গাইনেকোমেষ্টিয়া gynecomastia treatment

0
গাইনেকোমেষ্টিয়া gynecomastia treatment
⇒ গাইনেকোমেষ্টিয়া কি? 
⇒ গাইনেকোমেষ্টিয়া কিয় হয়?
⇒ গাইনেকোমেষ্টিয়া হলে কেনেধৰণৰ
    লক্ষণ প্ৰকাশ পায়?
⇒ ইয়াৰ পৰা কেন্সাৰ হব পাৰেনেকি?

গাইনেকোমেষ্টিয়া

গাইনে-কোমেষ্টিয়া-হলে-কেনে-ধৰণৰ-লক্ষণ-প্ৰকাশ-পায়
গাইনেকোমেষ্টিয়া

স্তনৰ আকাৰ ডাঙৰহৈ ৰোগীক লাজত পেলোৱাৰ ওপৰিও কেতিয়াবা সাময়িক ভাবে বিষ অনুভৱ কৰা, স্তনৰ আগভাগত বা নিপলেদি গাখীৰৰ দৰে পদাৰ্থ বা কেতিয়াবা সামান্য ৰক্তমিশ্ৰিত পানী নিৰ্গত হোৱা, কিছুমান ৰোগীৰ ক্ষেত্ৰত কাষলতিৰ তলত গাঙঠিও উঠা আদি সমস্যাক গাইনেকোমেষ্টিয়া বুলি কোৱা হয়। আচলতে গাইনেকোমেষ্টিয়া এটা গ্ৰীক শব্দ। গাইনেকৰ আৰ্থ হল মহিলা আৰু মেষ্টিয়াৰ মানে হন স্তন। এনে সমস্যা হলে পুৰুষৰ এটা অথবা কেতিয়াবা দুইটা স্তনৰ আকাৰ বিঢ়ি মহিলাৰ স্তনৰ দৰে ডাঙৰ হবলৈ ধৰে আৰু পুৰুষ জনক ষথেস্থ অসুবিধাত পেলাব পাৰে। গাইনেকোমেষ্টিয়া স্বীকাৰ হোৱা লোকজন কেতিয়াবা হতাশাৰ দৰে মানসিক সমস্যাৰ সন্মুখিন হোৱাৰ পৰিলক্ষিত হয়।

     গতিকে আজি আমি আলোচনা কৰিম এই গাইনেকোমেষ্টিয়া কি, কিয় হয়, গাইনেকোমেষ্টিয়া হলে কেনেধৰণৰ লক্ষণ প্ৰকাশ পায়, ইয়াৰ পৰা কেন্সাৰ হব পাৰেনেকি? লগতে এই গাইনেকোমেষ্টিয়া ভালকৰিব পৰা কিছুমান সুন্দৰ হোমিঅপেথিক মেডিচিন আছে এইবোৰৰ বিষয়েও আলোচনা কৰিম।

     আমাৰ দেহত ইষ্ট্ৰজেন আৰু এণ্ড্ৰজেন নামে দুবিধ হৰমন নিৰ্দিষ্ট মাত্ৰাত থাকে, আৰু এই হৰমনৰ তাৰতম্যৰ ফলত পুৰুষৰ দেহত হোৱা এক প্ৰকাৰ ৰোগ গাইনেকোমেষ্টিয়া, যত আমাৰ গাত থকা ওণ্ড্ৰজেন নামৰ যি পুৰুষ হৰমন তাৰ তুলনাত মহিলাৰ গাত থকা ইষ্ট্ৰজেন নামৰ হৰমনবিধ বাঢ়ি যায়।

গাইনেকোমেষ্টিয়া কেতিয়া আৰু কাৰ হোৱাৰ সম্ভাৱনা থাকে?

স্বাভাৱিক ভাবে প্ৰায় ৯০ শতাংশ নৱজাতক পুত্ৰ সন্তানৰ ক্ষেত্ৰত জন্ম হোৱাৰ পাছত কেইবা সপ্তাহলৈ এই গাইনেকোমেষ্টিয়াৰদৰে লক্ষণ দেখাপোৱা যায়। কাৰণ মাতৃ গৰ্ভত থকাৰ অৱস্থাত গৰ্ভৱতী মাতৃৰ প্লেচেন্টাৰ জৰিয়তে মাকৰ পৰা ইষ্ট্ৰজেন হৰমন শিশুটিৰ দেহত প্ৰবেশ কৰাৰ বাবে এনেধৰণৰ গাইনেকোমেষ্টিয়া কম সময়ৰ বাবে দেখা দিয়ে।

