পাইলচ বা কেচুমূৰীয়াৰ ঔষধ

0
পাইলচৰ-চিকিতসা

৬ টা উৎকৃষ্ট হোমিঅেথি মেডিচিন পাইলচৰ ববে যি আপোনাক অপাৰেচনৰ পৰা বচাই ৰাখিব।

Piles-treatmentজান্তিকতাৰ ধামসুমীয়াত মানুহৰ দৈনন্দিন জীৱন যত্ৰাৰ পৰিৱৰ্তন আৰু খাদ্যভ্যাখৰ বিসংগতিৰ বাবে মানুহৰ শৰীৰত বিভিন্ন দুৰাৰোগ্য ৰোগৰ উৎপতি হব ধৰিছে। তাৰোপৰি অত্যন্ত কাৰ্যব্যস্ততাৰ বাবে আমাৰ খোৱা-বোৱা আৰু কামৰ কোনো নিৰ্দিষ্ট সময় নোহোৱা হৈ পৰিছে। আৰু ইয়াৰ লগে লগে শাৰীৰিক ব্যয়াম বা খেলা-ধূলাৰ বাবে মানুহৰ হাতত একেবাৰে সময়ৰ অভাৱ হৈ পৰিছে। যাৰ বাবে মানুহে মানসিক চাপ বা মানসিক অশান্তি, বদ হজম, গেষ্ট্ৰিক, এচিডিটি, কোষ্ঠকাঠিন্যৰ সমস্যাত বেছিকৈ ভুগিবলৈ লৈছে। যদি এই সমস্যা সমূহ দীৰ্ঘদিন ধৰি হৈ থাকে তেনে হলে ব্যক্তি এজন পাইলচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। আৰু বহু ব্যক্তিৰ এই পাইলচৰ সমস্যাৰ বাবে অস্ত্ৰোপ্ৰচাৰ কৰিব লগা পৰিস্থিতিও উদ্ভৱ হয়।

হোমিঅপেথিকত এই পাইলচৰ সুউব সুন্দৰ ফলপ্ৰসু চিকিৎসা আছে। অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন নাই। হোমিঅপেথিক চিকিৎসাৰ জৰিয়তে কেচুমূৰীয়া বা পাইলচ সম্পুৰ্ণ নিৰামই কৰাটো সম্ভৱ। এবাৰ সম্পুৰ্ণৰূপে ভাল হোৱাৰ পাছত ভবিষ্যতে হোৱাৰো সম্ভাৱনা নাথাকে বা একেবাৰে কম থাকে।

বহু বেছি বিষ আৰু ৰক্ত নিৰ্গত হৈ থকা সমস্যা হলে কিছুদিন হোমিঅ ঔষধ সেৱন কৰিলেই এই ৰক্ত উলোৱা সমস্যাটো আৰু বিষ জ্বলা-পোৰা হোৱা সমস্যাতো উপশম হয়।

হোমিঅপেথিক ঔষধে আপোনাৰ যিবোৰ পেটৰ সমস্যাৰ বাবে কেচুমুৰীয়া বা পাইলচ হৈছে এই সমস্যাবোৰ যেনে দীৰ্ঘদিনিয়া গেছ, এচিডিটি, বদহজম আদিবোৰ নিৰাময় কৰি হজম শক্তি বৃদ্ধি কৰি লিভাৰৰ কাৰ্যক্ষমতা দ্ৰুত উন্নতি ঘটাই পৰিপাক ক্ৰিয়াক দ্ৰুত কৰি অন্ত পৰিস্কাৰ কৰে, কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে আৰু কেচুমূৰীয়া সমস্যাৰ পৰা স্থায়ী ভাৱে মুক্তি দি স্বাভাৱিক জীৱন যাত্ৰাত  সহায় কৰে।

ইস্কুলাচ হিপ্পোকাষ্টালামঃ- ( AESCULUS HIPPOCASTANUM )

