শীতকালিন শিশুৰ বিভিন্ন সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

0
শীতকালিন শিশুৰ বিভিন্ন সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

শীতকালিন শিশুৰ বিভিন্ন সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

⇒ চৰ্দি 
⇒ জ্বৰ 
⇒ কাহ
⇒ নাকৰ পৰা পানী ওলোৱা
⇒ চকু ৰঙা পৰা সমস্য
⇒ হোমিঅপেথিক চিকিৎসা

 

শীতকালিন-শিশুৰ-বিভিন্ন-সমস্যাৰ-হোমিঅপেথিক-চিকিৎসা
শিশুৰ যতন

শিশু এটিৰ জন্মৰ লগে লগে শিশুটিৰ পিতৃ-মাতৃসহ পৰিয়ালৰ সকলো নৱজাতক শিশুটিৰ যতনৰ লগতে না না প্ৰকাৰৰ অপত্যাশিত বেমাৰ ব্যাধিক লৈ সকলো সময়তে উৎকন্ঠাত থকা দেখা যায়। দীৰ্ঘদিন অপেক্ষাত থকাৰ পাছত যেতিয়া শিশুটি মাকৰ কোলালৈ আহে, তেতিয়া প্ৰতি গৰাকী মাতৃয়ে কামনা কৰে , সন্তানটি সকলো প্ৰকাৰে সুস্থ থাকক আৰু শিশুটি সুকলমে ডাঙৰ দীঘল হওঁক। কিন্তু যেতিয়া অপত্যাসিত ভাবে শিশুটিৰ কিবা সমস্যা হয়, তেতিয়া মাক দেউতাক সহ পৰিয়ালৰ সকলো ব্যক্তি দূশ্চিন্তাত পৰে। তাতে যেতিয়া শীতকালৰ আগমন ঘটে পৰিয়ালৰ দূশ্চিন্তা আৰু বাঢি় যায়। শীতকালত শিশুসকলৰ চৰ্দি, জ্বৰ, কাহ, নাকৰ পৰা পানী ওলোৱা, চকু ৰঙা পৰা আদি ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বেক্টেৰিয়া আৰু ভাইৰাচেই শিশুৰ এই ৰোগৰ প্ৰধান কাৰণ।

জ্বৰঃ

          ঠাণ্ডাৰ দিনত শিশুৰ প্ৰধান সমস্যা হল জ্বৰ। জ্বৰ কোনো ৰোগ নহয়, ই কিবা ৰোগৰ উপসৰ্গহে। ইয়াৰ প্ৰধান কাৰণ না না ধৰণৰ সংক্ৰমণ। ইয়াৰ ভিতৰত ইনফ্লুয়েঞ্জা, ডায়েৰীয়াৰ পৰা আৰম্ভ কৰি হাম, বসন্ত আৰু যিকোনো ধৰণৰ ৰোগৰ প্ৰথম লক্ষণেই হল জ্বৰ। গতিকে শিশুৰ জ্বৰ হলে অৱহেলা কৰাটো একেবাৰে অনুচিত।

জ্বৰৰ কাৰণঃ

         বিভিন্ন কাৰণত নৱজাতকৰ জ্বৰ হব পাৰে। যেনে- বেক্টেৰিয়া আৰু ভাইৰাছৰ কাৰণে, শৰীৰত কোনো সংক্ৰমণ দেখা দিলে আৰু কেতিয়াবা চিতা দিয়াৰ বাবেও নৱজাতকৰ জ্বৰ হব পাৰে।