     কোনো কোনো ক্ষেত্ৰত প্ৰায় ৭০ শতাংশ কিশোৰৰ এই গাইনেকোমেষ্টিয়া সমস্যা হোৱা দেখা যায়। বিশেষকৈ প্ৰায় ১২ ৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰ গাইনেকোমেষ্টিয়াত ভুগা দেখা যায়, আৰু এইসকল কিশোৰৰ এই গাইনেকোমেষ্টিয়া ৰোগ হলে ১৫ মাহৰ পৰা ২ বছৰ পৰ্যন্ত থকা দেখা যায় আৰু প্ৰাৰম্ভিক অৱস্থাতে হোমিঅপেথিক চিকিৎসা কৰালে ভালহৈ যায় অথবা ১ ৰ পৰা ২ বছৰৰ ভিতৰত হৰমনৰ সন্তুলন ৰক্ষা হলে কিশোৰৰ স্তন পুনৰ স্বাভাবিক অৱস্থালৈ ঘুৰি আহে।

     কেতিয়াবা বয়স্কৰ সকলৰ ক্ষেত্ৰতো গাইনেকোমেষ্টিয়াৰ সমস্যা হোৱা দেখা যায়। বিশেষকৈ ৫০ ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষ সকলৰ এই সমস্যা হোৱা দেখা যায়। গাইনেকোমেষ্টিয়াৰ সমস্যা হলে পুৰুষৰ বুকুৰ নিপলৰ তলৰ আংশখিনি ৩ চেন্টিমিটাৰতকৈও বেছি বাঢ়ি যাব পাৰে।

গাইনেকোমেষ্টিয়াৰ বাবে কেন্সাৰ হব পাৰে নেকি?

গাইনেকোমেষ্টিয়াত ভুগা ১ শতাংশ ৰোগীৰ ক্ষেত্ৰত কেন্সাৰ ৰোগত ভুগাৰ ইতিহাস পোৱা যায়।

গাইনেকোমেষ্টিয়াৰ কাৰণঃ

গাইনেকোমেষ্টিয়া নিৰ্দিষ্ট কেনো কাৰণ পোৱা নাযায় যদিও কিন্তু কিছু লোকৰ ক্ষেত্ৰত বংশগত কাৰণতো এই সমস্যা হোৱা দেখা যায়। আন্যহাতে বিভিন্ন ধৰণৰ এন্টিবায়টিকচ গ্ৰহণ কৰা, হৃদৰোগ, টিবি, কেন্সাৰ, এইচ আই ভি, এন্টিডিপ্ৰেছনৰ দৰব, এন্টাচিড আদি গ্ৰহণ কৰা, বিভিন্ন ধৰণৰ মাদক দব্য গ্ৰহণ কৰাৰ ফলতো এই গাইনেকোমেষ্টিয়া সমস্য হব পাৰে। অন্যহাতে পুষ্টি হীনতাত ভুগাৰ বাবেও গাইনেকোমেষ্টিয়াৰ সমস্যা হব পাৰে। দীৰ্ঘ দিন ধৰি লিম্ফমা, লিভাৰ, কিডনি আদি অসুখত ভুগাৰ বাবেও গাইনেকোমেষ্টিয়া হব পাৰে। আমি দেহত সুগন্ধৰ বাবে ব্যৱহাৰ কৰা লেভেন্দাৰযুক্ত পাৰফিউম গাইনেকোমেষ্টিয়াৰ কাৰক হব পাৰে। হাওঁফাওঁত হোৱা টিউমাৰ, প্ৰষ্টেট গ্ৰন্থিৰ টিউমাৰ, টেষ্টিজৰ টিউমাৰ, পিটোৱেটৰিৰ টিউমাৰ, থাইৰয়েড হৰমনৰ বিসংগতি, এডিনেলিনৰ টিউমাৰ আদিৰ কাৰণেও গাইনেকোমেষ্টিয়া হব পাৰে।

গাইনেকোমেষ্টিয়া কেনেকৈ চিনাক্ত কৰিব?

কেতিয়াবা বক্ষত চৰ্বি জমা হলেও গাইনেকোমেষ্টিয়া হোৱাৰ দৰে দেখাব পাৰে। কিন্তু গাইনেকোমেষ্টিয়া হলে বেলেগ কোনো যদি জটিলতা নাথাকে চিকিৎসকে স্পৰ্শ কৰিয়েই কব পাৰে। যদি কিবা অসুবিধা থাকে তেনে হলে আলট্ৰচন’গ্ৰাফী, চিটিস্কেন বা এম আৰ আই আদি কৰিলে ৰোগ সহজতে নিৰ্ণয় হয়৷ অন্যহাতে ইষ্ট্ৰ’জেন, প্ৰলেক্টিন, টেষ্টষ্টেৰণ আদিৰ হৰমন পৰীক্ষা কেতিয়াবা কৰাব লগা হব পাৰে।