পাইলচৰ-চিকিতসাশৌচ কৰাৰ কেইবা ঘন্টা লৈকে পায়খানাৰ দূৱাৰত জ্বলা-পোৰা আৰু ভিতৰৰ পৰা টানি থকাৰ দৰে বিয হয়। পায়ুদ্বাৰত খজুৱতী হয়। পাইলচৰ পদাহৰ বাবে মলদ্বাৰৰ ভিতৰত মল লাগি খোপামাৰি ধৰি থকাৰ দৰে অনুভৱ হয়। কোষ্ঠকাঠিন্যৰ প্ৰৱনতা হয়। কঁকালৰ বিষ হয়। মলাশয় গৰম আৰু শুকান, সৰু সৰু কাঁইটেৰে পূৰ্ণ হৈ থকাৰ দৰে বিষ হয়। মলাশয়ত চোকা কটাৰী খোমোৱাই দিয়াৰ দৰে বিষ হয়। পাইলচৰ গুটি বেঙুনীয়া অৰ্থাৎ বেঙেনা ৰঙৰ দৰে হয়। পাইলচৰ গুটিৰ পৰা কেতিয়াবা কেতিয়াবা তেজ নিৰ্গত হয়।

পোৰণি আৰু খজুৱতীৰ লগতে মলাশয়ত ক্ষত আৰু পৰিপূৰ্ণ ভাৱ হয়। মল টান আৰু শুকান, নিৰ্গত হওঁতে কষ্ট হয়। মলাশয় শুকান আৰু গৰম যেন লাগে। কঁকাল আৰু পিঠিৰ সংযোগ স্থলত অতিপাত বিষ হয়। এনেবোৰ লক্ষণ প্ৰকাশ পালে এই মেডিচিনৰ ৩ টোপাল কৈ দিনে ২-৩ বাৰ কৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা উপসম পাব।

নাক্স ভমঃ-

পাইলচ বা কেচুমুৰীয়াৰ এক উৎকৃষ্ঠ মেডিচিন। কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে। কেচুমুৰীয়া বা পাইলচ ৰোগীৰ খাদ্য খোৱাৰ এক ঘন্টাৰ পাছতেই পেট গধূৰ লাগে। পায়খানাৰ নিস্ফল বেগ হয়, বাৰে বাৰে পায়খানাত যায়, কিন্তু পায়খানা নহয় বা পায়খানা কম হয়, আৰু কৰিম কৰিম লাগি থাকে। ডিঙিত কিবা খাদ্য সামগ্ৰী লাগি থকাৰ দৰে ভাব হয়। বহু মানুহৰ এনেকুৱা অনুভৱ হয় ডিঙিত কিবা খোৱা বস্তু লাগি থকাৰ দৰে হয়। ডিঙি খোপা মাৰি ধৰাৰ দৰে হয়। এই সমস্যাৰ বাবে বহুতে এণ্ডস্কপি পৰ্যন্ত কৰাই কিন্তু কোনোধৰণৰ বিসংগতি ধৰা নপৰে। ইয়াৰ লগে লগে জ্বলা-পোৰা থাকে।

যিসকল ব্যক্তিৰ অত্যাধিক জাংফুড, ফাষ্টফুড, জলা, মচলা, ভজা-পোৰা খাদ্য অনৰবৰত খায়। যিসকল ব্যক্তিয়ে ৰাতি বহুদেৰিলৈকে টোপনি খতি কৰে বিভিন্ন কাৰণত যান্ত্ৰিক জীৱন কতায়, উশৃংসল জীৱন যাপন কৰে তেনে লোকৰ পাইলচৰ সমস্যাত এই মেডিচিন অত্যন্ত কাৰ্যকৰী।

এনাকৰডিয়ামঃ- (ANACORDIUM )

পাইলচ-বা-কেচুমূৰীয়াৰ-ঔষধখালী পেটত পেটৰ বিষ হয়। লগতে মূৰো বিষ হয়। খাদ্য খালে পেট আৰু মূৰৰ বিষ ভাল হয়। টোপনিত প্ৰায় চক খাই উঠে। কথা পাহৰে অৰ্থাৎ স্মৃতি শক্তি লোপ পায়। পাইলচ ৰোগীৰ কোষ্ঠকাঠিন্য হয়। শৌচকৰাৰ খুউব ইচ্চা হয়, কিন্তু পায়খানাত বহিলে শৌচৰ প্ৰবনতা নোহোৱা হৈ যায়। মলাশয় পক্ষাঘাট হয়, মলাশয় যেন সোপাদি বন্ধ কৰা আছে তেনে অনুভৱ হয়। পেটৰ আমনি বাঢ়ি যায়। এনেকুৱা লক্ষণ প্ৰকাশপালে এই ঔষধৰ ২০০ ক্ষমতাৰ ৩ টোপালকৈ দিনে ৩-৪ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰিব।

চালফাৰ (SULPHUR)

