অনিয়মীয়া মাহেকীয়া

2
অনিয়মীয়া মাহেকীয়া

অনিয়মীয়া মাহেকীয়াৰ হোমিঅপেথিক চিকিৎসাঃ

মাহেকীয়া-অনিয়মীয়া
মাহেকীয়া অনিয়মীয়া

ৰ্তমান সময়ত মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যা সমূহ বৃদ্ধি হোৱা দেখা গৈছে। মাহেকীয়া সময়ত পেটৰ বিষ হোৱা, বগাস্ৰাব হোৱা ইয়াৰ লগতে আন্য এক সমস্যাও দ্ৰুত গতিত বাঢ়িছে। সেইটো হ’ল ঋতুস্ৰাবৰ বিসংগতি বা অনিয়মীয়া ঋতুস্ৰাব। আজি মই আপোনালোকক এই লেখাটোৰ জৰিয়তে মহিলা যুৱতীৰ আনিয়মীয়া মাহেকীয়াৰ বিষয়ে কম। লগতে এই সমস্যা কিয় হয়? আৰু কি কি হোমিঅপেথিক ঔষধ ব্যৱহাৰ কৰিলে এই অনিয়মীয়া মাহেকীয়া সমস্যাৰ পৰা সহজতে মুক্ত হ’ব পাৰিব সেই বিষয়েও এই আলোচনা কৰিম।

এতিয়া আহো মহীলাৰ অনিয়মীয়া মাহেকীয়া সমস্যালৈঃ

অনিয়মীয় মাহেকীয়া সমস্যাৰ বিষয়ে কোৱা আগতে আপোনালোকক নিয়মীয়া মাহেকীয়া বিষয়ে কিছু কথা কম।
নিয়মীয়া মাহেকীয়া হল যেতিয়া যুৱতী এগৰাকীৰ ১৪ বছৰ বয়স হয় তেতিয়া পৰা প্ৰথম মাহেকীয়া আৰম্ভ হয়। (আজি কালি পিছে প্ৰায় ১০-১২ বছৰ বয়সৰ পৰাই মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হোৱা দেখা যায়।)
এই ১০-১২ বছৰ বয়সতে আৰম্ভহৈ ৪০-৪৫ বছৰ বয়সলৈকে প্ৰতি মাহে মাহে ঋতুস্ৰাৱ হয়।
যেতিয়া প্ৰথম মাহেকীয়া হয় সেই সময়খিনিক menarche বুলি কোৱা হয় আৰু একেবাৰে শেষৰ সময় খিনিক (৪০-৪৫ সেই সময় খিনিক) menopausal বুলি কোৱা হয়।
প্ৰথম অৰ্থাৎ মেনোপজেল সময় খিনিত ঋতুস্ৰাৱ অনিয়মীয়া হয়। কিন্ত ইয়াৰ মাজৰ সময় খিনিত যদি কিবা কাৰণত অনিয়মীয়া হয় সেই সমস্যাটোক অনিয়মীয়া মাহেকীয়া বুলি কোৱা হয়।
এগৰাকী মহিলাৰ প্ৰতি মাহৰ ২৮-৩০ দিনৰ মূৰে মূৰে ঋতু হয়। যদি কোনোবা মাহৰ এক তাৰিখে ঋতুস্ৰাব হয় তেনেহলে ২৮ দিনৰ মূৰত বা ৩০ দিনৰ মূৰত পুনৰ স্ৰাব হয়। এই মাহেকীয়া চক্ৰটো নিয়মিত ভাৱে চলি থাকে আৰু কিছুমানৰ ৪-৫ দিনৰ তাৰতম্য হয়। অৰ্থাৎ ২৮+৫ ইয়াক স্বাভাৱিক বুলিয়েই ধৰা হয়।
এতিয়া আমি আহো কি কি কাৰণত অনিয়মীয়া ঋতু স্ৰাৱ হব পাৰে। অনিয়মীয়া মাহেকীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হল হৰমনৰ তাৰতম্য।
কিবা কাৰণত যদি মহিলাৰ দেহত হৰমনৰ তাৰতম্য হয় তেনে হলে মাহেকীয়া অনিয়মীত হোয়াটো নিশ্চিত।

মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়া দ্বিতীয় কাৰণ হল- 

যদি জন্মনিয়ন্ত্ৰক ঔষধ নিয়মীত ব্যৱহাৰ কৰে তেনে হলে ঔষধৰ পাৰ্শ্বক্ৰিয়া ৰুপে মাহেকীয়া অনিয়মীয়া হয়।

মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়াৰ তৃতীয় কাৰণঃ

PCOD পলি চিষ্টিক অভাৰীয়ান ডিজিজ হলেও মাহেকীয়া অনিয়মিত হয়।

মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়াৰ চতুৰ্থতেঃ

⇒ যৌন সংক্ৰামক ৰোগ, যেনে-চিফিলিচ, গনৰিয় আদি হলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখিবলৈ পোৱা যায়।
⇒ মানসিক চাপ, নিদ্ৰাহীনতা, বহুত বেছি মানসিক চিন্তা কৰা, ডিপ্ৰেচন আদি হলেও মাহেকীয়া অনিয়মীয়া হব পাৰে।
⇒ ডাইবেটিচৰ কাৰণেও মাহেকীয়া অনিয়মীয়া হব পাৰে।
⇒ থাইৰয়েডো এনে এক বেমাৰ হয় এই, বেমাৰত হৰমনৰ তাৰতম্য বহুত বেছি দেখা যায়। গতিকে এই সমস্যা থাকিলেও মাহেকীয়া অনিয়মীয়া হোৱা দেখা যায়।
⇒ যদি মহিলা গৰাকী টিউমাৰ বা ফাইব্ৰইড হয়, তেতিয়া মহিলা গৰাকী অনিয়মীয়া মাহেকীয়া হোৱা দেখা যায়।
জীৱন ধাৰণৰ প্ৰণালীঃ
যদি মহিলা গৰাকীৰ খাদ্যঅভ্যাস বেয়া হয়, বহুত বেছি পৰিমানে ফাষ্টফুড, জাংফুড খায়, দেহৰ ওজন বৃদ্ধি হয়, অত্যাধিক ছৰ্বি হয় তেনে কাৰণটো অনিয়মীয়া মাহেকীয়া হব পাৰে।
ইয়াৰ ওপৰিও অন্যান্য কাৰণো আছে কিন্ত সৰ্ব্বসাধাৰণতে এই কাৰণ সমূহৰ বাবে অনিয়মীত মাহেকীয়া হোৱা বেছিকৈ দেখিবলৈ পোৱা যায়।

এতিয়া আহো মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়াৰ লক্ষণলৈঃ

⇒ এই সমস্যাৰ বাবে বহুত বেছি ব্লিডিং হব পাৰে।
⇒ মহিলাগৰাকী ঋতু আৰম্ভ হোৱা লগে লগে অত্যাধিক পৰিমান স্ৰাৱ হব যাক আমি চিকিৎসা বিজ্ঞানৰ ভাষাত মেনোৰেজিয়া বুলি কওঁ।
⇒ সাধাৰণতে মাহেকীয়া স্বাভাৱিক ব্লিডিং ৪ ৰ পৰা ৫ দিন মান হে থাকে কিন্ত যদি তাতকৈ বেচি দিন ব্লিডিং হৈ থাকে তেনেহলে বুজিব লাগিব যে আপোনাৰ মাহেকীয়া অনিয়মীয়া হৈছে।

পলিমেনোৰেজিয়াঃ

পলিমেনোৰেজিয়া হল ঘনাই ঘনাই মাহেকীয়া হোৱা। মহিলাগৰাকী মাহেকীয়া হোৱা ১০-১২ দিনৰ পাচতে পুনৰ মহেকীয়া হয়। এনেদৰে পুনৰ পুনৰ ব্লিডিং হৈ থকাতো পলিমেনোৰেজিয়া বুলি কোৱা হয়।

ইয়াৰ পিছত হল মেটৰেজিয়াঃ-

মেটৰেজিয়াৰ লক্ষণ হল একেৰাহে ব্লিডিং হৈ থকা। কেতিয়াবা মহিলা এগৰাকীৰ মাহেকীয়া আৰম্ভ হোৱাৰ পিছৰ পৰা ধাৰাবাহিক ভাৱে ১৫-২০ দিন বা ১মাহ, দুইমাহ, তিনিমাহ লৈকে একেৰাহে ব্লিডিং বন্ধ হবই নিবিচাৰে। এই সমস্যাটোক মেটৰেজিয়া বুলি কোৱা হয়।

মেনমেটৰেজিয়াঃ-

মেনমেটৰেজিয়া হল বহু দিঘলীয়া সময় ধৰি ব্লিডিং হোৱা। ব্লিডিং বহু সময় ধৰি হয় কিন্ত লগতে বহুত হেভি ব্লিডিং হয়। ইয়াৰ কাৰণ হিচাপে হৰমনৰ তাৰতম্য জগৰীয়া হয়।

অলিগ মেনৰিয়াঃ-

অলিগ মেনৰিয়া হল একেবাৰে অনিয়মীয়া মাহেকীয়া। কেতিয়াবা নাম মাত্ৰ ব্লিডিং হয়। আকৌ বন্ধ হয়। দুদিনৰ পিছত পূণঃ কম পৰিমানে দেখা দিয়ে। কোনো ধৰণৰ time limit নাথাকে যেতিয়াই তেতিয়াই হয়।
এমনৰিয়াঃ-

