গল্ডব্লাডাৰ ষ্টনঃ Gallstone Treatment

0
গল্ডব্লাডাৰ ষ্টনঃ Gallstone Treatment
গল্ডব্লাডাৰ ষ্টনঃ Gallstone Treatment

গল্ডব্লাডাৰ ষ্টনঃ Gallstone Treatment 

ৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ অত্যাধুনিক জীৱন যাত্ৰাত এক অন্যতম সমস্যাৰূপে দেখাদিছে
GALLSTONE

গল্ডব্লাডাৰ ষ্টন, আৰু দিনক দিনে এই সমস্যা ব্যাপক ভাবে বৃদ্ধি পাব ধৰিছে। ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তণ আৰু আলস্য জীন যাপনৰ বাবেই এই ৰোগৰ ব্যাপকতাই দেখা দিছে। সৰ্ব্বসাধাৰণতে বয়স্কৰ লোকৰ এই গল্ডব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা বেছি হয়। ইংলেণ্ড-আমেৰিকাৰ দৰে উন্নত দেশ সমূহত ১০ পৰা ১২ শতাংশ প্ৰাপ্ত বয়স্কৰ লোক এই গল্ডব্লাডাৰ ষ্টনৰ সমস্যাত ভূক্ত ভোগী। এক সমীক্ষা অনুসৰি মাকিন যুক্ত ৰাষ্ট্ৰৰেই প্ৰায় ২০ মিলিয়ন লোক এই গল্ডব্লাডাৰ ষ্টনৰ সমস্যাত ভাৰক্ৰান্ত। প্ৰতি বছৰে ১০ মিলিয়ন ভাৰতীয় এই সমস্যাত আক্ৰান্ত হৈছে।

পূৰ্বতে এই গল্ডব্লাডাৰ ষ্টনৰ সমস্যা বয়স্কৰ লোকৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান খাদ্য সামগ্ৰী ভেজালকৰণ আৰু আধুনিক জীৱন ধাৰণৰ বাবে জীৱনশৈলী পৰীৱৰ্তণ হোৱাৰ কাৰণে এই সমস্যা আমাৰ দেশৰ সৰু সৰু লৰা-ছোৱালীকে ধৰি সকলো ষ্টৰৰ লোকৰে হোৱা দেখা গৈছে। পুৰুষৰ তুলনাত মহিলাৰ এই গল্ডব্লাডাৰ ষ্টনৰ সমস্যা আধিক হোৱা পৰিলক্ষিত হয়। ইয়াৰ কাৰণ হল মহিলাৰ চেক্স হৰমন (এষ্ট্ৰজেন), গৰ্ভনিৰোধক বড়ি, গৰ্ভধাৰণ অদি।
⇒ আজি আমি ইয়াত আলোচনা কৰিম বৰ্তমান ব্যাপক ৰূপত দেখা দিয়া এই গল্ডব্লাডাৰ ষ্টন কি?
⇒ গল্ডব্লাডাৰ ষ্টন হোৱাৰ কাৰণ কি?
⇒ গল্ডব্লাডাৰ ষ্টন কেনেকুৱা ধৰণৰ লক্ষণ প্ৰকাশ পাব?
⇒ অপাৰেচন নকৰাকৈ কেনেকৈ এই গল্ডব্লাডাৰ ষ্টন নোহোৱা কৰিব পাৰি তাৰ বিষয়েও আলোচনা      কৰিম। 

