শিশুৰ অজীৰ্ণ ৰোগ, গাখীৰ ওকলিওৱা আদি সমস্যাৰ হোমিঅপেথিক চিকিৎসা (Indigestion (for Kids) – KidsHealth)

0
শিশুৰ-অজীৰ্ণ-ৰোগ-গাখীৰ-ওকলিওৱা-সমস্যা-হোমিঅ-পেথিক-চিকিৎসা
শিশুৰ অজীৰ্ণ ৰোগ, গাখীৰ ওকলিওৱা সমস্যা

শিশুৰ অজীৰ্ণ ৰোগ, গাখীৰ ওকলিওৱা আদি সমস্যাৰ হোমিঅপেথিক চিকিৎসাঃ

শিশুসকলৰ বিভিন্ন সমস্যা সমূহৰ ভিতৰত অজীৰ্ণ ৰোগ প্ৰায়ে হোৱা দেখিবলৈ পোৱা যায়। এই সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে শিশুৰ Dyspepsia বা ক্ষুধাহীনতাৰ সমস্যা উদ্ভৱ হব পাৰে।

    বিশেষকৈ অতিৰিক্ত দুগ্ধপান কৰোৱাৰ বাবেও নৱজাতক শিশুৰ অজীৰ্ণ ৰোগ হব পাৰে। এটি নবজাতক শিশুৰ এক কাপ পৰিমানৰ গাখীৰ হজম কৰিবৰ বাবে প্ৰায় এক ডেৰ ঘন্টা সময়ৰ প্ৰয়োজন হয়। কিন্তু যদি মাতৃয়ে এবাৰ দুগ্ধপান কৰোৱাৰ পিছত সেই গাখীৰ পাকস্থলীত পৰিপাক হোৱাৰ পূৰ্বেই যদি পুনৰ তাৰ ওপৰতেই খোৱাই তেনে হলে শিশুৰ অজীৰ্ণ সমস্য হব পাৰে। যাৰ বাবে শিশুৱে গাখীৰ চণ্ডীৱা বা বমি কৰা, অত্যাধিক আমনিকৰা, কন্দা, গাখীৰ ওকলিওৱা আদি সমস্যাৰ সন্মুখীন হয়। সেয়ে মাতৃগৰাকীয়ে নৱজাতক শিশুৰ ক্ষেত্ৰত মনকৰিব লাগে, শিশুটিয়ে গাখীৰ সঠিক পৰিমানে পাইছেনে নাই আৰু এবাৰ গাখীৰ খোওৱাৰ মাজৰ ব্যৱধান কমেও ডেৰ-দুই ঘন্টা ৰাখিবৰ বাবে যত্ন কৰিব লাগে। ইয়াৰ উপৰিও যদি শিশুৰ অত্যাধিক ঠাণ্ডালাগে, তেতিয়াও কিন্তু অজীৰ্ণ ৰোগ হব পাৰে। শিশুক খাদ্য খুওৱাৰ ক্ষেত্ৰটো সচেতন হব লাগে। গেলা-পচা মাছ, মাংস বা আন খাদ্য খালেও এই ৰোগ হব পাৰে। গৰম দিনত অতিপাত গৰমৰ সময়ত ফ্ৰিজৰ অত্যাধিক ঠাণ্ডাপানী খুওৱালেও অজীৰ্ণ ৰোগৰ সমস্যা হব পাৰে। এই অজীৰ্ণ ৰোগৰ বাবেই শিশুৰ ডায়েৰীয়া, পেট বিষ, বমি আদি হব পাৰে।

    শিশুৰ এই অজীৰ্ণ ৰোগৰ বাবে হোমিঅপেথিকত খুব সুন্দৰ কাৰ্যকৰী মেডিচিন আছে। ইসাৰ ভিতৰত-

Ipecacuanha: শিশুৰ অজীৰ্ণ ৰোগৰ অত্যন্ত কাৰ্যকৰী মেডিচিন। এই মেডিচিন শিশুৰ ৰোগত সঘনাই ব্যৱহাৰ হয়। শিশুৱে গাখীৰ ওকলিয়াই, সঘনাই হিকটি আহে, ওকালি অহাৰ দৰে কৰি থাকে। কিছুমান শিশুৱে টেঙা দূৰ্গন্ধযুক্ত পায়খানা আৰু টেঙা বমি কৰে। এই সমূহ লক্ষণ প্ৰকাশ পালে এই মেডিচিন ২-৩ দিন ব্যৱহাৰ কৰিলেই শিশু এই সমস্যাৰ পৰা মুক্ত হয়।

