হাৰ্নিয়া কি? কিয় হয়? Hernia Treatment

1
হাৰ্নিয়া কি?  কিয় হয়? Hernia Treatment

Hernia Treatment:

⇒ হাৰ্নিয়া কি?
⇒ কিয় হয়?
⇒ কত হয় আৰু কাৰ হোৱাৰ সম্ভাৱনা থাকে? 
⇒ হাৰ্নিয়া কেনেকৈ চিনাক্ত কৰিব? 
⇒ অপাৰেচন নকৰাকৈ হাৰ্নিয়া কেনেকৈ ভাল
  কৰিব?

 

হাৰ্নিয়াঃ আমাৰ পেটৰ আৱৰণি ছালখন ৯ টা তৰপেৰে গঠিত। ওপৰৰ ভাগত ছালখনৰ তলতেই চাবকিউটেনিয়াচ টিচু (Subcutaneous Tissue), চুপাৰফিচিয়েল ফেচিয়া (Superficial fascia), এক্সষ্ট্ৰাৰ্নেল অবলিগ মাচুল (External oblique muscle), ইন্টাৰনেল অবলিগ মাচুল (Internal oblique muscle), ট্ৰাৰ্নচভাৰ্চাচ এবডমিনিচ মাচুল (Transversus abdominis muscle), ট্ৰাৰ্নচভাৰ্চেলিচ ফেচিয়া (Transversalis fascia), প্ৰি-পেৰিটনিল এডিপচ (Preperitoneal adipose), এৰিয়লাৰ টিচু (Areolar tissue), পেৰিটনিয়াম (Peritoneum) এই ৯ টা তৰপেৰে আমাৰ পেটৰ ভিতৰৰ অংগবোৰ আবৰি ৰাখে। ইয়াৰে যদি কোনোবা এটা অংশ কিবা কাৰণত দূৰ্বল হৈ যায় তেতিয়া আমাৰ ক্ষুদ্ৰান্ত্ৰ বা বৃহদান্ত্ৰৰ কোনোবা এটা অংশ এই পেৰিটনিয়াম তৰপটো ভেদ কৰি বাহিৰলৈ ওলাই আহি ফুলি ওঠে বা কেতিয়াবা অণ্ডস্থলিলৈ নামি গুচি যায়। আমাৰ পেটৰ ভিতৰৰ খাদ্যনলী মুখৰ পৰা একেবাৰে গুহ্যদ্বাৰলৈকৈ বিস্তৃত আৰু ই ২০ ৰ পৰা ৩০ ফুট পৰ্যন্ত দীঘল হয়। হাৰ্নিয়া হলে ইয়াৰ কোনোবা এটা অংশ বাহিৰলৈ ফুলি আহি অস্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰে। এই অৱস্থাটোকে হাৰ্নিয়া বুলি কোৱা হয়।

হাৰ্নিয়াৰ কাৰণঃ

আমাৰ পেটৰ কিছুমান অংশ আন আন অংশবোৰতকৈ আপেক্ষিক ভাবে দূৰ্বল। পেটৰ ভিতৰত চাপ যদি বেছি হয়, যেনে দীৰ্ঘদিনীয়া পুৰণা কাঁহ, সঘনাই হৈ থকা দীৰ্ঘদিনীয়া হাঁচি, দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্যত ভূগি থকা আদিৰ কাৰণত আমাৰ ক্ষুদ্ৰান্ত এই দূৰ্বল অংশৰে বিহিৰলৈ আহিব পাৰে। চিষ্টিক ফাইব্ৰয়েড, প্ৰষ্টেট গ্ৰন্থী ডাঙৰ হোৱা, অত্যাধিক চাপ প্ৰয়োগ কৰি প্ৰস্ৰাৱ কৰা, শৰীৰৰ ওজন বৃদ্ধি বা মেডবহুলতা, গধুৰ বস্তু দঙা, পৰিপুষ্টিৰ অভাব, ধুম্ৰপান, জিম কৰা, অস্ত্ৰোপ্ৰচাৰ আৰু বংশগত কাৰণতো হাৰনিয়া হব পাৰে।