গল্ডব্লাডাৰ ষ্টনঃ 

মাৰ বুকুৰ ঠিক তলতে সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গল্ডব্লাডাৰ অৱস্থিত। তিনি তৰপীয়া পাতল মাংসপেক্ষী আৰু শ্লৈষ্মিক কলাৰে গঠিত এই গল্ডব্লাডাৰ দেখাত এখন মোনা আকৃতিৰ হয়। ইয়াৰ ব্যাস প্ৰায় ৩ ৰ পৰা ৪ ইঞ্চি হয়। এই গল্ডব্লাডাৰৰ মূৰৰ পৰা এডাল নলীকা ওলাই যকৃতৰ নলীৰ সৈতে সংযোগ হৈছে। এই নলী ডালক চিষ্টিক ডাক্ট(Cystic duct) বুলি কোৱা হয় আৰু ইয়াৰ ব্যাস প্ৰায় ডেৰ ইঞ্চি। যকৃতৰ নলী(Hepatic duct)আৰু এই গল্ডব্লাডাৰৰ নলীত সংলগ্ন হৈ আমাৰ বৃহত অন্ত্ৰৰ ডিওডেনামত প্ৰৱেশ কৰিছে।এই অংশটোক পিত্ত নলী বা (common bite duct) বুলি কোৱা হয়। এই পিত্ত নলীৰ মাজেৰে আমাৰ পিত্তাশয়ৰ পৰা পিত্ত ৰস বৈ আহি ডিউডেনামত থকা খাদ্যৰ লগত মিহলি হয়। এই পিত্ত ৰসৰ বাবেই আমি খোৱা খাদ্যত থকা ছৰ্বি হজম হয়। আমাৰ খোৱাৰ খাদ্যত থকা ছৰ্বি হজম কৰাটোৱেই হৈছে পিত্তৰসৰ প্ৰধান কাম। আমি আহাৰ খোৱা আধাঘণ্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহদ অন্তৰ ভিতৰত প্ৰৱ্শে কৰা লগে লগেই পিত্তাশয়ে এক স্বয়ংক্ৰীয় সংকোচন প্ৰক্ৰিয়াৰ দ্বাৰা পিত্ত নলীৰ মাজেৰে এই পিত্ত ৰস ডিউডেনামলৈ প্ৰেৰণ কৰে।
এই খিনিতে উল্লেখ কৰি থওঁ এই ক্ষাৰকীয় গুন সম্পন্ন পিত্ত ৰসত ৯৭% পানী, ০.৭% পিত্তলৱন, ০.২% ব্লিৰবিন, ০.৫১% ছৰ্বিঃ যেনে –কলেষ্টৰেল, ফেটি এচিড আদি আৰু ২০০ MEG/1 inorganic salts আদি পদাৰ্থ থাকে।

গল্ডব্লাডাৰ ষ্টন হোৱাৰ কাৰণ 

কিয় হয় এই গল্ডব্লাডাৰ ষ্টন ? পিত্ত থলিত সঞ্চিত হৈ থকা পিত্ত ৰসৰ ৰাসায়নিক ভাৰসাম্য হীনতাৰ বাবে এই পিত্তৰসত থকা কলেষ্টৰেল পিত্তাশয়ত গেড পৰি পৰি লাহে লাহে জমা হবলৈ ধৰে। আৰু বহু বছৰ ধৰি এই দৰে জমা হৈ হৈ কঠিন হৈ যায়। আৰু এই অবস্হাটোকেই গল্ডব্লাডাৰ ষ্টন বুলি কোৱা হয়। এই গল্ডষ্টনৰ সঠিক কাৰণ জানিব পৰা নাযায় যদিও প্ৰায় ৮০% কলেষ্ট্ৰৰেল জনিত আৰু বাকী ২০% পিত্ত লৱন , কেলচিয়াম লৱনৰ কাৰণে হয় বুলি Harvard health publications ৰ এক সমীক্ষাত প্ৰকাশ।

গল্ডষ্টনৰ সম্ভাব্য কাৰণ সমূহঃ- 

মহিলা, ৪০ উদ্ধৰ ব্যক্তি, মেদবহুল ব্যক্তি, গৰ্ভৱতী মহিলাৰ এই গল্ডব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা বেছি হয়। অত্যাধিক ছৰ্বি জাতীয় খাদ্য খোৱা ব্যক্তি, অত্যাধিক কলেষ্টৰেল জাতীয় খাদ্য খোৱাৰ ব্যক্তি, আহ জাতীয় খাদ্য কমকৈ খোৱা, বংশগত কাৰণ যেনে- যদি মাক দেউতাক বা পৰিয়ালৰ কোনো লোকৰ এই সমস্যা আছিল তেন্তে সতি-সন্ততিৰ হব পাৰে। ডাইবেটিছত ভুগা ৰোগাীৰ গল্ডব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা থকে, দ্ৰুত গতিত ওজন কমি যোৱা, লিভাৰৰ ৰোগত ভুগা লোকৰ গল্ডব্লাডাৰ হোৱাৰ সম্ভাৱনা থাকে
বিবাহিত মহিলা যিসকলে নিয়মিত গৰ্ভনিৰোধক ঔষধ গ্ৰহন কৰে তেনে মহিলা অতি সহজতে গল্ডষ্টন হোৱাৰ সম্ভাৱনা থাকে।
শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি, যি সকলৰ শৰীৰত কলেষ্ট্ৰৰেলৰ মাত্ৰা বাঢ়ে তেওঁ লোকৰো এই গল্ডব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।
অত্যাধিক তেল মচলা, ফাষ্ট ফুড, জাং ফুড, কণী, ব্ৰইলাৰ মাংস, ঘৰচীয়া জন্তুৰ মাংস, ঘিঁ, মাসন, পনীৰ আদি খাদ্য খোৱাৰ ফলতে গল্ডব্লাডাৰ ষ্টন হব পাৰে।

