মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ

0
মুখত ঘা হোৱাৰ কাৰণ আৰু প্ৰতিকাৰ

মুখত ঘাঁ হোৱাৰ কাৰণ আৰু প্ৰতিকাৰঃ

আজি কালি সততে দেখিবলৈ পোৱা এক সাধাৰণ সমস্যা মুখৰ ঘাঁ। এই মুখত ঘাঁ লগা সমস্যা পুৰুষ-মহিলা, সৰু-ডাঙৰ সকলোৰে হোৱা দেখা যায়৷ মুখৰ ঘাঁ হয়তো এক সাধাৰণ পৰিঘটনা হব পাৰে নতুনা অন্যান্য ৰোগৰ ফলশ্ৰুতিও হব পাৰে৷

পেটৰ বিভিন্ন সমস্যা, কৌষ্ঠকাঠিন্যৰ পৰিণামস্বৰূপে মুখত ঘাঁ হোৱা পৰিলক্ষিত হয়৷ কিন্তু ইয়াৰ  ওপৰিও আন আন বহুত কাৰণত মুখত ঘা হব পাৰে৷

মুখত ঘা হোৱাৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত হল-

  • ষ্ট্ৰেছ অৰ্থাৎ যি কোনো শাৰীৰিক বা মানসিক চাপ -মুখত ঘা হোৱাৰ ইয়াক এক প্ৰমুখ কাৰণ বুলি গণ্য কৰা হয়৷ বহুতো মানুহে ছাপত পৰিলে অপকাৰী ৰাগিয়াল দ্ৰব্য়ৰ সহায় লয়,সেয়াও ক্ষতিকাৰক৷ নিদ্ৰাহীনতা বা কম সময়ৰ বাবে টোপনি যোৱাও সমানে ক্ষতিকাৰক৷
  • কনষ্টিপেচন আৰু পাকপ্ৰণালীৰ অসুখ- বিশেষকৈ গেষ্ট্ৰইচ ভেজিয়েল ৰিফ্লাস্ক ডিজিজ মুখৰ ঘাৰ উল্লেখযোগ্য কাৰক হব পাৰে৷
  • মুখৰ স্বচ্ছতা বা হাইজিন ভালকৈ বৰ্তাই নাৰাখিলে- মুখত ঘা হব পাৰে৷ ব্ৰিটিছ ডেন্টিষ্ট এজনে অলপতে ব্যক্ত কৰিছে যে দিনে অন্তত: দুবাৰকৈ  টুথপেষ্ট লগাই ব্ৰাছ কৰিলে মুখৰ হাইজিন ভালে থাকে আৰু মুখৰ ৰোগত আক্ৰান্ত হব নোৱাৰে।
  • দাঁত ভালে নাথাকিলে আৰু ডেন্টেল প্ৰচিডিউৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে- মুখত ঘা হব পাৰে৷ পোকে খোৱা,ভঙা,ধাৰ থকা দাঁত থাকিলে মুখৰ সংলগ্ন অঞ্চলত ঘা হব পাৰে৷ দাঁত পোনোৱা কামত ব্যৱহৃত তাঁৰৰ আঁচোৰ লাগিও ঘা হব পাৰে৷
  • মুখৰ শুকান অৱস্থা (Xerostomia) মুখত ঘা হোৱাৰ এটা অন্যতম কাৰণ৷ বিভিন্ন দৰবৰ পাৰ্শ্বক্ৰিয়া,বাৰ্ধক্যকাল, ডায়েবেটিজ,কেঞ্চাৰ,এলঝাইমাৰ আদি শুকান মুখৰ কাৰক হব পাৰে৷
  • গৰম চাহ,কফি বা আন গৰম খাদ্যৰ প্ৰভাৱ- অসাবধানতাবশত: গৰম খাদ্যই মুখত ঘাৰ সৃষ্টি কৰিব পাৰে৷
  • শৰীৰত ভিটামিনৰ অভাৱ হলে- ভিটামিন-বি ১২,ফলেট,আইৰণ,জিংক আদিৰ অভাৱ হলে মুখত ঘা হব পাৰে৷
  • যি কোনো কাৰণতে শৰীৰৰ ইমিউনিটি হ্ৰাস পালে- যেনে এইডচ,কেঞ্চাৰ বা আন জটিল ৰোগ৷
  • ফাংগেল,ভাইৰেল,বেক্টেৰিয়েল ৰোগৰ ফলত মুখত ঘা হব পাৰে৷ কেণ্ডিডা এলবিকানচ নামৰ শেলুৱৈয়ে মুখত ঘা কৰে৷ হাৰপিজৰ বিভিন্ন ভাইৰাছেও মুখত ঘা কৰে৷ এমক্সিচিলিন জাতীয় এন্টিবায়টিকে মুখত ঘা কৰিব পাৰে৷ আন বিভিন্ন এন্টিবায়টিকৰ ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে কেতিয়াবা এনে হব পাৰে৷
  • মহিলাৰ মাহেকীয়া সময়ত হোৱা হৰমোনৰ অস্থিৰতাৰ হেতু৷
  • ফুড এলাৰ্জী -উদাহৰণ-কণী,মাছ,পনীৰ,বাদাম,ষ্ট্ৰবেৰী,আনাৰচ,চকলেট আদি৷
  • ড্ৰাগ এলাৰ্জী যেনে ফেনবাৰবিটন,ফেনিটইন আদি মৃগীৰ দৰব৷
  • অটো-ইমিউন ডিজিজ – উদাহৰণ বেহচেট ডিজিজ৷

