চ’ৰিয়াচিছ (psoriasis homeopathic medicine)

0
চ’ৰিয়াচিছ-ৰোগৰ-কাৰণ-কি?
চ’ৰিয়াচিছ ৰোগৰ কাৰণ কি?

’ৰিয়াচিছ

আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত অতি ব্যাপক ভাবে দেখা দিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা চ’ৰিয়াচিছ। এবাৰ যদি এই বেমাৰ কেনেবাকৈ হবলৈ হয় তেনে হলে গোটেই জীৱন পিছ এৰিবই নুখুজে! চিকিৎসা কৰি কৰি ৰোগী ভাগৰী পৰে। আজি আমি আলোচনা কৰিম চ’ৰিয়াচিছ কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণ আৰু প্ৰকাৰৰ বিষয়েও আলোচনা আগবঢ়াম।

শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশপোৱা অনুসৰি কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেই ৮ মিলিয়নতকৈও বেছি মানুহ এই চ’ৰিয়াচিছ ৰোগত আক্ৰান্ত। সমগ্ৰ বিশ্বৰ প্ৰায় ১২৫ মিলিয়ন লোক এই চ’ৰিয়াচিছৰ সমস্যাত ভূক্ত ভোগী। অৰ্থাত মুঠ জনসংখ্যাৰ ৩ শতাংশ লোকৰ এই চ’ৰিয়াচিছৰ সমস্যা আছে।

চ’ৰিয়াচিছ ৰোগৰ কাৰণ কি?

এই ৰোগৰ সঠিক কাৰণ কি বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চ’ৰিয়াচিছক auto Immune ডিজিজৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। Auto Immune ডিজিজ কি, ইয়াক জানিবলৈ প্ৰথম আমি আমাৰ দেহৰ এন্টিবডি বা ৰোগ প্ৰতিৰোধী ক্ষমতা কি তাক জানিব লাগিব।

আমাৰ শৰীৰত যি ৰোগ প্ৰতিৰোধী ক্ষমতা বা এন্টিবডি আছে, এইবোৰে আমাৰ শৰীৰত হানিকাৰক উপাদান যেনে- বেক্টেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু যাক Antigen বুলি কওঁ, এই Antigen বোৰ শৰীৰত প্ৰৱেশ কৰিলে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশকৰি এই বোৰক ধংস কৰি আমাক সুস্থ কৰি ৰখা।

এই এন্টিবডিবোৰ আমাৰ শৰীৰৰ তেজত একেৰাহে চলাচল হৈ থাকে আৰু যেতিয়া কিবা Antigen ৰ উপস্থিতিৰ উমান পায় তেনে হলে এই Antigen বোৰক সংলগ্নকৰি ধৰি ৰাখি বাকী কোষবোৰলৈ সংকেট প্ৰেৰণ কৰি দিয়ে আৰু এইবোৰে আহি Antigen বোৰক আক্ৰমন কৰি ধংস কৰিবলৈ আৰম্ভ কৰি দিয়ে। ই আমাৰ শৰীৰৰ সাধাৰণ ৰোগ প্ৰতিৰোধী ব্যৱস্থা।

চ’ৰিয়াচিছ বেমাৰত এই এন্টিবডিবোৰে নিজৰ শৰীৰৰ ছালৰ কোষবিলাককে Antigen বা বাহিৰৰ পৰা দেহত প্ৰবেশ কৰা বেমাৰৰ বীজাণু বুলি ভাবি লয় আৰু ধংস কৰিবলৈ আৰম্ভ কৰি দিয়ে। যাৰ বাবে এই চ’ৰিয়াচিছ নামৰ জটিল Auto Immune ৰোগৰ উৎপত্তি হয়।

চ’ৰিয়াচিছ ৰোগ কিয় হয়?

