বিটৰ গুণাগুণ জানো আহকঃ

0
বিটৰ-গুণা-গুন
বিটৰ গুণাগুন

বিটৰ গুণাগুণ জানো আহকঃ

শীতকালীন শাক-পাচলিৰ ভিতৰত এবিধ অনন্য হ’ল বিট। বিটত আছে কেলচিয়াম, আইৰণ, জিঙ্ক, পটাচিয়াম, চডিয়াম, ফলেট আদি উপাদান।

বিটৰ-গুণা-গুন
বিটৰ গুণাগুন

বিটৰ বহুতো গুৰুত্বপূৰ্ণ গুণৰ দুটামান জানো আহকচোনঃ

আজিকালি ঘৰে ঘৰে উচ্চ ৰক্তচাপ থকা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। বিটৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। বিটত থকা নাইট্ৰেট নামৰ উপাদানে শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক কৰে আৰু ষ্ট্ৰোকৰ পৰা ৰক্ষা কৰে ।

বিটে হজম প্ৰক্ৰিয়া উন্নত কৰি লিভাৰ সুস্থ ৰাখে । তাৰোপৰি পেটৰ অন্যান্য ৰোগ ডায়েৰিয়া, জণ্ডিছ আদি নিৰাময় কৰিব পাৰে।

এন্টিঅক্সিডেন্ট সমৃদ্ধ বিটে কেন্সাৰ প্ৰতিৰোধকৰ কাম কৰে। কাৰণ বিটে কেঞ্চাৰৰ কোষবোৰ ধ্বংস কৰিব পাৰে। নিয়মীয়াকৈ বিট খালে এই ৰোগৰ পৰা দূৰত থাকিব পাৰি।

বিটৰ ৰস খালে শক্তি বৃদ্ধি হয় আৰু তেজৰ কণিকাৰ সৃষ্টি কৰে। জিম কৰি আহি বিটৰ জুছ খালে ক্লান্ত দেহ শান্ত হয়।

বিটৰ ৰসে হাড় মজবুত কৰে আৰু হাড়ৰ সমস্যা ৰোধ কৰে। দৃষ্টি শক্তি বৃদ্ধি কৰে।

বিটৰ ৰস খালে ডিপ্ৰেচন দূৰ হয় , মন শান্ত হৈ থাকে , ছালখন সুৰক্ষিত ৰাখে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here