হাৰ্নিয়াৰ প্ৰকাৰঃ

স্থান অনুযায়ী হাৰ্নিয়াক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে। ইয়াৰ ভিতৰত সাধাৰণতে দেখাপোৱা প্ৰকাৰ কেইটা হল- ইংগুইনেল হাৰ্নিয়া (Inguinal), ইনচিচনেল হাৰনিয়া (Incisonal), ফিমৰেল (Femoral), আম্বিলিকেল (Umbilical) আৰু হাইটাল বা হাইটাচ (Hiatal) হাৰ্নিয়া।

ইংগুইনেল (Inguinal) হাৰ্নিয়াঃ

তলপেটৰ ঠিকতলতেই আৰু অণ্ডকোষৰ অলপ ওপৰৰফালে কাষত যেতিয়া হাৰ্নিয়া হয় তাক ইংগুইনেল হাৰ্নিয়া (Inguinal) বুলি কোৱা হয়।

ইংগুইনেল (Inguinal) হাৰ্নিয়া কাৰ হোৱা সম্ভাৱনা থাকেঃ

বিশেষকৈ মহিলা আৰু বয়সস্থ ব্যক্তিৰ ইংগুইনেল হাৰনিয়া হোৱাৰ বেছি সম্ভাৱনা থাকে। অত্যাধিক ধূম্ৰপান কৰা ব্যক্তিৰ পেটৰ আৱৰণি কলা দূৰ্বল হোৱাৰ বাবেও ইংগুইনেল হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। ক্ৰনিক কনষ্টিপেচনৰ সমস্যা থকা লোক সকলৰো ইংগুইনেল হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। অপৈনত অৱস্থাত জন্ম হোৱা শিশুৰ (Premature birth Child) এই হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভৱতী মহিলাৰো ইংগুইনেল হাৰ্নিয়া হব পাৰে।

হাইটাচ বা হাইটাল (Hiatal or Hiatas):

পেটৰ ওপৰৰ আৰু বুকুৰ তলৰ সংযোগ স্থলত হোৱা  হাৰ্নিয়াক হাইটাচ হাৰ্নিয়া বুলি কোৱা হয়।

হাইটাচ বা হাইটাল (Hiatal) হাৰনিয়া কাৰ বেছি হোৱাৰ সম্ভৱাৱনা থাকেঃ

পুৰুষ, মহিলা উভয়ৰে এই হাৰনিয়া হব পাৰে। ৫০ উদ্ধৰ ব্যক্তি আৰু অত্যাধিক মেডবহুল ব্যক্তিৰ হাইটাচ বা হাইটাল (Hiatal) হাৰ্নিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে।

আম্বিলিকেল (Umbilical) হাৰ্নিয়াঃ

নাভিত বা নাড়ীৰ আশে পাশে হোৱা হাৰ্নিয়াক আম্বিলিকেল হাৰ্নিয়া বুলি কোৱা হয়। এই হাৰ্নিয়াত ভাৰত বৰ্ষত প্ৰতি বছৰে ১ মিলিয়নতকৈয়ো অধিক লোক আক্ৰান্ত হয়।

আম্বিলিকেল (Umbilical) হাৰ্নিয়া কাৰ হোৱাৰ সম্ভাৱনা থাকেঃ  

এই হাৰ্নিয়া পুৰুষ, মহিলা, গৰ্ভৱতী মহিলা, নৱজাতক শিশু যাৰ জন্মতে ওজন কম হয় তেনে শিশুৰ হোৱা সম্ভাৱনা বেছি থাকে।

ফিমৰেল (Femoral) হাৰ্নিয়াঃ

অণ্ডকোষৰ অলপমান ওপৰৰ কাষতে, কৰঙনৰ চুকত হোৱা হাৰ্নিয়াক ফিমৰেল (Femoral) হাৰ্নিয়া বুলি কোৱা হয়।

ফিমৰেল (Femoral) হাৰ্নিয়া কাৰ বেছি হোৱা সম্ভাৱনা থাকেঃ

সৰ্বসাধাৰণতে শিশুসকলৰ মাজত এই হাৰ্নিয়া বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়।

ইনচিচনেল (Incisonal) হাৰ্নিয়াঃ

বিশেষকৈ অস্ত্ৰোপ্ৰচাৰৰ পিছত কটা অংশত বা কটা লাইনৰ আশে পাশে হোৱা হাৰনিয়াক ইনচিচনেল হাৰনিয়া (Incisonal) বুলি কোৱা হয়। অস্ত্ৰোপ্ৰচাৰ কৰা ঠাইত পেৰিটনিয়াম লেয়াৰ কাট হোৱাৰ ফলত বা কটা অংশ দূৰ্বল হোৱাৰ বাবে এই হাৰ্নিয়া হোৱাৰ সম্ভাৱনা থাকে।

