বগা দাগ বা ভিটিলিগৰ চিকিৎসা vitiligo cure

3

⇒ বগা দাগ বা ভিটিলিগ কি?
⇒কিয় হয়?
⇒কাৰ হোৱা সম্ভাৱনা থাকে? 
⇒ ইয়াৰ ফলপসু চিকিৎসা কি?

বগা দাগ বা ভিটিলিগৰ চিকিৎসা

জি অমি আলোচনা কৰিম বৰ্তমান সময়ত ব্যাপক ভাবে দেখা দিয়া এক সমস্যা, গাত হোৱা বগা দাগৰ বিষয়ে। যাক আমি লিউকডাৰ্মা, ভিটিলিগ বা শ্বেতকোষ্ঠ বুলি কওঁ। দি টাইমচ অফ ইণ্ডিয়াৰ এ সমীক্ষা অনুসৰি বৰ্তমান ভাৰতবৰ্ষৰ ২ ৰ পৰা ৫ শতাংশ মানুহক আক্ৰাণ কৰা এই ভিটিলিগ কি? কিয় হয় এই বগা দাগ বা ভিটিলিগ, কাৰ হোৱা সম্ভাৱনা থাকে? আৰু ইয়াক সহজতে নিৰাময় কৰিব পৰা ফলপসু মেডিচিনৰ বিষয়ে আলোচনা কৰিম।

        আমাৰ শৰীৰৰ চালৰ ভিতৰত মেলানোচাইত নামৰ কোষ থাকে আৰু এই কোষবোৰে মেলানিন নামৰ এক প্ৰকাৰৰ ৰঞ্জক পদাৰ্থ নিসৰণ কৰে। এই মেলানিনৰ বাবে

বগা-দাগৰ-পোমিঅপেথিক-চিকিতসা
বগাদাগ

আমাৰ চালখনৰ ৰং স্বাভাৱিক হয়।  যদি আমাৰ শৰীৰত এই মেলানিন নিসৰণ বেছি হয় তেতিয়া আমাৰ ছালখনৰ ৰং বেছি গাঢ় বা ডাৰ্ক হয়। আমি সাধাৰণতে যিটো কলা হোৱা বুলি কওঁ। আৰু যিমান কমকৈ মেলানিন নিসৰণ হব ছালখনৰ ৰং সিমানেই উজ্জল বা বগা হব। ইয়াৰ প্ৰধান কাম হল ছালৰ ৰং স্বাভাৱিক কৰি ৰখা আৰু সূৰ্যৰ আল্টাভায়লেট ৰশ্মিৰ পৰা আমিক সুৰক্ষা দিয়া। যেতিয়া আমি সূৰ্য্যৰ প্ৰসৰ ৰদত কাম কৰিব লগা হয় বা বাহিৰত যাব লগা হয় তেতিয়া আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা বছাই ৰাখিবৰ বাবে মােলানোচাইট কোষবোৰে মেলানিন বেছিকৈ নিসৰণ কৰে। যাৰ বাবে আমাৰ চালখন কলা পৰে।

 আমাৰ শৰীৰৰ যদি কিবা আন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰংঙৰ পৰিৱৰ্তণ হবলৈ ধৰে। আৰু লাহে লাহে শৰীৰৰ কোনো থাইত বগা বগা ফোঁট হবলৈ আৰম্ভ কৰে। এই সমস্যাটোকে আমি ভিটিলিগ, লিউকড্ৰামা বা শ্বেতকোষ্ঠ বুলি কওঁ।

শ্বেতকোষ্ঠ বা বগা দাগ কাৰ বেছি হোৱা সম্ভানা থাকেঃ

পুৰুষ বা মহিলা বা শিশু, যিকোনো বয়সৰ যিকোনো ব্যক্তিৰ এই শ্বেতকোষ্ঠ বেমাৰ হব পাৰে।

       আৰম্ভনিতে ই দেহৰ কোনো এটা অংগত সৰু এটা ফোটৰ দৰে দেখা দিয়ে। কেতিয়াবা ওঁঠত, হাতত, মুখমণ্ডলৰ কোনো থাইত, উৰু, পেট-বুকু, ডিঙি আদি অংগত সৰু ফুট এটাৰ দৰে বগা হয় আৰু লাহে লাহে চাৰিও ফালে বৃদ্ধিহৈ গৈ থাকে আৰু কেতিয়াবা গোটেই শৰীৰটোতেই বিয়পি পৰি আক্ৰান্ত ব্যক্তিজন সম্পূৰ্ণ ৰূপে বগাহৈ পৰা দেখা যায়।

শ্বেতকোষ্ঠ সূচৰা ৰোগ নেকি?

