ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়! সাৱধান ! ৯০ জনৰ এজন আপোনিও হব পাৰে! vitamin d  

0
ভিটামিন-ডি-কমিলে-কি-হয়
ভিটামিন ডি

ভিটামিন ডিৰ অভাবত ৯০ শতাংশ ভাৰতীয়ঃ সাৱধান ! এই ৯০ জনৰ ভিতৰত আপোনিও হব পাৰে!

মানুহৰ শৰীৰত ভিটামিন ডিৰ অভাৱ আজিৰ বিশ্বৰ অন্যতম স্বাস্থ্য সমস্যা ৰূপে পৰিগণিত হৈছে যদিও উপযুক্ত জনসজাগতাৰ অভাৱৰ বাবে এই সমস্যা আজি গুৰুত্বহীন হৈ পৰা দেখা গৈছে। এক সমীক্ষা অনুসৰি বৰ্তমান ভাৰত বৰ্ষৰ ৯০ শতাংশ মানুহ এই ভিটামিন ডিৰ অভাৱত ভুগি আছে। অন্তঃৰাষ্ট্ৰীয় অষ্টিয়পৰোছিছ ফাউণ্ডেচনৰ প্ৰতিবেদন অনুসৰি উত্তৰ ভাৰতত ৯৬ শতাংশ সদ্যজাত কেচুঁৱা, ৯১ শতাংশ স্বাস্যৱান স্কুলীয়া ছাত্ৰী আৰু ৮৪ শতাংশ গৰ্ভৱতী মহিলা ভিটামিন ডিৰ অভাৱত ভুগা বুলি প্ৰকাশ কৰিছে।

ভিটামিন ডি কি ?

 আমাৰ শৰীৰত থকা চৰ্বী দ্ৰৱীভূত (fat soluble)  চাৰিবিধ ভিটামিনৰ ভিতৰত ডি অন্যতম। ভিটামিন ডি আকৌ দুই প্ৰকাৰৰ- ভিটামিন ডি-২ (D2) আৰু ভিটামিন ডি-৩ (D3)

তেজত ভিটামিন ডিৰ মাত্ৰা কিমান থাকিব লাগে?

এজন সুস্থমানুহৰ তেজত ৩০-৬০ ng/mL থাকিব লাগে।

২০ ng/mL ৰ তলত থাকিলে ভিটামিন ডিৰ অভাৱ হোৱা বুলি কোৱা হয়।

২১-২৯ ng/mL ভিটামিন দি থাকিলে পৰ্য্যাপ্ততকৈ কম আৰু

৬০ ng/mL তকৈ অধিক থাকিলে মাত্ৰাধিক বুলি কোৱা হয়।

সাধাৰণতে স্বাভাৱিক অৱস্থাত মানুহ এজনক দৈনিক ৪০০-৬০০ IU ভিটামিন ডিৰ প্ৰয়োজন হয়। 

ভিটামিন ডিৰ অভাৱ হলে কি কি লক্ষণ প্ৰকাশ পাব পাৰে?

মানুহৰ শৰীৰত ভিটামিন ডিৰ অভাৱ ঘটিলেও ইয়াৰ লক্ষণ সমূহ সহজতে প্ৰকাশ নাপাবও পাৰে। ইয়াৰ সাধাৰণ লক্ষণ সমূহ হল-

  • অত্যন্ত ভাগৰুৱা বা ক্লান্তি অনুভৱ কৰা।
  • মাংসপেক্ষীৰ সংকোচন।
  • মাংসপেক্ষীৰ অত্যধিক বিষ হোৱা।
  • শৰীৰৰ যোৰা বা গাঠিঁ গাঠিঁ বিষ।
  • অত্যাধিক ওজন বৃদ্ধি পোৱা।
  • হাইপ্ৰেচাৰ বা উচ্চ ৰক্তস্ৰাৱ।
  • মানসিক অশান্তি আদি।

