হালধি কিয় খাব লাগে?

0
হালধি-কিয়-খাব-লাগে
হালধি কিয় খাব লাগে

হালধি কিয় খাব লাগে?

হালধি-কিয়-খাব-লাগে
হালধি কিয় খাব লাগে

হালধিক আয়ুবেৰ্দ শাস্ত্ৰত  ৰক্ত শোধক, কফ, কৃমি, পিত্ত, বিষ, বায়ুনাশক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয়।হালধিত আইৰণ, কেলছিয়াম, ফাইবাৰ, মেংগানিজ, পটেছিয়াম, ক’পাৰ, ভিটামিন- এ, বি, চি, ডি, কুৰকুমিন আদি উপাদান পোৱা যায়।

  • হালধিৰ ৰস খালে তেজ পৰিষ্কাৰ হয়, তেজ বঢ়ায়।
  • হালধিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।
  • ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে।
  • এণ্টি-অক্সিডেণ্ট গুণেৰে ভৰা হালধিয়ে কেঞ্চাৰৰ কোষ গঠনত প্ৰতিৰোধ কৰে।
  • লিভাৰৰ যিকোনো সংক্ৰমণ প্ৰতিৰোধ কৰাত হালধি অতি উপকাৰী।
  • পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা সঠিক ভাৱে ৰাখে।
  • এণ্টিচেপটিক গুণ থকা হালধিৰ ৰসে ঘাঁ শুকুৱাত সহায় কৰে।
  • হৃদযন্ত্ৰ সুৰক্ষিত কৰে,মেদবহুলতা কম কৰে।
  • চৰ্মৰোগ, ছালৰ দাগ, ব্ৰণ, খৰ আদিত হালধিৰ ৰস উপকাৰী।
  • জুয়ে পোৰাত হালধিৰ ৰস অতি উপকাৰী।
  • হালধিয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰে, স্মৃতি শক্তি বঢ়ায়।
  • আচিনাত কেঁচা হালধি পুৰি প্ৰলেপ দিলে সুফল পোৱা যায়।
  • অৰ্শ ৰোগীয়ে কেঁচা হালধিৰ ৰস খালে উপকৃত হয়।
  • হালধিৰ ৰস গাখীৰৰ লগত ৰাতিপুৱা খালে  এলাৰ্জি জনিত সমস্যাত সুফল পোৱা যায়।
  • কেঁচা হালধিৰ ৰস খালে বাত বিষত উপৰ্শম পোৱা যায়।
  • পানীলগা, মূৰৰ বিষত কেঁচা হালধি পুৰি ধোৱা শুঙিলে উপৰ্শম পোৱা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here