গল্ডব্লাডাৰ ষ্টন হলে কি কি লক্ষণ প্ৰকাশ পায়ঃ- 

এই গল্ডব্লাডাৰ ষ্টন হলে পেটৰ সোঁ কাষে ওপৰ ফালে তীব্ৰ বিষ হয়, বুকুৰ বিষ হয়, বিষ পিঠিৰ আৰু কান্ধলৈকে প্ৰসাৰিত হয়, কেতিয়াবা কেতিয়াবা বিষৰ লগতে বমি, বুকু জ্বলাপোৰা, অত্যন্ত বিষৰ লগতে গাত ঠাণ্ডা ঘাম হয়। নাডীৰ গতি দূৰ্বল হয়। ৰোগী অশান্ত হৈ পৰে, শ্বাস-প্ৰশ্বাসত যথেষ্ট কষ্ট অনুভৱ হয়, কোনো কোনো ক্ষেত্ৰত ৰোগীৰ জণ্ডিছ ৰোগ হয় আৰু ৰোগী হালধীয়া বৰণ হয়।

গল্ডব্লাডাৰ ষ্টনৰ উপৰ্সগঃ- 

গল্ডব্লাডাৰ ষ্টনৰ ৮০% ক্ষেত্ৰত কোনো ধৰণৰ উপসৰ্গ দেখিবলৈ পোৱা নাযায়। যেতিয়া আমাৰ পিত্ত থলীত পাথৰ জমা হয় বহু ক্ষেত্ৰত ই কোনো ধৰণৰ লক্ষন প্ৰকাশ নোপোৱাকৈয়ে লাহে লাহে বৃদ্ধি হৈ থাকে। যেতি এই পাথৰ সম্পূৰ্ণ পিত্তথলীৰ ডিঙিৰ লৈকে ভৰ্তি হৈ যাব তেতিয়াই ভয়ংকৰ ভাৱে লক্ষণৰ বহি প্ৰকাশ ঘটিব, বা যেতিয়া এই পাথৰৰ এটা টুকুৰা পিত্ত নলীত গৈ লাগি ধৰিব তেতিয়াই আপোনি গম পাব যে, আপোনাৰ গল্ডব্লাডাৰ ষ্টন হৈছে।
যেতিয়াৰ পৰা আমাৰ পিত্ত থলীত পাথৰ গঠন হবলৈ ধৰে তেতিয়াৰ পৰাই আনুসাংগ্ৰিক কিছুমান উপসৰ্গ প্ৰকাশ পাবলৈ ধৰে। যেতিয়াৰ আপোনাৰ এচিডিটি সমস্যা হবলৈ ধৰে বা গেছ হবলৈ ধৰে, খাদ্য ভাল দৰে হজম নহয়, পায়খানা ভাল দৰে নহয় তেতিয়াই আপোনি অনুমান কৰিব লাগিব যে আপোনাৰ গল্ডব্লাডাৰত এই বিসংগতি আৰম্ভ হবলৈ ধৰিছে। আৰু তেতিয়াৰ পৰা সাবধানতা অবলম্বন কৰাটো জৰুৰী হব। এই ৰোগ যেতিয়া পুৰণি হয় তেতিয়া OBSTRUCTIVE JAUNDICE হোৱাৰ ওপৰিও কোনো কোনো ক্ষেত্ৰত কেন্সাৰ হোৱা সম্ভাৱনা বৃদ্ধি হব পাৰে।
সৰ্ব্বসাধাৰণতে মানুহে ভাবে যে এবাৰ গল্ডষ্টন অষ্টোপচাৰ কৰা পাছত আৰু পুনৰ গঠন হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু খাদ্যভ্যাস আৰু বিভিন্ন কাৰণত এই পাথৰ পিত্ত নলীত বা যকৃতৰ নলীত অথবা যকৃতৰ ভিতৰত পুনৰ হব পাৰে। যকৃতৰ ভিতৰত পাথৰ হলে গুৰুত্বৰ সমস্যা সৃ্ষ্টি হৈ ৰোগী মৃত্যু পৰ্যন্ত ঘটিব পাৰে।
কেৱল অষ্টোপ্ৰচাৰেই ইয়াৰ চিকিৎসা নেকি?
আচলতে একমাত্ৰ অষ্টোপ্ৰচাৰেই ইঅয়াৰ সিকিৎসা নহয়। যিহেতু আমাৰ গল্ডব্লাডাৰটো আমাৰ শৰীৰৰ গুৰুত্ব পূৰ্ণ অংগ আৰু পাচন ক্ৰিয়াত ইয়াৰ গুৰুত্ব অপৰীসীম। গতিকে এই গল্ডব্লাডাৰটো অষ্টোপ্ৰচা কৰি বাহিৰ কৰি পেলোৱাৰ পাছত যি সমস্যা উদ্ভৱ হয় সেয়া কেৱল ভূক্ত ভুগীয়েহে অনুমান কৰিব পাৰে। এই গল্ডব্লাডাৰ অবিহনে আমাৰ পাচনতন্ত্ৰ একেবাৰে অকামিলা হৈ পৰা দৰে হয়। আমাৰ শৰীৰৰত থকা টক্সিন, ভাইৰাচছ, পেৰাচাইট আদি বোৰ বাহিৰ কৰাত পিত্ত ৰসৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থাকে।ইয়াৰ সহায়ৰ অবিহনে আপোনাৰ শৰীৰৰত জমা হোৱা টক্সিন বাহিৰ কৰিব নোৱাৰে, ৰক্ত সংশোধনৰ সমস্যাৰ সৃষ্টি হব, দেহত ভাল দৰে পোষণৰ যোগান নোপোৱাৰ আদি সমস্যাই আপোনাৰ জীৱন দূবিৰ্ষহ কৰি তুলিব পাৰে। 
তিকে এই গল্ডব্লাডাৰ অষ্টোপ্ৰচাৰ কৰাৰ কথা নাভাবি হোমিঅপেথিক চিকিৎসাৰ জৰিয়তে গল্ডব্লাডাৰত জমা হোৱা পাথৰ বাহিৰ কৰিব পাৰে। গতিকে এই সমস্যা সমূহ উদ্ভৱ হোৱাৰ লগে লগেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিব।
      এই খিনিতেই এটা কথা আপোনালোকক অবগত কৰি থওঁ-বহুতে আকৌ ভাৱে যে আমাৰ গল্ডব্লাডাৰ পৰা পাথৰ বাহিৰ হোৱাৰ কোনো ধৰণৰ বিন্ধা নায়। গল্ডব্লাডাৰটো যিহেটু এখন মোনাৰ আকৃতিৰ গতিকে এই মোনাৰ পৰা জমা হেৱা ষ্টন বাহিৰ হোৱা অসম্ভৱ। কিন্তু ই এক ভুল ধাৰণ।কাৰণ এই ষ্টন গল্ডব্লাডাৰ পৰা ডিউডেনামলৈ যোৱা পিত্তনলীয়েদি গৈ শৌচৰ লগত বাহিৰ হোৱাটো সম্ভৱ। তাৰ বাবে আপোনালোকক মাত্ৰ অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ প্ৰয়োজন হব।
যদি আপোনালোকে বিছাৰে পৰৱৰ্তী সময়ত এই গল্ডষ্টন হোমিঅ পেথিক ঔষধ কথা আলোচনা কৰিম