ইনচিজনেল (Incisonal) হাৰ্নিয়া কাৰ হোৱা সম্ভাৱনা থাকেঃ

যিহেতু অপাৰেচন কৰাৰ ৩ ৰ পৰা ৬ মাহলৈকে সেই অংশটো অতি সংবেদনশীল হৈ থাকে গতিকে বেছি দৌৰা, জপিওৱা, গধুৰ বস্তু দঙা, লোক বা খেলুৱৈৰ এই সমস্যা হোৱাৰ সম্ভাৱনা অধিক হয়। অত্যাধিক ওজন বৃদ্ধি হেৱা ব্যক্তি, গৰ্ভৱতী মহিলাৰো এই ইনচিচনেল (Incisonal) হাৰ্নিয়া হব পাৰে।

 হাৰনিয়াৰ লক্ষণঃ

পেটৰ কোনো অংশ বা অণ্ডস্থলিৰ কোনো অংশ ফুলি যোৱা, নাভিৰ এফালে বা চাৰিওফালে ফুলি যোৱা বা কিবা কাৰণত অস্ত্ৰোপ্ৰচাৰ কৰা ঠাই ফুলি যোৱা। ফুলি যোৱা ঠাইত আঙুলিৰে চাপদিলে তললৈ সোমায় যায় আৰু এৰি দিলে পূনৰ ফুলি অহে। বহুক্ষেত্ৰত এই হাৰ্নিয়া বিষহীন হয় আৰু ই বিশেষ অসুবিধাৰ সৃষ্টি নকৰে বা বিশেষ চিকিৎসাৰো প্ৰয়োজন নহয়। কিন্তু যেতিয়া ব্যক্তি জন বহু সময় ধৰি থিয়হৈ থাকে, গধুৰ বস্তু দাঙে, বা দৌৰে অথবা খেলাধুলা আদি কৰে, তেতিয়া বহু ব্যক্তিৰ ক্ষেত্ৰত হাৰ্নিয়া বেছিকৈ ফুলি ওঠি, বিষহৈ এক আস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাধ্যতামূলক হৈ পৰে। কোনো কোনো ক্ষেত্ৰত জৰুৰী আস্ত্ৰোপ্ৰচাৰৰো প্ৰয়োজন হৈ পৰে। বিশেষকৈ ইংগুইনেল হাৰ্নিয়াৰ ক্ষেত্ৰত তলপেটত প্ৰচণ্ড বিষ, পুৰণি, গধুৰ গধুৰ অনুভৱ, বমি বমি ভাব, বমি হোৱা আদি লক্ষণ প্ৰকাশ পাব পাৰে। নৱজাতক শিশুৰ ক্ষেত্ৰত কেতিয়াবা অকল শিশুৱে কন্দাৰ সময়ত, কাঁহাৰ সময়ত বা পেটত প্ৰেছাৰ পৰাৰ সময়তহে ইংগুইনেল হাৰনিয়া দৃষ্টিগোচৰ হব পাৰে।

হাৰ্নিয়া হলে কেনেধৰনৰ সাৱধানতা অবলম্বন কৰিবঃ

হাৰ্নিয়া হোৱা লোকে কিছুমান সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। দৌৰা, জপিওৱা, গধুৰ বস্তু দঙা আদি কাম কৰিব নালাগে, জোখতকৈ অধিক খাদ্য খাব নালাগে, খালীপেটত আধা গিলাছতকৈ বেছি পানী খাব নালাগে, খাদ্য খোৱাৰ পাছত তললৈ পেট পেলাই শুব নালাগে, চাইকেল, বাইক আদি চলোৱা আৰু যিকোনো ধৰণৰ শাৰীৰিক ব্যায়াম কৰাৰ অগতে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। দীৰ্ঘ সময় ধৰি থিয়হৈ থকা কাম কৰিব নালাগে, চৰ্দ্দি-কাহ আদি হোৱাৰ লগে লগে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, শৰীৰৰ ওজন সঠিক ৰাখিবৰ বাবে যত্ন কৰিব লাগে, প্ৰস্বাৱ-পায়খানা দেৰিলৈকে কেতিয়াও ৰাখি থব নালাগে, ধূম্ৰপান, মদ্যপান আদি কৰিব নালাগে। গেছ এচিডিটি বৃদ্ধি হোৱা খাদ্য যেনে- জাংফোড, ফাষ্টফুড, তেল, মচলা, ভজা-পোৰা অদি বৰ্জন কৰিব লাগে।