ভিটামিন ডিৰ অভাব হোৱাৰ সম্ভাৱনা কাৰ বেছি থাকেঃ

  • স্তনপান কৰোৱা মহিলা।
  • দুগ্ধপান কৰি থকা শিশু।
  • নিৰামিষহাৰী লোক।
  • বয়োজ্যেষ্ঠ লোকসকল।
  • অত্যধিক শকত ব্যক্তি সকল।
  • হজম শক্তিৰ অভাৱ বা পেটৰ বেমাৰত দীৰ্ঘদিন ধৰি ভুগি থকা লোক।
  • কিছুমান জটিল অস্ত্ৰোপচাৰৰ পিছতো ভিটামিন ডিৰ অভাৱ পৰিলক্ষিত হয়।
  • কিছুমান ঔষধ যেনে- anti convulsion, কিছুমান ষ্টেৰইড যেনে- Glucocorticoid, এইডচ্ বা HIV ৰ ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে ঔষধ সেৱন কৰা ব্যক্তিৰ ভিটামিন ডি ধ্বংসপ্ৰাপ্ত হৈ অভাৱ পৰিলক্ষিত হব পাৰে।
ভিটামিন ডি আমাৰ শৰীৰক কিয় প্ৰয়োজন?

আমাৰ স্বাস্থ্য ৰক্ষাত ভিটামিন ডিৰ ভূমিকা অপৰিসীম। ইয়াৰ প্ৰয়োজনীয়তাৰ থুলমোল আভাস দাঙি ধৰা হল-

১) হাড়ৰ বেমাৰৰ পৰা হাত সাৰিবলৈ ভিটামিন ডিৰ প্ৰয়োজনঃ

– কিছুমান বুঢ়া মানুহ ভাৰসাম্যহীন হৈ কেতিয়াবা পৰি যোৱা ঘটনা আমি প্ৰায়েই দেখা পাওঁ আৰু ইয়াৰ ফলত কেতিয়াবা হাত, ভৰি আদিৰ হাড় ভাঙি যোৱা ঘটনাও সংঘটিত হোৱা দেখিবলৈ পাওঁ। ইয়াৰ মূলকাৰণ ভিটামিন ডি, উপযুক্ত মাত্ৰাত ভিটামিন ডি গ্ৰহন কৰিলে এই সমস্যাটোৰ পৰা হাত সাৰিব পাৰে। ভিটামিন ডিৰ অভাৱত হাড় ক্ষয় হয়, অস্তিঅ’মেলাচিয়া, অস্থিঅ’পেনিয়া, অস্থিঅ’পৰোচিচ্ ইত্যাদি সমস্যা হয়, হাড়ৰ স্থিতিস্থাপকতা নোহোৱা হৈ সহজতেই হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

২) হৃদৰোগ আৰু ৰক্তসঞ্চালন তন্ত্ৰৰ ৰোগ প্ৰতিৰোধ:-

ভিটামিন ডিৰ অভাৱত উচ্চ ৰক্তচাপ, হাইপাৰলিপিডেমিয়া, peripheral vascular disease, coronary artery disease, myocardial infarction বা হাৰ্ট এটেক, হাৰ্ট ফেইলৰ আৰু আদি হৃদৰোগ আৰু ৰক্তসঞ্চালন তন্ত্ৰ সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

৩) ভিটামিন ডিয়ে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে  –

সূৰ্য্যৰ পোহৰ ভিটামিন ডিৰ প্ৰাথমিক উৎস। এক গৱেষণাৰ তথ্যত সূৰ্য্যৰ ৰ’দ আৰু কৰ্কট ৰোগৰ মাজত সম্বন্ধ পোৱা গৈছে। শৰীৰত সময় অনুপাতে ৰ’দ লগালে শৰীৰে সূৰ্য্যৰ ৰশ্মিৰ পৰা ভিটামিন ডি আহৰণ কৰিলয় আৰু ই ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে।

৪) মাংসপেশীৰ বিষঃ

ভিটামিন ডিৰ অভাৱৰ ফলত মাংসপেশীসমূহ খুব দূৰ্বল হয়। যাৰ বাবে বিষৰ সৃষ্টি হব পাৰে। ভিটামিন ডিৰ পৰিপূৰক সেৱন কৰি এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।

