোটা বস্তু খোৱাট কষ্ট হয়। এই লক্ষণৰ লগতে যদি টনছিল পকি ঘাঁহ হয় তেনে হলে এই মেডিচিনৰ ব্যৱহাৰ কৰিব পাৰে। যি সকল লোকৰ হাত আৰু ভৰিৰ তলুৱা ঘাঁমে, ৰোগী চুটি চাপৰ হয় তেনে ধৰণৰ ৰোগীৰ টনছিলাইটিছ হলে প্ৰথমেই এই ঔষধ ব্যৱহাৰ কৰিবলৈ নেপাহৰিব।

LAC CANINUM

টনছিলাইটিছৰ সোঁফালে এবাৰ বাওঁফালে এবাৰ এইদৰে পৰিৱৰ্তণ হৈ বিষ হলে এই ঔষধ ব্যৱহাৰ কৰিব লগে। কেতিয়াবা টনছিল ফুলি গলে ডিঙিত হাত দি চালে বা হাত লগালে যদি বিষ হয়, সেপ গিলিলে যদি ভয়ানক বিষ হয়, সকলো সময়তে সেপ গিলি থকিবৰ ইচ্ছা কৰে কিন্তু বিষৰ কাৰণে সেপ গিলিবৰ নোৱাৰে, বিষ কানৰ ভিতৰলৈকে পৰিচালিত হয়। তেতিয়াও লেককেনিনাম ব্যৱহাৰ কৰিব লাগে।

LACHESIS

যদি টোপনি অহাৰ সময়ত বা শুই উঠাৰ লগে লগে টনছিলাইটিছৰ উপসৰ্গ বাঢ়ে, ডিঙিত কাপোৰ লাগিলেই অসুবিধা বোধ কৰে, গৰম বস্তু খাব নোৱাৰে, চোবাই খোৱা বস্তুতকৈ পনীয়া বস্তু খালে বিষ অধিক হয়। তেনেকুৱা লক্ষণ থাকিলে এই ঔষধে ভাল ফল দিয়ে।

MYRISTICA SEB & Tarentula

নতুন বা পুৰণি টনছিল বা টনছিলাইটিছ পকিলে বা নপকা অবস্হাতো অতিৰিক্ত বিষ থাকিলে বিষ কমাবৰ বাবে এই ঔষধ দুটা নিম্ন ক্ষমতাৰ-১০ টোপালকৈ সঘনাই ব্যৱহাৰ কৰিলে খুব সোন কালে বিষ কমি যায়। আৰু বিষ কমি যোৱাৰ পাছত অন্য ঔষধবোৰ লক্ষণ অনুসৰি ব্যৱহাৰ কৰিব লাগে।

BARYTA IOD

নতুন বা পুৰণি যিকোনো টনছিলাইটিছতেই এই ঔষধৰ উচ্চ ক্ষমতাৰ ব্যৱহাৰ কৰিব লাগে। পুৰণি টনছিলাইটিছত BARYTAMUR উচ্চ ক্ষমতাৰ ব্যৱহাৰ কৰিলে সুফল পাব পাৰি।ইয়াৰ উপৰিও ARSENIC, BRY, RHUSTOX, APES MEL, IGNATIA, MERCURIUS-BINIODIE, MERCURIUS-PROTO-IDIDE আদি ঔষধ সমূহ সফল ভাৱে লক্ষণ অনুসৰি ব্যৱহাৰ কৰি এই ৰোগৰ পৰা সহজতে মুক্তি লাভ কৰিব পাৰি।
hi I am Dr Hari

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here