হাৰ্নিয়াৰ হোমিঅপেথিক চিকিৎসাঃ

হাৰ্নিয়াৰ অতি ফলপ্ৰসু হোমিঅপেথিক চিকিৎসা আছে। আপোনালোকে অভিজ্ঞ হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ গ্ৰহন কৰি হয়টো অপাৰেচন নকৰাকৈয়ে এই সমস্যাৰ পৰা মুক্ত হব পাৰিব।

     ইয়াতে হাৰ্নিয়া ব্যৱহাৰ হোৱা কেইটামিন হোমিঅ পেথিক ঔষধৰ বিষয়ে উল্লেখ কৰিলো ব্যৱহাৰৰ ক্ষেত্ৰত অভিজ্ঞ হোমিথপেথিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰিলে নিশ্চিত ভাবে উপকৃত হব পাৰিব।

১) নাক্সভমিকা(Nux Vomica):

ফিমৰেল, ইংগুইনেল বা আম্বিলিকেল এই সকলো প্ৰকাৰৰ হাৰ্নিয়াৰ এক অতি উৎকৃষ্ট নেচাৰেল মেডিচিন। যিসকল লোকৰ দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য সমস্যাব বাবে পেটৰ মাংসপেশী (Abdominal muscle) ঢিলাহৈ গৈ হাৰনিয়া হৈছে, যাৰ সদায় আঠালেতীয়া পায়খানা হয়, পায়খানা খোলুচা নহয়, এবাৰ পায়খানা কৰাৰ পাছত পুনৰ কৰিম কৰিম লাগি থাকে, বাৰে বাৰে পায়খানাত যায় কিন্তু পায়খানা নহয়। লগতে ৰোগীৰ এলকহল, চাহ, কফি প্ৰতি আসক্ত হৈ পৰে। দৈনিক অত্যাধিক চাহ, কফি খাব বিছাৰে, পেটৰ অশান্তিত ভূগে, খাদ্য খোৱাৰ পাছত পেট গধুৰ গধুৰ অনুভৱ কৰে লগতে পেটৰ মাংস পেশী সদায় ওলমি পৰাৰ (Abdominal muscle always experienced) প্ৰৱনতা হয়। নৱজাতকৰ আম্বেলিকেল হাৰ্নিয়াত এই ঔষধ অত্যন্ত ফলপ্ৰসু।

২) কেলকেৰিয়া কাৰ্বঃ (Calcarea Carbonica):

অত্যধিক মেদ বহুল শকত-আৱত মানুহৰ হাৰ্নিয়াৰ বাবে কেলকেৰিয়া কাৰ্ব এক উৎকৃষ্ট মেডিচিন। যাৰ অত্যাধিক ছৰ্বিৰ বাবে পেটৰ মাংসপেশী সমূহ দূৰ্বল হৈ গৈছে, যি কঁকালত টান কাপোৰ পিন্ধিব নোৱাৰে, কঁকালৰ বন্ধনি টান হলে অশান্তি অনুভৱ কৰে, তেনেলোকৰ হাৰ্নিয়াত এই মেডিচিন অত্যন্ত ফলপ্ৰসু।  শিশুৰ ক্ষেত্ৰত যিসকল শিশু শকত-আৱত, মেদবহুল, মূৰ অনবৰত ঘাঁমি থাকে, অত্যন্ত শীতকাতৰ হয়, দিম বা কণী খাই খুব ভাল পায়, চকপেন্সিল বা মাটি খাব বিছাৰে, তেনে শিশুৰ হাৰ্নিয়াত এই ঔষধ অত্যন্ত কাৰ্যকৰী।

৩) লাইকপডিয়ামঃ (Lycopodium)

যিসকল ৰোগীৰ হজমী শক্তি অতি দূৰ্বল, অত্যধিক গেছ এচিডিটিৰ সমস্যাত ভূগে, পেটত অনবৰত, গৰ গৰ, কল কল শব্দ কৰে, গৰম খাদ্য, গৰম পানী, মিঠা বস্তু খোৱাৰ হাবিয়াস হয়, এনে লোকৰ হাৰ্নিয়াত এই ঔষধ অত্যন্ত উপযোগী হয়।