জ্বৰ কেনেকৈ নিৰ্ণয় কৰিবঃ

        নৱজাতক শিশুৰ গাত চুই চাই জ্বৰ নিৰ্ণয় কৰাটো অলপ কঠিন হয়, কাৰণ নৱজাতক শিশু এটিক যিহেতু ঠাণ্ডাৰ পৰা বছাই ৰাখিবৰ বাবে মাঠা আৰু গাত কাপোৰে ঢাকি ৰখাৰ বাবে গা এনেই গৰম হৈ থাকে। যাৰ বাবে জ্বৰ নাথাকিলেও জ্বৰ হোৱা যেন অনুভৱ হব পাৰে। গতিকে শিশুৰ কাষলতিৰ তলত থামোমিটাৰ অলপ সময় ৰখাৰ পাছত যদি তাপ মাত্ৰা ৯৯ ডিগ্ৰী ফাৰেণহাইটতকৈ বেছি পোৱা যায়, তেতিয়া জ্বৰ আছে বুলি গণ্য কৰা হয়।

জ্বৰৰ লক্ষণঃ

            নিম্নলিখিত লক্ষণ সমূহ দেখা দিলে আপোনালোকে বুজিব লাগিব যে শিশুটিৰ জ্বৰ হৈছে।

১) শিশু নিস্তেজ হৈ থকা আৰু অনবৰত টোপনি টোপনি ভাৱ হোৱা।

২) সকলো সময়তে আমনি কৰা অথবা কন্দাকটা কৰি থকা।

৩) পাতল পায়খানা আৰু বমি বমি ভাব বা বমি কৰা।

৪) মাকৰ গাখীৰ খাবলৈ ইচ্ছা নকৰা।

৫) উশাহ ঘন ঘন হোৱা আৰু শ্বাস প্ৰশ্বাসত সমস্যা হোৱা।

৬) শৰীৰত ফুট ফুট ঘামচিৰ দৰে ওঠা।

৭) ১২ ঘন্টা লৈকে প্ৰস্ৰাৱ নকৰা।

৮) শৰীৰ অত্যন্ত দূৰ্বল হোৱাৰ বাবে লেওসেও হৈ পৰা আৰু গা অত্যন্ত গৰম হোৱা।

৯) কেতিয়াবা শিশুৰ মাথাৰ তালু অলপ ফুলি ওঠাৰ লক্ষণ প্ৰকাশ পাব পাৰে।

নৱজাতক শিশুৰ জ্বৰ হলে লব লগা সাৱধানতাঃ

১) চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰকঃ নৱজাতক শিশুৰ জ্বৰ হলে বা গাত হাম বা সৰু সৰু গুটি ওলালে, পাতল গোন্ধযুক্ত পায়খানা হলে, চকু হালধীয়া হলে, প্ৰস্ৰাৱ নহলে, মুখত ঘাঁ হলে বা ডিঙিৰ ভিতৰলৈকে বগা চামনি বহিলে, কাঁহ হলে, উশাহ-নিশাহত কষ্ট হলে, কঁপনি জ্বৰ হলে শীঘ্ৰে হোমিঅপেথিক চিকিৎসক অথবা শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব। চিকিৎসকৰ পৰামৰ্শ গ্ৰহন নকৰাকৈ নিজে কেতিয়াও ঔষধ নুখোৱাব।

২) থাৰ্মমিটাৰৰ দ্বাৰা জ্বৰ নিৰ্ণয়ঃ দুই তিনি ঘন্টাৰৰ মূৰে মূৰে আপোনালোকে শিশুৰ জ্বৰ জুখিব আৰু ৰিডিং এখন বহী বা কাগজত লিখি ৰাখিব। তেতিয়া চিকিৎসকৰ বাবে জ্বৰৰ ধৰণ বুজা সুবিধা হয়। আজি কালি ১০০-১৫০ টকাতে বজাৰত ইলেক্ট্ৰনিক থামোমিটাৰ বজাৰত ওপলব্ধ।

