কৰ’না ভইৰাছৰ ভেকচিন ওলাল!

0
কৰোণাৰ-ভেকচিন-ওলাল!
কৰোণাৰ ভেকচিন ওলাল!

কৰ’না ভইৰাছৰ ভেকচিন ওলাল!

যেনিয়েই যাওঁ এটাই মাত্ৰ প্ৰশ্ন কৰ’না ভইৰাছৰ ভেকচিন ওলাল? ভেকচিন কি, কিয় লব লাগে, ইয়াৰ বিষয়ে কোনোধৰণক জ্ঞান নথকা লোক, চহা গাৱলীয়া, হালোৱা, হজুৱা সকলোৰে এটাই প্ৰশ্ন কৰ’না ভইৰাছৰ ভেকচিন ওলালনে? কেতিয়া ওলাব, ২/৩ মাহৰ ভিতৰত আমি পামনে?

আচলতে কোনো ৰোগৰ ভেকচিন প্ৰস্তত কৰাটো ইমান সাধাৰণ কথ নহয়। বিজ্ঞানী সকলৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, বহু সময় আৰু অৰ্থৰ বিনিময়তহে একো একোটা ভেকচিনে পূৰ্ণতা লাভ কৰে।

বহু বিজ্ঞানীৰ নিৰন্তৰ সাধনা অৰু কষ্টৰ ফলত এতিয়ালৈকে বিশ্বত প্ৰায় ২৮ বিধ ৰোগৰ বিৰুদ্ধে চিটা বা ভেকচিন প্ৰস্তুত হৈছে আৰু এইবোৰ ব্যৱহাৰ কৰি বিভিন্ন মাৰাত্মক বেমাৰৰ পৰা প্ৰাণ বছাবলৈ সক্ষম হৈছো।

এডৱাৰ্ড জেনাৰৰ স্মলপক্সৰ ভেক্সিন, লুই পেষ্টিউৰৰ এনথ্ৰাক্স (Anthrax) আৰু জলাতংক ৰোগৰ ভেকচিনৰ পৰা এই সকলোবোৰ ভেকচিনৰ ইতিহাস চালে আমি দেখিবলৈ পাওঁ এই বোৰ প্ৰস্তুত কৰোতে ১/২ বছৰ নহয় ১৫ ৰৰ পৰা ২৫ বছৰ সময়ৰ প্ৰয়োজন হৈছিল আৰু আৰু হাজাৰ কৌটি টকাৰ খৰচৰ বিনিময়ত এইবোৰ প্ৰস্তুত কৰা হৈছিল।

বৰ্তমান সময়ত অতি দ্ৰুত গতিত কৰ’না ভইৰাছৰ ভেকচিনৰ প্ৰস্তুতিৰ গৱেষণা চলি আছে আৰু ই অতি সোনকালে সফল হব।

কিন্তু ইয়াতে অপোনালোকক এটা কথা কৈ থওঁ- যিটো চিকেন পক্স (Chicken Pox) বা মাজু আইৰ, ভেকচিন প্ৰস্তুত হওঁতে সময় লাগিছিল সুদীৰ্ঘ ২৫ বছৰ।

কেন্সাৰ প্ৰতিৰোধী HPV ভেকচিনৰ বাবে সময় লাগিছিল ১৫ বছৰ।

ৰোটা ভাইৰাছৰ ভেকচিনৰ বাবে সময় লাগিছিল ১৫ বছৰ আৰু আন ২৬ বিধ ভেকচিনৰ প্ৰস্তুত কৰোতে ১০ বছৰৰ উপৰত সময়ৰ প্ৰয়োজন হৈছিল।