এমনৰিয়া হল মাহেকীয়া একেবাৰেই নোহোৱা। মহিলা গৰাকীৰ ২মাহ ৩মাহ বা কেতিয়াবা ৬মাহ পৰ্যন্ত হৈ গৈছে কিন্তু কোনো ধৰণৰ মাহেকীয়া স্পট এটাও দেখানাই তেনে সমস্যাটোক কোৱা হয় এমনৰিয়া। ইয়াৰ বহু কাৰণ থাকে কেতিয়াবা PCOD কাৰণতো হব পাৰে। কেতিয়াবা থাইৰইডৰ কাৰণেও হব পাৰে। কোতিয়াবা আকৌ ডাইবেটিছৰ কাৰণেও এনে ধৰণৰ সমস্যা দেখা পোৱা যায়।

 ইয়াৰ ওপৰিও অন্য এক লক্ষণ দেখিবলৈ পোৱা যায় সেইয়া হল-
ডিচমেনৰিয়াঃ-
ডিচমেনৰিয়া অৰ্থ হল অশান্তি, অৰ্থাৎ মহিলা গৰাকী যেতিয়া মাহেকীয়া হয় বহুত বেছি অশান্তি ভুগ কৰে। মহিলা গৰাকীৰ প্ৰচণ্ড পেটৰ বিষ হয়, কঁকালৰ বিষ হয়, স্টমাকৰ বিষ হয়, বমি হয়, খাদ্য খাব নোৱাৰে, উৰুলৈকে টানি ধৰা বিষ হয়। ইয়াক painful menstruation বুলিও কব পৰা যায়। ডিচমেনৰিয়াও অনিয়মিয়া মাহেকীয়াৰ এক কাৰণ। অনিয়মীয়া মাহেকীয়া এক কাৰণ এই ডিচমেনৰিয়া কেইবা প্ৰকাৰৰ আছে যেনেঃ- মেকানিকেল কনজেচটিভ, নিউৰালজিক আদি। এই সমস্যা বোৰৰ ওপৰত বৃষ্টিত বৰ্ণনা আগবঢ়াবলৈ বহু সময় পয়োজন হব। ইয়াত আপোনালোকৰ বুজিবলৈ খুবিধা হোৱাকৈ মূল কথাখিনি কোৱা হৈছে। যাতে আপোনালোকে এই সমস্যা বিষয়ে জানিব পাৰে।
মেডিচিনৰ বিষয়ে কোৱা আগতে মূল মূল কথা কেইটা আকৌ এবাৰ কৈ দিছো-
মহিলাৰ সাধাৰনতে ২৮ দিনৰ মূৰে মূৰে ঋতুস্ৰাব হয়। স্ৰাব সাধাৰণতে ৩ৰ পৰা ৫ দিনৰ পৰ্যন্ত থাকে আৰু এই নিয়মৰ ব্যতিক্ৰম হলেই অনিয়মীয়া ঋতুস্ৰাব বুলি কোৱা হয়।
Ø শৰীৰৰ এস্টজেন ও পজেস্টৰেণ হৰমনৰ তাৰতম্য বাবে এই সমস্যা হয়।
Ø জন্ম নিয়ত্নক ঔষধ সেৱন কৰা ফলত হব পাৰে।
Ø মানসিক চাপৰ বাবে।
Ø উজন বাঢিগলেও এই সমস্যা হব পাৰে ।
Ø শৰীৰত ৰক্ত কমিগলে অৰ্থাৎ ৰক্তহিনতা হলেও এই সমস্যা হয়।
Ø জৰায়ু বিভিন্ন জটিলতা বাবেও হব পাৰে।
Ø সহবাসৰ সময়ত পুৰুষৰ শৰীৰৰ পৰা অহা সংক্ৰমিত বেমাৰ য়েনেঃ- চিফিলিচ, গনৰীয়া আদি বেমাৰ পৰাও হব পাৰে।
Ø টিউমাৰ আৰু কেন্সাৰ আদি বেমাৰৰ কাৰণেও হব পাৰে।
Ø প্ৰি মেনোপজৰ সময়ত হব পাৰে।
Ø শিশুৱে গাখীৰ খোৱা ফলতো অনিয়মীয়া ঋতুস্ৰাৱ হব পাৰে।

অনিয়মীয়া মাহেকীয়াৰ লক্ষণ অনুযায়ী হোমিঅপেথিক মেডিচিন

Sepia:

চিপিয়া অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া দেৰি হয় বা স্ৰাব বহুদিন ধৰি হয় বা ১০-১৫ দিন দেৰিকৈ হয় তেনে ক্ষেত্ৰত এই মেডিচিন উতকৃষ্ট মেডিচিন। লগতে একেবাৰে লিন থিন মহিলা, যদি মহিলা গৰাকী কিছুমান ক্ষেত্ৰত বহু বেছি চিন্তা কৰে। নিজৰ পৰিয়ালৰ বিষয়ে ভাই ককাই বা নিজৰ লৰা ছোৱালীৰ সৰ্ম্পকীয় চিন্তা ভাৱনাত ডুবগৈ থাকে। এনে মহিলা এই মেডিচিনে ভাল কাম কৰে। মহিলা গৰাকী এনে লাগে যেন গৰ্ভাশয়টো বাহিৰলৈ উলাই আহিছে। এনেকুৱা অনুভৱ হয় মহিলা গৰাকী prolapsed of uterus ৰ সমস্যা আছে তেনেহলে চিপিয়া বহুত কাৰ্যকৰী মেডিচিন হয়। এই ঔষধ প্ৰায় ২ মাহ দিন যদি ব্যৱহাৰ কৰা হয় এই সমস্যাৰ পৰা মুক্ত হব পাৰিব।

Pulsatilla: –
পালচাটিলা অত্যন্ত কাৰ্যকৰী ঔষধ হয়। যদি মাহেকীয়া বহু পলম হয় ২ মাহ ৩ মাহ বা ৪ মাহ হল মাহেকীয়া হোৱা নাই তেনে হলে pulsatila ললে মাহেকীয়া হৈ যায়।
শান্ত-শিষ্ট, দীঘলচুলি সহজতে সন্তুষ্ট হোৱা, সহজ দুখ কৰা আদি দেখিবলৈ ধুনীয়া মহিলা যুৱতীৰ অনিয়মিয়া ঋতু সমস্যাত এই ঔষধ ভাল ফল দিয়ে।
Abroma radix(এব্ৰমা ৰেডিক্সঃ)
অনিয়মীয়া মাহেকীয়াৰ এক অত্যন্ত ফলপসু ঔষধ হয়। লাগিলে মাহেকীয়া বহুত দেৰিকৈ হওঁক, বা ১৫ দিনৰ মূৰে মূৰেই হওঁক বা ২-৩ দিন হোৱা পিছত বন্ধ হৈ যায় বা অত্যাধিক ব্লিডিং হয়। যিকোনো ধৰণৰ মাহেকীয়াৰ সমস্যাতে এই ঔষধ কাৰ্যকৰী হয় কিন্তু এই মেডিচিন অলপ দিৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিব লগা হয়।
Asoka(অচুকা):-
অচোকা মেডিচিনটো জৰায়ু টনিক বুলিও কোৱা হয়। যদি কোনো কাৰণত জৰায়ুৰ বিসংগতি হয় বা দূৰ্বল হয় তেতিয়া এই ঔষধ ব্যৱহাৰ কৰা হয়। জৰায়ু দূৰ্বলতা বাবে বহুত বেছি ব্লিডিং হয়, অভাৰিত চিষ্ট হয়, এণ্ডমেট্ৰিয়াম হলে এই মেডিচিনে এই বিসংগতি দূৰ কৰাত সহায় কৰে ।
China:-
চায়না ঔষধটো যদি বহুত বেছি ব্লিডিং হয়। অত্যাধিক ব্লিডিং হোৱা ফলত যদি মহিলাগৰাকী দূৰ্বল হৈ গৈছে। উঠিবলৈ অক্ষম হৈছে, হাত ভৰি কপঁনি হৈ যায়, বিচনাৰ পৰা মূৰ দাঙিবলৈ বল নাথাকে তেনে ক্ষেত্ৰত এই ঔষধ অতি কাৰ্যকৰী ।
FRAXINUS AMERICANA: –
ফেৰক্সিনা আমেৰিকানা এক অত্যন্ত ফলপসু ঔষধ। যদি অভাৰী চিষ্টৰ কাৰণে মাহেকীয়া অনিয়মীয়া হয় তেনে হলে এই ঔষধটো দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে অভাৰী চিষ্ট নোহোৱা হৈ যায়। ইয়াৰ লগতে calcaria carb ঔষধটো লব পাৰে। অন্যহাতে গ্ৰেফাইটিছ অস্তিলেগু, পিনাচ চিকেলিকৰ, জেলচেমিয়াম আদি ফলপসু ঔষধ আছে। গতিকে লক্ষণ অনুযায়ী এই ঔষধ ব্যৱহাৰ কৰি মহিলা সকলে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ এই অনিয়মীয়া মাহেকীয়াৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে।
ডা.হৰিকান্ত দাস।
Dr Haris Homeopathic & Physiotherapy Clinic
Gogamukh Chariali, Gerukamukh Road.
ফোন নং- 9707722511
নিৰোগী হৈ থাকিব কেনেকৈ CLINK LINK https://drhariswellfuture.com/2020/05/31/নিৰোগী-হৈ-থাকিব-কেনেকৈ/ 

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here