৩) শিশুক সদায় স্বাভাৱিক তাপমাত্ৰাত ৰখাৰ চেষ্টা কৰিবঃ ঘৰৰ তাপমাত্ৰা স্বাভাৱিক ৰখাৰ বাবে চেষ্টা কৰিব। বেছি ঠাণ্ডা হলে ৰোম হিতাৰ ব্যৱহাৰ কৰিব পাৰে। ৰোমৰ উষ্ণতা ১৮ ৰৰ পৰা ২৫ ডিগ্ৰী চেলচিয়াচৰ ভিতৰত থাকিলে ভাল। দিনত ঘৰৰ খিৰিকি খুলি ৰাখিব লাগে যাতে পোহৰ আৰু বায়ু খোমাব পাৰে। অত্যাধিক কাপোৰ- কেথা-কম্বল আদি শিশুক নিদিব। বিশেষকৈ অত্যাধিক জ্বৰৰ সময়ত শিশুক মাথা ঢাকি নাৰাখিব, কাৰণ সৰু শিশুৰ মাথাৰ পৰাই বেছি তাপ নিৰ্গত হয়। জ্বৰ কমিবৰ বাবে মাথাৰ অংশ মুক্ত ৰখাৰ প্ৰয়োজন।

৪) স্পঞ্জিং কৰিব বা কোমল ভিজা কাপোৰেৰে গা মচি দিবঃ জ্বৰ বেছি হলে পৰিস্কাৰ তাৱেল বা কাপোৰ কুঁহুমীয়া পানীত তিয়াই চেপিব আৰু ভিজা কাপোৰখনেৰে প্ৰথমে হাত দুখন আৰু পৰ্যায়ক্ৰমে পেট, বুকু আৰু কপালত মচি দিব।

৫) জ্বৰৰ সময়ত শিশুক কি খোৱাবঃ নৱজাতক শিশুৰ জ্বৰ হলে যাতে শিশুটি দূৰ্বল হৈ যাব নোৱাৰে তাৰ বাবে সঘনাই মাকৰ গাখীৰ খোৱাব লাগে। ৬ মাহৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত মাকৰ গাখীৰৰ ওপৰিও যাতে শৰীৰত পানী শূণ্যতাৰ সমস্যা হব নোৱাৰে তাৰ বাবে ফলৰ ৰস, চুপ আদি প্ৰচুৰ পৰিমানে খুৱাব লাগে।

৬) শিশুৰ টোপনিঃ নৱজাতক শিশুৰ টোপনি অতি গুৰুত্বপূৰ্ণ। জ্বৰ হলে শিশু শুব নিবিছাৰে, অনবৰত কন্দা কটা কৰে আৰু জ্বৰৰ লগতে কাঁহ থাকিলে শিশুৰ একেবাবে টোপনি নহয়, কিন্তু যেতিয়া শিশু টোপনি যায় তেতিয়া আৰাম দায়ক ভাৱে বাখিবলৈ যত্ন কৰিব। লক্ষ্য কৰিব শিশুটিৰ টোপনিত যাতে কোনো ধৰণৰ ব্যাঘাট নহয়।

৭) শিশুটিক পৰ্যাবেশণত ৰাখিবঃ নৱজাতক শিশুৰ জ্বৰৰ হলে সকলো সময়তে পৰ্যবেশণত ৰাখিব লাগে। জ্বৰ একেবাৰে নকমিলে বা জ্বৰৰ প্ৰকোপ বৃদ্ধি হৈ গৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। শিশুক সকলো সময়তে মাকৰ সানিধ্যত ৰখাটো অত্যন্ত জৰুৰী।

শিশু ৰোগৰ হোমিঅপেথিক চিকিৎসাঃ

       শিশুৰ সকলো প্ৰকাৰৰ ৰোগৰে হোমিঅ পেথিকত খুব সুন্দৰ ফলপসু চিকিৎসা আছে। শিশুৰ যিকোনো ধৰণৰ সমস্যা হোৱা যেন দেখিলেই শীঘ্ৰে হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