Aethusa Cynapium: গাখীৰ খাই থকা কেচুৱা লৰা-ছোৱালীৰ অজীৰ্ণৰোগত এই ঔষধ প্ৰায়েই ব্যৱহাৰ হয়। দাঁত উঠিবৰ সময়ত বা গৰম দিনত বা অতিৰিক্ত ঠাণ্ডা দিনত লৰা-ছোৱালী বিলাকৰ গাখীৰ হজম নহলে এই ঔষধ অত্যন্ত কাৰ্যকৰী।  শিশুৰ মাকৰ গাখীৰ বা অন গাখীৰ কোনো প্ৰকাৰেই হজম নহয়, গাখীৰ খোৱাৰ মুহূৰ্ত্তৰ পিচতেই বমি কৰি বাহিৰ কৰি দিয়ে। যদি গাখীৰ অলপ দেৰিলৈকে পেটত থাকে তেনে হলে গোটমৰা বা দৈ গাখীৰৰ দৰে বমি কৰে। বমি কৰাৰ পাছত কেছুৱা অত্যন্ত দূৰ্বল হৈ পৰে আৰু দূৰ্বল হোৱাৰ বাবে মূৰটো ভৰ ৰাখিব নোৱাৰে, বেকাঁহৈ পৰে।

    দাঁত উঠিবৰ সময়ত অজীৰ্ণ ৰোগ হলে ঘিওঁৰ দৰে বগা বা গাখীৰৰ খৰৰ দৰে গাখীৰ বা হালধীয়া ৰঙৰ বমি কৰে। কিছুমান কেছুৱাই দাঁত কামুৰি ধৰে, মৃৰ্গী ৰোগৰ লক্ষণৰ দৰে মুখেৰে ফেন উলায়। কোনো কোনো শিশুৰ বমিৰ লগতে ডায়েৰীয়া হয়। খোৱা বস্তু এক-ডেৰ ঘন্টাৰ ভিতৰত বমি কৰি দিয়ে। আদি লক্ষণ থাকিলে এই দৰব খুৱাব। এই দৰব নৱজাতক শিশুক খুৱাৰব বাবে উপযোগীকৈ হোমিঅ ডাক্তৰ বা চিকিৎসকে আপোনালোকক প্ৰস্তুতকৰি দিব। এই ঔষধৰ ৩০ শক্তিৰ ২-৩ ঘন্টাৰ মূৰে মূৰে খুৱালে ৩-৪ দিনতে ৰোগ নিৰাময় হয়।

Chamomilla: এই ঔষধ সাধাৰণতে শিশুৰ ক্ষেত্ৰত বিশেষ ভাৱে ব্যৱহাৰ হয়। বদহজম অথবা পেট কামোৰনিব বাবে শিশুৱে সকলো সময়তে পেন পেনাই থাকে, অনবৰত মাকৰ কোলাত উঠি থাকিব বিচাৰে, শিশু খঙাল হয়, খেলা বস্তু দলীয়াই দিয়ে আৰু লগতে কেতিয়াবা জ্বৰ জ্বৰ ভাব থাকিব পাৰে। কিছুমান লৰা-ছোৱালীৰ পেট সামান্য ফোলে আৰু পায়খানা গেলা কনীৰ দৰে দূৰ্গন্ধ হয়। অৰু কিছুমানৰ পচণ্ড পেটৰ বিষ হয়, যাৰ বাবে চিঞৰবাসৰ, কন্দাকতা কৰে আৰু অস্থিৰ হয়। শুব বিছাৰিলেই অলপমান টোপনি যোৱাৰ অৱস্থাত জিকাৰখাই সাৰ পায় উঠে আদি লক্ষণ সমূহ প্ৰকাশ পালে এই এই ঔষধে খুব ভাল কাম কৰে।

Magnesia Carb: যেতিয়া বতৰ পৰিৱৰ্তণৰ বাবে অথবা অজীৰ্ণ ৰোগৰ বাবে কেচুৱা লৰা-ছোৱালীবোৰৰ পেটত ভয়ানক বিষ হয় আৰু লগতে শৌচ ঘোলা পানীৰ দৰে, সেউজীয়া ফেন ফেন উঠে আৰু শৌচৰ উপৰত মাটিদাইলৰ বাকলিৰ দৰে টুকুৰা টুকুৰ পদাৰ্থ ভাহি থাকে, শৌচ টেঙা দূৰ্গন্ধ হয়, কিছুমান শিশুৰ শৌচত গাখীৰ টুকুৰা টুকুৰ কৈ উলায়। শৌচ প্ৰয় গছপাতৰ ৰঙৰ দৰে হয় আৰু টেঙা গোন্ধ যুক্ত হয়।

Calcarea Carb: শকত আৱত লৰা-ছোৱালী, হাত-ভৰি ঠাণ্ডা থাকে মূৰ আৰু নাকত ঘাম হয়। এনেবোৰ লৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ বাবে টেঙা বমি, টেঙা শৌচ হলে এই ঔষধ অতি ফলপসু। ইয়াৰ উপৰিও শিশুৰ অজীৰ্ণ ৰোগত Arsenic, Silicea, Pulsatilla, Calcaria Phosh, Abrotanum, Carboveg, Veratrum Alb, Nux Vom, Antim Crude আদি ঔষধ সমূহ ব্যৱহাৰ কৰি ৰোগ মুক্ত হব পৰা যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here