৪) ৰাষ্টটক্সঃ (Rhus Toxicodendron)

অত্যাধিক ৱেইট লিফটিং কৰাৰ বাবে বা গধুৰ বস্তু দঙাৰ বাবে যদি পেটৰ মাংস পেশী দূৰ্বল হৈ হাৰ্নিয়া হয় তেনে হলে পেটৰ মাংস পেশীক শক্তিকৃত কৰিবৰ বাবে এই ঔযধ অত্যন্ত উপযোগী।

৫) চাইলিচিয়াঃ (Silicea)

যিসকল ৰোগীৰ যিকোনো সময়তে নিম্নাংগত অত্যধিক ঘাম হয়, অত্যাধিক ঠাণ্ডা অনুভৱ কৰে আৰু সদায় গৰম কাপোৰেৰে শৰীৰটো ঢাকি ৰাখিব বিছাৰে, এনে ধৰনৰ লক্ষণ থাকিলে এই চাইলিচিয়া ঔষধ ব্যৱহাৰ কৰি হাৰনিয়াৰ সমস্যাৰ পৰা মুক্ত হব পৰা হয়।

          বিশেষকৈ লাইকপডিয়াম মেডিচিনটো ইংগুইনেল হাৰ্নিয়াৰ বিশেষ মেডিচিন ৰূপে গণ্যকৰা হয়, যদি ইংগুইনেল হাৰ্নিয়া সোঁফালে হয় আৰু যদি মিঠা আৰু গৰম বস্তুৰ প্ৰতি ৰোগীৰ বেছি হাবিয়াস হয়। ঠাণ্ডা বস্তু বা কল্ডডিংকচৰ প্ৰতি হাবিয়াস হলে, কাটিহৈ শুলে ৰোগৰ উপশম হলে, অনবৰতে বমি কৰিম কৰিম লাগি থাকিলে ককিউলাচ ইণ্ডিকাচ (Cocculus Indicus) ঔষধটো ব্যৱহাৰ কৰিব লাগে। শিশুৰ বাওঁফালৰ ইংগুইনেল হাৰ্নিয়াত নাক্সভমিকা ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে এই ঔষধ ব্যৱহাৰ কৰিব লগা শিশু অত্যন্ত খঙাল হয় আৰু দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যৰ সমস্যাত ভূগি থাকে।

     শিশুৰ অম্বিলিকেল হাৰ্নিয়াত নাভিৰ ওচৰত অত্যন্ত বিষ হলে কেমোমিলা (Chamomilla) ঔষধটো ব্যৱহাৰ কৰিব লাগে।

          হাৰ্নিয়াৰ বাবে তলপেটত বিষ হলে বিষ নিৰাময়ৰ বাবে কলচিনথিন (Colocynthis) ঔষধটো ব্যৱহাৰ কৰিলে বিষ উপশম হয়।

ইয়াৰ উপৰিও হাৰ্নিয়াৰ পৰা সম্পূৰ্ণভাবে উপশম পাবৰ বাবে কেলকেৰিয়া ফ্লৰ (Calcarea flurica), কোনিয়াম মেক (Conium mac), থুজা (Thuja Occ), প্লামবাম মেট (Plumbum Metallicum), ডাইচকৰিয়া (Dioscorea), ওপিয়াম (Opium), একোনাইট (Aconite), অৰাম মেট (Aurum Met) আদি ঔষধ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা অপাৰেচন নকৰাকৈও হাৰ্নিয়া নিৰাময় কৰাৰ সম্ভয়।

DR HARIS

1 COMMENT

  1. পৰামৰ্শ বিলাক পঢ়ি ভাল লাগিল , বহুত
    মানুহৰ উপকাৰ হব | মোৰ সৰু ছোৱালীৰ বয়স
    ২বছৰ ৮ মাহ |আপোনালোকে দিয়া চিত্র
    পৰা বুজি তাই ফিমৰেল হাৰ্নিয়াত ভূগি আছে
    কিন্তু কিছুদিন হোমিও ঔষধ খোৱাই একো
    উপকাৰ পোৱা নাই |কিবা পৰামৰ্শ থাকিলে
    জনাব | M-9365006311

LEAVE A REPLY

Please enter your comment!
Please enter your name here