গল্ডষ্টন হলে লব লগা সাবধানতাঃ 

গল্ডষ্টন হলে কেনেকুৱা ধৰণৰ সাবধানতা অৱলম্বন কৰিব?
(১) গল্ডব্লাডাৰত যাতে পাথৰ হব নোৱাৰে তাৰ বাবে প্ৰতি দিনে অন্তত ৩ ৰ পৰা ৫ কিলোমিটাৰ খোজ কঢ়াৰ অভ্যাস কৰিব লাগে। নহলে প্ৰতি দিনে ১০ কিলোমিটাৰ চাইকেল চলাব লাগে।
(২) মহিলা সকলে একেৰাহে ৩/৪ মাহত কৈ বেছি দিন ধৰি গৰ্ভনিৰোধক বৰি খাব নালাগে।
(৩) বজাৰত সহজ লভ্য ভেজাল তেল পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে।
(৪) সময়মতে সদায় আহাৰ গ্ৰহন কৰিব লাগে। আৰু পৰ্যাপ্ত পৰিমানে পানী পান কৰিব লাগে।
(৫) আহ জাতীয় খাদ্য নিয়মিত গ্ৰহন কৰিব লাগে।
(৬) ফাষ্ট ফুড, জাং ফুড, ব্ৰইলাৰ মাংস, যিকোনো ঘৰচীয়া জন্তুৰ মাংস অত্যধিক খাব নালাগে। ঘিঁ, মাখন, পনীৰ আদি কমাই খাব লাগে, ষ্টন গঠন হোৱা লোকে এইবোৰ বৰ্জণ কৰিব লাগে।
(৭) কল খাব লাগে। কাৰণ কলত মেগনেচিয়াম থাকে। নেগনেচিয়ামে শৰীৰৰ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰি পাথৰ গঠন হোৱাত বাধা দিয়ে।
(৮) গল্ডষ্টন হোৱাৰ ৰোগীয়ে টেটেলি খাব নালাগে।
(৯) নিয়মিত ভাৱে যোগাসন কৰিব।

DR HARIKANTA DAS

LEAVE A REPLY

Please enter your comment!
Please enter your name here