ডালিমৰ উপকাৰী গুণ বোৰ জানোঁ আহক

0
ডালিমৰ-উপকাৰী-গুণ-বোৰ-জানোঁ-আহক
ডালিম

ডালিম টেঙা, মিঠা, কেঁহা সোৱাদয়ুক্ত অতি পুষ্টিকৰ ফল l ডালিমৰ গোটেই গছজোপাই ঔষধি গুণ সম্পন্নl
ইয়াৰ উপকাৰী গুণ বোৰ জানোঁ আহক-

ডালিমৰ-উপকাৰী-গুণ-বোৰ-জানোঁ-আহক
ডালিম

⇒ ডালিম ফলৰ ৰস গ্ৰহণী ৰোগৰ বাবে অতি উপকাৰী,⇒ ডালিমৰ ৰস বা বাকলিৰ ৰস ৰক্ত পিত্ত নাশক l
⇒ ডালিমৰ ৰস বা বাকলিৰ ৰস অলপ চেনি মিহলাই খালে হিকটি বন্ধ হয় l
⇒ মুখত বা জিভাত ঘা হলে ডালিমৰ বাকলি পানীত উতলাই সেই পানীৰে কুলকুলি কৰিলে উপকাৰ পোৱা যায় l
⇒ শিশুয়ে টোপনিত দাত কামুৰিলে শিশুৰ পেলু হলে ডালিম গছৰ শিপা আৰু ছালৰ ৰস খুৱালে ৰোগ ভাল হয় l
⇒ ৰক্তহীনতাত ভোগা মানুহে আৰু হিমগ্লবিন কমিলে ডালিমৰ ৰস নিয়মীয়াকৈ খালে উপকাৰ পোৱা যায় l
⇒ অৰ্শৰোগৰ বাবেও ডালিম অতি উপকাৰী ফল l
⇒ বাত,কঁফ ৰোগৰ বাবে ডালিম উপকাৰী ফল l
⇒ সকলো বয়সৰ লোকৰ বাবে ডালিম উপকাৰী ফল l
⇒ জ্বৰত ডালিমৰ ৰস খালে শৰীৰৰ শক্তি বৃদ্ধি হয় l
⇒ ডালিমৰ ৰস খালে তৃষ্ণা দূৰ হয়  l
⇒ ডালিম ত্ৰিদোষনাশক ফল, মস্তিস্কৰ বাবে ভাল, মেধা শক্তি বৃদ্ধি কৰে l
⇒ ডালিমৰ ৰস খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পায়  l
⇒ ডালিমত আইৰণ, কেলচিয়াম,ভিটামিন বি,চি,ডি
পোৱা যায় যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান l
⇒ ডালিম খালে হজম শক্তি বৃদ্ধি হয়,লিভাৰ সুস্থ ৰাখে, ভোক বৃদ্ধি কৰে l
⇒ দাঁতৰ যিকোনো ৰোগতে ডালিম উপকাৰী  l

কিন্তু  ইয়াক ভাত খোৱাৰ আগতে, খালী পেটত বা ৰাতি খাব নালাগে, কিয়নো ই পাকস্থলীৰ অপকাৰ কৰিব পাৰে l

(সংগ্ৰহ কৰা )

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here