পেনক্ৰিয়েটাইটিচ (Pancreatitis) ,পেনক্ৰিয়েটাইটিচ কি? পেনক্ৰিয়েটাইটিচৰ হোমিঅপেথিক চিকিৎসাঃ

0
পেনক্ৰি-য়েটাইটিচ-ৰোগৰ-চিকিৎসা
পেনক্ৰিয়েটাইটিচ ৰোগৰ চিকিৎসা

পেনক্ৰিয়েটাইটিচ  (Pancreatitis)

আমাৰ পেটৰ বাওঁ ফালে ওপৰৰ অংশত (Upper left part of the abdomen) লিভাৰৰ তলতে গছপাতৰ আকৃতিৰ প্ৰায় ১২ ৰ পৰা ২০ চেন্টিমিটাৰ দৈঘ্যৰ, ৭০ পৰা ১০০ গ্ৰাম ওজনৰ এটা অংগ আছে, এই অংগটোক পেনক্ৰিয়াচ বা আগ্নাশয় বুলি কোৱা হয়। পেনক্ৰিয়াচ মানৱ শৰীৰৰ অতি লাগতিয়াল অংগ৷ পেনক্ৰিয়াচৰ ইচলেটচ অৱ লেংগাৰহন (islet of Langerhans) নামৰ কোষসমূহত থকা আলফা কোষে গ্লুকাগন হৰম’ন (Glucagon’s) আৰু বিটা কোষসমূহে ইনচুলিন (insulin) হৰম’ন উৎপন্ন কৰি আমাৰ তেজত শৰ্কৰাৰ (চুগাৰ) পৰিমান নিয়ন্ত্ৰণ কৰে। পেনক্ৰিয়াচৰ এচিনাৰ (acinar cell) কোষে খাদ্য হজম কৰা এনজাইম উৎপন্ন কৰে আৰু ডাক্টকোষৰ পৰা ওলোৱা বাইকাৰ্বনেটে পাকস্থলীৰ এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷

 অগ্নাশয় বা পেনক্ৰিয়াচটো কিবা বিসংগতিৰ বাবে ইনফ্লেমেচন হোৱা বা ফুলি, ৰঙাপৰি বিষ হোৱা অস্থাক পেনক্ৰিয়াটাইটিচ বোলা হয়৷ এই ৰোগ হলে পেনক্ৰিয়াচটো ফুলি উঠাৰ লগতে ইয়াৰ ৰস সংবাহী নলীডালো বন্ধ হৈ পৰে আৰু পেনক্ৰিয়াচৰ পৰা হজমী ক্ৰিয়াৰ সহায়ক এনজাইম ক্ষুদ্ৰান্ত্ৰলৈ (Small Intestine) ওলাই যাব নোৱাৰি পেনক্ৰিয়াচৰ কোষসমূহক নষ্ট কৰিবলৈ আৰম্ভ কৰে৷ ৰোগ বৃদ্ধি হলে ৰক্তক্ষৰণ, পুঁজ জমা হোৱা, চিষ্ট নাইবা কোষৰ গুৰুতৰ ক্ষতি হব পাৰে৷

পেনক্ৰিয়াটাটিচৰ লক্ষণঃ

পৃথিৱীৰ যিমান মানুহৰ পেটৰ বিষ হয় ইয়াৰে ৩ শতাংশৰ পেনক্ৰিয়াটাইটিচত বাবেই হয়। এই বেমাৰত অতি ভয়ংকৰ যন্ত্ৰনাদায়ক বিষ হয়। বিষ প্ৰথমে পেটৰ ওপৰৰ ফালে আৰম্ভ হয় আৰু লাহে লাহে পেটৰ দুইকাষে বা সমগ্ৰ পেটৰ লগতে পিঠিলৈকে প্ৰসাৰিত হয়।

পেনক্ৰিয়াটাইটিচ দুই ধৰণৰ হব পাৰেঃ

নতুন আৰু পুৰণা। একিউত পেনক্ৰিয়াটাইটিচত ৰোগীৰ পেটৰ বিষৰ লগতে জ্বৰ, বমি, অত্যন্ত অস্থিৰতা, ভোকনলগা, কোষ্ঠকাঠিন্য, পিয়াহ লগা, উগাৰ অহা, অত্যাধিক ঘাম হোৱা, অত্যন্ত দূৰ্বল হোৱা, মাথাৰ বিয হোৱা আদি লক্ষণ সমূহ প্ৰকাশ পাব পাৰে। একিউট পেনক্ৰিয়াটাটিছৰ প্ৰতি ৫ জন ৰোগীৰ ৪ জনৰ ৰোগ সিমান গুৰুতৰ নহয়৷ গুৰুতৰ হলেও সঠিক সময়ত সঠিক চিকিৎসা প্ৰদান কৰিলে ৰোগী সোনকালে আৰোগ্য হব পাৰে। পেনক্ৰিয়াটাইটিচ যদি গুৰুতৰ হয় তেতিয়া ৰোগীৰ ওশাহ নিশাহত কষ্ট হোৱা, কিডনি ফেইলৰ আৰু জণ্ডিছ আদি দেখাদিব পাৰে। শৌচত ছৰ্বী বা তেল জাতীয় পদাৰ্থ আৰু প্ৰস্ৰাৱত শকৰা নিৰ্গত হব পাৰে। প্ৰথম অৱস্থাত ৰোগৰ যন্ত্ৰণা কিছু কম হলেও দ্বিতীয় সপ্তাহত ৰোগীৰ শৰীৰত ইনফেকচন বৃদ্ধি হৈ চেপটিক কনডিচন হৈ ৰোগী সংকটত পৰাৰ সম্ভাৱনা থাকে।