আচলতে এই ভেকচিন নো কি? একেবাৰে সহজ ভাবে কবলৈ গলে-কোনো এক বীজাণুকে সৰলীকৃত কৰি অৰ্থাত বীজাণুটোৰ বিনাষকাৰী গুণবোৰ নাইকিয়া কৰি লৈ সেই বিধ বিজাণুকে মানুহৰ দেহত খোমোৱাই দিয়া হয়। যেনে বসন্তৰ বীজাণু ভেৰিয়লা (Variola) বীজাণুকে ভেকচিনৰ দ্বাৰা সৰলীকৃত কৰি দেহত খোমোৱাই দিয়া হয়। দেহত বাহিৰৰ পৰা এনেদৰো সোমোৱাই দিয়া প্ৰক্ৰিয়াটোক ভেকচিনেচন বুলি কোৱা হয়।

ভেকচিনেচনৰ দ্বাৰা ৰোগৰ বীজানুৰ দূৰ্বল ৰূপটো আমাৰ শৰীৰত প্ৰবেশ কৰাৰ ফলত আমাৰ শৰীৰৰ যি ইমিউন ছিষ্টেম (Immune System) আছে সেই ছিষ্টেমটো সক্ৰীয় হৈ উঠে আৰু এই বীজাণু বা (Antigen)বোৰৰ বিৰুদ্ধে যুযঁ কৰিবলৈ এন্টিবডীৰ সৃস্টি হয় আৰু এই শত্ৰুৰূপী বীজাণুক ধংসকৰি বেমাৰৰ পৰা আমাক বছাই ৰাখে।

বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ প্ৰায় ১০০ টাতকৈও অধিক প্ৰতিষ্ঠানে এই কোভিড-১৯ বিৰুধী ভেকচিন প্ৰস্তুতিৰ বাবে দিন ৰাত একাকাৰ কৰি গৱেষণা চলাই আছে। ইয়াৰে নভাভেকচ (Novavax), মডাৰ্না (Moderna), কেনচিনো (Cansiono), ফাইজাৰ(Pfizer), জনচন এণ্ড জনচন(Johnso and Johnson), চেনফি(Sanofi), অক্সফড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰা জেনেকা(Astra Zeneca) ই গৱেষণাৰ যথেষ্ট অগ্ৰগতি হোৱাবুলি দাবী কৰিছে।

ভয় আৰু উদ্বিগ্নতা, পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ মৃত্যুৰ বিভিষিকা, অৰ্তনৈতিক দূৰাৱস্থা আৰু পৃথিৱীৰ সম্ভাব্য ধংসৰ ভয়ানক ৰূপটোৰ বাবে তস্ত্ৰমান সমগ্ৰ বিশ্ব।

এনে এক দূৰ্যোগপূৰ্ণ সময়তো পৃথিৱীৰ মানৱ জাতিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছ আমেৰিকা যুক্তৰাষ্ট্ৰক মৰ্ডানা নামৰ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। তেওঁলোকে ইতি মধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পৰ্ণ কৰিছে আৰু ইতিমধ্যে দ্বীতীয়টো পৰীক্ষণো সম্পৰ্ণ কৰা হব বুলি জানিব পৰা গৈছে।

এই ভেকচিনৰ প্ৰস্তুতৰ বাবে পূৰ্বৰ অভিজ্ঞতা আৰু উন্নত প্ৰযুক্তি বিদ্যাই যথেষ্ট লাভবান কৰিছে গৱেষক তথা বিজ্ঞানী সকলক। ২০০৩ চনত পৃথিৱীত যি ছাৰ্ছ (SARS) মহামাৰী হৈছিল আৰু ২০১২ চনত MERS নামৰ আন এক মহামাৰীয়ে দেখা দিছিল। এই ছাৰ্ছ আৰু মাৰ্ছৰ যি SARS-CoV-1, আৰু MERS-CoV কৰোনা ভাইৰাছৰে এটা নতুন ভাইৰাছ SARS-CoV-2.

আমি আশাকৰিম এই নতুন কৰ’না ভইৰাছৰ প্ৰতিৰোধৰ যি শক্তিখেল ই নিশ্চিতভাবে প্ৰস্তুত হব আৰু পৃথিৱীৰ বুকুৰ পৰা এই মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ নোহোৱা হব। পৃথিৱী পুনৰ হাঁহিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here