ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসাঃ

2
ডায়েবেটিচ-ৰোগীৰ-যৌন-দূৰ্বলতাৰ-হোমিঅ-পেথিক-চিকিৎসা
ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা

মধুমেহ বা ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ হোমিঅপেথিক চিকিৎসা

বৰ্তমান সময়ত অতি ব্যাপকতাৰে বৃদ্ধি হোৱা এক ভয়াৱহ সমস্যা ডায়েবেটিচ। বৰ্তমান দেশৰ প্ৰায় ৫ কোটি লোক এই ডায়েবেটিচ বা মধুমেহ ৰোগত আক্ৰান্ত। এই ডায়েবেটিচত ভুগা বহু সংখ্যক ৰোগীয়েই যৌন দূৰ্বলতা ভুগা বুলি অভিযোগ কৰে। গতিকে এই সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাবৰ বাবে খুব ফলপসু হোমিঅপেথিক দৰব আছে, আজি এই দৰব সমূহৰ বিষয়ে আপোনালোকক অৱগত কৰিম।

১) অধ্যয়নৰ পৰা দেখা গৈছে যে, ডায়েবেটিচে টেষ্ট্ৰটেৰণ হৰমনৰ পৰিমান কমায় যাৰ ফলত ডায়েবেটিচ ৰোগীৰ যৌন স্বাস্থ্যত প্ৰভাৱ পৰে।

২)দৈনিক উচ্চৰক্তচাপ, ডিপ্ৰেচন আদি সমস্যাৰ ঔষধ গ্ৰহণ কৰাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে।

৩) দূৰ্বলতা বা শক্তি হীনতাৰ বাবেও ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতাৰ সমস্যা হব পাৰে।

৪) ডায়েবেটিচ নিউৰপেথি- এক প্ৰকাৰৰ নাৰ্ভৰ সমস্যা, ডায়েবেটিচৰ বাবে সিৰা উপসিৰা বা কৌষিক জালিকা সমূহ নষ্ট হোৱাৰ বাবে ডায়েবেটিচ ৰোগীৰ যৌন দূৰ্বলতা বা যৌন অক্ষমতাৰ সমস্যা হব পাৰে।

৫) যৌন সম্পৰ্কৰ সময়ত যৌনাংগত বিষ হব পাৰে আৰু ওত্তেজনাৰ অভাৱ ঘটিব পাৰে যাৰ বাবে Erectile dysfunction বা যৌন অক্ষমতাৰ সৃষ্টি হব পাৰে।

৬) মহিলাৰ ক্ষেত্ৰত ভেজিনাৰ ড্ৰাইনেচ, ৰাচেচ খজুৱতী আদি সমস্যা হব পাৰে। গতিকে যৌন সম্পৰ্কৰ সময়ত লুব্ৰিকেন্ট বা জেল ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব।

যৌন দূৰ্বলতাৰ হোমিঅপেথিক ঔষধ

ক) ডাইবেটিচ ৰোগত যেতিয়া ৰোগী শিনাই শুকাই শ্ৰী চেহেৰা নোহোৱা হৈ পৰে, অত্যন্ত দূৰ্বলতাৰ লগতে যৌন ক্ষমতাও একেবাৰে লোপ পোৱাৰ দৰেই হয়, কেতিয়াবা অলপ উত্তেজিত হলেও শীঘ্ৰে পতন ঘটে, মনসিক অশান্তিত ভুগে, চিন্তা শক্তি লোপ পায় আদি সমস্যাৰ লগতে প্ৰস্ৰাব আৰু তেজতো শৰ্কৰা নিৰ্গত হয়। এনে অৱস্হাত এই ঔষধ ব্যৱহাৰ কৰিলে ৰোগীৰ ওজন বৃদ্ধি হয়, ভংগ্ন স্বাস্থ্য পুনৰ ঘুৰি আহে, তেজ আৰু প্ৰস্ৰাৱত চুগাৰৰ মাত্ৰা দ্ৰুত গতিত কমি আহে আৰু যৌন স্বাস্থ্যও উন্নতি ঘটে। যৌনদূৰ্বলতাৰ লগতে ডায়েবেটিচ ৰোগীয়ে প্ৰস্ৰাব কৰাৰ পাছত অত্যন্ত দূৰ্বল অনুভব কৰে, ৰাতি দিন সকলো সময়তে বহুবাৰ প্ৰস্ৰাব কৰে, ৰাতি ঘনাই ঘনাই প্ৰস্ৰাব কৰাৰ ফলত প্ৰায়ে টোপনি ক্ষতি হয়, গোটেই গাতে জ্বলা-পোৰা কৰাৰ দৰে হয়, শৰীৰত বিষাক্ত ফোড়া হয় আদি লক্ষণ থাকিলে Gymnema Sylvestree (জাইমনেমা ছিলভেষ্ট্ৰি) অত্যন্ত ফলপসু।