পেনক্ৰিয়েটাইটিচৰ কাৰণঃ

একুইট পেনক্ৰিয়েটাইটিচৰ প্ৰধান কাৰণটো হল অত্যাধিক মদ্যপান কৰা আৰু পিত্ত পাথৰ। আনহাতে ভাইৰাছ সংক্ৰম যেনে কস্কেকি-বি (Coxsackie B), জাইটোমেগালি’ ভাইৰাচ (Zytomegalie), হেপাটাইটিচ-বি, হাৰপিজ, মাম্পচ আদি। বেক্টেৰিয়াৰ ভিতৰত যেনে লেজিনেলা (Legionella), লেপ্টস্পাইৰা, চালমোনেলা, এচপাৰযিলাচ (Aspirogilas) ফাংগাই, পৰজীৱী-পেলু, টস্কপ্লাজমা, ক্ৰাইপ্তস্পৰিডিয়াম (Cryptosporidium) আদি। কিছুমান ঔষধ যেনে ষ্টেৰইড, এইডচ আই ভিৰ  দৰব, মিগি বেমাৰৰ দৰব, ডায়েবেটিছৰ দৰৱ, বিষনাশক দৰৱ, এন্টিবায়টিক, টিবি, কেন্সাৰৰ ঔষধ আদি। অত্যাধিক মেদবহুল ব্যক্তিৰ তেজত চৰ্বি বা লিপিদৰ মাত্ৰা বেচি হলে (Hyperlipidaemia), কিবা যান্ত্ৰিক কাৰণত পেটত দুখ পালে, পেটৰ জটিল আস্ত্ৰোপ্ৰচাৰৰ ফলতো পেনক্ৰিয়াটাইটিচ হব পাৰে। অট’ ইমিউন ডিজিজ আৰু বংশগত কাৰণ, টিউমাৰ আদিৰ পৰাও পেনক্ৰিয়াটাইটিচ হব পাৰে, শৰীৰত কেলচিয়ামৰ অধিক্যৰ বাবেও পেনক্ৰিয়াটাইটিচ হোৱাৰ সম্ভাৱনা থাকে।

পেনক্ৰিয়েটাইটিচ ৰোগ নিৰ্নয়ঃ

তেজত এমাইলেজ (Amylase) আৰু লাইপেজ (Lipase) এনজাইমৰ পৰীক্ষা, এক্সৰে, পেটৰ আলট্ৰাচাউণ্ড, চিটি স্কেন, এম আৰ চি পি আদিৰ দ্বাৰা পেনক্ৰিয়াটাইটিচ ধৰা পৰে৷

পেনক্ৰিয়েটাইটিচ ৰোগৰ চিকিৎসা : –

পাৰম্ভিক অৱস্থাতে ৰোগ নিৰ্ণয় কৰি সঠিক ভাবে হোমিঅপেথিক চিকিৎসা প্ৰদান কৰিলে ৰোগ আগবাঢ়িব নোৱাৰে। কিন্ত ৰোগ গুৰুতৰ হলে ৰোগীক জৰুৰীভাবে চিকিৎসালয়ত ভৰ্তি কৰাতো অনিবাৰ্য্য৷ কাৰণ এনে অৱস্থাত ৰোগীক ইনটেনচিভ কেয়াৰৰ প্ৰয়োজন হব।

পেনক্ৰিয়েটাইটিচ সাৱধানতাঃ

ছৰ্বিযুক্ত খাদ্য এৰাই চলিব লাগে ৷ ডায়েবেটিচৰ সমস্যা থাকিলে থাকিলে নিয়ন্ত্ৰিত ৰাখিবৰ বাবে যত্ন কৰিব লাগিব। ৰোগীয়ে মদ, ভাং, বিড়ি, চিগাৰেট আদি ত্যাগ কৰিব লাগিব৷ জীৱনশৈলী পৰিৱৰ্তণ কৰাৰ লগতে খাদ্যৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব। মানসিক চাপ এৰাই চলিবলৈ যোগাসন কৰিব লাগে। চাহ, কফি পৰাপক্ষত এৰাই চলিব লাগে। দৈনিক পৰ্যাপ্ত পৰিমানে পানী খাব লাগে। প্ৰচুৰ পৰিমানে শাক-পাচলি, ফলমূল আদি খাব লাগে।

পেনক্ৰিয়েটাইটিচ হোমিঅপেথিক ঔষধঃ

পেনক্ৰিয়াটাইটিচ নিৰাময়ৰ বাবে হোমিঅপেথিকত অত্যন্ত পলপসু ঔষধ আছে। অতি বিচক্ষনতাৰে এই ঔষধ সমূহ সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগ আৰোগ্য হয়। ইয়াৰ ভিতৰত-
১) লাইকপডিয়াম ২) কার্বভেজ ৩) কার্ব-এনিমেলিচ ৪) ইউৰেনিয়াম নাইট্রিকাম  ৪) মার্কুৰিয়চ চল  ৫) কেলিবাইক্ৰম  ৬) বেলাডোনা ৭) আয়ডিয়াম  ৮) আইৰিচ-ভার্চ  ৯) বৰাইটা মিউৰ  ১০) থুজা  ১১) আৰ্চেনিক  ১২) ফচফৰাচ ১৩) কোনিয়াম  ১৪) কেলকেৰিয়া কাৰ্ব  ১৫) হিপাৰ চালফাৰ আদি উল্লেখযোগ্য। চিকিৎসকৰ তত্তাৱধানত ঔষধ গ্ৰহন কৰাটো অতি প্ৰয়োজন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here