ঘাঁৰ বিৱৰণঃ

মুখত ঘা এটা বা কেইবাটাও হব পাৰে৷ ওঁঠৰ ভিতৰ ফালে, গালৰ ভিতৰ ফালে,দাঁতৰ আলুত, জিভাৰ তলত,জিভাৰ ওপৰত,তালুত,মুখ গহ্বৰত ঘা হব পাৰে৷ এই ঘা বৰ কষ্টদায়ক৷  কিয়নো ই মুখৰ কোমল মিউকাচ মেমব্ৰেনক জখমী কৰে৷ এনে ঘা হলে গোটা বা জুলীয়া খাদ্য খোৱাত অসুবিধা হয়৷ ভালকৈ মুখ মেলিবলৈ আৰু কথা কবলৈ অসুবিধা হয়৷ এনে ঘা ভাল হবলৈ ৭৷১০দিন বা দুসপ্তাহকাল সময় লাগিব পাৰে৷ অসুখৰ কাৰণ নিৰ্মূল নকৰিলে মুখত ঘা বাৰম্বাৰ হোৱা দেখা যায়৷

ঘৰুৱা বিধান

– কুহুমীয়া গৰম নিমখীয়া পানীৰে দিনটোত ২৷৩বাৰ ভালদৰে কুলকুলি কৰিব৷

এলোভেৰা পাতৰ ৰস নাইবা এলোভেৰা-জেল ঘাত নিতৌ ২৷৩ বাৰ লগাব৷

– বিশুদ্ধ মৌ-জোল মুখৰ ঘাত লগালে উপশম পাব৷

–  নাৰিকল তেল নাইবা অলিভ অইল ঘাত লগালে উপশম পোৱা যায়৷

– হালধি পানীৰে কুলকুলি কৰিলে আৰু হালধিৰ প্ৰলেপ লগালেও ঘা শুকায়৷

– মুখখন পৰিষ্কাৰ কৰিলৈ বেকিং চ’ডাৰ প্ৰলেপ ঘাত লগাব পাৰে৷

– মিল্ক অৱ মেগনেচিয়া মুখৰ ঘাত লগাব পাৰে৷

– বৰফ ঘাত লগালে শীতলতা অনুভৱ কৰিব৷

 

(বি০দ্ৰ০ – একেসময়ত যেই কোনো এবিধহে প্ৰয়োগ কৰিব৷)

চিকিৎসাৰ নানানটা কথাঃ

মুখৰ ঘাৰ চিকিৎসা কাৰণ চিনাক্ত কৰি সেই অনুসৰি কৰা হয়৷ প্ৰয়োজন সাপেক্ষে খোৱা দৰব,বেজী,লগোৱা দৰব আদিৰ পৰামৰ্শ দিয়া হয়৷ উদাহৰণ  স্বৰূপে বি-১২ ভিটামিনৰ অভাৱৰ বাবে ঘা হলে তাৰ উচিত প্ৰতিবিধান দিব লাগিব৷ মিথাইলকোবালামিন দিয়া হয় ভিটামিন বি-১২ৰ পৰিপূৰক হিচাবে৷ ফাংগাছৰ বাবে হ’লে এন্টিফাংগেল খোৱা আৰু লগোৱা দৰব দিয়া হয়৷ এচিডিটি বা ৰিফ্লাস্ক ডিজিজ থাকিলে তাৰ যথোপযুক্ত চিকিৎসা অবিহনে মুখৰ ঘা কেতিয়াও নিৰ্মুল নহব৷ কৌষ্ঠকাঠিন্য থাকিলে পোনতে সেয়া নিৰ্মূল কৰিহে ঘাৰ চিকিৎসা কৰিব লাগিব৷ মুখ শুকান নাৰাখিবলৈআমি দিনটোত ৩৷৪লিটাৰ পানী গ্ৰহণ কৰা আৱশ্যক৷

বজাৰত এন্টিচেপ্টিক মাউথ ৱাচ ভালে কেইবিধ উপলব্ধ৷ আপোনাৰ বিশ্বাসী চিকিৎসকৰ পৰামৰ্শমতে তাৰে এবিধ বাচি লৈ ব্যৱহাৰ কৰিব৷ মুখৰ হাইজিন ভালে ৰাখিবলৈ হাইড্ৰজেন পেৰঅক্সাইড মিহলোৱা পানী কুলকুলি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে৷

ডা:ভূপেন শইকীয়া।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here