বিশেষকৈ উশৃংখল জীৱন যাপন, বিভিন্ন ধৰণৰ অখাদ্য গ্ৰহণ, জীৱন শৈলীৰ পৰিৱৰ্তণ আদি কাৰণত এই ৰোগ হব পাৰে।

বিভিন্ন ধৰণৰ সংক্ৰমণৰ কাৰণেও এই ৰোগ হব পাৰে।

চালত হোৱা আঘাট যেনে কটা-চিঙা, জুইয়ে পোৰা, চানবাৰ্ন (sunburn) ইত্যাদিৰ ফলত সেই ঠাইটুকুৰাত বা তাৰ আশেপাশে এইৰোগৰ উৎপত্তি হব পাৰে।

বিষ নাষক ঔষধ, হাড্ৰক্সিক্ল’ৰ’কুইন, বিটা ব্লকাৰ আদি উচ্চ ৰক্তচাপত ব্যবহৃত কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

মেদবহুলতাৰ বাবেও এই ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

আপেনালোকে হয়তো কেতিয়াবা মন কৰিছে অতি শকত লোকৰ ছালৰ ভাজত যেনে ব্ৰেষ্টৰ তলৰ অংশত বা পেটৰ ছৰ্বী ওলমি থকা অংশৰ তলত কিছুমান মানুহৰ চ’ৰিয়াচিছৰ উৎপতি হোৱা দেখা যায়।

শৰীৰৰ পৰিপুষ্টিৰ অভাৱৰ বাবেও চ’ৰিয়াচিছ হোৱা দেখা যায়।

কেতিয়াবা গৰ্ভাৱস্থাত চ’ৰিয়াচিছৰ উৎপত্তি হোৱা দেখা যায়।

বংশগত কাৰণতো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। যদি ককাক আইটাক বা মাক দেউতাকৰ এই ৰোগ আছিল তেনে হ’লে সতি সন্ততিৰো এই ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়।

চ’ৰিয়াচিছ ৰোগ সোঁচৰা নেকি?

বহুতেই প্ৰশ্নকৰে বা বহুতৰে মনত সন্দেহ হয় যে এই ৰোগ সোঁচৰা নেকি? এই ৰোগ সোঁচৰা নহয়, ইয়াকলৈ শংকাৰ কোনো কাৰণ নায়।

চ’ৰিয়াচিছ ৰোগত ভুগাৰ সম্ভাৱনা কাৰ থাকে?

শিশুৰ পৰা বৃদ্ধ লৈকে যিকোনো ব্যক্তিৰ এইৰোগত ভুগিব পাৰে। সাধাৰণতে ২০/৩০ বছৰ বয়সৰ  লোক এইৰোগ বেছিকৈ ভুগা দেখা যায়।।

চ’ৰিয়াচিছৰ লক্ষণ

পচণ্ড খজুৱতীৰ লগতে ৰঙা, মটীয়া, বগা মাছৰ বাকলীৰ দৰে তৰপ তৰপ অনুজ্জল, ৰোক্ষ, ফাটি যোৱা ডাঠ চালৰ তৰপ দেখা যায়।

হাতৰ কিলাকুটিত, আঠুঁত, পেট, বুকু, মূৰৰ পিছফালে তৰপ তৰপ ডাঠ উফিৰ নিচিনা লেতেৰা চামনি দেখা যায়।

চালৰ ডাঠ তৰপটো উঠায় দিলে খজুৱাই দিলে সামান্য তেজ ওলায়।

কেতিয়াবা হাত আৰু ভৰিৰ নখতো এইৰোগ হোৱা দেখা যায়। হাত ভৰিৰ নখত চ’ৰিয়াচিছ ৰোগ হলে নখ বিকৃত হোৱাৰ লগতে ইয়াৰ স্বাভাৱিক বৰণ সলনি হয় আৰু নখবোৰ মৰি আঙুলিৰ পৰা উঠি যাব পাৰে।

দীৰ্ঘ দিন ধৰি চ’ৰিয়াচিছ ৰোগ হৈ থাকিলে গাঠীঁবিলাক ফুলি উঠি গাঠীঁৰ বিষ (arthritis) হব পাৰে।

চ’ৰিয়াচিছৰ প্ৰকাৰৰঃ

চ’ৰিয়াচিছ ভালগাৰিচ্:-

সাধাৰণতে এইবিধ চ’ৰিয়াচিছ ৰোগেই বেছিকৈ দেখা যায়। চ’ৰিয়াচিছ ভালগাৰিচ সৰ্বসাধাৰণতে কিলাকূটি, আঁঠু, মূৰৰ পিছফালে চালত, কঁকাল, পিঠি আদিত বেছিকৈ হোৱা দেখা যায়। চ’ৰিয়াচিছ ভালগাৰিচত চালৰ ওপৰত চিলভাৰ কালাৰৰ ডাঠ তৰপৰ পৰে আৰু চালত কম বেছি পৰিমানে খজুঁৱতি থাকে। কেতিয়াবা আক্ৰান্ত অংশত খজুৱালে তেজ তেজ বিৰিঙে।