হুতৰে মনত শংকা থাকে যে এই শ্বেতকোষ্ঠ সূচৰা ৰোগ নেকি? আমাৰ প্ৰায় ভাগ গাঁও অঞ্চলতটো এই বেমাৰত ভূক্তভোগীক হীন আৰু ঘিনাৰ দৃষ্টিৰে চোৱা হৈছিল আৰু এতিয়াও এই মানসিকতা কম বেছি পৰিমানে চলি আছে। ইতিমধ্যে মই এই বেমাৰৰ বৈজ্ঞানিক কাৰণ বিশ্লেষণ কৰিলোৱেই। আমাৰ চালকোষৰ সাধাৰণ বিসংগতিৰ বাবেই এই বেমাৰ হয়। ই কোনো ধৰণৰ সংক্ৰামক ৰোগ নহয়। এই বগা দাগ হোৱা ব্যক্তিৰ সৈতে আপোনি যিয়েই সম্বন্ধ গঢ়ি নুতোলক কিয় এই বেমাৰ কেতিয়াও আন্য ব্যক্তিৰ গালৈ সূচৰাৰ সম্ভাৱনা নাথাকে। লাগিলে আপোনি ব্যক্তি জনে পিন্ধা কাপোৰেই পিন্ধক বা যি কৰক। গতিকে আপোনালোকে ইয়াক লৈ কোনো সংকাত ভুগা কাৰণ নাই। এই ৰোগত ভুগা ব্যক্তি জনৰ কেৱল ৰংহে পৰিৱৰ্তণ হয়। কোনো ধৰণৰ বেলেগ অসুবিধাৰ সন্মুখীন নহয়। এনেকুৱা ধৰণৰ বেমাৰক আমি অটইমোন ডিজিজ বুলি কওঁ।  এই অটইমোন ডিজিজ হল- কেতিয়াবা আমাৰ শৰীৰত এনেকুৱা এটা সমস্যাৰ সৃস্টি হয়- আমাৰ দেহত যি ভাইটেলফৰ্চ আছে , যি বিভিন্ন ৰোগৰ পৰা আমাক ৰক্ষা কৰে, যাক আমি এন্টিবডি বুলি কব পাৰো, এইবোৰে আমাৰ মেলানোচাইট কোষবোৰক শত্ৰুজ্ঞান কৰি এইবোৰ ধংসকৰাত লাগি যায়। যাৰ ফলত লাহে লাহে মেলানিন নিসৰণ কমহৈ আহে আৰু বগা দাগ বাঢ়ি গৈ এই শ্বেতকোষ্ঠ ৰোগ হবলৈ ধৰে।

শ্বেতকোষ্ঠ কিয় হয়?

য়াৰ সঠিক কাৰণ জানিব পৰানাই যদিও ই অটইমোন ডিজিজ। বংসগত কাৰণতো কেতিয়াবা এই ৰোগ হব পাৰে। ডায়বেটিছত দীৰ্ঘদিন ধৰি ভুগি থকা ব্যক্তি, HIV, দীৰ্ঘদিন ধৰি পেটৰ গুৰুতৰ সমস্যাত ভোগা লোক, লিভাৰৰ গুৰুতৰ সমস্যা থকা ব্যক্তিৰ বগা দাগ হোৱাৰ সম্ভাৱনা বেছি থাকে।

শ্বেতকোষ্ঠৰ চিকিৎসালৈঃ

ই ভিটিলিগ বা শ্বেতকুষ্ঠৰ হোমিঅপেথিকত খুওভ সুন্দৰ ফলপসু চিকিৎসা আছে। মই বৰ্তমানলৈকে এই সমস্যাত ভুগা বহু ব্যক্তি চিকিৎসা কৰি এই সমস্যাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছো। আন্যন্য চিকিৎসা পদ্ধতিত ইয়াৰ সঠিক চিকিৎসা যিহেতু দূৰ্লভ গতিকে আপোনালোকে হোমিঅপেথিক চিকিৎসা গ্ৰহণ কৰি এই সমস্যাৰ পৰা নিজকে মুক্ত কৰিব পাৰিব।

শ্বেতকোষ্ঠৰ হোমিঅপেথিক মেডিচিনঃ

Arsenic Sulph Flavum 3x শ্বেতকোষ্ঠৰ অত্যন্ত কাৰ্যকৰী ঔষধ। এই ঔষধ ২ বা ৩ টাকৈ ৰোগৰ পাবল্য অনুসৰি দিনত ২-৩ বাৰ খাব। ভাত খোৱাৰ আধাঘন্টাৰ আগত বা পাছত খাব পাৰে। আৰু প্ৰতি মাহে মাহে চিকিৎসকৰ  সৈতে পৰামৰ্শ কৰিব। পয়োজন সাপেক্ষ চিকিৎসকে ঔষধৰ ক্ষমতা বঢ়াবও পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী। লগতে Bouchi Oil দেহৰ  বগা পৰা অংশবোৰত লগাব। hydrocotyle asiatica Q, gynocardia odorata Q আদি মেডিচিনও মিশ্ৰণ প্ৰস্টুত কৰি বগা হোৱা থাইত লগাবলৈ দিয়া হয়। দাগৰ প্ৰকৃতি অনুসৰি অভিজ্ঞ চিকিৎসকে ইয়াক সঠিক ভাবে প্ৰস্টুত কৰি বাহ্যিক ভাৱে প্ৰয়োগ কৰিবলৈ দিব। খুওব সুন্দৰ ফল পাব। মই পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰিহে আপোনালোকক পৰামৰ্শ আগবঢ়াইছো। ইয়াৰ উপৰিও হোমিঅপেথিক মেডিছিন tuberculinum, Sepia, pulsatilla, Lycopodium আদি মেডিচিন সমূহ ব্যৱহাৰ কৰি খুব সোনকালেই এই বেমাৰৰ পৰা মুক্ত হব পাৰে।

Dr Harikanta Das

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here