খ) পুৰুষৰ লিংগৰ আগৰ বগা অংশখিনি ঢাকি ৰখা আবৰণি চালখনত আৰু লিংগ মুণ্ডত কেতিয়াবা খজুৱতী হয়। স্ত্ৰী সহবাস কৰিলে চালখন বা লিংগ মুণ্ড ফাটি ঘাঁ হয় আৰু বিষ হয়, যাৰ বাবে সহবাস কৰিব নোৱাৰে, উত্তেজিত হলেও শীঘ্ৰে পতন হয়। ইসাৰ লগতে মুত্ৰনলীত কেতিয়াবা ঘাঁ হোৱাৰ দৰে হয়, অত্যন্ত বিষ অনুভব হয়, প্ৰস্ৰাবত অধিক পৰিমানে শৰ্কৰা বাহিৰ হয়, কেতিয়াবা অণ্ডকোষ ফোলি ওঠে, অণ্ডকোষ ওলমি যায়। কেতয়াবা প্ৰেস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱাৰে, কাপোৰে কানিয়ে যায়, অলপমান খোজ কাঢ়িলে ভীষণ ভাগৰ লাগে, মূৰ অচণ্ডাই কৰে। ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ বাবে নিদ্ৰা হীনতাত ভুগে, ৰোগীৰ প্ৰস্ৰাৱত এলবমিন থাকে, ৰোগী লাহে লাহে শীনাই শুকাই জীৰ্ন-শীৰ্ণ হৈ পৰে। প্ৰস্ৰাব অত্যাধিক দূৰ্গন্ধ যুক্ত হয়, কেতিয়াবা ঘোঁলা পানীৰ দৰে প্ৰস্ৰাব হয়। ৰোগীৰ পিয়াহ লাগে আৰু প্ৰচুৰ পৰিমানে পানী পাণ কৰা, মুখ অনবৰত শুকাই থাকা আদি লক্ষৰ লগত যৌন দূৰ্বলতা থাকিলে Abroma Augusta (এব্ৰমা আগাষ্টা) ঔযধটো মাদাৰ টিংচা ১০ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিবলৈ সক্ষম হব।