গেটেট চ’ৰিয়াচিছ(Guttate Psoriasis):-

কম বসয়ীয়া লোকৰ মাজত এইবিধ চ’ৰিয়াচিছ বেছিকৈ দেখিবলৈ পোৱা যায়। গ’লৰ সংক্ৰমণ, মানসিক চাপ বা আঘাত বা কোনো ঔষধৰ পাৰ্শ্চক্ৰিয়াৰ ফলত মূলতঃ বুকু, ভৰি বা বাহুৰ ওপৰত ঘূৰণীয়া আকৃতিৰ পাতল ৰঙা ৰঙা ফুট ফুট দাগ দেখা যায়।

নখৰ চ’ৰিয়াচিছ

নখত চ’ৰিয়াচিছ নখৰ আকৃতি, ৰং, গঠনৰ বিকৃতি ঘটে। নখবোৰ ফাঁট মেলিব পাৰে আৰু আঙুলীৰ পৰা এৰি আহাৰ সমস্যা হব পাৰে।

মূৰৰ চ’ৰিয়াচিছ

মূৰৰ ওপৰৰ যি থাইত হয় সেই থাইৰ চালখন ৰঙা পৰি খঁজুৱাই আৰু সেই থাই ডোখৰৰ চুলি সৰিব ধৰে আৰু বগা উফিৰে ভৰ্তি হোৱা দৰে হয়।

ইনভাৰ্চ(Inverse Psoriasis)

অত্যন্ত শকত লোকৰ এইবিধ চ’ৰিয়াচিছ হোৱা দেখা যায়। বিশেষকৈ কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয়ৰ কাষত বা স্তনৰ তলত বগা উজ্জল দাগ হব পাৰে। খজুঁৱতিৰ লগতে কেতিয়াবা বিষো হব পাৰে। বেছিকৈ ঘঁহনি খালে বা খজুৱালে ই বাঢ়ি যায়।

পাচটুলাৰ চ’ৰিয়াচিছ (Pustular Psoriasis)

এবিধ অতি সাংঘাটিক ধৰণৰ চ’ৰিয়াচিছ। এইবিধ চ’ৰিয়াচিছ হলে ব্যক্তি জনৰ সম্পূৰ্ণ শৰীৰটোত ছাল যোৱাৰ নিচিনা হয় আৰু চালৰ তলত অলপ অলপ পুঁজ জমা হয়। কেতিয়াবা জ্বৰ, বিষ, খজুৱতি, দুৰ্বলতা ইত্যাদিও হব পাৰে।

এৰিথ্ৰডাৰমিক (Erythrodermic Psoriasis)

Erythrodermic Psoriasis চ’ৰিয়াচিছ হলে শৰীৰৰ ৮০ শতাংশ পৰ্য্যন্ত বিয়পি যাব পাৰে। Erythrodermic Psoriasis চ’ৰিয়াচিছত আক্ৰান্ত হলে মানুহজনৰ শৰীৰৰ তাপমাত্ৰা সলনি হব, হৃদযন্ত্ৰৰ ধৰফৰণি বাঢ়ি যায় আৰু শৰীৰৰ চালবিলাক এৰি যাব ধৰে আৰু চালত জ্বলন পোৰণি হয়। থিকমতে চিকিৎসা নকৰিলে ইয়াৰ ফলত মানুহৰ মৃত্যু পৰ্য্যন্ত হব পাৰে।

Arthritis চ’ৰিয়াচিছ

একেৰাহে বহু বছৰ ধৰি চ’ৰিয়াচিছত আক্ৰান্ত হলে শৰীৰৰ গাঁঠিবিলাক আক্ৰান্ত হৈ গাঁঠিৰ বিষ হব পাৰে আৰু গাঁঠিবিলাক ফুলিব পাৰে, যাক ইংৰাজীত Arthritis বুলি কোৱা হয়।