পায়খানা কৰাৰ পিচত মলদ্বাৰত অত্যন্ত জ্বলন হয়। সকলো সময়তে পায়খানা দূৱাৰত খজুৱতী হয়। পুৱা বিছনাৰ পৰা দুখোঁজ দিয়াৰ লগে লগেই পায়খানাৰ বেগ আহে। ৰোগীয়ে সামান্য হুলস্থুল সহ্য কৰিব নোৱাৰে। অলপমান হুলস্থুল হলেই টোপনি ভাঙে। এনেকুৱা লক্ষণ থাকিলে SULPHUR মেডিচিনটো ৩ টোপাল কৈ দিনে ২ বাৰকৈ ব্যৱহাৰ কৰিব।

বায়নিয়াঃ- (Bryonia)

পায়খানা খুউব শকত আৰু টান হয়। পায়খানা কৰাৰ সময়ত অত্যন্ত যোৰ দিব লগা হয়। পায়খানাৰ ৰং ক’লা হয় আৰু পায়খানা বাহিৰ হবৰ বাবে বৰ কঠিন হয়। বহুত সময় কচৰৎ কৰিব লগা হয়। লগতে পাইলচত ভুক্তভূগী ব্যক্তিজনে অনৰবৰত পিয়াহ অনুভৱ কৰে, পানী খায়থাকিব বিছাৰে। এনেকুৱা লক্ষণ থাকিলে এই বায়নিয়া মেডিচিনটো ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

লাইকপডিয়ামঃ (LYCOPODIUM)

পাইলচ ৰোগীৰ অত্যাধিক পেতফোলাৰ সমস্যা হয়। পেটত প্ৰায় গৰ গৰ কল কল শব্দ হয়। পিছবেলাৰ ভাগলৈ পেট গধূৰ অনুভৱ কৰে। ভোক লাগে কিন্তু অলপ মান খাদ্য খোৱাৰ পিছতেই পেট ভৰি যায়। বুকু জলা-পোৰা কৰে লগতে তেঙা স্বাদযুক্ত উগাৰ আহে। এনেকুৱা লক্ষণ প্ৰকাশ পালে এই ঔষধৰ ২০০ ক্ষমটাৰ ৩ টোপাল কৈ ৰোগৰ প্ৰাবল্য অনুসৰি দিনত ২-৩ বাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰান পাব পাৰি।

কাৰ্বভেজঃ (CARBOVEG)

পাইলচ হোৱা ব্যক্তিৰ স্বাস্থ্য অত্যন্ত বেয়া হয়, ভগ্নস্বাস্থ্য। যিবোৰ বস্তু খালে ৰোগ বৃদ্ধি হয় তেনেবোৰ বস্তু খাব বিছাৰে। মদাহীয়ে হুইস্কি, ব্ৰাণ্ডি আদি খাব বিছাৰে। পৰিপাক শক্তি অতি দূৰ্ব্বল, সহজতে হজম হোৱা বস্তু খাব নিবিছাৰে। পাকস্থলী আৰু অন্তত অতিপাত বায়ু জমা হয়। শুলে বৃদ্ধি হয়। খাদ্য আৰু পানী খোৱাৰ পিছত পেটত অশান্তিৰ বৃদ্ধি হয়। পাকস্থলী ফাটি যাব যেন লাগে। ৰাতি পলম কৈ খোৱা, অত্যাধিক মচলাৰে বনোৱা বস্তু খোৱাৰ ফলত সমস্যা বৃদ্ধি হয়। উগাৰ আহিলে পেটৰ অশান্তি সাময়িক উপসম হয়। সুনিৰ্বাচিত দৰবতো প্ৰতিক্ৰিয়াৰ অভাৱ। এনেকুৱা ধৰণৰ লক্ষণ থাকিলে এই ঔষধ ২০০ ক্ষমতাৰ দিনে ২-৩ বাৰ কৈ ৰোগৰ প্ৰাবল্য অনুসৰি ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা উপশম পাবলৈ সক্ষম হব।

ইয়াৰ ওপৰিও HAMAMELIS, COLINSONIA, CALCAREA FLOR, THUJA, CONIUM MAC, RATANHIA, CARICA PAPAYA, ACID NIT আদি ঔষধ সমূহ প্ৰয়োগ কৰিও পাইলচ সহজতে ভাল কৰিব পাৰি।

https://www.youtube.com/watch?v=nsRIylXtomc

LEAVE A REPLY

Please enter your comment!
Please enter your name here