গ) স্নায়ু দূৰ্বলতাৰ লগতে যদি ডায়েবেটিচ ৰোগ থাকে যিটো ডায়েবেটিচ নিউৰপেথি বুলি কোৱা হয় তাৰ বাবে যদি যৌন দূৰ্বলতাৰ সমস্যা হয়। ৰোগীৰ ৰাতি শুই থকাৰ অৱস্থাতে কবনোৱাৰাকৈয়ে বীৰ্যস্খলন হয়, যাৰ বাবে ৰোগী অধিক দূৰ্বল হৈ পৰে। ইয়াৰ উপৰিও ৰোগীৰ বাৰে বাৰে প্ৰস্ৰাব লাগা, প্ৰৱল পিয়াহ লগা, ৰোগীৰ দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটা, মূৰ ঘোৰোৱা, মূৰৰ কেতিয়াবা প্ৰচণ্ড বিষ হোৱা, বুকুৰ ধপ ধপনি বাঢ়ি যোৱা, ইন্দ্ৰিয় দূৰ্বলতা অনুভব কৰা, অত্যধিক পেটৰ সমস্যা হোৱা, অলপ খালেই গেচ হোৱা, পেট গধুৰ গধুৰ অনুভব হোৱা, পেট ফোলা, পায়খানা খোলোচা নোহোৱা, আঠালেতীয়া পায়খানা হোৱা বা কেতিয়াবা বোকাৰ দৰে পায়খানা হোৱা, ভৰি-হাত জিন জিনোৱা, স্মৃতি শক্তি বা স্মৰণ শক্তি হ্ৰাস পোৱা, যিকোনো বিষয়ত চিন্তা কৰিব নোৱাৰা, মানুহৰ লগত মিলামিচা বা কথাবতৰা পাতিবলৈ ইচ্ছা নকৰা, লগতে নিদ্ৰা,ভয় আৰু মানসিক অৱসাদ বৃদ্ধি হোৱা, সামান্য পৰিশ্ৰম কৰিলেই ৰোগী দূৰ্বল হৈ পৰা আদি লক্ষণ থাকিলে যিকোনো বয়সৰ ব্যক্তিৰেই যৌন দূৰ্বলতাৰ সমস্যাত এচিড ফচ (Acid Phos) Q খুওব ভাল কাম কৰে। এই দৰব ৭ টোপালকৈ আধা কাপ পানীৰ লগত দিনে তিনি চাৰিবাৰ কৈ খালে এই সমস্যাৰ পৰা শীঘ্ৰে উপশম পাব পাৰে।

ঘ) ৰোগীৰ জননাংগ শিথিল, শীতল আৰু লগতে স্বপ্ন দোষ হয় ফলত যৌন অক্ষমতাই দেখা দিয়ে। যৌন ওত্তেজনা একেবাৰেই নোহোৱা হয়, লগতে ৰোগীৰ গমনোপোৱাকৈয়ে প্ৰস্ৰাব নিৰ্গত হয়, প্ৰস্ৰাব কৰোতে অত্যন্ত কষ্ট হয়, প্ৰস্ৰাৱ সাংঘাটিক জ্বলা পোৰা হোৱা, প্ৰস্ৰাব লাগিলেই তলপেটত সাংঘাটিক বিষ হোৱা, লগতে ঘনাই ঘনাই পিয়াহ লগা, সাংঘাটিক ভোকলগা আদি লক্ষণ থাকে। ৰোগীৰ মাজে সময়ে তেঙা, তিতা বমি হলে, খাদ্য খোৱাৰ পাছত পেটত গেচ উৎপত্তি হলে আৰু পেট ফোলিলে Uranium Nit (ইউৰেনিয়াম নাইট্ৰিকাম) ঔষধটো ৩০ বা ২০০ ক্ষমতাৰ দিনে ৩-৪ বাৰকৈ এক টোপাল কৈ ব্যৱহাৰ কৰিলে এই সমস্যা সমাধান হয়।

ঙ) যৌনাংগত খজুৱতী হৈ ঘাঁ হয়, ঘাঁ শুকাবলৈ যথেষ্ট সময় লাগে, শৰীৰত চুগাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে সমস্যা বৃদ্ধি হৈ গৈ থাকে। যৌন অক্ষমতা বাঢ়ি গৈ থাকিলে (syzygium jambolanum) ছিজিজিয়াম জাম্বোলিনাম Q ঔষধটো ১৫ টোপালকৈ দৈনিক আধাকাপ পানীৰ লগত ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰিলে ৰোগীৰ প্ৰস্ৰাব আৰু তেজৰ শৰ্কৰা কমাই আনি ৰোগীৰ চৰ্মৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু যৌন অক্ষমতাও দূৰ হয়।

2 COMMENTS

  1. ছাৰ মোৰ ডাইবেটিচ আছে 110/170 বসয় 35 ওজন68 মোৰ পায়েৰ তলা জ্বলা পোৰা
    কৰে নাৰবেৰ অলপ অসবিদা আছে। sex ৰ পমলেম আছে কিন্তু মই কোনো ওষুধ নাখাও এবছৰ খাই ছিলো এতিয়া নাখাও কিবা কিবি ছালিছন দিব পাৰিব। (নাৰবেৰ আৰু ছেক্সচৰ ডাইবিটিচৰ)

LEAVE A REPLY

Please enter your comment!
Please enter your name here