চ’ৰিয়াচিছৰ ফলত হব পৰা জটিলতা

চ’ৰিয়াচিছৰ পৰা কিছুমান জটিলতা আহিব পাৰে।

যেনে চালখন ডাঠ হৈ যাব পাৰে অতিমাত্ৰা খজুৱতিৰ ফলত সেই থাইত ইনফেকচন হব পাৰে বা বেক্টেৰিয়াৰ সংক্ৰমণ ঘটিব পাৰে।

Pustular Psoriasis ৰ ফলত শৰীৰত ডিহাইড্ৰেছন আৰু ইলেকট্ৰলাইটৰ ভাৰসাম্য হীনতা হব পাৰে। হীনমন্যতা, মানসিক আশান্তি, চকুৰ জটিলতা- যেনে: য়ুভিয়াইটিচ্, কনজাংটিভাইটিচ্, চকুৰ পতাৰ সংক্ৰমণ।

হৃদৰোগ :- ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বী বঢ়া।

স্নায়ুজনিত:- পাৰ্কিনচন বেমাৰ। কিডনীৰ অসুখ। ডায়েবেটিছ। শৰীৰৰ বিপাক সম্পৰ্কীয় ৰোগ, Irritable bowel syndrome, Crone’s disease, Multiple sclerosis ইত্যাদি। কৰ্কট ৰোগ, আৰ্থাটিচ (গাঁঠিৰ বিষ)। হোমিঅপেথিক চিকিৎসা আৰু আৰু জীৱনশৈলীৰ পৰিৱৰ্তণৰ জড়িয়তে এই বেমাৰৰ পৰা সহজে আৰোগ্য লাভ কৰিব পৰা যায়।

হোমিঅপেথিক চিকিৎসাঃ

চ’ৰিয়াচিছৰ যিহেতু এক জটিল ৰোগ, ই এক প্ৰকাৰ Auto Immune ডিজিজ হয়, গতিকে ইয়াক ভাল কৰিবৰ বাবে ধৰ্য্যসহকাৰে চিকিৎসা কৰি ঔষধ গ্ৰহণ কৰিব লাগিব। আমি দেখিবলৈ পাওঁ এনেকুৱা বহু ৰোগী আছে যি ১/২ মাহ ঔষধ গ্ৰহণ কৰাৰ পিছতেই ভাগৰি পৰে বা বেলেগ বেগ ঔষধৰ ট্ৰাইল আৰম্ভ কৰে। এনেকুৱা কৰিলে ৰোগীয়ে অসুবিধাৰ সন্মুখীন হব পাৰে। গতিকে অলপ ধৰ্য্যসহকাৰে ঔষধ গ্ৰহণ কৰিলে নিশ্চত ভাবে আপোনালোকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

     এনে ধৰণৰ ৰোগীক চিকিৎসকে সুক্ষ্মভাবে পৰ্যবেশন কৰাতো অতি জৰুৰী। ৰোগীৰ পৰ্যবেশনৰ পাছত সঠিক ঔষধ নিৰ্বাচন কৰা হয়। গতিকে আপোনালোকৰ যদি এনে সমস্যা হয় নিশ্চিত ভাবে এজন অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষ চাপিব, নিশ্চত ভাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

     ইয়াতে মই সৰ্বসাধাৰণতে এই চ’ৰিয়াচিছত ব্যৱহাৰ হোৱা কেইটামান ঔষধৰ বিষয়ে উল্লেখ কৰিছো ব্যৱহাৰৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

R-65, চ’ৰিয়াচিছৰ বাবে এটা উৎকৃষ্ট জাৰ্মান কম্বিনেচন হয়। এই ঔষধটোৰ পৰা ১০ টোপালকৈ দিনে ৩ বাৰ ১/৪ কাপ পানীৰ লগত খাদ্যা খোৱাৰ আধা ঘন্টাৰ আগত খাব। লগতে R-21  এই ঔষধটোও ১০ টোপালকৈ ১/৪ কাপ পানীৰ লগত দিনে ৩ বাৰকৈ খাব যথেষ্ট ভাল ফল লাভ কৰিব। ইয়াৰ উপৰিও হোমিঅপেথিক ঔষধ Arsenic Alb, Graphites, Sulphur, Petroleum, Calcaria Carbonica, Staphysagria, Mercuria, Rhus Tox, Mezereum আদি বহু মেডিচিন আছে এইবোৰ ৰোগীক চোৱাৰ পাছত নিৰ্বাচন কৰি গ্ৰহণ কৰিবলৈ দিয়া হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here