৫) সংক্ৰমণ প্ৰতিৰোধ :-

শীতকালত কিছুমান মানুহ প্ৰায়েই শ্বাস প্ৰশ্বাস জনিত সংক্ৰমণত আক্ৰান্ত হয়। ভিটামিন ডিৰ অভাৱ ইয়াৰ অন্যতম কাৰণ হব পাৰে।

৬) ডিপ্ৰেছন –

ভিটামিন ডিৰ অভাৱৰ ফলত ৮-১৪ শতাংশ ডিপ্ৰেছনৰ সম্ভাৱনা বৃদ্ধি পায় গৱেষণাত প্ৰকাশ। ভিটামিন ডিৰ অভাৱে আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰে বুলি গৱেষণাত পোৱা গৈছে।

৭) Multiple sclerosis :-

ভিটামিন ডিৰ অভাৱত শৰীৰত Multiple sclerosis নামৰ স্নায়ুতন্ত্ৰৰ ৰোগ বিধ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়।

৮) ডায়েবেটিচ :-

যিসকল লোকৰ তেজত ভিটামিন ডিৰ পৰিমাণ কম থাকে তেনে লোকৰ  type 2 ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বেছি থাকে বুলি গৱেষণাৰ তথ্য পোৱা গৈছে।

৯) প্ৰদাহ বা Inflammation :-

এক গৱেষণাৰ তথ্য অনুসৰি ভিটামিন ডিৰ অভাৱৰ ফলত শৰীৰত প্ৰদাহযুক্ত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকৰ তেজত ভিটামিন ডিৰ পৰিমাণ ২১ng/mL ৰ তলত থাকে তেনে লোকৰ তেজৰ CRP (C- Reactive protein) বাঢ়ি আৰ্থাটিচ, হৃদপেশীৰ প্ৰদাহ ইত্যাদি প্ৰদাহ জনিত ৰোগে দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি হয়।

১০) শিশু আৰু কিশোৰ কিশোৰীৰ এলাৰ্জী :-

শিশু আৰু কিশোৰ কিশোৰীৰ ওপৰত কৰা তথ্য ভিত্তিক অধ্যয়নৰ পৰা গম পোৱা গৈছে যে যিসকলৰ শৰীৰৰ তেজত ১৫ ng/mL ত কৈ কম ভিটামিন ডি থাকে তেনে শিশু এলাৰ্জী হোৱাৰ প্ৰবণতা বেছি হয়।

১১) দাঁতত হোৱা কেভিটি বা গহ্বৰ :-

ভিটামিন ডিৰ অভাৱৰ বাবেই দাঁত ক্ষয় হৈ গহ্বৰ বা কেভিটিৰ সৃষ্টি হোৱা তথ্যও গৱেষণাত পোৱা গৈছে।

১২) লিংগ শিথিলতা বা erectile dysfunction :-

ভিটামিন ডিৰ অভাৱত পুৰুষৰ লিংগলৈ ৰক্তসঞ্চালন বাধাপ্ৰাপ্ত হৈ লিংগ শিথিলতা বা erectile dysfunction ৰ সৃষ্টি হব পাৰে। কিয়নো ভিটামিন ডিৰ অভাৱত হৃদৰোগ বা ৰক্তসঞ্চালন তন্ত্ৰ প্ৰভাৱিত হয় ।

ভিটামিন ডি কি কি খাদ্যত পোৱা যায়?

 সূৰ্য্যৰ ৰ’দ হল ভিটামিন ডিৰ মুখ্য উৎস । আমি সকলোৱে কম বেছি পৰিমানে সূৰ্য্যৰ ৰ’দৰ পৰাই আমান শৰীৰক প্ৰয়োজনীয় ভিটামিন ডি পাওঁ। কিছুমান খাদ্য পদাৰ্থতো স্বাভাৱিকতে ভিটামিন ডি থাকে। যেনে- মাছ, মাছৰ ক’ড লিভাৰ অইল, তেলাল মাছ যেনে – চালমন, তুনা ইত্যাদি সাগৰীয় মাছ, কনীৰ কুহুঁম, কিছুমান কাঠফুলা, সৰ তোলা গাখীৰৰ দৈ (Yogurt) , কমলাৰ টেঙা, পনীৰ (cheese) ইত্যাদি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here