এতিয়া আহো হোমিঅপেথিক চিকিৎসালৈঃ

গাইনোকোমেষ্টিয়া ৰোগীয়ে নিয়মিত খোজকঢা, ভাৰওত্তোলন কৰা, দৌৰা, বুকডান মৰা, যোগাসন আদি কৰিব লাগে। আৰু বিভিন্ন ধৰণৰ ফলমূল-শাকপাচলিৰ লগতে পৌষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে। ৰোগীয়ে পৰ্যাপ্ত পৰিমানে পানী পান কৰাতো অতি জৰুৰী।

     গাইনোকোমেষ্টিয়া হোমাঅপেথিক ঔষধ-

Conium mac:

কিশোৰ আৰু অ বিবাহিত যুৱকৰ গাইনোকোমেষ্টিয়াত এই ঔষধ অত্যন্ত ফলপসু। গাইনোকোমেষ্টিয়াৰ সৈতে যদি মাথা ঘুৰোৱাৰ সমস্যা হয়, বিছনাত শুলে মাথা ঘুৰায় আৰু উঠি দিয়াৰ লগে লগে ভাল হৈ যায়, আৰু প্ৰস্বাবৰো সমস্যা থাকে, প্ৰস্বাব কৰি থকাৰ মাজতে যদি প্ৰস্বাবৰ বেগ অবৰোধ হয়, প্ৰস্বাব হৈ থকাৰ মাজে মাজে যদি ৰৈ ৰৈ যায় তেনে হলে এই ঔষধ অত্যন্ত উপষোগী হয়। এই লক্ষণ সমূহ প্ৰকাশ পালে বিবাহিত সকলৰ গাইনোকোমেষ্টিয়াতো Conium mac সফল ভাবে ব্যৱহাৰ কৰা হয়। এই ঔষধ ২০০ ক্ষমতাৰ ২ টোপালকৈ দিনে ২ বাৰকে কিছুদিন সেৱন কৰিলে গাইনোকোমেষ্টিয়াৰ সমস্যা সহজে উপশম পাব পাৰি।

Phytolacca

বক্ষ ফুলিউঠাৰ লগতে ৰঙাপৰি বিষ হয়, তনতনায়, পোৰণি হয় লগতে যদি বক্ষৰ সংক্ৰমন হয় তেনে হলে এই ঔষধৰ ২০০ ক্ষমতাৰ ৩ টোপালকৈ দিনে ৩-৪ বাৰ কৈ কিছুদিন সেবন কৰিলে গাইনোকোমেষ্টিয়া সমস্যাৰ পৰা নিশ্চিত ভাবে উপশম পাবৰ বাবে সক্ষম হব।

Calcarea phos

যিসকল ব্যক্তিৰ মেৰুদণ্ডৰ বিসংগতিৰ সৈতে গাইনোকোমেষ্টিয়াৰ সমস্যা থাকে সেই সকল ব্যক্তিয়ে এই ঔষধৰ 6x ক্ষমতাৰ ৪ চাকৈ টেবলেট দিনে ৪ বাৰ কৈ কিছু দিন ব্যৱহাৰ কৰিলে গাইনোকোমেষ্টিয়া সমস্যাৰ পৰা হাতসাৰিবলৈ সক্ষম হব।

YohimbinumQ

গাইনোকোমেষ্টিয়াত কোনো ধৰণৰ লক্ষণ নাথাকে কেৱল ব্ৰেষ্ট ডাঙৰ হৈ যোৱাৰ সমস্যা হলে YohimbinumQ ১৫ টোপালকৈ দিনে ৩-৪ বাৰ কৈ আধা কাপ পানীৰ লগত কিছু দিন সেবন কৰিলে ব্ৰেষ্ট পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে।

লক্ষণ অনুসৰি উল্লিখিত মেডিচিনৰ লগতে Kali Iod ঔষধটোৰ ২০০ ক্ষমতাৰ ১ টোপালকৈ দিনে ২ বাৰ কৈ সেৱন কৰিব লাগে। লগতে এটা কম্বিনেচন R-19, ১৫ টোপালকৈ আধাকাপ পানীৰ লগত দিনে ৩-৪ বাৰ কৈ ব্যৱহাৰ কৰি গাইনোকোমেষ্টিয়া সমস্যাৰ পৰা সহজতে মুক্ত হব পাৰিব।

     ইয়াৰ উপৰিও হোমিঅপেথিক মেডিচিন Calcarea Flor, Calcarea Carb, Thuja, Ruta, Kali Mur আদি বিভিন্ন ঔষধ আছে এই গাইনোকোমেষ্টিয়া সমস্যাৰ বাবে। আপোনালোকে এই সমস্যাত ভুগিলে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ কাষচাপি গাইনোকোমেষ্টিয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব।

ডা.হৰিকান্ত দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here