          হোমিঅপেথিক মেডিচিন Acconit Nap 6- এই ঔষধটো অপোনালোকে সদায় লগত ৰাখিব। যিকোনো হোমিঅপেথিক ফাৰ্মাচীত উপলব্ধ। শিশুৰ যিকোনো ধৰণৰ ৰোগত ব্যৱহাৰ কৰিবৰ বাবে এটা অতি উৎকৃষ্ট ঔষধ। যি ৰোগেই নহওঁক কিয় ২৪ ঘন্টাৰ ভিতৰত এই ঔষধে সকলো ৰোগতে কাম কৰে। কেৱল চালৰ ৰোগৰ বাহিৰে। শিশুক এই ঔষধ ১ চামুচ কুঁহুমীয়া পানীত ১ টোপাল দি ৰোগৰ পাবল্য অনুসৰি ২-৩ ঘন্টাৰ মূৰে মূৰে খোৱাব লাগে। ২৪ ঘন্টা পাৰ হোৱাৰ পাছত কিন্তু এই ঔষধে কাম নকৰিব।

         চৰ্দিহৈ নাকেৰে পানী ওলালে আৰু লগতে হাঁচি হলে শিশুক Allium cepa30 ঔষধটো ১ টোপালকৈ আৰু Bryonia Alb 30 ঔষধটো ১ টোপালকৈ ৰোগৰ প্ৰাবল্য অনুসৰি দুই তিনি ঘন্তাৰ মূৰে মূৰে ইটোৰ পিছত খিটো খুৱালে ৰোগৰ ওপশম হয়।

            চকু ৰঙা পৰিলে আৰু চকুৰে ফেচকুৰী ওলালে Belladona 30 আৰু Euphrasia 30 ঔষধ দুটা ৰোগৰ প্ৰাবল্য অনুসৰি দিনত দুই তিনিবাৰকৈ খুৱালে ৰোগ সহজতে উপশম হয়।

      গাত সৰু সৰু ৰঙা ৰঙা ঘামচিৰ দৰে গুটি ওঠিলে লক্ষণ অনুযায়ী- Rhustox30, Arsenic Alb30, Pulsatilla30 আদি ঔষধ সমূহ লক্ষণ অনুসৰি ব্যৱহাৰ কৰিলে ৰোগ নিৰাময় হয়।

       গাখীৰ ওকালিৱা বা বমি কৰাৰ সমস্যাত Arsenic Alb30, Aethusa30, Ipicac30, Nux30 আদি ঔষধ সমূহ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা শিশুক সহজতে মুক্ত কৰিব পৰা যায়।

           জিহ্বা, ডিঙিৰ ভিতৰত বগা প্ৰলেপ পৰা মুখত ঘাঁ হোৱা সমস্যাত –Antim Crud30, Borax30, Diptherinum30, Marc sol30 আদি ঔষধ সমূহ সফল ভাবে ব্যৱহাৰ কৰিব পৰা যায়।

           শিশুৰ পেটৰ সমস্যা হলে, পায়খানা হলে Chemomilla30, Antim crud30, Croton tiglium30, Podophyllum30, Lycopodium30,Chaina30 আদি ঔষধ ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰিব পৰা হয়।

          আমাৰ চিকিৎসা সেৱা প্ৰতিষ্ঠান “ডাক্তৰ হৰিচ হোমিঅপেথিক এণ্ড ফিজিঅথেৰাপি ক্লিনিক”ত শিশুৰ যিকোনো ধৰণৰ ৰোগৰ বিশেষ চিকিৎসা সেৱা আগবঢ়োৱা হয়। প্ৰয়োজন সাপেক্ষে যোগাযোৰ কৰিব পাৰে।

যোগাযোগৰ ঠিকনা- 
“ডাক্তৰ হৰিচ হোমিঅপেথিক
এণ্ড ফিজিঅথেৰাপি ক্লিনিক, গোগামুখ-গেৰুকামুখ পথ, 
জিলা ধেমাজি, অসম। ফোন নং- 9954340102

LEAVE A REPLY

Please enter your comment!
Please enter your name here